ফটাঢোল

ডলী ক্ৰিয়েচনৰ দ্বাদশ নিবেদন-ছবি : প্ৰেম আৰু নকৰোঁ-ডলী তালুকদাৰ

প্ৰযোজনা,পৰিচালনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, সংগীত : ডলী তালুকদাৰ

একচন : নয়নমণি হালৈ

নৃত্য : নীলাক্ষি কাকতি

মেকআপ : ৰাজশ্ৰী শৰ্মা

কষ্টিউম ডিজাইনাৰ : মন্দিৰা শৰ্মা

ছবিৰ বেনাৰ : চন্দন বৰী

অভিনয়ত : মানসী বৰা, ৰিতালীনা সোণোৱাল, অঞ্জলী গগৈ বৰগোহাঁই,অনামিকা গগৈ, কাবেৰী মহন্ত, দিক্ষিতা বৰা দেৱজিত শৰ্মা, অভিজিত গোস্বামী, ভাস্কৰজ্যোতি দাস, হেমন্ত কাকতি, আদিত্যজ্যোতি বৰঠাকুৰ, ডা° পাৰ্থসাৰথি ভূঞা, যোগেশ ভট্টাচাৰ্য্য, চন্দন বৰী

দেৱজিত শৰ্মা : ৰাজা

হেমন্ত কাকতি : ৰাকেশ ওৰফে ৰকি

যোগেশ ভট্টাচাৰ্য্য : জগত ওৰফে জগ্গু

আদিত্যজ্যোতি বৰঠাকুৰ : ধণেশ্বৰ ওৰফে ধন্নি

অভিজিত গোস্বামী : বানেশ্বৰ ওৰফে বণি

ডা° পাৰ্থসাৰথি ভূঞা : প্ৰফেচৰ বৰুৱা

ভাস্কৰজ্যোতি দাস : ৰুদ্ৰ

চন্দন বৰী : ৰমেশ

মানসী বৰা : সুস্মিতা

ৰীতালীনা সোণোৱাল : মৰমী

অনামিকা গগৈ : কাকলি

দিক্ষিতা বৰা:মণি

অঞ্জলী গগৈ বৰগোহাঁই : বৰকাকতি বাইদেউ

কাবেৰী মহন্ত : হাতীকাকতি বাইদেউ

লাইট : গৌৰীশংকৰ শৰ্মা

কেমেৰা : মাধৱ দাস

 দৃশ্য ১

লাইট, কেমেৰা, একচন

কাহিনী আৰম্ভ হ’ব ফটাপুৰ কলেজত। কলেজৰ গেটত দুয়োফালে ৰৈ থাকিব চাৰিখন বাইক। কেমেৰাত ক্ল’জআপত দেখুৱাব এফালে কলেজৰ মোষ্ট চিনিয়ৰ ছাত্ৰ ৰকি ওৰফে ৰাকেশ (হেমন্ত কাকতি) শুই থাকিব বাইকৰ ওপৰত। পিন্ধনত চকুত গগলচ, ৰঙা টি- চাৰ্ট, টাইট জিনচ আৰু ভৰিত বিটলচ্‌ শ্বু। এখন কাণত কাণফুলি এপাত ঔম ডিজাইনৰ, কঁপালত ৰঙা ফোট। মুখেৰে তেওঁ মেচৰ কাঠি এটা চোবাই থাকিব। লগত থাকিব বণি ওৰফে বাণেশ্বৰ (অভিজিত গোস্বামী)৷

বণিয়ে হাত কটা চাৰ্ট পিন্ধিব। হাতত এসোপা ৰঙা-নীলা সূতা বন্ধা থাকিব। বণিৰ চুলিখিনি খোপা বন্ধা। কাষত জগ্গু ওৰফে জগতে (যোগেশ ভট্টাচাৰ্য্য) বহী এখনত কিবা লিখি থাকিব। জগ্গুৰ মূৰৰ আগফালটো খুৰোৱা৷

এনেতে বাইক এখন জোৰকৈ আহি ৰকিৰ কাষত ৰয়।

বাইকৰপৰা শকতকৈ হাফপেণ্ট আৰু টি-চাৰ্ট পিন্ধা ল’ৰা এজন নামে। ক্ল’জআপত দেখাব মুখত জৰ্দা পাণ চোবাই থাকে। ডিঙিত মোটা ৰুদ্ৰাক্ষৰ মালা আৰু হাতত লোহাৰ মোটা খাৰু পিন্ধা ল’ৰাজনে বাইকৰ চাবি পকাই জাঁপ মাৰি নামে বাইকৰ পৰা আৰু চাবিপাত বনিৰ ফালে দলিয়াই দি চাইদ কৰি দিবলৈ ইঙ্গিত দিয়ে (এইটো চৰিত্ৰ কৰিব ভাস্কৰজ্যোতি দাসে। নাম ৰুদ্ৰ) ৰুদ্ৰই ৰকিৰ ফালে চাই দায়লগ দিব,

দায়লগ,

ৰুদ্ৰ : কি বে চন? আজি একদম ফিউজ হৈ আছ দেখোন?

লগে লগে বণিয়ে ক’ব,

বণি : আজি বচৰ মেজাজ খাৰাব ককাই।

ৰুদ্ৰ : কিয় বে?

বণি : আজি বচৰ দিল কি ৰাণী আমাৰ কলেজৰ বিউতি কুইন আহিয়ে পোৱা নাই।

জগ্গু : তাতে কালি ক্লাছত বৰকাকতি মেডামে এক কিলো নহৰুৰ বাকলি গুচাবলৈ দিছিল শাস্তি স্বৰূপে। আঙুলি বিষাই আছে৷

কাষতে লিখি থকা জগ্গুৱে হাঁহি মাৰি কয়। বণিয়েও হাঁহে। ৰকিয়ে কেৰাকৈ চাই হাতেৰে জগ্গুৰ পিছ মূৰত এক থাপৰ দিয়ে। ৰুদ্ৰ হাঁহিত বাগৰি যায়।

ৰুদ্ৰ : আবে, বৰকাকতি মেডামৰ ল’ৰাটোৰ জন্মদিন আছিল কালি। বুদ্ধি কৰি তোৰ হাঁতেৰে নহৰুৰ বাকলি গুচোৱালে।

ৰকি : আৰু হাতীকাকতি বাইদেউৰ ঘৰত কি আছিল বা? সেই যে নতুনকে ল’ৰা এজন আহিছে ৰাজকুমাৰ, তাক দুই কিলো আলুৰ বাকলি গুচাবলৈ দিছে৷

বণি : আৰে ভাই, সেই নতুন মক্কেলটোও আমাৰ বিউতি কুইনৰ প্ৰেমত পৰিছে নেকি? সুস্মিতাক দিছিলে মেডামে আলু কাটিবলৈ। পিচে তাই বোলে মেনিকিউৰ কৰিছে পৰহি দিনা গতিকে নখ বেয়া হ’ব। তাই নখকেইটাৰ ফালে দুখত চাই মেডামক কওঁতে আমাৰ ক্লাছৰ টপাৰ আমোল পালেকাৰৰ দৰে হিৰোজনে বাকলি গুচালে আলুখিনিৰ আৰু আমাৰ জগ্গুৱে দুখতে আলু কাটিও দিলে। হাঃ হাঃ!

