ফটাঢোল

ডাঙৰ মানুহৰ লাজ – উৎপলা কৌৰ

: দাদা নতুন ডিজাইন দেখাওক না! এইবোৰ ডিজাইন অলৰেডী মোৰ লগৰবোৰে পিন্ধি শেষ কৰিলে।

কথাষাৰ কৈ নীনাই মোবাইলটো উলিয়াই যোৱামাহত পৃষাৰ বিয়াত কইনাৰ লগত উঠা ছেল্ফিখন উলিয়াই জুম কৰি নেকলেছডাল চালে। হয়, এইমাত্ৰ তাইক দেখুওৱা ডিজাইনটো প্ৰায় একেই পৃষাৰডালৰ সৈতে। গতিকে সেইডাল লোৱাৰ প্ৰশ্নই নাহে। ৰঙা চেপেটা, অলংকাৰৰ বাকচবোৰৰ পাহাৰটোৰ মাজৰপৰা তাইৰ তিনিঘণ্টাৰ মূৰত এডাল পচন্দ হ’লগৈ যেনিবা! ওজনটো অলপ বেছি। হওক, বিয়া এবাৰহে হ’ব। এনেও ভবানন্দ উকীলৰ একমাত্ৰ জীয়েক নীনাৰ পচন্দ আনতকৈ বেলেগ। সদায় ‘আনকমন’ বস্তু পিন্ধাৰ বাবে তাইৰ লগৰ ছোৱালীবোৰৰ মাজত সুকীয়া আসন এখন আছে। গতিকে বিয়াৰ সময়ত কথা আৰু বিশেষ হ’বই!

০০

ৰাতিপুৱাৰপৰা ভবানন্দ উকীলৰ মূৰটো গৰম হৈ আছে। এই মিস্ত্ৰীবোৰ যে! একদম প্ৰফেছনেল নহয়। এইকেইদিন কোর্টৰ কাম আৰু একমাত্ৰ ছোৱালীৰ বিয়াৰ আয়োজনত তেওঁৰ দৈনন্দিন ৰুটিনখন অলপ খেলি-মেলি হৈছে। উপায় নাই। জুনিয়ৰ কেইজন ভাল বুলি কেনেবাকৈ মিলাই আছে। মিস্ত্ৰীজনক কালিয়েই তেওঁলোকৰ গন্তব্য স্থানত ৰৈ থাকিবলৈ কোৱা হৈছিল। সি আহি পোৱা বুলি খবৰ পালেই নীনাক লৈ হাৰ্ডৱেৰ দোকানলৈ গৈ মাইকা আৰু অন্যান্য যাৱতীয় বস্তু পছন্দ কৰিবগৈ লাগে। আজিকালি ছোৱালীৰ লগত ষ্টীলৰ আলমাৰী দিয়াৰ নিয়ম ওকলিল। ৰুমৰ আকাৰ চাই ‘ইণ্টেৰিয়ৰ ডিজাইনা’ৰে আঁকি দিয়া ডিজাইন অনুসৰি নীনাই যুগ্মজীৱন আৰম্ভ কৰিবলগীয়া কথাটোতে সজা হৈছে আচবাববোৰ। বিছনা, বিছনাৰ পিছফালৰ
দেৱালত পেনেলিং, তাতে আকৌ ডিজাইনাৰ লাইট লগাব লাগিব। এখন দেৱাল সম্পূৰ্ণ ঢাক খুৱাকৈ আৰু মজিয়াৰপৰা চিলিঙত লগাকৈ আলমাৰী লাগিব। তাতে আকৌ জোতা থোৱা ঠাইৰ লগতে ড্ৰেছিং টেবুলৰ কাম কৰাকৈ ডাঙৰ আইনা এখনো লাগিব। এখন ৱালত টিভি ৰাখিবলৈ আকৌ বেলেগ ব্যৱস্থা। টিভি পেনেলটোৰ ডিজাইন আৰু মাইকাৰ ৰং আলমাৰীৰ সৈতে সামঞ্জস্য থকা। টিভিটোৰ কেটেলগ চাই আহিছে সিদিনা। পৃথিৱীৰ শ্ৰেষ্ঠতম বুলি দাবী কৰা টিভি কোম্পানীটোয়ে নতুন মডেল এটা ‘লঞ্চ’ কৰিছে, সেইটো অসম আহি পাওঁতে আৰু বিছদিনমান লাগিব। মুঠতে তাই লগত নিবলগীয়া বস্তুবোৰ কেৱল দামী হ’লেই নহ’ব, অইন সকলো ফালৰপৰা একক আৰু সুন্দৰ হ’ব লাগিব। মিস্ত্ৰী আহি পালে বুলি ফোনটো অহাৰ পাছত উকীলৰ গাড়ী চহৰৰ ডাঙৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ সামগ্ৰী পোৱা শ্ব’ ৰূমটোৰ সন্মুখত ৰ’লগৈ। ডিজাইনাৰগৰাকীয়েও মিস্ত্ৰীৰ সৈতে অপেক্ষা কৰি আছিল। তাতে চাৰিঘণ্টামান লাগিল উকীলৰ। আজি কেইবাটাও দৰকাৰী মোকৰ্দমাৰ তাৰিখ আছিল। এইবোৰত ফঁচি থাকোতে তিনি বাজি গ’ল। সেয়ে জুনিয়ৰ অলকক ফোন কৰি নতুন তাৰিখ ল’বলৈ দিলে।

