ফটাঢোল

ডা° অঞ্জনজ্যোতি চৌধুৰী চাৰৰ সৈতে এক অন্তৰংগ আলাপ

খুব ভালকৈ মনত নাই যদিও দূৰদৰ্শনৰ কোনোবা এটা সাক্ষাৎকাৰ অনুষ্ঠানত তেওঁক প্ৰথম দেখা। তেওঁৰ কথাবোৰ ইমান ৰসাল যে শুনিলে হাঁহি হাঁহি শুনি থাকিবলৈ মন যায়। সাক্ষাৎকাৰটো ভালকৈ চাওঁতে দেখিলোঁ- তেওঁচোন ডাক্তৰ। আৰু অলপ ভালকৈ চাই বুজিলোঁ-এওঁ কেৱল খুহুতিয়া কথা কৈ সকলোকে হঁহুৱাই থকাৰ উপৰিও একেধাৰে সাহিত্য, সংগীত, নাটক সকলোৰে লগত জড়িত।  অলপ বিচাৰ-খোচাৰ কৰি গ’ম পালোঁ- সৰুতে যিকোনো অনুষ্ঠানত আমি আবৃত্তি কৰিবলৈ বাচি লোৱা ‘মোৰ লক্ষ্য’ কবিতাটোৰ ৰচনা কৰা লক্ষ্যধৰ চৌধুৰী এওঁৰ পিতৃ। বিভিন্ন মাধ্যমত তেওঁৰ হাস্যমধুৰ লেখাসমূহো পঢ়ি ভাল পোৱা হ’লোঁ। হয় ঠিকেই ধৰিছে, ফটাঢোল ই-আলোচনীৰ জুন মাহৰ সংখ্যাৰ সাক্ষাৎকাৰ অনুষ্ঠানৰ এইবাৰৰ অতিথি, শ্ৰদ্ধাৰ ডা° অঞ্জনজ্যোতি চৌধুৰী।

ফটাঢোল : নমস্কাৰ ছাৰ, সাক্ষাৎকাৰৰ বাবে সময় দিয়াৰ বাবে ফটাঢোল ই-আলোচনীৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ। আপোনাৰ জন্ম ও শৈশৱ কালৰ বিষয়ে আমাক জনাব নেকি?

ডা° চৌধুৰী : মোৰ জন্ম গুৱাহাটীত। ১৯৫৫ চনত। মা আছিল শিক্ষয়িত্ৰী। মাৰ নাম আছিল উষা চৌধুৰী। দেউতা লক্ষ্যধৰ চৌধুৰী আছিল শিক্ষক, মুক্তিযোদ্ধা, অভিনেতা, নাট্যকাৰ, ৰাজনীতিবিদ, কথাছবি পৰিচালক, সাহিত্যিক। আমাৰ শৈশৱ বৰ মধুৰ আছিল। সোণালী শৈশৱ। এইকাৰণেই মধুৰ বুলি ক’ব বিচাৰোঁ যে মোক কেতিয়াও মা-দেউতাই পঢ় পঢ় বুলি পঢ়িবলৈ জোৰ নকৰিছিল। মোৰ দাদা-বাইদেউ খুব মেধাৱী আছিল। বহু সময় পঢ়া-শুনা লৈয়ে ব্যস্ত থাকে। মই কিন্তু পঢ়া-শুনা কৰি একেবাৰেই ভাল নাপাইছিলোঁ। খেলা-ধূলা কৰি, ৰেডিঅ’ৰ গান শুনি ভাল পাইছিলোঁ। চিঞৰি চিঞৰি গান গাই খুব ভাল পাইছিলোঁ। কিন্তু বাইদেউ-দাদাহঁতে ডাঙৰ হওঁতে কৈছিল যে মই হেনো বৰ বেয়া, বেসুৰা গান গাইছিলোঁ। মই গান গালে হেনো বাইদেউহঁতৰ গা-মূৰ বেয়া লাগি গৈছিল। মই পঢ়াশালিৰ তৃতীয় শ্ৰেণী পোৱালৈকে হেনো বৰ খঙাল আছিলোঁ। যিকোনো বস্তু মোক তিনিটা লাগিছিল। মা-বাইদেউহঁতৰ লগত আলহীৰ ঘৰলৈ গ’লে মোক খাবলৈ যদি এটা মিঠাই বা এটা আপেল দিয়ে চিঞৰ-বাখৰ কৰি এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছিলোঁ। চ’ৰাঘৰৰ বস্তুবোৰ দলিয়াই ভাঙিছিলোঁ। পিছলৈ মায়ে এটা বুদ্ধি কৰা হ’ল। ভিতৰলৈ গৈ এটা মিঠাইকে তিনিভাগ কৰি বা এটা আপেলকে তিনিভাগ কৰি দিবলৈ কৈ অহা হ’ল। মিঠাইটো যে এটাই আৰু তাক তিনিভাগ কৰি দিছে সেইটো বোলে মই বুজি পোৱা নাছিলোঁ। মাত্ৰ তিনিভাগ দেখিলেই হ’ল, বৰ তৃপ্তিৰে খাইছিলোঁ। মই বিচৰামতে খোৱা বস্তু নাপালে ঐ গুণ্ডা, ঐ গুণ্ডা বুলি গৃহস্থক গালি-শপনি পাৰিছিলোঁ। সেয়ে বাইদেউহঁতে মোক লগত নিবলৈ বৰ লাজ পাইছিল।