জগ্গু : তো, মই কি চাই থাকিম নেকি ৰে? মোৰো ইমপ্ৰেচনৰ কথা আছে।

এনেতে ৰঙা মাৰুতি কাৰ এখন আহে। আৰু সকলোৱে থিয় হয়। বণিয়ে কয় বৰুৱা ছাৰ আহিছে। ৰকিয়ে একেজাঁপে বাইকৰপৰা নামে। কাৰখন আহি কাষত ৰয় আৰু গ্লাছ তললৈ নমাই এজন ধুনীয়া ৰঙা-বগা মানুহে বাহিৰলৈ মুখ উলিয়াই ৰকিহঁতক ধমকি দিয়ে (এই ৰ’লটো কৰিব ডা° পাৰ্থসাৰথি ভূঞাই)৷

বৰুৱা ছাৰ : ক্লাছ নাই তোমালোকৰ? কি কৰিছা ইয়াত? আৰু ৰুদ্ৰ তুমি হাফপেণ্ট পিন্ধি আহিছা যে কলেজলৈ? কলেজৰ সৱ নিয়ম শেষ কৰি দিছা তোমালোকে? খবৰদাৰ মোৰ ক্লাছত তুমি নোসোমাবা আজি।

ৰুদ্ৰই সেমেনা-সেমেনি কৰে। বৰুৱাই এইবাৰ ৰকিক দায়লগ দিয়ে।

বৰুৱা : এণ্ড ইউ মি: ৰকি। আপোনাৰ কি চিৰদিন কলেজতে থাকিবলৈ মন নেকি? যিমানখিনি মোৰ মনত আছে মোতকৈ মাত্ৰ দুবছৰৰহে সৰু আপুনি চাগে? প্লীজ অলপ পঢ়া-শুনা কৰা নহ’লে খেতিত ধৰাগৈ। মিছামিছি সময় নষ্ট নকৰিবা।

ৰকি : ছাৰ, আমাৰ খেতিৰ মাটি নাই নহয়।

বণি আৰু জগ্গুৱে পিছফালে ফিচিঙা-ফিচিঙ কৰে। বৰুৱা খঙতে গাড়ী চলাই গুচি যায়। ৰুদ্ৰই ছাৰ যোৱাৰ ফালে কয়,

ৰুদ্ৰ : আবে ক্লাছ কোনে কৰে বে? মইতো আজি ফুৰিবলৈহে আহিছোঁ কলেজলৈ। বিউতি কুইনক চাবলৈ। হাঃ হাঃ!

ৰকি : খবৰদাৰ! তাই মোৰ কলিজা হয়।

 ৰুদ্ৰই ঘোপাকৈ চাই ৰকিলৈ। কেমেৰাত এবাৰ ৰুদ্ৰৰ টেলেকা চকু এবাৰ ৰকিৰ চানগ্লাচযোৰ দেখাব। লাহে লাহে লাইট কমি আহে।

দৃশ্য ২

 

কলেজৰ ভিতৰৰ পৰিবেশ দেখাব। কেমেৰাত দূৰৰপৰা নি ঝুম কৰি দেখাব। কলেজৰ বাৰাণ্ডাত বহুতো ল’ৰা-ছোৱালীয়ে জুম পাতি বহি থাকিব। কলেজৰ মাজৰ ফিল্ডৰ বননিতো বহুতো ল’ৰা-ছোৱালী বহি থাকিব। একোণত দুজনী ধুনীয়া ছোৱালী বহি থাকিব। ক্লাছ অফ থকাৰ বাবে বহি আছে৷ দুইজনীৰ মাজৰ এজনীৰ চুলিখিনি মেলা আৰু এজনীয়ে বেণী গুঠি লৈছে। দুয়োৰে হাতত কিতাপ দুখন আৰু এজনীয়ে কিতাপ এখন লুটিয়াই আনজনীক দেখুৱাই থাকে। কেমেৰাই লাহে লাহে ছোৱালী দুজনীৰ হাতত থকা কিতাপখন দেখুৱাব আৰু ক্ল’জআপত এজনীৰ হাতৰ কিতাপৰ মাজত মহিলা আলোচনী এখনহে দেখুৱাব। বেণী গুঠা ছোৱালীজনীয়ে চুলি মেলা ছোৱালীজনীক আলোচনীত সংযুক্তা দত্তই ডিজাইন কৰা কাপোৰ দেখুৱাই থাকিব। (এই ৰ’ল দুটা কৰিব ৰিতালীনা সোণোৱাল(মৰমী) আৰু অনামিকা গগৈয়ে(কাকলি) ক্ল’জআপত  দুয়োৰে মুখ দেখুওৱা হ’ব।)

দায়লগ

কাকলি : মৰমী চোৱা। এইযোৰ কাপোৰ ইমান ভাল লাগিছে ন? ৰঙটো বৰ ধুনীয়া। অৰ্ডাৰ দিওঁৱেই নেকি এযোৰ। কলেজ উইকত পিন্ধিম।

মৰমী : উম, বৰ ধুনীয়া লাগিছে। লগত দিয়া সেই নীলাযোৰো ইমান ধুনীয়া লাগিছে। গোলপীয়াৰ লগত কনট্ৰাষ্ট বৰ ধুনীয়া লাগিছে।

কাকলি : কলেজৰ ফেশ্বন শ্ব’ত পিন্ধিম। চাবা এইবাৰ ‘মিচ ফটাপুৰ কলেজ বিউতি’ হ’মেই।

“লাভ নাই ইমান আশা কৰি।”

হঠাত কাৰোবাৰ মাত শুনি দুয়ো  উচপ খাই উঠে। পিছফালে ঘুৰি চাই দেখে এজনী ষোল্ল সোঁতৰ বছৰীয়া  ছো‍ৱালী থিয় দি আছে।

মণি বুলি কাকলিয়ে মাতে( এই ৰ’লটো কৰিব দিক্ষিতা বৰাই)

মণি: কাকু বা তোৰ আশাত নিজে কিয় চেঁচা পানী ঢালিছ? হাজাৰ ঘঁহিলে, পিন্ধিলেও কলেজৰ বিউতি কুইন হ’ব নোৱাৰ বুজিছ?

কাকলি: ক’লিনে কুফা মুখখনেৰে। ক্লাছ কৰিব এৰি কি কৰি আছ? যা ক্লাছত।

মণি: ক্লাছ নকৰোঁ আজি। বৰকাকতি মেমে ছুটী লৈছে। গতিকে বৰুৱা  ছাৰে কৰিব একেলগে দুটা ক্লাছ। ইমান গালি পাৰে ছাৰে।

 মৰমী: ভালহে ছাৰে দুটা ক্লাছ ল’লে। ছাৰে ভাল বুজায়।

মণি: এহ নকৰোঁ  আজি। তাতকৈ   পাৰ্লাৰত গৈ থ্ৰেদিং কৰো আৰু চুলি কাটিম। পূজা পালেহিয়েই।ও কাকুবা এশ টকা ধাৰলৈ দে না।

কাকলি: কিহৰ ক্লাছ বাংক মাৰিব আহিছ? কলেজত সোমাইছহে এইবাৰ! পাখি গজিলেই তাইৰ। মাক যদি ক’ব নালাগে যা ক্লাছ কৰগৈ। ভাগ ইয়াৰ পৰা।

মণি: হুহ  দন্দুৰী! তোৰ নিচিনা কঠোৱা বায়েক কাৰো হ’ব নালাগে। মোক খুজিবিছোন আৰু পইচা ধাৰে এটকাও নাপাৱ। ঘৰৰ সৰু বুলি  সবে মোকেই পইচা বেছি দিয়ে। পূজা চাবলৈ তোক  মুঠেও নিদিওঁ।

কাকলি: নালাগে মোক। যা ক্লাছ কৰগৈ। সৌৱা বৰুৱাছাৰ আহিছে।

মণিয়ে কাকলিক জিভা দেখুৱাই ক্লাছলৈ যায়।

মৰমীয়ে দুয়োৰে কাজিয়া দেখি খুব হাঁহে।

মৰমী: তোমালোক দুয়োৰে মিঠা কাজিয়াবোৰ দেখি বৰ ভাল লাগে।

কাকলি: তাই  সৰুযে ,সেইকাৰণে অলপ শাসন কৰোঁ। মায়ে মোক তাইক চাবলৈ কৈছে কলেজত।

এনেতে দূৰত স্কুটি চলাই দোপাত্তা উৰুৱাই ছোৱালী এজনী আহিব। কলেজত সোমোৱাৰ লগে লগে ল’ৰাবোৰ বহাৰপৰা থিয় হয়৷ কিছুমানে আঙুলিৰে চুলিবোৰ ঠিক কৰি লয়। কোনোবাই বাইকৰ গ্লাচত নিজৰ মুখখন চাই লয়। লগে লগে  কাকলিয়ে মৰমীক দেখুৱাই দিয়ে। মৰমীয়ে মুখখন বেঁকা কৰি দিয়ে

মৰমী : আহিছে দিয়া মিচ ফটাপুৰ কলেজ। এইজনী থাকিলে আমাক ক’ত চাব। ল’ৰাবোৰে তাইকহে ভোট দিব।

