ফটাঢোল

টিউচন–বৰ্ণালী এচ মুদৈ

টিউচন কৰিবলৈ গৈ মই এদিন আৱিষ্কাৰ কৰিলোঁ, মোৰ ছাত্রৰ মাক নিউটনতকৈ একো কম নহয়! কিয় কম নহয়, সেই ঘটনালৈ আহিছোঁ। মোৰ দৃঢ় বিশ্বাস নিউটন চাহাব বাচি থকাহেঁতেন তেওঁ আৰু মোৰ ছাত্রৰ মাক মিলি আৰু অনেক সূত্রৰ জন্ম দিলেহেঁতেন!

খুড়ীৰ মহিমা অপাৰ। কেতিয়া কি মুডত থাকে ম‌ই বুজিবকে পৰা নাই।

সেই ঘৰলৈ প্রথম দিনা পঢ়াবলৈ গৈ দেখিলোঁ পঢ়াৰ শেষ কৰাৰ পাছত কেক, চাহ আৰু বিস্কুট দিলে।

মাজে মাজে খুড়ীদেউৰ কি হয় ভগবানেহে জানে আৰু পাই! ম‌ই একো পাত্তাই নাপাওঁ। তেওঁ কেতিয়াবা মোক পুৰী-তৰকাৰী, পায়স আনকি ভাতো খাই যাবলৈ কয়। তাকো ডাঙৰ মাছ, মাংসৰে মানে তেওঁ যি ভাল ভাল ৰান্ধে সেইবোৰ আৰু। আকৌ মাজে মাজে কি হয় এই টিউচন মাষ্টৰনীৰ মগজুৱে ঢুকি নাপাওঁ, নিদিয়ে যি নিদিয়ে এগিলাচ ঠাণ্ডা পানীও নিদিয়ে পাই ডিঙিটো তিয়াবলৈও।

ম‌ইতো প্ৰথমে ভাবিলোঁ তেওঁৰ কিবা পাৰিবাৰিক কন্দলৰ ফলত মানে গিৰিয়েকৰ লগত এখুন্দা লাগি মন-চন বেয়া হৈ থাকিলে মানুহজনীয়ে এটা বেলেগ ৰেচপণ্ড দিয়ে আৰু ভালে থাকিলে বেলেগ এটা।

এদিন দেখিলোঁ খুড়ীদেউৱে মোক খালী লালচাহ একাপ দিলে। খুড়ীৰ লালচাহ দিয়াৰ কাৰণ বিচাৰিবলৈ গৈ পালোঁগৈ যে মোৰ ছাত্রই টিউচনৰ পৰীক্ষাত খুড়ীৰ মনৰ মতন নম্বৰটো পোৱা নাই, মানে একদম বিল’ এভাৰেজ নাম্বাৰ পাইছে।

ইয়াৰ পাছত মই লক্ষ্য কৰিবলৈ ধৰিলোঁ যে, খুড়ীয়ে মোক ভাল ভাল খাবলৈ সেইদিনাই দিয়ে যিদিনা তেওঁৰ সন্তানে তেওঁ বিচৰা ধৰণেই নম্বৰ পায়।

মার্কবোৰৰ এটা ৰেঞ্জ ধৰি লওক ৮০ অথবা তাৰ ওপৰত পালে ভাত, মাছ, মাংস, পনীৰ ইত্যাদি।

৭০-৮০ ৰ মাজত পালে লুচি, মাংস, পায়স, ডিম ইত্যাদি।

৬০-৭০ ৰ মাজত পালে পকৰী, পিয়াঁজী, আলুৰ চপ, সবজী ৰোল ইত্যাদি।

আকৌ ৫০-৬০ ৰ ভিতৰত পালে চাহ, বিস্কুট, কেক ইত্যাদি।

৫০ ৰ তলত পালে মোৰ চাৰি ইঞ্চি কঁপালত সেইদিনা খালি চাহ আৰু খুড়ীৰ মনে নক’লে সেইটোও নাই আৰু যদি দিয়েও ইমান বেছি চেনি দি দিয়ে যেন ভালপোৱাবোৰ এদিনতেই ঢালি দি মোক মাৰিয়েই পেলাব!

খুড়ীক যিমানেই দেখিছোঁ মই সিমানেই মুগ্ধ হৈ গৈছোঁ। এটা মানুহে তাৰ নিজৰ মনৰ মাধুৰী মিলাই কৰি এটা সূত্র বানাই লৈছে যে,

“তেওঁৰ সন্তানে টিউচন বা স্কুলৰ পৰীক্ষাত প্রাপ্ত মান আৰু ঘৰুৱা শিক্ষক খাবলৈ দিয়া খাদ্যৰ মান একেই সমানুপাতিক হাৰত বৃদ্ধি/হ্রাস পাব!”