ডিজাইনাৰে বাছি দিয়া ডিজাইনকেইটাৰ মাজৰপৰা বহু গুণা-গঁথা কৰি নীনাই অৱশেষত এটা পচন্দ কৰি সন্তুষ্টিৰ হাঁহিটো মাৰিলে, যিটো উকীলৰ জীৱনৰ চালিকা শক্তি। তাইক তাইৰ মনৰ সন্তুষ্টিৰে এঘৰলৈ উলিয়াই দিয়াতে আছে তেওঁৰ জীৱনৰ সন্তুষ্টি। তাইৰ বাবেইতো ইমান কষ্ট কৰে তেওঁ, নহ’লে ইমান ধন-সম্পত্তি কোনে খাব উকীলৰ?
দৰাটো উকীলে ভবামতে নহ’ল যদিও তাই পছন্দ কৰাৰ বাবে বিশেষ আপত্তি নকৰিলে। অৱসৰপ্ৰাপ্ত অধ্যাপকৰ দুটি সন্তানৰ একমাত্ৰ পুত্ৰ। কোম্পানীৰ চাকৰিয়াল। তাতেই
আপত্তি অলপ আছিল উকীলৰ। নীনাকো আইন পঢ়াইছিল, কেৱল ক্ৰিমিনেল উকীল হিচাপে তেওঁ আৰ্জি লোৱা একছত্ৰী সাম্ৰাজ্যখনৰ উত্তৰাধিকাৰী হিচাপে থৈ যাবলৈ জোঁৱাইও বিচাৰিছিল একেই। কিন্তু জন্ম, মৃত্যু আৰু বিবাহত কাৰো হাত নাথাকে বুলি চলি অহা কথাষাৰি মানিয়েই তেওঁ সন্মত হ’ল। তাতে অধ্যাপকৰ সন্তান, উকীলৰ দৰে টকা-পইছা নাথাকিলেও মৰম আৰু মূল্যবোধৰ নিশ্চয় অভাৱ নহ’ব। তেওঁলোকে ছোফা চেট নালাগে বুলিয়েই কৈছে। অধ্যাপকৰ পত্নীয়ে বিয়াত অনা আৰু পাছত তেওঁলোকে লোৱা নীলা ৰং দিয়া বেটৰ চোফাটো হেনো তেওঁলোকৰ বৰ মৰমৰ। দিয়ে যদি উকীলে জীয়েকৰ লগত আঠ বা দহজনীয়া ডাইনিং টেবুল এখন দিব পাৰে বুলিহে কৈছিল, কাৰণ বিয়াৰ পাছত মানুহ বাঢ়িব। এতিয়াৰ পুৰণা ছয়জনীয়া টেবুলখনত ঠাই নাটিব। এনেও জী নাতিটোক জীয়েকে অফিচলৈ যোৱাৰ সময়ত মাকৰ ঘৰত থৈ যোৱাৰ বাবে তাক নিবলৈ আহি জী-জোঁৱায়ে প্ৰায়ে নিশাৰ সাঁজটো তেওঁলোকৰ ঘৰতে খাই যায়।