কাকলিয়ে একো নকয় আৰু চাই থাকে ছোৱালীজনীক। কেমেৰা এইবাৰ ছোৱালীজনীৰ ফালে ঘূৰিব। ছোৱালীজনীয়ে বেগটো কান্ধত ল’ব। গ্লাচত মুখখন চাব। ক্ল’জআপত ছোৱালীজনীয়ে চকুত কাজল লগোৱা দেখাব। তাৰ পিছত চকুকেইটা পিৰিকিয়াই দিব। দূৰত থিয় হৈ চাই থকা জগ্গু আৰু বণিয়ে বুকুতে ভুকু মাৰি বাগৰি যাব মাটিত। ছোৱালীজনী ঘূৰি দিব এইবাৰ আৰু দোপাত্তখন উৰি থাকিব। আৰু কলেজৰফালে আহি থকোঁতে দোপাত্তাখন পিছে পিছে আহি থকা ল’ৰা এজনৰ মুখত পৰে। ছোৱালীজনীয়ে ‘চৰী’ বুলি কৈ এৰুৱাই লৈ আহে। ল’ৰাজনে ঠাইতে ৰৈ দি একেথৰে চাই থাকে। ছোৱালীজনী লাহে লাহে মৰমী আৰু কাকলিৰ কাষলৈ আহে। ছোৱালীজনীয়ে “হাই গাৰ্লচ” বুলি কৈ কাষতে বহে সিহঁতৰ (এইটো ৰ’ল কৰিব মানসী বৰাই)। “হাই সুস্মিতা” বুলি দুয়ো কয়।

সুস্মিতা : কি কৰিছা? ক্লাছ নকৰিলা যে? মোৰ অলপ দেৰি হ’ল।

মৰমী : ক্লাছ নহ’ল। হাতীকাকতি মেডামে আজি ক্লাছ নকৰিলে। তেওঁৰ বোলে কিবা কাম আছে।

কাকলি : পিচে তোমাৰ কিয় দেৰি হ’ল?

সুস্মিতা : নাই মানে, অলপ বৰুণ দাৰ লগত ওলাই গৈছিলোঁ। মোক মানে কেতিয়াবাৰপৰাই তেওঁ লগ ধৰি আছিল ফুৰিবলৈ। মোক কিবা উপহাৰ দিম কৈছিল। সেইবাবে গ’লোঁ।

কাকলি : কি দিলে?

সুস্মিতা : নাই একো পচন্দই নহ’ল জানা? মই ডিজাইনাৰ চালৱাৰ এযোৰ চালোঁ। মাত্ৰ দহ হাজাৰ টকা। পচন্দ কৰি থৈ আহিছোঁ। পিছত ল’ম। বৰুণ দাৰ লগত পইচা নাছিল বোলে। এ টি এম লৈ গ’ল আৰু কিবা জৰুৰী কাম ওলাল। নাহিলে। চ’, মই কলেজলৈ গুচি আঁহিলোঁ।

মৰমী আৰু কাকলিয়ে দুয়ো দুয়োৰে মুখলৈ চায়৷

এনেতে হাতীকাকতি মেডাম কাষেৰে পাৰ হৈ যায়। হাতত এটা বজাৰ কৰা মোনা। মেডামক দেখি থিয় হয় তিনিও।

হাতীকাকতি মেডাম : গাৰ্লচ, ক্লাছলৈ ব’লা। মই কমন ৰূমত বেগটো থৈ আহি আছোঁ ক্লাছ ৰূমলৈ।

“ইয়েচ মেডাম” বুলি তিনিও ক্লাছলৈ যায়।

দৃশ্য ৩

 

ক্লাছ ৰূমৰ ভিতৰচৰা দেখুৱা হ’ব। পিছৰ বেঞ্চত বণি, ৰুদ্ৰ, জগ্গুৱে টেবুলত তবলা বজাই গান গাই থাকিব।

এনেতে মৰমী, কাকলি সোমাই আহিব আৰু দ্বিতীয় বেঞ্চত বহিব। তাৰ পিছত সুস্মিতা সোমাব। সুস্মিতাক দেখি গোটেই ক্লাছৰ ল’ৰাবোৰে চাব। বণিহঁতে তবলা বজোৱা এৰি সুহুৰি বজাই দিব। সুস্মিতাই পিছফালে ঘূৰি চাব আৰু হাঁহি এটা মাৰি দিব। জগ্গুৱে ৰুদ্ৰৰ গাতে বেহুঁচ হোৱাৰ দৰে পৰিব। ৰুদ্ৰই এক ঢকা দি উঠাই দিয়ে। এনেতে ৰকি ক্লাছত সোমাই আহে। এখন হাতেৰে চাবি পকাই আনখন হাতেৰে এটা নতুন আইফোন কাণত লৈ সোমায়। মৰমীয়ে “হাই ৰকি” বুলি মাতে যদিও ৰকিয়ে পাত্তা নিদিয়ে। যাওঁতে সুস্মিতাৰ কাষত ৰৈ “নতুন ফোন ল’লোঁঁ” বুলি শুনাই থৈ যায়৷ পিছফালে বণি, জগ্গুৱে ফোনটো চুই চাই হাতেৰে।

বণি : ৱাঃ বচ! কি ধুনীয়া ফোন। কেতিয়া ল’লি?

ৰুদ্ৰ : আবে আমাৰ গুৰুৰ কথাই বেলেগ ৰে।

জগ্গু : কিমান দাম পৰিল?

ৰকি : কি ফোন বুলি ভাবিছ? পুৰা পঞ্চল্লিশ হাজাৰ। ক লাগে নেকি তহঁতক।

ৰকিৰ কথা শুনি সুস্মিতাই ঘূৰি চাই আৰু ৰকিহঁতৰ কাষলৈ উঠি যায়।

সুস্মিতা : হাই ৰকি দা। আজি তোমাক ইমান হেণ্ডচাম লাগিছে। ৱাও নতুন ফোন লৈছা নেকি?

ৰকিয়ে একদম হিৰোৰ দৰে চাৰ্টৰ কলাৰ খাৰা কৰি দি সুস্মিতাৰ কাষলৈ আহে।

ৰকি : হাই সুস্মিতা। এইটো নতুন ল’লোঁ। আগৰটো ছমাহ পুৰণি হ’ল যে? সেইবাবে।

সুস্মিতা : আগৰটো কি কৰিলা? আই ফোন আছিল ন?

ৰকি : ইয়াহ! ভাবিছোঁ মোৰ দোষ্টকেইজনৰ কাৰোবাক দান দি দিম। কি কৰিম আৰু? পুৰণি বস্তু মই নাৰাখোঁ যে?

বণি, ৰুদ্ৰ, জগ্গুৱে মুখকেইখন ক’লা কৰি অলপ খঙৰে চায়। ৰকিয়ে সুস্মিতাৰ লগত চেলফী কেইখনমান তোলে। কেমেৰাই দূৰত এজন ল’ৰাৰ মুখ অলপ আন্ধাৰ পোহৰ কৰি দেখাব। আনফালে মৰমীৰো মুখখন ওন্দোলাই থকা দেখাব। কাকলিয়ে গাত ধৰি জোকাৰি দিয়ে তাইক আৰু কি হ’ল সোধে।

কাকলি : কি হ’ল?