ফটাঢোল : আপোনাৰ শিক্ষা আৰু কৰ্মজীৱনৰ জীৱনৰ বিষয়ে অলপ জনাবচোন৷

ডা° চৌধুৰী : কটন কলেজিয়েট স্কুলৰ পৰা হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰমত নাম ভৰ্তি কৰোঁ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম ডি ডিগ্ৰী আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডি চি পি ডিপ্ল’মা লওঁ। বৰ্তমান মই এপেক্স ডায়েগনষ্টিক আৰু নেমকেয়াৰ হাস্পতালত পেথ’লজিষ্ট হিচাপে কৰ্মৰত হৈ আছোঁ।

ফটাঢোল : শিশু কালছোৱাত শান্ত-শিষ্ট আছিল নে অলপ (মৰমলগা) দুষ্ট শিশু আছিল? শৈশৱৰ কিবা ধেমেলীয়া কথা মনত পৰেনে?

ডা° চৌধুৰী : মই পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ৰ এটা কথা। সেইসময়ত এদিন সেইসময়ৰ এজন কৃতী শিক্ষক নৃপেন শৰ্মা ছাৰে মোক এটা প্ৰশ্ন কৰিছিল- “অঞ্জন, ডাঙৰ হ’লে তুমি কি হ’ব খোজা?” মই ক’লোঁ- “ছাৰ, মই নিজেই বহুত ডাঙৰ মানুহ।” ছাৰে কিয় মই নিজকে ডাঙৰ মানুহ বুলি ভাবোঁ বুজাই ক’বলৈ ক’লে। মই ক’লোঁ- “ছাৰ মোক সৰুতে বহু ডাঙৰ, বিখ্যাত মানুহে কোলাত লৈছিল। নামবোৰ ক’লে আপুনি বিশ্বাস নকৰিব। তেওঁলোক হৈছে- বিষ্ণু ৰাভা, নিপ বৰুৱা, ব্ৰজেন বৰুৱা, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, প্ৰবীণ ফুকন, যুগল দাস, মোৱাজিন আলী, দুৰ্বাশ্বৰ বৰঠাকুৰ, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, বিশ্ব গোস্বামী, বিজয় শংকৰ, ইভা আচাও, অনিমেষ গাংগুলী….” ছাৰে মোক আৰু ক’ব নালাগে বুলি কৈ ক’লে-“ডাঙৰ মানুহৰ কোলাত উঠিলেই ডাঙৰ মানুহ হ’ব নোৱাৰি। নিজে পঢ়া-শুনা কৰি নিজৰ ভৰিত নিজে থিয় দিব পাৰিলেহে ডাঙৰ মানুহ হ’ব পাৰি। তোমাৰ দেউতাৰ ‘মোৰ লক্ষ্য’ কবিতাটো তুমি দেখোন আবৃত্তি কৰি থাকা। গান্ধীজী, জৱাহৰলাল, লাচিত বৰফুকন, জয়প্ৰকাশ নাৰায়ন-এখেতসকলৰ দৰে হ’ম বুলি দেখোন মেলে-সবাহে কবিতাটো গাই থাকা। জয়প্ৰকাশৰ অংশখিনি গোৱাচোন।” মই লগে লগেই গাই দিলোঁ-

“মই হম জয়প্ৰকাশ
নহওঁ কাৰোৰে দাস
উচ্চ নীচৰ শিপা উঘালিম
নিজৰ ভৰিত নিজে থিয় দিম

মই হম জয়প্ৰকাশ।”

তেতিয়া ছাৰে মোৰ পিঠিত থপৰিয়াই ক’লে- “এতিয়া বুজিছা, নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকিব লাগিব। তেতিয়াহে ডাঙৰ মানুহ হ’ব পাৰিবা।” ছাৰৰ কথাখিনি শুনি মোৰ অহংকাৰ আঁতৰিল। জীৱনত এটা ডাঙৰ শিক্ষা পালোঁ।