বিয়াৰ দিনা ইমান দিনে উকীলনীৰ ডিঙি শুৱাই থকা, বংশানুক্ৰমে চলি অহা উকীলৰ মৃত মাতৃৰ সোণৰ শকত গহনাবোৰ আৰু নীনাই নিজে পচন্দ কৰি কিনা গহণাবোৰৰ উপৰিও জোৰোণত দিয়া অলংকাৰেৰে নীনাৰ দীঘল ডিঙিটো ভৰি পৰিল। আত্মগৌৰৱী উকীলে সেইদিনা তেনেই মাটিৰ মানুহ হৈ অভ্যাগতক মাত দি থকাৰ পৰাই নীনাৰ ওপৰত চকু ৰাখি গ’ল। তাই হাঁহি হাঁহি অতিথিক মাত দিছে, হাঁহিৰ আঁৰৰ তাইৰ ভাগৰখিনি উকীলেহে ধৰা পেলাইছে। দিনটো উপবাসে আছে তাই, তাইৰ ভোকত থকাৰ অভ্যাস নাই। বাৰে বাৰে তাইলৈ পত্নীক কৈ গাখীৰৰ গিলাছ পঠিয়াই তৎ পোৱা নাই। তাই দুবাৰমান খাইছে, দুবাৰমান উভটাই পঠাইছে। খাওঁতে উকীলৰ বুকু শাঁত পৰিছে, ঘূৰাই দিওঁতে তাইৰ শৰীৰৰ দুৰ্বলতাকণে উকীলক
বিভ্ৰান্ত কৰিছে। বিয়াৰ দিন ঠিক হোৱাৰপৰা উকীলনীৰ যি চকুৰ পানীৰ স্ৰোত বৈছে
সেয়া এইকেইদিনত আৰু বাঢ়িছেহে। ঘৰখনৰ প্ৰত্যেকটো বাথৰুম, ৰুম আৰু দুৱাৰৰ চুক এই
চকুৰ পানীৰ সাক্ষী হৈছে।

০০

মানুহে বহু দিনলৈ বিয়াখনৰ সাজ-সজ্জা, কইনাৰ কাপোৰ-অলংকাৰ, কলকতাৰপৰা অনা ৰান্ধনিয়ে ৰন্ধা বিভিন্ন বিলাসী, অজ্ঞাত নামৰ খাদ্যসম্ভাৰ ইত্যাদিৰ কথা আলোচনা কৰি থাকিল। উকীলৰ ঘৰৰ চঞ্চল জুৰিটো যেন আনৰ ঘৰলৈ গুচি গ’ল। এক অদ্ভুত শুষ্কতাই বৃহৎ ঘৰখনৰ প্ৰাণী দুটিৰ জীৱনবোৰ ছানি ধৰিলে যাক উকিলনীৰ চকুপানীয়েও
আৰ্দ্ৰ কৰিব নোৱাৰিলে।

: হেৰা সৌকণ হে। আজি ওলোৱা, গধূলি তাইক এবাৰ চাই অহিম।
পুৱাৰ আহাৰত জীয়েকৰ প্ৰিয় ফুলা লুচি খাই থাকোতে চকু চলচলীয়া হোৱা উকীলনীক দেখি উকীলে ক’লে।
গধূলি উকীলে জীয়েকৰ ঘৰত কলিং বেল বজাই সোমাই মানে কেইবাজনো আলহী বহি আছিল ড্ৰয়িংৰুমত। আটাইবোৰ জোঁৱায়েকৰ সমন্ধীয় মানুহ। জীয়েকৰ লগত দিয়া দুই লাখটকীয়া ছোফাটোত জোঁৱায়েকৰ বায়েকৰ ডেৰ বছৰীয়া ল’ৰাটোক মাকে খিচিৰিজাতীয় কিবা খুৱাই আছিল। বিভিন্ন বিষয় তথা সাময়িক ঘটনাৱলীত নিজৰ অভিজ্ঞ মতামত আগবঢ়াই আছিল সমাজ সংস্কাৰক নীনাৰ শহুৰেকে। উকীল, উকীল পত্নীয়ে বেতৰ চোফাটোতে বহি কথা শুনিবলৈ ধৰিলে। অভিৰ বায়েকৰ ল’ৰাটো বৰ দুষ্ট, খোৱাৰ সময়ত হেনো তাৰ বহুত ‘নৌটংকি’, অধ্যাপক বিয়ৈকে হাঁহি এটা মাৰি ক’লে। কৈ থাকোঁতেই কণমানিটোৱে হাতখন মাৰি খিচিৰিৰ বাতিটো ওলোটাই দিয়াত
সকলোবোৰ চোফাটোতে বাগৰি পৰিল। বিয়ৈয়েক, অইন আলহীকেইজন আৰু কণমানিৰ মাকে সগৌৰৱেৰে হাঁহিলে তাৰ দুষ্টামিত। উকীলৰ জীয়েকে ফাৰ্নিছিঙৰ দোকানত বাচি বাচি কাপোৰ পছন্দ কৰা মুহূৰ্তটো মনত পৰিল যদিও ‘এইবোৰ সৰু কথা’ বুলি মনটো পাতলাই ল’লে। সৰু ল’ৰা-ছোৱালী থাকিলে এইবোৰ হ’বই!
তেওঁলোক যোৱাৰ বেছ কিছু দেৰিৰ পাছত নীনা ওলাই আহিল মেখেলাত খুচি থোৱা টাৱেল এখনত হাত মচি মচি। মুখত হাঁহি। আহি দেউতাকৰ বুকুতে সোমাল।
ভবানন্দ ক্ৰিমিনেল উকীল, মানুহৰ মুখ দেখিলেই গৰ্ভ দেখা পায়। কিছু দেৰি তাইৰ
মূৰত হাত বোলাই থকাৰ পাছত ক’লে,
: মাৰক তোৰ ৰুমলৈ লৈ যা আকৌ। কথা পাতগৈ। নহ’লে ঘৰত আকৌ কান্দি কান্দি নদী বোৱাব।