মৰমী : ৰকিয়ে মোক অলপো গুৰুত্ব নিদিয়ে।

কাকলি : বাদ দিয়ানা। সি সুস্মিতাকে পচন্দ কৰে। পস্তাব এদিন। গম পোৱা নাই তাই যে কি বস্তু। দামী ফোন দেখি আজি কাষলৈ গৈছে। এনেই পাত্তাই নিদিয়ে।

এনেতে হাতীকাকতি মেডাম খৰধৰকৈ ক্লাছত সোমাব। এখন হাতত মোনা লৈ। আহিয়ে খৰধৰকৈ ৰোল কল কৰে আৰু দায়লগ দিয়ে,

হাতীকাকতি মেডাম : ষ্টুডেণ্টচ, চৰী অলপ দেৰি হ’ল ক্লাছলৈ আহোঁতে। কিনো পঢ়াম এতিয়া। অনলী বিশ মিনিট আছে মাত্ৰ। তোমালোকে আজি চাৰি নম্বৰ পাঠৰ প্ৰশ্নবোৰ চোৱাচোন। আৰু ইউ (কাকলিক মাতে) এণ্ড ইউ (ৰুদ্ৰক মাতে) কাম হিয়েৰ। প্লীজ মটৰখিনিৰ বাকলি গুচাই দিয়াচোন। মোৰ আলহী আহিব ৰাতি। সময় নহ’ব কলেজৰপৰা গৈ।

ৰুদ্ৰক মাতোঁতে বণি, জগ্গু, ৰকিয়ে লগতে ক্লাছৰ বহুতে মুখবোৰ লুকাই দিয়ে তললৈ মেডামে কাম দিব বুলি। ৰুদ্ৰ আৰু কাকলিয়ে মুখ ফুলাই মটৰৰ বাকলি গুচাই আৰু ৰুদ্ৰই প্ৰায় পোন্ধৰ চিৰামান মটৰৰ গুটি গুচাই খায়। বে’ল পৰাত মেডাম যাবলৈ ওলাই আৰু মটৰখিনি ৰুদ্ৰই দিবলৈ আহে। মেডামে এবাৰ মটৰৰফালে চাই আৰু এবাৰ ৰুদ্ৰৰ মুখলৈ চায়। ৰুদ্ৰই মুখখন নিবোকা হৈ দেখায়৷ মেডাম ওলায় যায়। ক্লাছৰপৰা সকলো ওলাই যায় আৰু ৰকি, সুস্মিতা একেলগে যায়। মাত্ৰ এজন ল’ৰা দুখ মনেৰে বহি থাকে।

দৃশ্য ৪

 

কলেজৰ গেটত ৰকি, জগ্গু, বণি আৰু ৰুদ্ৰই বাইকৰ  ওপৰত বহি থাকে। ৰুদ্ৰই তামোল চোবাই চোবাই মোবাইলত গেম খেলি থাকে। ৰকিয়ে মোবাইলত হাঁহি ফুচফুচাই কথা পাতি থাকে। জগ্গুৱে চাধা মাৰি মাৰি  বণিক ইংগিত দিয়ে।

দায়লগ,

‌বণি : আজিকালি বচে মোবাইলতে ব্যস্ত থাকে৷

জগ্গু : কাৰ লগত হ’ব আৰু সেই সুস্মিতাজনীৰ লগত আকৌ। সুস্মিতাৰ বোলে বয়ফ্ৰেণ্ড হয় বচ।

ৰকিয়ে হঠাতে হাঃ হাঃ কৈ হাঁহি দিয়াত ৰুদ্ৰ চক খাই উল্টি পৰে বাইকৰপৰা। লাহে লাহে এজন ল’ৰা সোমাই আহিব ভয়ে ভয়ে হিৰো চাইকেল চলায়। পিন্ধনত ফৰমেল পেণ্ট চাৰ্ট। চুলিখিনি তেল লগাই চেপেটাকৈ ফণিয়াই থোৱা, কান্ধত বেগ এটা ওলোমাই লোৱা। ল’ৰাজনক দেখি বণিয়ে ৰকিক ইংগীত দিয়ে (এই ৰ’লটো কৰিব চন্দন বৰীয়ে)।

দায়লগ

বণি : বচ, মক্কেল আহিছে এটা। ৰেদি হো যাইয়ে৷

ৰকিয়ে বাইকত শুই থকাৰপৰা চায় আকৌ শুই যায়৷

ৰকি : ধুৰ, একদম লল্লু টাইপ বে। মজা নালাগিব। তহঁতে টাইম পাচ কৰ।

বণি : ঔখে বচ।

বণিয়ে ল’ৰাজনক ৰ’বলৈ দিয়ে। জগ্গুৱে চাইকেলখন ধৰি থাকে। ৰুদ্ৰও কাষলৈ আহে।

ৰুদ্ৰ : আৰে চিকনা কোন বে তই?

বণি : কি নাম বে তোৰ?

জগ্গু : কোন ইয়েৰ? নিউ এডমিচন নেকি?

ল’ৰাজনে থতমত খাই যায়। ভয়ে ভয়ে উত্তৰ দিয়ে,

: মোৰ নাম ৰমেশ।

বণি : ৰমেশ। হাঃ হাঃ! কোন জামানাৰ নাম ৰে। নাম হ’ব লাগে আমাৰ দৰে। বণি, জগ্গু আৰু ধন্নি।

হঠাতে কণ্ঠ এটি শুনি সকলোৱে ঘূৰি চায়। এজন পকোৱা মোচ থকা, স্বাস্থ্যবান ল’ৰা থিয় দি থাকে।  বণিয়ে দৌৰি গৈ সাবটি ধৰে।

বণি : আৰে ভাই ক’ত আছিলি ঔ ইমান দিন? একো খবৰে নাই।

জগ্গু : আমাৰ বচৰ নতুন খবৰ গমে পোৱা নাই চাগৈ?

কাষতে থিয় হৈ থকা ল’ৰাজনে চাইকেলখন লৈ যাব খোজে। জগ্গুৱে দেখা পাই ঐ ক’ত যাৱ বুলি থাপ মাৰি ধৰে।

ধন্নি : মই মিষ্টাৰ ইণ্ডিয়াত যোগ দিম। তাৰবাবে অলপ শৰীৰ চৰ্চাত লাগিছোঁ ভাই৷

এনেতে ৰমেশৰ ফালে চাই কয়,

: কি নাম কৈছিলি তই?  ৰমেশ…ধুৰ নাম নেকি এইটো? ৰমেশ নহয় ৰোমিঅ’, ৰোমি এনেকুৱা নাম হ’ব লাগে। যেনে মোৰ নাম ধন্নি, ইয়াৰ নাম বণি আৰু ই জগ্গু।

: কিন্তু আচল নাম তোমালোকৰ ধনেশ্বৰ, বাণেশ্বৰ আৰু জগতহে।

হঠাতে এজন ল’ৰাই আহি কয়।

সকলোৱে পিছফালে ঘূৰি চায়। আৰু এজন মিঠা বৰণীয়া মৰম লগা ল’ৰা থিয় হৈ থাকে। তিনিও সেমেনা-সেমেনি কৰে।

“ৰাজা” বুলি বণি আৰু  জগ্গুৱে একেলগে কয় (ৰাজাৰ চৰিত্ৰত দেৱজিত শৰ্মা)। ৰকিয়ে ফোনটো এৰি কেৰাকৈ চাই আৰু পুনৰ ফোনত ব্যস্ত হয়। ৰুদ্ৰই কাষলৈ আহে আৰু ল’ৰাজনৰ কান্ধত জোৰে হাতখন থয়।

ৰুদ্ৰ : আৰে ক্লাছ টপাৰ। ক্যা হাল হে ভাই। আজি মাত ওলাল যে? আমি জুনিয়ৰ এজনৰ লগত মস্তি কৰিছোঁ। আহানা তুমিও।

ৰাজা : মই কোনো মস্তি নকৰোঁ আৰু ৰেগিং মই সমৰ্থন নকৰোঁ। যাবলৈ দিয়া তেওঁক।

ধন্নি : হাৰে ৰেগিং নহয় ৰে। জাষ্ট ফান।

ৰাজা : যি নহওক! মোৰ ভাল নালাগে। ভাইতি যোৱা৷

বুলি কৈ ল’ৰাজনক দেখে।

: হাৰে ৰমেশ তই।

ৰমেশ : ৰাজা! তই এইখন কলেজত পঢ়? কোনটো বিভাগত? মই কলা বিভাগত৷

ৰাজা : ময়ো। ভালে হ’ল দে তোক লগ পালোঁ বহুদিনৰ মূৰত। আৰু বন্ধুসকল এওঁ আমাৰ লগৰে। গতিকে নো ৰেগিং।

জগ্গু : কি কলা বে?

ৰাজা : আৰ্টচক অসমীয়াত কলা বুলি কয়।

ৰুদ্ৰ : আৰে! নতুন ল’ৰা আহিছে আমি চিনাকি হ’মেই। তই ভাগ কিতাপৰ পোক।

বণি : অঁ। আমি তামাচা কৰিমেই। তই যা না ইয়াৰপৰা৷

বুলি ঠেলি দিয়ে ৰাজাক।

ৰাজা : চা, গাত হাত নিদিবি। কৈ দিছোঁ। ধেমালিত উগ্ৰ নহ’বি।

: কি কৰিবি বে তই। চাল্লা হিৰো ওলাইছ নেকি?