ষষ্ঠ শ্ৰেণীলৈকে মই বহু নাটকত মুখ্য চৰিত্ৰত ভাও দিছিলোঁ। দেউতাই লিখা ‘মোৰ লক্ষ্য’ নামৰ কবিতাটিও সুন্দৰকৈ আবৃত্তি কৰি ফুৰিছিলোঁ। ১৯৬৬ চনত এটা ঘটনা ঘটিল। ড° ভূপেন হাজৰিকাদেৱে তেখেতৰ প্ৰথম মঞ্চ নাট ‘আব্দুল হামিদ’ত অভিনয় কৰিবলৈ মোক লৈ গৈছিল। গুৱাহাটীৰ জিলা পুথিভঁড়ালত হোৱা এই নাটকত মই আব্দুল হামিদৰ পুত্ৰৰ ভাও দিছিলোঁ। মই মনপ্ৰাণ ঢালি অভিনয় কৰিলোঁ। সকলোৱে বৰকৈ প্ৰশংসা কৰিলে। ইমান প্ৰশংসা পাই মই অহংকাৰী হৈ পৰিলোঁ। আমাৰ লগৰবোৰে পিছত যি নাটকেই কৰিবলৈ মোক মাতি নিয়ে সেইবোৰ নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিও মই আখৰা বেছিদিন নকৰা হ’লোঁ। বাকীবোৰে যদি দহদিন আখৰা কৰে, মই মোৰ চাৰিদিন আখৰা কৰিলেই হ’ব বুলি সাধনা কমাই দিলোঁ। আখৰা লগামতে নকৰাৰ বাবে নাটক মঞ্চস্থ কৰা সময়ত মোৰ নাটকৰ বচন মনত নথকা হ’ল। অভিনয় চলি থকা সময়ত কথাবোৰ মনত নপৰাৰ বাবে মই ৰৈ যাবলগীয়া হয়। মই ৰৈ গ’লে আনজনে কি ক’ম কি নক’ম ভাবি থাকোঁতেই দৰ্শকে চিঞৰ-বাখৰ আৰম্ভ কৰি দিয়া হ’ল। মই সাধনা কমাই দিয়াৰ ফলত গোটেই নাটকৰ দলটোৰ বদনাম হ’বলৈ ধৰিলে। গতিকে তাৰপিছত নাট অভিনয়ৰ সময়ত মোক লগৰ বন্ধুসকলে মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ নিদিয়া হ’ল। মোক সৰু-সুৰা ভাও দিয়া হ’ল। বাটৰুৱা, সৈন্য, চাহৰ দোকানৰ গ্ৰাহক আদি ভাওহে দিয়া হ’ল। পিছলৈ গৈ এনেকুৱা হ’ল যে মই কোনোমতে মৰা সৈন্যৰ ভাওহে পোৱা হ’লোঁ।

ফটাঢোল : ছাৰ, কৈশোৰ অৱস্থাত আপোনাৰ জীৱনৰ লক্ষ্য কি আছিল? চিকিৎসক হোৱাটো আপোনাৰ লক্ষ্য আছিল নে সময়ে টানি-টুনি সেই ক্ষেত্ৰলৈ টানি লৈ গ’ল?

ডা° চৌধুৰী : মই কুকুৰ, হাঁহ, কুকুৰা আদি বৰ ভাল পাইছিলোঁ। বহু কুকুৰা, হাঁহ পুহিছিলোঁ। মই কণী খাই খুব ভাল পাওঁ কাৰণেই চাগে সেইবোৰ পুহিছিলোঁ। কুকুৰৰ প্ৰভুভক্তিৰ কাৰণেই বৰ ভাল পাইছিলোঁ। মোৰ পশু চিকিৎসক হ’বলৈ বৰ মন আছিল। কিন্তু মোৰ অন্তৰংগ বন্ধু খালেকুভা জামানে এম বি বি এছ পঢ়িম বুলি কোৱাত ময়ো এম বি বি এছ পঢ়িবলৈ মন মেলিলোঁ।

ফটাঢোল : আপোনাৰ মতে এজন চিকিৎসক হ’বলৈ শিক্ষাৰ উপৰিও আন কি কি গুণৰ প্ৰয়োজন?