তাইৰ কোঠাত সোমায়েই উকীলনীৰ নাকত নতুন ফাৰ্নিচাৰৰ গোন্ধটোৱে বিন্ধি গ’ল। পৰিপাটীকৈ থোৱা কোঠাটো দেখি মাকৰ মনটো ভাল লাগিল। ছোৱালী বুজন হৈছে মানে! কেনে লাগিছে? মাকৰ প্ৰশ্নটোত তাই মাকলৈ চাই হাঁহি এটা মাৰিলে। উকীলনী সিমান অভিজ্ঞ নহ’লেও জীয়েকৰ নাড়ী নক্ষত্ৰ চিনি পায়। এই হাঁহিটো তাইৰ সেই জুৰিটোৰ কলকলনি নহয়। যেন বন্ধ পানী, বৈ যাবলৈ উকমুকাই আছে। গালতে হাতখন ফুৰাই সুধিছিলহে “মাজনী কেনে পাইছ?”, পৰ্দা দাঙি সেয়া শাহুৱেক। “ঔ বোলো মাক জীয়েকৰ কিহৰ ফুচফুচীয়া মেল? বোলো বোৱাৰী মা-দেউতাৰক কোনে চাহ বনাই দিব?”

মাক জীয়েকৰ কথা আধাতে থাকিল, তাই চাহ বনাবলৈ উঠি গ’ল। দুই বিয়নীয়ে কথা পাতিবলৈ ধৰিলে।

: এহ! আপোনাৰ ছোৱালী সাত বজালৈ শুইয়ে নুঠে বুইছে? আমিও নজগাওঁ, বোলো নতুনকৈ বিয়া হৈছে! হ’লেও দিয়কচোন, ৰাতি দুই তিনি বজালৈকে কথা পাতি থাকে। আমাৰ টোপনিয়ে নাহে বুইছেনে সিহঁতৰ কথাৰ শব্দত? সি ইমান দেৰিকৈ শুই থাকিলে দিনত কেনেকৈ অফিচলৈ যাব কওকচোন? তাইতো ঘৈণীজনী হৈ জানিব লাগে!

কিবা ক’ম বুলিও উকিলনীৰ মুখেৰে একো কথা নোলাল। তাৰ কেইদিনমানৰ পাছত সিহঁত এসপ্তাহৰ বাবে থাইলেণ্ড ফুৰি আহিলগৈ। থাইলেণ্ড, ডুবাই নীনাৰ বাবে নতুন ঠাই নহয়। কিমানবাৰ যে তাই মাক দেউতাকৰ সৈতে গৈছে। আনকি এবাৰ লগৰ ছোৱালী চাৰিজনী মিলিও অকলে ঘূৰি আহিছেগৈ। সেয়ে কোনো নতুনত্ব নাই যদিও
প্ৰথমবাৰ সেইবোৰ ঠাই দৰ্শন কৰা অভি অৰ্থাৎ তাইৰ মানুহজনৰ ইচ্ছাক সন্মান কৰি সম্পূৰ্ণ নতুন ঠাই ফুৰাদি ফুৰি আহিলগৈ।