জগ্গু আৰু ধন্ননিয়ে একেলগে কৈ খেদি আহে।

ৰাজায়ো ধন্নিক ঠেলি দিয়ে আৰু ধন্নিয়ে ৰুদ্ৰৰ গাত চিটিকি পৰে। ৰুদ্ৰই ৰাজাক ঘোচা এটা মাৰি দিয়ে আৰু ৰাজায়ো এক ঘোচা মাৰি দিয়ে ৰুদ্ৰক। ৰুদ্ৰ চিটিকি গৈ মাটিত পৰে। ৰমেশে ৰাজাক  টানি আনে৷ ৰুদ্ৰ আৰু বণিয়ে খেদি আহে আৰু ৰকি উঠি আহি ৰখাই দিয়ে।

ৰকি : তহঁতৰ কাৰণে শান্তি নাপাওঁ। সুস্মিতাৰ লগত কথা পাতি আছিলোঁ মাজতে ৰ’ব লগা হ’ল।

ৰুদ্ৰ : নহয় ৰে! ই মোৰ গাত হাত দিয়ে। ইয়াক মই…

ৰকি : বাচ। আই চে ষ্টপ। সুস্মিতা আহি আছে। মোৰ ডেটিং আছে আজি। প্লীজ মুড খাৰাব নকৰিবি। ৰাজা ক্লাছত যা। আৰু ৰামু…অ’ চৰী ৰমেশ লৈ যোৱা ৰাজাক।

এনেতে সুস্মিতা আহি পায়। আৰু ৰকিৰ ওচৰলৈ যায়। সুস্মিতা কাষেৰে যাওঁতে তাইৰ দোপত্তাখন উৰি ৰাজাৰ মুখ ঢাকি দিয়ে। সুস্মিতাই দোপাত্তাখন আনি ‘উপ্চ’ বুলি গুচাই দিয়ে আৰু ৰাজাক নোচোৱাকৈ ৰকিৰ কাষলৈ গৈ বাইকত বহে। ৰাজাই থৰ লাগি চাই থাকে আৰু ভিতৰলৈ সোমাই যাই ৰমেশৰ স’তে। এনেতে বৰুৱা ছাৰ সোমাই আহে আৰু বণি, জগ্গু, ৰুদ্ৰক ধমকি দিয়ে।

বৰুৱা : কি কৰি আছা ইয়াত? ক্লাছ নাই তোমালোকৰ? কলেজৰ গেটৰ বাহিৰে আড্ডা দিবলৈ ঠাই বিচাৰি নোপোৱা? হোপলেচ ক’ৰবাৰ। ফেল কৰাম আটাইবোৰকে এইবাৰ।

বৰুৱা গুচি যায় ভিতৰলৈ।

ৰুদ্ৰ : এই বৰুৱা ছাৰক এসেকা দিবৰ মন যায় ৰে। ব’ল ভিতৰলৈ। এই ৰাজাক পুৰা মজা দিম চাই থাক তহঁতে।

ধন্নি : ময়ো চাই ল’ম তাক। দুদিন পিছত মিষ্টাৰ ইণ্ডিয়া বনিবলৈ দেচোন মোক! কি কৰিম তাক। বাই দ্যা ৱে সুস্মিতা তামাম ধুনীয়া বে। চিনাকি হোৱাই নহ’ল।

ৰুদ্ৰই লেঙেৰাই কলেজত সোমাই আৰু বাকী কেইজনো পিছে পিছে যায়। কেমেৰাই কলেজৰ নামটো গেটৰ ওপৰত দেখায় ক্ল’জআপত “ফটাপুৰ কলেজ”।

দৃশ্য ৫

 

মৰমী আৰু কাকলি বহি থাকে কলেজৰ বাৰাণ্ডাত। এনেতে ৰাজা আৰু ৰমেশ আহি বহে কাষত। ৰাজাই ৰমেশক চিনাকি কৰি দিয়ে দুয়োৰে লগত। ৰমেশে কাকলিক চাই থাকে আৰু কাকলিয়ে লাজুকীয়া হাঁহি মাৰি তলমূৰ কৰে।

দায়লগ,

মৰমী : বাঃ ৰাজা! তুমি সেইদিনা আমাৰ ক্লাছৰ সেই  ধদুৱাকেইটাক ঠিক মচলা দিলা দেই।

কাকলি : উম। বৰ ভাল কৰিলা৷ ইমান দিগদাৰ কৰে সকলোকে। পঢ়া শুনাৰ ধান্দা নাই। এওঁক মানে ৰমেশক ইমান আমনি কৰিছিল।

ৰাজা : তোমালোকে কেনেকে গম পালা?

মৰমী : আমি ৰাস্তাৰ সিপাৰৰপৰা চাই আছিলোঁতো। সুস্মিতালৈ ৰৈ আছিলোঁ কিন্তু তাই ইমান বদমাছ আমাক ৰখাই ৰকিৰ লগত চিনেমা চাবলৈ গুচি গৈছে। আৰু ৰকিয়ে তাইৰ বাহিৰে কাকো নেদেখে।

ৰাজা : সুস্মিতা ইমান বেয়া ছোৱালী নহয় দেখোন? অৱশ্যে ৰকি তাইৰ লগত নিমিলে।

কাকলি+মৰমী : হোৱাট? তাৰমানে তুমিও সুস্মিতাৰ দিৱানা?

ৰমেশ : ই স্কুলৰ দিনৰপৰাই সুস্মিতাৰ প্ৰেমী। পিচে আমাৰ বাইদেৱে গমেই নাপায়। কিমান যে কবিতা লিখিছিল তাইৰ বাবে। আনকি নোট লিখিও দিছিল৷

ৰাজাই লাজতে তলমূৰ কৰে। লগে লগে ৰাজা সপোন ৰাজ্যলৈ যায় আৰু গান এটিত সুস্মিতা আৰু ৰাজাই অংশ লয়।

(মেঘালয়ৰ ডাউকীত শ্বুটিং লোৱা হয় গানটোৰ। নদীত নাৱত বহি দুয়ো গান গায়। ৰাজাই নাৱৰ বঠা মাৰে  সুস্মিতাই পানীত হাত জুবুৰিয়াই গানটো গায়)

ৰাজাই গায়,
“মোৰ কলিজা কিমান উতনুৱা
মাথো মৰম তোমাকে দিয়ে
দেখোঁ যেতিয়া তোমাক কাষতে
অবুজ মনে যে ক’বলৈ একো নিবিচাৰে

ও মোৰে মৰমী ও মোৰে মৰমী”

একেখিনিকে সুস্মিতায়ো গায় আৰু হঠাত ৰাজা পানীত পৰি যায়। সুস্মিতাই ৰাজা বুলি চিঞৰি দিয়ে।

বাস্তবত ৰমেশে ৰাজাক গাত জোকাৰি চিঞৰি মাতি থাকে। মৰমী, কাকলিয়ে আচৰিত হৈ চাই থাকে।

মৰমী : কিহে? সপোন দেখিছা নেকি?