ডা° চৌধুৰী : এজন চিকিৎসক হ’বলৈ শিক্ষাৰ উপৰিও আন বহু মানৱীয় গুণ থাকিব লাগে। আমাৰ শিক্ষাগুৰু ডা° নৰেন বৰ্মন ছাৰৰ এষাৰ কথা সদায় মনলৈ আহি থাকে। তেখেতে কৈছিল মা, দেউতা, দাদা, ভণ্টি, বাইদেউ বা ভাইটি বুলি ভাবিব পাৰিলে তুমি চিকিৎসক হিচাপে সফল হ’ব পাৰিবা। আনৰ দুখ বুজাৰ শক্তি থাকিবই লাগিব- মানুহৰ প্ৰতি সহমৰ্মিতা।

ফটাঢোল : সাহিত্য- সংগীত আদিৰ লগত সৰুৰেই পৰা জড়িত নে? এই ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা কেনেকুৱা?

ডা° চৌধুৰী : সংগীতৰ লগত মই কম বেছি পৰিমাণে শৈশৱৰে পৰা জড়িত। ২০০৭ চন মানৰ পৰাহে সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত হওঁ। পৰিয়ালৰ ভূমিকা যথেষ্ট আছে। মায়ে চেতাৰ বজাইছিল। বৰগীত, ভজন আদি আমাক সৰুৰে পৰা শুনাইছিল। সৰুৰে পৰা দেউতাই সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ বহু প্ৰেৰণা যোগাইছিল। ঘৰত এনেয়ে বহি থাকিলে বৰ বেয়া পাইছিল। মই সপ্তম শ্ৰেণীত থাকোঁতে এদিন কৈছিল ‘এনেয়ে বহি নাথাকিবিচোন। গান গা, নাটক লিখ, হাৰমনিয়াম বজাই থাক, তবলা বজাই থাক, কবিতা লিখ, আবৃত্তি কৰ, নাটকৰ বচন মাতি থাক। একো যদি নোৱাৰ, প্ৰেমপত্ৰকে লিখ। কেৱল সেইবোৰ ডাকত নিদিবি। ছোৱালীৰ অভিভাৱক আহি গালি-গালাজ পাৰিব পাৰে। এদিন দেখিবি সেইবিলাকেই ভাল সাহিত্যৰ ৰূপ লৈছে।

ফটাঢোল : আপুনি অনবৰতে মুখত হাঁহি এটা কঢ়িয়াই লৈ ফুৰে, এই হাঁহিৰ আঁৰৰ শক্তি কি?

ডা° চৌধুৰী : দেউতাই আমাক সৰুৰে পৰা কৈ আহিছে-“জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। বয়স জুখিবা বন্ধুৰে, বছৰেৰে নহয়।”

ফটাঢোল : অসমত হাস্য-ব্যংগ সাহিত্যৰ ক্ষেত্ৰখনৰ বিষয়ে কি ক’ব? (ধনাত্মক দিশ আৰু ঋণাত্মক দিশ)

ডা° চৌধুৰী : হাস্য-ব্যংগ ৰচনা এক উচ্চস্তৰৰ সাহিত্য। ড° ভূপেন্দ্ৰ নাৰায়ন ভট্টাচাৰ্য্যৰ এটি প্ৰবন্ধত পঢ়িছিলোঁ- কিয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পাছত তেনে কোনো বিশেষ ব্যঙ্গ লেখক নোলাল? অসমীয়া মানুহৰ আত্মসন্তুষ্টিৰ মনোভাৱ, বেছি ভদ্ৰতা, সৌজন্য আৰু মধ্যবিত্ত শ্ৰেণীৰ শালীনতাবোধে বেজবৰুৱাৰ পাছত ব্যঙ্গ ৰচনাৰ ধাৰা শীৰ্ণ কৰি তুলিলে। বৰ্তমানৰ অসমীয়া সাহিত্যত ব্যংগাত্মক চুটিগল্প প্ৰায় নোহোৱাৰ দৰেই। অসমীয়া বিদ্বৎ সমাজে ব্যংগ ৰচনাক এক নিম্নস্তৰৰ ৰচনা বুলি ভাবে নেকি? কিন্তু ব্যঙ্গ ৰচনা মানেই হাস্য, কৌতুক বা যাত্ৰাভাস নহয়। হাস্য, কৌতুক আৰু যাত্ৰাভাসৰ সৈতে ইয়াৰ শৈলীৰ সম্পূৰ্ণ পাৰ্থক্য আছে। পৃথিৱীৰ যিজন শ্ৰেষ্ঠ চুটিগল্প লেখক এণ্টন পাভলভিছ চেখভ, তেওঁৰ বেছিভাগ ৰচনাই আছিল ব্যংগ আৰু শ্লেষৰ মিশ্ৰণ। যাৰ ৰচনা আজিও সৰ্বদেশৰ সৰ্বকালৰ।

ফটাঢোল : আপুনি খুব ৰসাল মানুহ। জীৱনৰ ৰসাল মুহূৰ্তসমূহৰ ভিতৰত কোনোবা এটা হাঁহি উঠা মুহূৰ্ত আমাক জনাব নেকি?

