ফটাঢোল

ঠিকাদাৰ বন্ধু- সুকুমাৰ গোস্বামী

স্কুলত কেইটামান শ্ৰেণী আমাৰ লগত পঢ়া বন্ধুৱে ঘৰুৱা অসুবিধাৰ বাবে আধাতে শিক্ষা জীৱন সামৰিব লগাত পৰিছিল৷ পঢ়া-শুনাত বৰ উত্তম নাছিল যদিও খেল-ধেমালিত বন্ধু সৰুৰে পৰা আগৰণুৱা, গতিকে সেইটো হিচাপত সকলোৰে প্ৰিয়৷ স্কুল এৰাৰ পিছত বহু বছৰলৈ বন্ধুৰ লগত সম্পৰ্ক নোহোৱাৰ নিচিনাই হৈছিল, কেতিয়াবা কেতিয়াবা ভুটুংকৈ দেখা দিয়ে আৰু জানিব পাৰোঁ যে সি গুৱাহাটীৰ কোনোবা কাৰখানাত কাম কৰি আছে৷ আজিকালি উপাৰ্জন ভালেই৷ যি সময়ত আমি পিতাৰ হোটেলত ভাত খাই ধদুৱামী কৰি থাকোঁ সেই সময়ত বন্ধুৱে নিজৰ ভৰিত থিয় দিছে, ভালেই লাগে দিয়কচোন৷ আমিও ইতিমধ্যে কলেজীয়া শিক্ষা সমপ্ত কৰিলোঁ আৰু বন্ধুৱে গুৱাহাটী এৰি নিজৰ ঠাইত থিতাপি ল’লে৷ দুই তিনিজন কৰ্মচাৰী লৈ  সৰুকৈ কাৰখানা এটাও খুলিলে৷ সন্ধিয়াৰ আড্ডাতো দোস্তৰ কাৰখানাতে দিয়া আৰম্ভ কৰিলোঁ, কৰ্মচাৰী সকলক বিদায় দিয়াৰ পিছত ৰাতি ৯ বজালৈ আড্ডা৷ ব্যৱসায়ো ভালেই চলি আছে, বন্ধুৱে থকা ঘৰটো নতুনকৈ বনোৱা আৰম্ভ কৰিলে৷ মুঠতে বন্ধুৰ উন্নতিত আমি সকলোবোৰ আনন্দিত৷
মাজে মাজে মানে ঠিক মাজে মাজে নহয় সঘনাই বুলিয়েই ক’ব পাৰি বন্ধুৰ প্ৰেমো উক দিয়ে, কাৰখানাৰ সন্মুখেৰে কলেজলৈ যোৱা কোনোবাজনী ছোৱালী ভাল লাগিলেই বন্ধুৱে এষাৰেই কথা কৈ যিটো আমাৰ সকলোৰে মুখস্থ “এটু মোক লাগবু”(এইজনী মোক লাগিব)৷ কেতিয়াবা কেতিয়াবা এটু মোক লাগবুৰ সংখ্যা মাহত চাৰি পাঁচজনী হৈ যায়৷ যিটো আত্মবিশ্বাসত বন্ধুৱে সেই বিশেষ বাক্যতো আওৰাই অচিনাকি মানুহে ভাবিবলৈ বাধ্য যে এইজনে যিহেতু পণ কৰিছে গতিকে কিবা এটা কৰিহে এৰিব৷ পিছে আমিহে জানো কোনজনীয়ে চাহৰ দোকানত বন্ধুৰ লগত চাহ খাবলৈ গৈ মা-দেউতাক এৰি মোৰ অকলে চাহ খাবলৈ ইচ্ছা নাযায় বুলি কৈ ২০ টা লালমোহন পেকিং কৰি লৈ যায়৷ বন্ধুক উপদেশ দিয়া মানুহৰ অভাৱ নাই কোনোবাই যদি ডেনিছ ফকিৰৰ তাবিজৰ কথা কয় কোনোবাই আকৌ বটলত ভাগ্য চোৱা মমতাজ বেগমৰ ওচৰলৈ পঠিয়াই, পিছে ফলাফলহে শূন্য৷