বুলি হাঁহি দিয়ে৷ এনেতে বৰকাকতি বাইদেউ আহি থকা দেখি আটাইকেইজনে ক্লাছলৈ দৌৰ মাৰে। বৰকাকতি মেডাম ক্লাছলৈ সোমাই আহে। (এই চৰিত্ৰটো কৰিব অঞ্জলী গগৈ বৰগোহাঁয়ে) তেওঁৰ পিন্ধনত এখন নীলা শাৰী। মূৰত চশমাযোৰ তোলা থাকে। ক্লাছত সোমায়েই সকলোকে বোৰ্ডত প্ৰশ্ন এটা লিখি উত্তৰ লিখিবলৈ দিলে। আৰু বেগৰপৰা উল আৰু শলা উলিয়াই লৈ চুৱেটাৰ গোঁঠাত লাগিল। এপাকত তেওঁ চশমাযোৰ বিচাৰে আৰু মৰমীয়ে গৈ চশমাযোৰ মূৰৰপৰা চকুত লগাই দিয়ে।

বৰকাকতি মেডাম : পাহৰি যাওঁ জানা আজিকালি। বাৰু তোমালোকে লিখাচোন।

এইবুলি চকু মুদি টোপনিয়াই থাকে। মাজে মাজে হাল্লা শুনিলে কয় “মই সৱ চাই আছোঁ কিন্তু। সৱ দেখিছোঁ। কোনে কোনে হাল্লা কৰিছা।” ক্লাছৰ ছাত্ৰ ছাত্ৰীবোৰে লিখিবলৈ এৰি ভোনভোনাই কথা পাতি থাকে। বে’ল পৰে যদিও মেডামে গম নাপায়। এনেতে বৰুৱা ছাৰ আহে আৰু মেডামক জগাই দিয়ে। বৰকাকতি মেডাম খকমককৈ সাৰ পায়। অলপ লাজ পায় আৰু ছাত্ৰ-ছাত্ৰীবোৰক ধমকি দিয়ে।

বৰকাকতি মেডাম : তোমালোকে কিয় মোক মাতা নাছিলা বে’ল পৰাৰ পিছতো? মানে বৰুৱা যোৱাকালি বহুত ৰাতিলৈ নোট্‌চ লিখিলোঁ ইহঁতৰ বাবে সেইকাৰণে আজি টোপনিৰ মোজ লাগিল।

বৰুৱা : একো নাই মেডাম। হৈ যায় আৰু কেতিয়াবা।বাৰু মই ক্লাছটো লওঁ এতিয়া।

বৰকাকতি মেডামে খৰধৰকৈ ওলাই যায়। বৰুৱা ছাৰে সকলোৰে ক্লাছ টেষ্টৰ ৰিজাল্ট দিয়ে। ৰাজাই সৰ্বোচ্চ নম্বৰ পায়। পিছফালে বহি থকা বণি, জগ্গু, ধন্নিক বহিখন নিবলৈ মাতে কিন্তু কোনো উঠি নাযায়। মৰমী আৰু কাকলিক বহিখন ছাৰে দিওঁতে সুস্মিতা ক’ত সোধে। দুয়ো মুখেৰে নামাতে। কেমেৰাই ডুব যোৱা ৰঙা বেলিটো দেখাব।

দৃশ্য ৬

 

ৰকি মন মাৰি বহি থাকে ৰেষ্টুৰেণ্ট এখনত। কাষত ৰুদ্ৰ আৰু জগ্গু। বণিয়ে কাউণ্টাৰৰ ওচৰত থিয় হৈ কাৰোবাৰ লগত ফোনত কথা পাতি থাকে। মাজে মাজে ৰকিৰ ফালে ঘূৰি চায়।

দায়লগ,

বণি : নাজানো ৰে, বচৰ কি হৈছে? আজি এমাহ মানৰপৰা আগৰ দৰে কথা নকয় আৰু আমাকো নামাতে। কিবা চিন্তাত থাকে আৰু মাজে মাজে গাটো জিকাৰ খাই উঠে। হয়… হয়… উম…উম…না না সুস্মিতাৰ লগতো মাতবোল নকৰে বেছি। তাইক দেখিলে আৰু তাইৰ নাম শুনিলে বেছি জিকাৰ খাই উঠে গাটো। কিবা ভয় খোৱাৰ দৰে হয়। কি কৈছ মৰমী? তই পাক্কা দেখিছতো? ওকে….

বণি আহে ৰকিহঁতৰ কাষলৈ। চকী এখন টানি আনি বহে। ৰকিৰ কান্ধত হাত থয় আৰু জগ্গুৱে দায়লগ দিয়ে,

জগ্গু : কাৰ লগত কথা পাতিলি ইমান সময়?

বণি : মৰমীৰ লগত। তাই বোলে সুস্মিতাক আজি দুদিন মানৰপৰা ধন্নিৰ লগত বাইকত উঠি ঘূৰি ফুৰা দেখিছে। আৰু কাকলিয়ে বোলে ৰেষ্টুৰেণ্টতো দুবাৰমান সিহঁতক দেখিছে।

জগ্গু : ইমান দুষ্ট ছোৱালী

ৰুদ্ৰ : গুৰু! অনুমতি দিলে উঠাই লৈ আহোঁ। কেঁচাকল, কেঁচাধান কাটি বিয়া পাতি দিওঁ। তোক ইমান দুখত চাব নোৱাৰোঁ। আৰু ই ধন্নি আমাৰে পাৰ্টনাৰ হৈ আমাৰে কলিজাত চুৰি মাৰিলে। বৰ বেয়া পালোঁ তাক।

বণি আৰু জগ্গুৱে একেলগে “অ আমিও সাথ দিম”।

ৰকিয়ে লাহেকৈ মুৰ তুলি চাই সৱকে। তাৰ পিছত দায়লগ দিয়ে,

ৰকি : নালাগে অ’ বোপাই। নালাগে। সেইবোৰ অপেশ্বৰী আমাৰ বাবে নহয়। অ’ মোৰ ধন্নি মানে ধনেশ্বৰলৈহে চিন্তা হৈছে। বেচেৰা মি. ইণ্ডিয়াৰ সলনি মি.দেৱলীয়া নহ’লেই হয়। মোৰ সুস্মিতাই এৰি যোৱাত অলপো কষ্ট হোৱা নাই।

ৰুদ্ৰ : কি? ধন্নিৰ বাবে দুখ লাগিছে? তোৰ গাৰ্লফ্ৰেণ্ডক বেলেগে পটালে তোৰ দুখ নাই? আচৰিত!

বণি : তো ইমান দুখ কিহৰ?

ৰকি : মানে সেইজনীয়ে যে মোক ইমান ডুবাব সপোনতো ভবা নাছিলোঁ। অন লাইনত বস্তু অৰ্ডাৰ দিছিল মোৰ মোবাইল নং, ঠিকনা দি। ইমানে বস্তু কিনিছে যে মোৰ একলাখ টকা দিব লগা হৈছে। এতিয়া ক’ৰ পৰা দিম? মোবাইলটো ইমান কষ্ট কৰি কিনিছিলোঁ সেইটো বেচি চল্লিশ হাজাৰ ধাৰ মাৰিলোঁ। এতিয়া বাকী ষাঠি হাজাৰ ক’ৰ পৰা ধাৰ মাৰোঁ৷
আটাইকেইজনে কি! বুলি চিঞৰে।

ৰকি : উম। এতিয়া মই একো দিব নোৱাৰোঁ কোৱাত বেয়া পালে মোক আৰু ধন্নিক পটালে। আৰু হোটেললৈ নিলেও বহুত বিল হয়।

বণি : হে হৰি! বাৰু বাদ দে সেইবোৰ। যি হ’ল ভালেই  হ’ল।

ৰকি : হয় অ’, আৰু প্ৰেম নকৰোঁ মই। শিক্ষা পালোঁঁ৷

আটাইকেইজনে হাঁহে। আৰু ওলাই আহে।

দৃশ্য ৭

 

ধন্নিয়ে ক্লাছত দুখ মনেৰে বহি থাকে। অলপ দূৰত ৰাজা আৰু সুস্মিতাই একেলগে বহি কথা পাতি থাকে। ধন্নিয়ে চাই থাকে সিহঁতক। ৰাজাৰ লুকটো সলনি হ’ব। ৰকি, বণি, ৰুদ্ৰ আৰু জগ্গুৱে নিজৰ মাজতে কথা পাতে। ধন্নিক পাত্তা নিদিয়ে।

দায়লগ

বণি : সুস্মিতাৰ নতুন প্ৰেমিক ৰাজাহে এতিয়া৷ ধণেশ্বৰকো এৰিলে। আজিকালি ৰাজা বেলেগ হৈ গ’ল।

জগ্গু : অৰে! চুলি দীঘল কৰি তেৰেনাম কাটিং কৰিছে। ফৰমেল পেণ্টৰ ঠাইত জিনচ্‌ পিন্ধে। ৰঙা চাৰ্ট পিন্ধে। পুৰা সলনি হৈছে। হাঃ হাঃ ৰকি আৰু ধন্নিৰ দৰে নহ’লেই হ’ল।

ধন্নিয়ে কেৰাকৈ চাই কথা শুনি। কেমেৰাই ক্ল’জআপত মৰমী আৰু কাকলিক দেখুৱাব।

মৰমী : এইজনীয়ে ৰাজাকো নেৰিলে পাই।

কাকলি : হয় দে! কি যে মানে নহয়? আচলতে পৰীক্ষা আহিছে যে তাইক নোটচ লাগে? সেইবাবে তাই ৰাজাক ফঁচাইছে৷

সিহঁতৰ কথা শুনি কাষতে বহি থকা ৰমেশে মাত লগায়।

ৰমেশ : আৰে, তোমালোকে ৰাজাক গম পোৱা নাই। সি পুৰা হিচাবত, নিয়মত চলা মানুহ। ৰকি, ধন্নিৰ দৰে ঠগ নাখায় কেতিয়াও। এইবাৰ সুস্মিতা জালত পৰিল ভালকৈ। হাঃ হাঃ!