ডা° চৌধুৰী : পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা। মোৰ পঢ়া-শুনাত একেবাৰে মন নথকা দেখি মায়ে মোৰ ভবিষ্যৎ জানিবৰ বাবে এজন জ্যোতিষীৰ ওচৰলৈ গৈছিল। ৯৫ বছৰীয়া জ্যোতিষীজন বিছনাত শুই শুই মৃত্যুৰ সতে যুঁজি আছিল। আজি যাওঁ, কালি যাওঁ অৱস্থা। মৃত্যুৰ আগত তেওঁ যি ভৱিষ্যৎবাণী কৰে সি ফলিয়াবই বুলি কোনোবাই কোৱা শুনি তেওঁৰ ঘৰ লোকে লোকাৰণ্য হৈ পৰিছিল। এটা সময়ত আমাৰ পাল পৰাত মায়ে মোক তেওঁৰ ওচৰলৈ লৈ গ’ল। জ্যোতিষীজনে শুই শুই মোৰ হাতখন চালে। অস্পষ্ট ভাষাত-“এওঁ ডাঙৰ হ’লে ভাল গা……” বুলি কৈয়ে তেওঁ ঢলি পৰিল। চাৰিওফালে হাহাকাৰ লাগি গ’ল। তেওঁক হস্পিটেললৈ লৈ যোৱা হ’ল। আমি হতাশমনে ঘৰলৈ ঘূৰি আহিলোঁ। শেষৰ ‘গা’ শব্দটোৰে তেওঁ কি বুজাব খুজিছিল সেই কথাটো লৈ আমাৰ ঘৰত নানা আলোচনা চলিল। তেনেতে দেউতা আহি ঘৰ সোমালহি। মায়ে দেউতাক গুৰিৰে পৰা সকলোখিনি কথা কৈ মন্তব্য দিলে- আমাৰ অঞ্জনে হাৰমনিয়াম ভালকৈ বজাব পাৰে, সেইবাবে ডাঙৰ হ’লে ই চাগে ভাল গা মানে ভাল গান গাব পাৰিব বুলি ক’ব খুজিছিল। দেউতাই লগে লগে ক’লে-“ইয়াৰ পঢ়া-শুনাত মন নাই যেতিয়া ই চাগে ভাল গা মানে ভাল গাধা হ’ব বুলি ক’ব খুজিছিল।” কিন্তু গাধা হ’লে পঢ়ি-শুনি ডাক্তৰ হ’ব নোৱাৰিলোহেঁতেন চাগে। সেইকাৰণে মায়ে কোৱাৰ দৰে এতিযাও ভাল গান গাব পাৰিম বুলি মঞ্চত গান গাই আছোঁ। মোৰ আশা- তেখেতৰ কথা ফলিয়াই অসমৰ ৰাইজে মোক জনপ্ৰিয় গায়ক বুলি আখ্যা দিবই….

ফটাঢোল : আপুনি এজন চিকিৎসক হোৱাৰ উপৰিও লিখা-মেলা, সঙ্গীত সকলোৰে লগত জড়িত। তথাপিও মনত অমুকটোও কৰিব পাৰিলে ভাল আছিল বুলি ভাৱ হয়নে? যদি হয় তেন্তে সেই ‘অমুকটো’ কি?

ডা° চৌধুৰী : লিখা মেলা সংগীতৰ লগত জড়িত হৈ জীৱনত যি সুখ পাইছোঁ তাক ভাষাৰে বুজাব নোৱাৰোঁ। এটা আশা ৰৈ গ’ল। অমিতাভ বচ্চনৰ দৰে খঙাল নায়ক হৈ অসমীয়া কথাছবি জগতত খলকনি তুলিবলৈ বৰ মন আছিল। মেডিকেল পঢ়ি থাকোঁতে মোৰ লগৰবোৰে কৈছিল, অমিতাভ ব্চ্চনৰ দৰে অভিনয় কৰিবলৈ হ’লে প্ৰথমে তেওঁৰ দৰে ওখ-পাখ হৈ ল’ব লাগিব। কেনেকৈ ওখ হ’ব পাৰি সেইটোও লগৰ দুই এজনে শিকাই দিছিল। গুৱাহাটীৰ জজ খেলপথাৰত থকা গ’লপোষ্টত সদায় ৰাতিপুৱা আধাঘণ্টা উলমি থাকিলে ওখ হ’ব পৰা যাব বুলি কোৱাত মই সদায় পুৱাই জজ খেলপথাৰলৈ যাবলৈ ল’লোঁ। সাতদিনমান আধাঘণ্টাকৈ উলমিও আছিলোঁ। এদিন হঠাৎ হাত পিচল খাই তলত পৰি বেয়াকৈ ভৰিত দুখ পালোঁ। ডাক্তৰে সাতদিনমান বিছনাতে থাকিব দিলে। বেণ্ডেজো মাৰি দিলে। মোৰো ওখ হোৱাৰ বাসনা সিমানতে অন্ত পৰিল। খঙাল হিৰ’ হোৱাৰ সপোন সিমানতে মৰহি গ’ল। সেই আশাটো এই জীৱনত থাকি যাব।