০০

পুৱাৰপৰা উকীল-উকীলনীৰ ব্যস্ততাৰ অন্ত নাই, আজি উকীলনীৰ ভায়েকৰ জীয়েকৰ বিয়া। নীনা আৰু তাইৰ পতি সহিত ঘৰখনৰ সকলোবোৰ মানুহ আহিব। নতুন মিতিৰ, একমাত্ৰ জোঁৱাই। আদৰ-আপ্যায়নত যাতে কোনো হানি-বিঘিনি নঘটে, তাকে লৈ উকীল আৰু উকীলনী তৎপৰ হৈ আছে।
এটা সময়ত নীনা আহিল, লগত শাহু, শহুৰ, জীয়েক জোঁৱায়েক আৰু অকণমানিটো। নীনাৰ ডিঙিত পাটসোণৰ গহনা। উকীলনীয়ে তাইৰ কাণৰ ওচৰলৈ মুখখন নি ফুচফুচাই সুধিলে, “তই সোণৰ হাৰ এডাল নিপিন্ধিলি কিয়?” তাই সেমেকা মাতেৰে ক’লে, “আমি হনিমুনলৈ যাওঁতে মায়ে গোটেই সোণৰ গহনাখিনি মাৰ লকাৰত থৈ দিলে নহয়। উলিয়াই অনা নহ’ল আৰু!” অভিৰ
ভনীয়েকৰ ডিঙিৰ সোণৰ হাৰডাল উকীলনীৰ দৃষ্টিৰপৰা সাৰি নগ’ল। অভিৰ মাকৰপৰাও হয়তো উকীলনীৰ সেই দৃষ্টি সাৰি নগ’ল, সেয়ে তেওঁ লগে লগে কৈফিয়ৎ দিলে, “দিনকাল
বহুত বেয়া বুইছে। সিদিনা আমাৰ ওচৰৰ বৰুৱাহঁতৰ ঘৰত ডকাইতি হ’ল নহয়! আজিকালি সোণৰ গহনা ঘৰত ৰখাই বিপদ।” বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো বিয়াত নীনা ৰাতি নাথাকিল। শাহুৱেকৰ গা বেয়া, ঘৰৰ কাম বন কৰিব নোৱাৰে আজিকালি। একে লগে ওমলি-জামলি ডাঙৰ হোৱা মামাকৰ ছোৱালীৰ ডিঙিত ধৰি সাত/আঠ চেকেণ্ডমান থকাৰ পাছত আলহীৰ দৰে বিদায় লৈ গধুৰ মনেৰে সেমেকা হাঁহি ওঁঠত ফুটাই নীনা গাড়ীত উঠিলগৈ।

০০০

একে চহৰতে বিয়া হ’লে এইটোৱেই সমস্যা বুলি আগতে উকীল-উকিলনীয়ে ভবাই নাছিল। সমস্যা মানে, এই যে ইমান ওচৰতে থাকিও মাকৰ ঘৰলৈ আহিবলৈ সময় নাপায়। আহিলেও আলহীৰ দৰে, প্ৰায়ে শাহুৱেক লগতে লাগি আহে। মাক-জীয়েকে ভালকৈ কথা এষাৰিও পাতিব নোৱাৰে। চাবলৈ গ’লে একে পৰিয়ালৰ মাজত কিনো গোপন কথা থাকিব? তথাপি ক’ৰবাত যেন অদৃশ্য হুল এডাল আছে, যিয়ে অহৰহ ছোৱালীজনীক কষ্ট দি আছে, অথচ তাই মুখ ফুটাই
ক’ব নোৱাৰে। ফোন কৰিলেও তাই ভালকৈ কথা পাতিব নোৱাৰে, কাৰণ তাই ফোনত কথা পাতিলেই তাইৰ কোঠাৰ দুৱাৰৰ কাষত কাৰোবাৰ উপস্থিতি অনুভৱ কৰে।