মৰমী : মোৰ যে ৰকিলৈ বৰ বেয়া লাগে পায়।

কাকলি : হয় দেই৷ শুনিছোঁ বেচেৰাক বৰকৈ লুটিলে। মোবাইল বেচিলে তাইৰ চখ পুৰাবলৈ আৰু শেষত বাইকখনো বেচিব লগা হ’ল।

মৰমী : হয় দেই।

কেমেৰা এইবাৰ ৰাজা আৰু সুস্মিতাৰ ফালে ঘূৰাব। দুয়ো কথাত মচগুল হৈ থাকিব।

সুস্মিতা : তুমি যে মোক ভাল পাইছিলা কলেজত প্ৰথম দেখাৰ দিনাৰেপৰা কিয় কোৱা নাছিলা?

ৰাজা : ভয়  লাগিছিল ক’বলৈ। কিজানি কথাবোৰ জানিলে তুমি মোক বেয়া পোৱা?

সুস্মিতা : ইস্‌, কি যে কোৱা?

ৰাজা : তুমি যে ৰকিকহে পচন্দ কৰিছিলা?

সুস্মিতা : ইস্‌, সেই কৃপণটোৰ কথা নক’বা। মাত্ৰ কেইটামান বস্তু অনলাইনত লওঁতেই মোৰ লগত ব্ৰেকআপ কৰিলে।

ৰাজা : তাৰ পিছত ধণেশ্বৰকো ভাল পালা যে?

সুস্মিতা : ইস্‌ বন্ধুহে পাতিছিলোঁ। সেইটো আৰু কৃপণ। ৰেষ্টুৰেণ্টলৈ গ’লে কেৱল চুপ খুৱাই জানা? মই বুজি পালোঁ তুমিহে মোৰ প্ৰকৃত প্ৰেমীক। বিশ্বাস কৰা।

ৰাজা : কৰিছোঁ। এশ শতাংশ কৰিছোঁ।

সুস্মিতা : ৰাজা, তুমি মোক ভালকৈ আজিলৈ ডেটিঙত নিয়াই নাই। ব’লানা এদিন ভাল ৰেষ্টুৰেণ্টত এসাঁজ খাওঁ। তাৰ পিছত অলপ মোৰ বজাৰ কৰিম।

ৰাজা : কেতিয়া যাবা কোৱা? মই লৈ যাম। দুয়ো মিলি এসাঁজ খাম।

সুস্মিতা : তেনেহ’লে অহা ৰবিবাৰে যাওঁ। মই এখন ধুনীয়া ৰেষ্টুৰেণ্ট চিনি পাওঁ। বহুত টেষ্টি খানা বনায়৷

ৰাজা: বাৰু।

ক্লাছ শেষ হয় আৰু সকলো বাহিৰলৈ আহে। ধন্নিয়ে ৰকিৰ ওচৰলৈ গৈ চৰী কয়। ৰকীয়ে সাবটি ধৰে।

 দৃশ্য ৮

 

সুস্মিতাই মন মাৰি কলেজলৈ আহি থাকে। কলেজৰ গেটত ৰাজাক দেখা পায়ো নামাতে। মুখখন ঘূৰাই দিয়ে। মৰমী আৰু কাকলিয়ে দেখি আচৰিত হয়। সিহঁতে সুস্মিতাৰ ওচৰলৈ যায় আৰু কি হৈছে সোধে৷

মৰমী : কি হ’ল সুস্মিতা? মন মাৰি আছা যে? আৰু তোমাৰ স্কুটিখন কি হ’ল?

কাকলি : ৰাজা ক’ত? তুমি ৰাজাক দেখিও নামাতিলা যে? সিও মুখ ঘূৰালে যে তোমাক দেখি?

সুস্মিতা : মই একো ক’ব নোৱাৰোঁ। ৰাজাৰ কথা প্লীজ নুসুধিবা মোক। মুঠতে প্ৰেম আৰু নকৰোঁ।

এনেতে ৰাজা আহে লগত ৰমেশ। সুস্মিতা আঁতৰি যায় ৰাজা আৰু ৰমেশক আহি থকা দেখি। যেন পলাইছেহে এনে লাগে মৰমী আৰু কাকলিৰ। মৰমী আৰু কাকলিয়ে ৰাজাৰ ওচৰলৈ যায়। মৰমীয়ে খঙেৰে সোধে,

দায়লগ

মৰমী : ৰাজা, সুস্মিতাৰ লগত কি কৰিলা? তাই যে ইমান দুখ পালে মনত?

ৰাজা : মই কি কৰিলোঁ?

কাকলি : নাটক নকৰিবা? তুমিতো বহুত ভাল পাইছিলা তাইক? তেন্তে কি হ’ল যে তাই তোমাৰপৰা পলাই ফুৰিছে?

ৰাজা : চোৱা মৰমী, চোৱা কাকলি মই একো কৰা নাই। সুস্মিতাই নিজেই পলাইছে নিজৰপৰা।

এইবুলি ৰাজাই হাঁহিবলৈ ধৰে আৰু লগতে ৰমেশেও৷

ৰমেশ : তাই নিজে কৰা কামৰ ফল হাতে হাতে পালে৷

কাকলি : আৰে ভাই বুজাই কোৱানা?

ৰাজাই হাঁহি হাঁহি কথাবোৰ ক’লে।  কেমেৰা ফ্লেচবেকলৈ যায়।

দৃশ্য ৯

 

এখন অত্যধুনিক ৰেষ্টোৰাঁ। ভিতৰত মৃদু স্বৰত সংগীত বাজি থাকে। ৰাজা আৰু সুস্মিতাই হাতত ধৰি হাঁহি সোমাই যায়। চুকত থকা টেবুল এখনত দুয়ো বহে। ৱেইটাৰ আহে আৰু কি খাব সোধে। ৰাজাই সুস্মিতাক অৰ্ডাৰ দিবলৈ দিয়ে।

ৰাজা : কি খাবা কোৱা?

সুস্মিতা : যি খুৱাবা তাকে খাম।

ৰাজা : নহয় তুমিয়ে অৰ্ডাৰ দিয়া। মোৰ আইডিয়া নাই।

সুস্মিতা : অ’কে। প্ৰথমতে আমি ঠাণ্ডা চৰ্বত খাওঁ। বৰ গৰম পৰিছে। তাৰ পিছত চিকেন ম’ম আৰু চ্যুপ খাম। সেইখিনি খাই অলপ কথা পাতিম আৰু তাৰপিছত নুডলচ্‌ খাম। সেইখিনি খাই উঠি মেইন কোৰ্চ অৰ্থাত বাকী খাদ্যবোৰ খাম। ৱেইটাৰ এইখিনি আনাচোন৷

ৱেইটাৰে চৰ্বট আনি দিয়ে। কিছু সময় পিছত চ্যুপ আৰু ম’ম আনে। কিছু দেৰিৰ পিছত চিকেন নুডলচ্‌ আহে। সুস্মিতাই খায় ৰাজালৈ বাট নাচায়। ৰাজাই কি কৰিম নকৰিমকৈ বহি থাকে। এনেতে ৱেইটাৰক হাত বাউল দি সুস্মিতাই মাতে।