ফটাঢোল : ছাৰ, ইমান ভাৰ্চেতাইল বা বহুমুখী প্ৰতিভা থকাৰ বাবেই আপোনাৰ অনুৰাগী বহুত। পিচে কেতিয়াবা কোনো অনুৰাগীৰ পৰা প্রেমৰ প্ৰস্তাৱ পাইছেনে? বা কেতিয়াবা কোনোবা অনুৰাগীৰ অনুৰাগে জ্বলা-ক’লা খুৱাই মাৰিছে নেকি?

ডা° চৌধুৰী : হয় আপুনি ঠিকেই কৈছে। সাহিত্যক্ষেত্ৰখনত মোৰ অনুৰাগী অসংখ্য। স্কুল কলেজত বিশিষ্ট অতিথি, মুখ্য অতিথিৰূপে মাতি নিলে বক্তব্যৰ মাজত হাস্যৰস সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকলে প্ৰাণ খুলি হাঁহিলে বৰ ভাল লাগে। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজালে নিজকে সৰগত থকা যেন লাগে। সংগীতৰ ক্ষেত্ৰটো মোৰ কিছু অনুৰাগী আছে। আজিলৈকে কোনো অনুৰাগীয়ে মোক জ্বলা-কলা খুৱাই মৰা নাই। বৰঞ্চ তেওঁলোকৰ এষাৰি কথাই মোক বহু প্ৰেৰণাহে যোগায়। দহবছৰ মান আগৰ পৰাহে অসমৰ ৰাইজে মোক কিছু জনা হৈছে। এতিয়া মোৰ ৫৫ বছৰ। গতিকে ৫৫ বছৰীয়াজনক কোনে প্ৰেমৰ প্ৰস্তাৱ দিব?

ফটাঢোল : আপোনাৰ প্ৰথম প্ৰেমৰ বিষয়ে কিবা ক’ব নেকি?

ডা° চৌধুৰী : মই বৰ লাজকুৰীয়া আছিলোঁ। প্ৰেম কৰিবৰ বাবে নিশ্চয় কিছু সাহসৰ দৰকাৰ। সেই সাহস মোৰ নাছিল। মোৰ মায়েই মোৰ বিয়াৰ বাবে ছোৱালী চাই দিছিল। মা শিক্ষয়িত্ৰী আছিল বাবে মায়ে ছোৱালী বিচাৰিবলৈৈ কোনো অসুবিধা পোৱা নাছিল যেন লাগে।

ফটাঢোল : কেতিয়াবা মঞ্চত বহুতো ধেমেলীয়া ঘটনা ঘটে। তেনেকুৱা কিবা ঘটনা এটাৰ বিষয়ে জনাবনে?

ডা° চৌধুৰী : উজান বজাৰৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত ভাগ লৈছিলোঁ। ১৯৭৭ চনৰ কথা। সেই সন্ধিয়াৰ অন্যতম আকৰ্ষণ মই বুলি ঘোষকে মাইকযোগে কিছু সময়ৰ মূৰে মূৰে প্ৰচাৰ কৰি আছে। মাইকত যেতিয়া অঞ্জন চৌধুৰীৰ গীতৰ শৰাই বুলি কৈ থাকে তাতকৈ সুখানুভুতি আৰু কি আছে! অলপ পিছত দি আছোঁ বুলি কৈ কৈ মোক একেবাৰে শেষত গাবলৈ দিলে। প্ৰেক্ষাগৃহৰ চাৰিভাগৰ তিনিভাগ দৰ্শকেৰে ভৰি আছে। শ্ৰোতা ৰাইজক সম্ভাষণ জনাই মই গান গাবলৈ আৰম্ভ কৰিলোঁ। মোৰ এটা বেয়া গুণ আছে। গান গালে চকু মুদি গাওঁ। মই সেই সময়ৰ এটা জনপ্ৰিয় গান গাই আছিলোঁ। গানটো আছিল জনপ্ৰিয় গায়ক পুলক বেনাৰ্জীৰ। গানৰ প্ৰথম দুশাৰী আছিল-

কাৰ বাবে এই গীত গোৱা?