মই ডেম চিওৰ নিউটন চাহাব বাচি থাকিলে খুড়ীৰ প্ৰেমত পৰি গ’লহেঁতেন আৰু খুড়ীৰ ওচৰত জ্ঞানৰ পা‌ঠ ল’লেহিহেঁতেন প্রতিদিন।

ভাবিব নোৱাৰাকৈ আচৰিত!..

মানে সন্তানে মার্কচ বেছি পালেই শিক্ষকক ভাল খাবলৈ দিব আৰু সন্তানে মার্কচ কম পায়, তেন্তে শিক্ষকক লঘু আহাৰ আৰু যদি কোনোমতে সন্তানে মাকৰ ৰেঞ্জৰ বাহিৰত মার্কচ পায় তেন্তে শিক্ষকৰ কঁপালত এগিলাচ ঠাণ্ডা পানীও নাই!

মানে অস্ত্ৰৰে নামাৰি মোক খাদ্য তালিকাৰে মৰাৰ চিষ্টেম। মানে মোৰ কাৰণে ইয়ো এক অপমান। কিন্তু ডাইৰেক্ট নকয়। “সাপো মৰক লাঠিও নাভাঙক” চিষ্টেমত চলি আছে।
সচেতন মাক বুলি কথা..!

এইটো আৱিষ্কাৰ কৰাৰ পিছত ছাত্রই যেন প্রত্যেক পৰীক্ষাত ভাল নম্বৰ পাই সেই চেষ্টাত আগত কৈ দুগুণ প্ৰস্তুতি চলাই দিলোঁ। ছাত্রক ক’লোঁ নম্বৰ যেন ৮০ ওপৰত থাকে(খুড়ীৰ হাতৰ মাছ-মাংসৰ লোভ)।

ছাত্রও একদম, হ’ব বাইদেউ!

পিছৰ দিনাই খুড়ীয়ে মোক লালচাহ চেনি নিদিয়াকৈ দিলে। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল ছাত্রই কি কৰিছে। ইমান কম নম্বৰ পাইছে খুড়ীৰ লগতে ময়ো আচৰিত হেৰৌ!
ময়ো ঠিকেই শিকাওঁ ছাত্ৰয়ো শিকে, কিন্তু স্কুলতহে গণ্ডগোলটো লাগে, মানে মোৰ ছাত্ৰ‌ই স্কুলত নিজে নিলিখি বেলেগৰ পৰা চাইহে লিখে।

ইয়াৰ পাছত এই পর্যন্ত মই মোৰ ছাত্রক এটাই মটিভেশ্যন দি আহিছোঁ যে তুমি আশীৰ ওপৰত পাব নালাগে, প্রত্যেক পৰীক্ষাত মাজে মাজে পালেই হ’ব কিন্তু তুমি অন্তত ৫০ তকৈ কম ভুলতো যেন নোপোৱা।

ছাত্রই ক’লে, হ’ব বাইদেউ! মই মোৰ ছাত্রৰ এই “হ’ব বাইদেউ” কনফিডেঞ্চটোক সেইদিনাৰ পৰা বৰ ভয় খাওঁ।

মই ক’লোঁ,

: পালে কি হ’ব কোৱাচোন!

ছাত্রই সুধিলে,

: কি হ’ব বাইদেউ..?

মই ক’লোঁ,

: চেনি নিদিয়া গাখীৰ চাহ তুমি আৰু মই ভগাই খাম, য’ত যি নহওক তুমি মোৰ ছাত্র, তোমাক নিদিয়াকৈ খোৱাটো বেয়া দেখায়।

☆★☆★☆

5 Comments

  • প্ৰদীপ বৰা

    শিক্ষাৰ্থীৰ অভিভাৱকৰ মূল্যায়ন আচৰিত ৷

    Reply
  • Pranita Goswami

    জমনি অভিজ্ঞতা। সুন্দৰ বৰ্ণনা

    Reply
  • মুকুট ভট্টাচাৰ্য

    লাল চাহ দিয়াৰ দিনা ছাত্ৰক ডগৰি পিটন এটা দি দিব লাগিছিল। খুৰীৰ ফৰ্মূলা সলনি হৈ গল হেতেন 😂😂

    Reply
  • Krishna Kanta Das

    আচৰিত হিচাপ নিকাচ দেখোন😂😂😂
    পঢ়ি ভাল লাগিল বৰ্ণালী! 👏👏👏

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.