সুস্মিতা : অৰ্ডাৰটো লওকচোন। চিকেন বিৰিয়ানী একপ্লেট, চিকেন বাটাৰ মচালা এটা, চিকেন তণ্ডুৰী এটা, বাটাৰ নান তিনিটা, ডাল মখানী দুটা, প্লেইন ৰাইচো দিব এবাটি, পনীৰ কোফ্টা একপ্লেট, শ্বাহী পনীৰ একপ্লেট, মিক্স ভেজ একপ্লেট। আৰু লগত গ্ৰীণ চালাদ একপ্লেট আৰু পাপৰ। আৰু ৰাজা মোৰ ভাগৰখিনি অৰ্ডাৰ দিলোঁ। এতিয়া তুমি কি খাবা অৰ্ডাৰ দিয়া৷

ৱেইটাৰক কয় ইয়াৰে প্ৰত্যেক অৰ্ডাৰবোৰ বেলেগকৈ পেকিং কৰিও দিবলৈ। সুস্মিতাই অৰ্ডাৰ দি থাকোঁতে ৰাজাৰ মুখখন ভয়ত ৰঙা নীলাপৰা কেমেৰাত দেখাব। আৰু বেকগ্ৰাউণ্ডত নাগাৰাৰ বাজন দিয়া হ’ব।

ৰাজা : মোৰ ভোক নাইয়েই। চ্যুপ, ম’ম আৰু নুডলচ্‌ত পেট ভৰিছে।

সুস্মিতা : তথাপি কিবা খাবই লাগিব। মই অকলে নাখাওঁ। ৰ’বা তোমাৰ কাৰণে চাইনীজ অৰ্ডাৰ দিওঁ। চিকেন ফ্ৰাইদ ৰাইচ, চিকেন মঞ্চুৰীয়ান, চিলি চিকেন অৰ্ডাৰ দিওঁ। খাব নোৱাৰিলে গোটেইবোৰ ময়ে খাম দিয়া।

সুস্মিতাই অৰ্ডাৰ দিয়ে আৰু ৱেইটাৰক মাতি হঠাত মনতপৰাৰ দৰে আইচক্ৰীম তিনিটা ফ্লেভাৰৰ আনিবলৈ দিয়ে খোৱাৰ শেষত।

ৰাজাই লাহেকৈ ফোন অহাৰ ভাও ধৰি উঠি আহে বাহিৰলৈ। ৱেইটাৰজনক হাত বাউল দি মাতি কিমান বিল হ’ব হিচাপটো আনিবলৈ দিয়ে। ৱেইটাৰে আঠ হাজাৰ টকা মুঠ ভেট মিলাই ন হাজাৰ টকাৰ বিল দেখাই। ৰাজাই লগত থকা দুহেজাৰ টকা ৱেইটাৰৰ হাতত দিয়ে আৰু সুস্মিতাক দিবলে দিয়ে আৰু বাকী বিলৰ বাবে এ.টি. এম.ৰ পৰা আহি আছোঁ বুলি কৈ ওলাই আহে আৰু চিধা ৰমেশৰ ৰূম ওলায়।

আকৌ সকলোৱে ফ্লেচবেকৰপৰা ওভতে।

মৰমীয়ে আচৰিত হৈ : কিয় তেনে কৰিলা?

ৰাজা : তাই যে ৰেষ্টুৰেণ্টখনৰ গোটেই পাকঘৰটো খাবলৈ বিচাৰিব মই কি জানো?

কাকলি : পিচে আহিল কেনেকৈ?

ৰমেশ : মই পিছদিনা খবৰ লৈছিলোঁ। তাইৰ বোলে স্কুটিখনকে ৰাখি থ’লে। পইচা দিলে ঘূৰাই দিব।

এনেতে মণিয়ে দুৰৰ পৰা চিঞৰি মাতে কাকলি বা….

তাই দৌৰি আহে সিহঁতৰ ওচৰলৈ।

মণি:মৰমীবা, কাকুবা এইমাত্ৰ দেখিলো ক্লাছ কৰিবলৈ সুস্মিতাবা গৈ আছিল। বাৰাণ্ডাত ধন্নি দা আৰু ৰকি দা বহি আছিল আৰু তাইক দেখি দুয়ো দৌৰি পলাইছে।

মৰমী আৰু কাকলিয়ে  হাঁহিত  বাগৰি যায় আৰু দুয়ো কয় “হাইৰে প্ৰেম”।

ৰমেশে কয়…এইবাৰ ভাল বুঢ়াৰ হাতত  চেঙেলী পৰিল।

মৰমী আৰু কাকলিয়ে জোৰেৰে হাঁহি কয় হাইৰে প্ৰেম।

ৰাজাই সমানে হাঁহি কয় “প্ৰেম  আৰু নকৰোঁ”।

☆ ★ ☆ ★ ☆

30 Comments

  • দীক্ষিতা

    একদম Tollywoodৰ দৰে চিনেমা বনাইছে দেই। সাংঘাতিক।

    Reply
  • মানসী বৰা

    সুখী মই…আকৌ এনেকৈ সুযোগ পাম বুলি আশা কৰিলোঁ..

    Reply
    • ডলী

      ধন্যবাদ বহুত পঢ়া বাবে।

      Reply
  • দীক্ষিতা

    Action director-এ কোৱাৰ দৰে আলুবোমা দিয়া চিনটো চাবলৈ নাপায় দুখ লাগিছে। বাকী এইবছৰৰ শ্ৰেষ্ঠ শিশু শিল্পীৰ পুৰস্কাৰটো আশা ৰাখিছোঁ। 😌

    Reply
    • ডলী

      নবাগতা পুৰস্কাৰ দিম। ধন্যবাদ পঢ়া বাবে

      Reply
  • Anonymous

    মজা । ইমান টোপনি গধূৰ ন বৰকাকতী বাইদেউ ।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    ৱাহ বঢ়িয়া চুপাৰহিট চিনেমা 👌👌 । ভাল লাগিল পঢ়ি ।

    Reply
  • কমলা দাস।

    বাপৰে, বহুত দীঘল তিনি ঘণ্টীয়া চিনেমা দেই। চাই থকাৰ মাজতে দুবাৰ বাহিৰলৈ গলো। চিনেমা চাই পিছে বৈদ্দ্য মজা লাগিল।

    Reply
  • জয়ন্ত দাস

    মজা লাগিল৷ বৈদ্য হাঁহিছো৷ সুস্মিতাই ভাল শিক্ষা পালে৷ সকলোৱে দুৰ্দান্ত অভিনয় কৰিছে৷ বেকগ্ৰাউণ্ড মিউজিকত নাগাৰাৰ উপস্হাপন বৰ সুন্দৰ হৈছে৷ মুঠৰ ওপৰত তামাম হৈছে এইখন৷

    Reply
  • এইখন তামাম বনিছে । বক্স অফিছ তোলপাৰ লগাব । কৰ’না শেষ হ’লেই বিদেশতো চলিব কিন্তু । জগ্গু মজা মিলিছে । সুস্মিতাই ভাল শিক্ষা পাইছে ।

    Reply
  • বন্দিতা

    😲 তামাম লাগিল ।😁😁😁

    Reply
  • চন্দন

    মজাহ কাহিনী৷ জীৱন্ত এখন চিনেমা৷

    Reply
  • দুলুমণি গগৈ

    😂😂

    Reply
  • ৰাজশ্ৰী শৰ্মা

    হাঁহি মৰিছো বা। কি চুপাৰ ডুপাৰ চিনেমা পাই।

    Reply
  • অনামিকা গগৈ

    ডলী বা তামাম দেই…

    Reply
  • হেমন্ত কাকতি

    আবে ৰণিক ধোখা দিয়া ছোৱালী পেইদা হোৱা নাছিল বে৷ লাইফত ফাৰ্ষ্ট টাইম ধোখা খাইছো বে৷

    ফালি দিছা ডলী৷ চুপাৰ ডুপাৰ৷

    Reply
  • ডাঃ পাৰ্থসাৰথি ভূঞা

    বঢ়িয়া, মনোৰঞ্জন ধৰ্মী হিট চিনেমা। ৰোলটোৰ বাবে ধন্যবাদ

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    তামাম চিনেমাৰে এইখন৷

    Reply

Leave a Reply

Your email address will not be published.