কাৰ বাবে এই বাট চোৱা?

মই চকু মুদি গাই গাই একেবাৰে শেষৰ অংশটো গাই থাকোঁতে কোনোবা এজনে আহি মোৰ কাণৰ ওচৰত ক’লে:-
“ভাইটি, কাৰ বাবে এই গীত গোৱা?
কাৰ বাবে এই বাট চোৱা?
সকলো দৰ্শক গ’লেই,

তুমিও ঘৰলৈ যোৱা।”

মই চকু মেলি চাওঁ সকলো আসন খালি। দৰ্শকসকল মোৰ গান শুনিবলৈ নাথাকিল। ময়ো সেমেনা-সেমেনিকৈ মঞ্চ এৰি ভিতৰলৈ গ’লোঁ।

ফটাঢোল : শেষ প্ৰশ্ন-ফটাঢোলৰ পাঠক আৰু উঠি অহা চামক কি বাৰ্তা দিব খুজিব?

ডা° চৌধুৰী : ফটাঢোলৰ পাঠক আৰু উঠি অহা চামক মোৰ দেউতা লক্ষ্যধৰ চৌধুৰীয়ে কোৱাৰ দৰেই কওঁ- “পৃথিৱীত মানুহৰ স্থায়িত্ব কিমান দিনৰ? এই ক্ষণস্থায়ী জীৱনত নেহাঁহি কন্দাৰ কি অৰ্থ আছে? সেয়েহে মই সদায় হাঁহি থাকিব বিচাৰোঁ। উঠি অহা চামকো কওঁ- হাঁহি থাকিবা, হাঁহি হাঁহি জীৱন মধুৰ কৰি তুলিবা। হাঁহিলেহে পৃথিৱীৰ সোৱাদ পাবা। জীৱনৰ অৰ্থ বুজিবা।”

ফটাঢোল: ছাৰ, আপোনাৰ ধেমেলীয়া উত্তৰসমূহে আমাকো হাঁহিৰ খোৰাক দিলে। আপোনাৰ জীৱন দৰ্শনে হাঁহি হাঁহি জীবলৈ শিকালে। আগন্তুক সময়বোৰ আপোনাৰ বাবে সৃষ্টিশীল হওক। সেই কামনাৰে আজিলৈ এৰিছোঁ। অশেষ ধন্যবাদ।

☆ ★ ☆ ★ ☆

47 Comments

  • abhijit goswami

    বঢ়িয়া লাগিল, partha ।মোৰ ভাল লগা ব্যক্তি

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ দাদা।

      Reply
    • মাধুৰ্য হাজৰিকা

      ছাৰে হঁহুৱাব জানে

      Reply
  • Abinash Sarma

    সুন্দৰ৷ বহুত ভাল লাগিল৷

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • শৰৎ মহন্ত ।।নগাঁও ।।

    বৰ ভাল লাগিল ।সুন্দৰ ।পঢ়ি থাকোঁতেই
    হাঁহি মাৰি দিছো।
    ধন্যবাদ ।।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ। হাঁহি থাকিব।

      Reply
  • rintumoni dutta

    খুব প্ৰিয় ব্যক্তি। খুব ভাল লাগিল সাক্ষাৎকাৰটো

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • সঞ্জীৱ।

    খুব প্ৰিয় ব্যক্তি এগৰাকী তেখেত।ভাল লাগিল সাক্ষাৎকাৰটো।

    Reply
    • Partha Pratim Sarmah

      মোৰো। অশেষ ধন্যবাদ।

      Reply
  • Bhaskar Jyoti Sarma

    খুবেই ভাল লাগিল ভালপোৱা ব্যক্তি জনৰ কথা পঢ়িবলৈ পায়। ধন্যবাদ পাৰ্থ।

    Reply
    • Partha Pratim Sarmah

      ধন্যবাদ দাদা।

      Reply
  • বিদ্যুৎ বিকাশ দত্ত

    ভাল লাগিল। পাৰিলে ভৱিষ্যতে তেখেতৰ ভিডিঅ’ সাক্ষাৎকাৰ এটাও ল’বচোন।

    Reply
    • Partha Pratim Sarmah

      ঠিক কথা কৈছে আপুনি। ভিডিও হ’লে আৰু ভাল লাগিব। মনত ৰাখিম কথাটো।

      অশেষ ধন্যবাদ।

      Reply
  • ৷৷চন্দন৷৷

    তেখেতৰ কথাবতৰা বোৰ বৰ ভাল লাগে৷ কথাকোৱা শৈলী শুনিলে শুনি থাকিব মন যায়৷

    Reply
    • Partha Pratim Sarmah

      হয় হয়। কথা শুনি বৰ লাগে তেখেতৰ। অশেষ ধন্যবাদ দেই।

      Reply
  • Dipes

    Vaaal lagil porhi..vaal kaam hatot loisa..