অৱশেষত কোনোবাই উপদেশ দিলে যে এইদৰে নহ’ব, তোৰ প্ৰফাইল সলাব লাগিব৷ এনেকুৱা মলিয়ন কাপোৰ পিন্ধি কাৰখানাৰ বাহিৰত ৰৈ ছোৱালী চাই থাকিল  কোন ছোৱালীয়ে পাত্তা দিব হে! কোন মহাপুৰুষে এইটো পৰামৰ্শ দিলে সেইটো গম নাপাওঁঁ যদিও কম দিনৰ ভিতৰত বন্ধুৰ বেশভূষাৰ পৰা চাল চলনলৈকে আমোল পৰিবৰ্তন দেখিবলৈ পোৱা গ’ল৷ আজিকালি ৰাতিপুৱাই টিপটপ পোচাক পিন্ধি বাইকত ঠেঙৰ ওপৰত ঠেং তুলি ফিল্টাৰ টানি বহি থকা দেখা যায়৷ কাৰখানৰ ফালে চকু দিয়াৰ সময়েই নাই৷ হঠাৎ এদিন ক’লে যে এইবোৰ কাৰখানা চাৰখানা কৰ্মচাৰীক গটাই দি বন্ধু হেনো ঠিকাদাৰ হ’ব৷ আমাৰো ভালেই লাগিল, বন্ধুৰ উন্নতি হৈছে৷
সময়ৰ লগে লগে “মোক এটু লাগবু“ কৈ কৈ ভাগৰি যোৱা বন্ধুৰ জীৱনলৈ প্ৰেমো আহিল আৰু যথা সময়ত প্ৰেমিকাৰ লগত মহা ধুমধামেৰে বিয়াও হৈ গ’ল আমিও পৰম উৎসাহেৰে বিয়াত নাগীন নৃত্য কৰিলোঁ৷
 ক’ত কি ঠিকা কৰে নাজানো, পিছে ঠিকাদাৰলৈ উত্তৰণ হোৱাৰ পিছত বন্ধুৰ কথা-বতৰাত বহুত পৰিবৰ্তন আহিল৷ লগ পালেই মাটি এডোখৰ আছে অ’ পাৰ্টনাৰ ১০ কৈছে মই কৈছোঁ যে ১০ কিয় ১২ লৈ লোৱা কিন্তু মাটি মোকেই লাগিব৷ ইয়াত ১০/১২ ইত্যাদি লাখৰ কথা কোৱা হৈছে৷ বন্ধুৰ এইটো নতুন ট্ৰেডমাৰ্ক ১০, ১২, ১৫, ২০ মানে লাখ৷ ইমান কম দিনত ব্যৱসায়ত উন্নতিৰ কথা বিশ্বাস কৰিবলৈ টান লাগে যদিও ভাবোঁ আমাক আৰু ধপ দিব নে!
সেই সময়ত আমাৰ বাবে অকল্পনীয় অংকবোৰ বন্ধুৰ মুখত সাধাৰণ যেন লগা হ’ল৷ ইতিমধ্যে আমাৰো সন্ধিয়াৰ আড্ডাৰ স্থান বন্ধুৰ কাৰখানাৰ পৰা স্থানান্তৰিত হৈ আন এক বন্ধুৰ দোকান পালেগৈ৷ নববিবাহিত ঠিকাদাৰে আগৰ দৰে নিয়মীয়াকৈ আড্ডালৈ নাহে যদিও যেতিয়াই আহে তেতিয়াই ১০/২০ ৰ অংক কৈ আমাকো কিবা এটা নিজাকৈ কৰাৰ বাবে অনুপ্ৰাণিত কৰি থৈ যায়৷ তেনেকুৱা এটা সন্ধিয়া বন্ধুৱে মোক একাষৰীয়া কৈ মাতি নে ক’লে যে এতিয়া আৰু ইমান ডাঙৰ ঠিকাদাৰ হৈ ধূলি-বালি খাই বাইক চলাই ফুৰিবলৈ ভাল নালাগে গতিকে এখন চাৰিচকীয়া লোৱাৰ পৰিকল্পনা কৰিছে৷ সদ্যহতে এখন চেকেণ্ডহেণ্ড মাৰুতী ৮০০ লোৱাটো থিৰাং কৰিছে আৰু নতুন গাড়ী ল’বলৈ মই যাবই লাগিব৷ অলপ গৌৰৱবোধো কৰিলোঁ, এই অভাজনক যে দোস্তে জীৱনৰ এই বিশেষ দিনটোত লগত থকাটো বিচাৰিছে৷ পিছদিনা দেউতাৰ জহত মই চলাই থকা গাড়ীখনৰ কাষত বন্ধুক বহুৱাই গাড়ী কিনিবলৈ গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ৷ শৰাইঘাটৰ দলঙৰ ওপৰত বন্ধুৱে গহীনাই ক’লে যে দোস্ত দহ হাজাৰ এটা চৰ্ট হৈ আছে, মোৰ ছেক এখন বৃহস্পতিবাৰে ক্লিয়েৰ হ’ব গতিকে কিবাকৈ পাৰ যদি মেনেজ কৰি দেচোন৷ মোৰনো নিজৰ পইচা ক’ত আছে! যিহেতু বন্ধুৱে বৃহস্পতিবাৰে ঘূৰাই দিবই গতিকে পকেটত থকা দেউতাৰ এটিএম খনৰ পৰাই ১০,০০০ হাজাৰ উলিয়াই দি দিলোঁ৷ সন্ধিয়ালৈ বন্ধুৰ মাৰুতী ৮০০ লৈ ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ৷ ৰাস্তাত অমৃতসৰ ধাৱাত গাড়ী কিনাৰ প্ৰথম পাৰ্টি হিচাপে তাৰ্কা ৰুটিও খাই ল’লোঁ৷
সময়ত সেই বিশেষ বৃহস্পতিবাৰো আহিল আৰু তেনেকুৱা দহটা মান বৃহস্পতিবাৰো পাৰ হৈ গ’ল বন্ধুৰ গাড়ীও টিপটপ চলি থাকিল, পিছে মোৰহে পইচা কেইটাৰ খবৰ নাই৷ লগ পালেই বন্ধুৱে বিৰাট ব্যস্ততা দেখুৱাই “মোৰ চেকখন ক্লিয়াৰ হোৱা নাই অ’ ” বুলি আঁতৰি যায়৷ ইফালে আকৌ পিতাৰ তাগিদা “১০,০০০ টো কেতিয়া ঘুৰাবি “ বুলি৷ মুঠতে চাৰিওফালে বিপদ৷ এদিন আমন -জিমন কৈ সন্ধিয়াৰ আড্ডাত বহি থাকোঁতে লগৰ কেইটাই নেৰানেপেৰা কৈ সুধি থকাত অৱশেষত ঘটনাটো ব্যাখ্যা কৰিলোঁ৷ মোৰ কথা শুনি গোটেইকেইটাই মুৰে কপালে হাত দিলে৷ দোস্ত অকণমান চৰ্ট হৈ আছে বুলি কৈ ৬৮,০০০ টকাত কিনা গাড়ীখনৰ ৬৩,০০০ টকা আমাৰ কেইটাৰ পৰাই সংগ্ৰহ কৰি ঠিকাদাৰ বাবু গাড়ীৰ মালিক হৈ আছে৷
☆ ★ ☆ ★ ☆

3 Comments

  • হে হে। বঢ়িয়া।

    Reply
  • কাবেৰী মহন্ত

    মজা লাগিল

    Reply
  • HEMANTA KAKATI

    হাঃ হাঃ তোমাৰ বন্ধুৰ উন্নতি ভালকৈয়ে হৈছে তাৰমানে৷ বঢ়িয়া লাগিল সুকুমাৰ৷

    Reply

Leave a Reply

Your email address will not be published.