এদিন বহুত মাতোঁতে মাতোঁতে নীনাক অভিয়ে অফিচলৈ যাওঁতে নমাই থৈ গ’ল মাকৰ ঘৰত। বাইকত, অকলে। গাড়ীখন দেউতাকক লাগি থাকে হেনো। পুৱাৰ জলপানৰ লগতে দুপৰীয়াৰ ভাত সাঁজো তাই ৰান্ধি থৈ আহিছে। তাইৰ কথা শুনি উকীলৰ মোচৰ তলেৰে হাঁহি এটি বাগৰি গ’ল। “ইমান কাম কৰিব পৰা হ’লি নে তই? আমাকো ৰান্ধি খুৱালেহে গম পাম এদিন।”
তাই শেঁতা হাঁহি এটা মাৰিলে। বিয়াৰ পাছত কামকৰা মানুহজনী এৰি দিয়াৰ বাবে তায়েই
হেনো সদায় ৰন্ধা বঢ়া কৰে। উকীলনীয়ে গিৰিয়েকৰ চকুলৈ চালে। অভিজ্ঞ উকীলৰ দৃষ্টিয়ে পত্নীৰ চকুত নিমিষতে ঢেৰ কথা পঢ়ি ল’লে। গধূলি অভি সোনকালে অফিচৰপৰা উভটি আহিল, কাৰণ নীনা সোনকালে ঘৰ পাবগৈ লাগে। মাকৰ গা বেয়া, ভাত ৰান্ধিব লাগে। উভতি যাওঁতে উকীলনীয়ে ঢেৰ কিবা কিবি ৰান্ধি জীয়েকলৈ বান্ধি দিলে। অন্ততঃ আজি তাই আৰাম কৰকচোন।

নীনাই গৈ পোৱাৰ তিনিঘণ্টাৰ পাছত মাকলৈ ফোন কৰিলে। তাই নিয়া বস্তু হেনো
মাক-দেউতাক অৰ্থাৎ শাহু-শহুৰেকৰ একেবাৰে খাবলৈ মন নগ’ল। সেয়ে তাই পুনৰ নতুনকৈ ৰন্ধা-বঢ়া কৰিব লগা হ’ল।

০০

নীনা উভতি যোৱাৰ পাছত উকীল চেম্বাৰত বহিল। দুজনমান ক্লাইণ্ট আহি যোৱাৰ পাচত ৰুণুমী বাই আহিল। লগত জীয়েক। ৰুণুমী বায়ে আগতে উকীলৰ ঘৰতে কাম কৰিছিল। জীয়েকৰ বিয়া নীনাৰ বিয়াৰ দুমাহমানৰ পাছত হৈছিল। ৰুণুমীয়ে সেই বিয়াত উকীলৰপৰা বহুখিনি সহায় পাইছিল। নীনাৰ বিয়াত বাই আৰু জীয়েক মাইনুয়ে কেইদিনমান আগৰেপৰা বহুখিনি কাম কৰি সহায় কৰি দিছিলহি। বায়ে আজি কামৰ বাবে নহয়, জোঁৱায়েক, অৰ্থাৎ মাইনুৰ মানুহজনৰ বিৰুদ্ধে গোচৰ লৈ আহিছে। জীয়েকৰ বিয়াত নিজৰ সামৰ্থ অনুসৰি বস্তু দি বিয়াখন পাতি দিছিল। এতিয়া তাক পইছা লাগে আৰু নিদিয়াৰ বাবে জীয়েকক সদায় মাৰ-পিট কৰে। মাজতে হেনো পাঁচ হাজাৰমান ক’ৰবাৰপৰা গোটাই দিলেও, এতিয়া হেনো আৰু লাগে।

কথাটো শুনাৰ লগে লগে তীব্ৰ খং এটাই দংশি গ’ল উকীলক। খঙেৰে ক’লে,
“তহঁতে পাবই লাগে মছলা! কিয় দিছিলি পইছা? যৌতুক দিয়া বেয়া কাম নাজান নেকি?”

“চাৰ, কোনেনো নিজৰ ছোৱালীজনী বিয়া হৈ সুখত থকাটো নিবিচাৰে! আমি দুখীয়া মানুহ, আপোনালোকৰ দৰে ঢেৰ দিব নোৱাৰোঁ। সেই কাৰণে আমাৰ ছোৱালীৰ দুখেই দুখ!”