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ। শুভেচ্ছা ৰাখিব দেই।

      Reply
  • Anonymous

    খুউব ভাল লাগিল৷ ইমান জীৱন্ত ব্যক্তি! শ্ৰদ্ধাৰে৷

    Reply
    • কাবেৰী মহন্ত

      পঢ়াৰ মাজে মাজে মুখত হাঁহি বিৰিঙি উঠিল৷(ওপৰৰ কমেণ্টটো মোৰেই৷ ভুলতে নাম লিখাৰ আগতেই পষ্ট কৰিলোঁ)

      Reply
      • Partha Pratim Sarmah

        হাঁহি থাকিব বা। ধন্যবাদ।

        Reply
    • Partha Pratim Sarmah

      হয়। অশেষ ধন্যবাদ।

      Reply
  • ডলী

    বৰ ভাল লাগিল

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • Sadananda Bhuyan

    বহুতেই ভাললগা মনোগ্ৰাহী সাক্ষাৎকাৰ । তেখেত মোৰো এজন প্ৰিয় ব্যক্তি ।

    Reply
    • Partha Pratim Sarmah

      বহুত বহুত ধন্যবাদ।

      Reply
  • মানসী বৰা

    বৰ ভাল লাগিল । ইমান ৰসাল কথাবাৰ্তা।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • অনুৰূপ

    এগৰাকী অন্যতম প্রিয় ব্যক্তি। বৰ ভাল লাগিল সাক্ষাৎকাৰত তেখেতে দিয়া উত্তৰ সমূহ।

    Reply
    • Partha Pratim Sarmah

      হয় দাদা। অশেষ ধন্যবাদ।

      Reply
  • সম্পূৰ্ণা

    ব্যক্তিত্ব আৰু খুহুটীয়া ৰসৰ ভড়াল।সাক্ষাৎকাৰটো পঢ়ি বৰ ভাল লাগিল। ধন্যবাদ পাৰ্থ।😍

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • কমল

    ভাল লাগিল সাক্ষাৎকাৰ টি , উত্তৰ সমুহ ইমান ৰসাল …….

    Reply
    • Anonymous

      হয়। বৰ ৰসাল মানুহ তেখেত। 😍 ধন্যবাদ ।

      Reply
  • Anonymous

    হাহি হাহিয়ে পঢ়িলোঁ গোটেই। বঢ়িয়া👏👏👏👏👏👏

    Reply
    • Partha Pratim Sarmah

      মজা। ধন্যবাদ।

      Reply
  • জ্যোতিৰ্ময় কলিতা

    মজ্জা লাগিল

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • চিদানন্দ বৰা

    অঞ্জন চৌধুৰী টিভিত ওলোৱা মাত্ৰকে দহোবন কাটি কৰি টিভিৰ সন্মুখত বহি লওঁ ৷মুখৰ পৰা নিৰ্গত প্ৰতিটো শাৰীতে হাঁহিৰ সঁফুৰা লভোঁ ৷

    Reply
  • পৰীস্মিতা দাস

    বহুত ভাল লাগিল ৷ ডা: অঞ্জনজ্যোতি চৌধুৰীৰ প্ৰতিটো উত্তৰ এনেকুৱা ৰসাল হ’ব বুলি জানিছিলোঁ ৷ সাক্ষাৎকাৰটোৱে বহুবছৰ আগতে পঢ়া তেওঁৰ অন্যান্য লেখাৰ কথাও মনত পেলাই দিলে ৷ বৰ ভাল লাগিল ৷

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply
  • চৈয়দা চেমিন ইছলাম

    বৰ আমোদ পালো দেই। ভাল লাগিল সাক্ষাৎকাৰটো পঢ়ি। তেখেতৰ গৰু বিহুৰ কাহিনীটো সোধা হ’লে আৰু জমনি হ’ল হেঁতেন।
    সুন্দৰ সাক্ষাৎকাৰটো যুগুতাই আমাক পঢ়িবলৈ দিয়াৰ বাবে ধন্যবাদ জনালোঁ।💐💐

    Reply
    • Partha Pratim Sarmah

      হয়। অশেষ ধন্যবাদ।

      Reply
  • Tishna good Bora

    বৰ ভাল লাগিল ।তেখেতক লগ পিইছো।বৰ সৰল মানুহজন ।তেখেতৰ কথা শুনি আমনি নালাগে।

    Reply
    • Partha Pratim Sarmah

      অশেষ ধন্যবাদ।

      Reply

Leave a Reply

Your email address will not be published.