কিবা কম বুলি মেলা মুখখন ভবানন্দ উকীলে ‘খপ’কৈ জপাই থৈ কিছুদেৰি টলকা মাৰি থাকিল। কিছু দেৰি টেবুলত থকা ‘পেপাৰৱেইট’টো লাটুমৰ দৰে ঘূৰাই, চেলাউৰী থুপ খুৱাই কিবা ভাবি থাকিল। এটা সময়ত ঘূৰি থকা পেপাৰ ৱেইটটো থাপ মাৰি ৰখাই এইবাৰ মাইনুলৈ চাই সুধিলে, “তই কি বিচাৰ? আকৌ যাবিনে ঘূৰি তাৰ ওচৰলৈ?”

: নাযাওঁ চাৰ, সি আৰু মাকে মিলি মোক মাৰি পেলাব।
– দৃঢ়তাৰে এক মুহূৰ্তও নভবাকৈ তাই ক’লে।

: আৰু নপঠাওঁ চাৰ। থাকক ঘৰতে। মোৰ দৰে কাম কৰিয়েই খাব।”
ৰুণুমীয়ে সমানে কৈ
উঠিল। উকীলে জুনিয়ৰ এজনক মাইনুৰ লগত কথা পাতি “এফ আই আৰ” এখন লিখিবলৈ নিৰ্দেশ দিলে আৰু পিছদিনা পুৱাই তাইক লগত লৈ সেইখন নি থানাত দিবলৈ ক’লে।

০০

গোটেই নিশা উকীলৰ টোপনি নাহিল। নীনাৰ শেঁতা পৰা মুখখন আৰু হাঁহিটো, ৰুণুমীৰ
জীয়েকৰ কন্দনামুৱা মুখখনৰ মাজত একো পাৰ্থক্য নাই যেন লাগিল। এই লুভীয়া
মানুহবোৰ একেই, সমাজত সিহঁতে পিন্ধি থকা মুখাবোৰৰ কাৰণে সিহঁতৰ অপৰাধ কৰাৰ উপায়বোৰো বেলেগ বেলেগ। এই মুখাবোৰৰ কাৰণেই কোনোবাই দুখ চেপি খুন্দি ৰাখিও হাঁহি থাকিব লাগে, কোনোবাই মুখা নোহোৱাৰ বাবেই মন খুলি কান্দি দুখ পাতলাব
পাৰে। কান্দি কান্দিও হাঁহি থকা জীয়েকৰ কথা মনত পৰি উগ্ৰ, খঙাল আৰু কঠোৰ বুলি নাম থকা উকীলৰ কাণৰ কাষেৰে গৰম পানীৰ স্ৰোত এটা বৈ গ’ল।

নিশাটো প্ৰায় উজাগৰে কটোৱাৰ পাছত পুৱাই ড্ৰাইভাৰটোক পঠিয়াই ৰুণুুমী আৰু জীয়েক মাইনুক মতাই আনিলে।

: চা ৰুণুমী, মই যদি তোৰ কেচটো চাব লাগে মোক তই ফিজ ক’ৰপৰা দিবি? তহঁতক ফ্ৰিতে কেচ কৰি দিবলৈ হ’লে দেখোন মই পেটত গামোচা বান্ধিব লাগিব।
– ৰুণুমীৰ মুখলৈ চাই উকীলে ক’লে।

ৰুণুমী আহি উকীলৰ ভৰিতে পৰিল।
: চাৰ, জীয়াই থকালৈকে বান্দী খাটিম আপোনাৰ তাত। আমাক নেৰিব চাৰ।

: ঠিক আছে তেনেহ’লে।

গধূলি নীনাৰ ঘৰলৈ মাইনুক লৈ উকীল আৰু উকীলনী ওলাল। মাইনুৱে আজিৰপৰা নীনাক কামত সহায় কৰি দিব। ভবানন্দই তাইক সকলো কথা শিকাই দিছে।

মাইনুক থৈ উভতি অহাৰ সময়ত অভিক উকীলে ক’লে,
: কাইলৈৰপৰা নীনা মোৰ লগত কোর্টলৈ যাব। তুমি পুৱা তাইক মোৰ চেম্বাৰত থৈ আহিবানে মই গাড়ী পঠিয়াম?

ভূত দেখা মানুহৰ দৰে চক খাই অভিয়ে এবাৰ দেউতাক-মাকলৈ চালে, তাৰপাছত শহুৰেকলৈ চাই ক’লে,
: কিয়?

: কি কিয় আকৌ? মই তাইৰ দেউতাক ভবানন্দ উকীলে কৈছো, সেই কাৰণে! এতিয়া কামকৰা মানুহ পালা নহয়। একদম এক্সপাৰ্ট মানুহ চাই দিছোঁ। এতিয়া তোমাৰ মাৰ গা বেয়া হ’লেও চিন্তা নাই। তাই সকলো চম্ভালি ল’ব পাৰিব। ঘৰত থকা সময়ত কাম কৰিবলৈ নীনা আছেই। আৰু তাই এনেই ইমান পঢ়া-শুনা কৰিলে নেকি?

কথাখিনি কৈ তেওঁ বাৰাণ্ডাত সমাজকর্মী অৱসৰপ্ৰাপ্ত অধ্যাপক বিয়ৈ সহিত আটাইকে এৰি খৰখোজেৰে চিৰিয়েদি নামি গ’ল। ভবানন্দই গাড়ীৰ ওচৰৰপৰা ঘূৰি জীয়েকৰ কোঠাৰ সংলগ্ন বাৰান্দাখনলৈ চালে। নীনাই দেউতাক আহিলে যোৱাৰ সময়ত সদায় বাৰান্দাৰপৰা গৈ তাত ৰৈ তললৈ চাই থাকে। তাইৰ মুখখন ভালকৈ নেদেখিলেও কিয় জানো ভবানন্দৰ এনে লাগিল তাইৰ মুখখন আজি পূৰ্ণিমাৰ জোনটোতকৈ বেছি জিলিকি আছে। তাইৰ মুখৰ জোনাকখিনিয়ে উকীলক ৰুণুমীৰ ওচৰত কৃতজ্ঞ কৰিলে। ৰুণুমী সৰু মানুহ, কিন্তু ভবানন্দৰ ইমান অভিজ্ঞ বুলি থকা দৰ্প এষাৰ কথাতে তাই চূৰ্ণ-বিচূৰ্ণ কৰি পেলালে।

এতিয়া তেওঁ সমাজৰ লাজ মান কাটি কৰি ৰুণুমীৰ দৰে হোৱাৰ প্ৰচেষ্টাত।

☆★☆★☆

16 Comments

  • Manash saikia

    পঢ়িলোঁ৷ সুন্দৰ কাহিনী৷

    Reply
  • Dhruba Jyoti Arjuna

    কি টুইষ্ট দিলে বা । সাংঘাটিক ।

    Reply
  • ঋতুপৰ্ণা

    বৰ ভাল লাগিল উৎপলা বা

    Reply
  • মল্লিকা শৰ্মা বৰদলৈ

    ভাল লাগিল বা। সমাজৰ পৰিচিত ছৱি এখন, গল্প ৰূপত সুন্দৰকৈ সজাই তুলিলে।

    Reply
  • Bhanushri deori

    বুজাব নোৱাৰা সুখানুভূতিয়ে মনটোক ভৰাই তুলিলে । পঢ়ি ভাল লাগিল ।

    Reply
  • Gitika Saikia

    উৎপলা, খুব সুন্দৰকৈ উপস্থাপন কৰিছা। খুব ভাল লাগিল পঢ়ি। কিবা এটা নতুনত্বৰ সোৱাদ পালো।

    Reply
  • ৰাজীৱ শৰ্মা

    ভাল লাগিল

    Reply
  • উত্তৰা

    খুউব ভাল লাগিল হা। সন্ধিৰ বাহ বুদ্ধিৰে কাটিলে।

    Reply
  • সঞ্জীৱ মজুমদাৰ

    অসাধাৰন। বৰ ভাল লাগিল।

    Reply
  • পাৰবীন

    ঊফ ! কি লিখিলা পলাবা ? সাংঘাটিক

    Reply
  • Anuradha Devi

    খুব ভাল লাগিল৷ মোৰ চকুপানী ওলাই গ’ল৷

    Reply
  • Priyankee Baruah

    সঁচাকৈয়ে বহুত ভাল লাগিল

    Reply
  • Rintumoni Dutta

    খুব ভাল লাগিল পঢ়ি

    Reply
  • ভাল লাগিল বা।

    Reply
  • উৎপলা কৌৰ

    আটাইলৈকে আন্তৰিক ধন্যবাদ জনালোঁ!

    Reply
  • অমৰ জো্‌তি তালুকদাৰ

    সাংঘাটিক ।

    Reply

Leave a Reply

Your email address will not be published.