ফটাঢোল

ডেটিং – দেবজিত শৰ্মা

: অ’ দেবজিত দা, মোৰ ১ নম্বৰ লাগিছে নে দুই নম্বৰ লাগিছে ধৰিবই পৰা নাই!

হাঁহিম মে কান্দিম ভাৱ এটাৰে ৰিদিপলৈ চাই ৰ’লোঁ৷ মোৰ নিজৰ অভিজ্ঞতা যদিও শূন্য তথাপি আজি ইয়াক সংগ দিবলৈ আহিব লগা হৈছে৷ ঘটনাৰ সময় ২০০৯ চন, নবেম্বৰ মাহৰ কোনোবা এটা ৰবিবাৰ৷ সেই সময়ত মই কৰি থকা এচ.বি.আই লাইফে বেংকৰ সহযোগত এটা মাইক্ৰ ইন্সুৰেন্স প্লেন মুকলি কৰিছিল৷ বেংকৰ OMR( officer marketing and recovery), ফিল্ড অফিচাৰসকলক presentation দিয়াৰ লগতে ট্ৰেইনিং দিয়াৰ কামত খুবেই ব্যস্ত হৈ থাকিব লগা হৈছিল৷ সেই ৰবিবাৰৰ দিনাও ষ্টেট বেংকৰ RBO(regional business office) ত ট্ৰেইনিং শেষ কৰো মানে মবাইলত ৰিদিপৰ ৫টা মিচ কল৷ ৰিদিপ আমাৰ অফিচৰ বেক অফিচৰ কামত নিয়োজিত এজন কৰ্মচাৰী যিয়ে বিভিন্ন ধৰণৰ ৰিপৰ্ট বনোৱা বা চেলচৰ সহায় হ’ব পৰা এটা প্ৰফাইলত কাম কৰে৷

ফোনটো লগোৱাৰ লগে লগেই ৰিদিপে ৰিচিভ কৰি জনালে আজি তাৰ কাৰোবাৰ লগত প্ৰথম দেখাদেখি মানে ডেটিং আছে৷ ময়ো যাব লাগে৷

: হেৰ’, এইটো কামত মই কি কৰিম! নহ’ব দেই, নিজেই চম্ভালা৷

ৰিদিপৰ নেৰানেপেৰা অনুৰোধৰ পাছত এটা চৰ্ততেই মান্তি হ’লোঁ, যে মই দূৰৰ টেবুল এখনত বহি থাকিম আৰু মোৰ খোৱাৰ বিল সিয়েই দিব লাগিব৷

উল্লেখযোগ্য যে সেইখিনি সময়ত অৰ্কুট নামৰ চচিয়েল মেডিয়া খুব জনপ্ৰিয় আছিল আৰু ৰিদিপৰো চিনাকি তেনেকৈয়ে হৈছিল৷ যথা সময়ত গৈ যোৰহাটৰ নেফে ৰেষ্টুৰেণ্টৰ বিপৰীত দিশত ৰৈ ৰিদিপ আৰু তাৰ লগত থকা ৰূমমেট দুজনৰ লগত কথাৰ মহলা মাৰি থাকোঁতেই সিফালৰ পৰা ফোনটো আহিল৷ লগে লগে ৰিদিপৰ মুখৰ বৰণেই সলনি হৈ গ’ল৷ নিৰাপত্তাৰ খাতিৰতেই (এতিয়াৰ দৰে ফেচবুকৰ টেগ বা য’তে ত’তে কামোৰ দিয়াৰ সুবিধা নাথাকিলেও ফোন মেচেজতেই কামোৰ দিয়া মানুহ সেই যুগতো আছিল) অলপ দূৰত অৱস্থান কৰিলোঁ, আলেখলেখ চোৱাৰ মানসেৰে! ১০ মিনিট মান পাছত ৰিদিপৰ নায়িকাগৰাকী লগত দুই বান্ধবী সহিতে আহি উপস্থিত হ’ল৷ ৰিদিপৰ দুই ৰূমমেটৰ মিচিক মিচিক হাঁহি দেখি! মানে ইহঁত দুটাৰো “তুলসীৰ লগতে কলপতুৱাৰো মুক্তি” বুলি নিশ্চিত হৈ অলপ ওচৰলৈ আগবাঢ়ি গ’লোঁ৷ সামান্য সৌজন্যমূলক কথাৰ পাছত সকলোৱে পথৰ বিপৰীত দিশত থকা ৰেষ্টুৰেণ্টলৈ খোজ আগবঢ়ালে৷ লাহে লাহে ময়ো আগবাঢ়ি গৈ ভিতৰৰ বেলেগ এখন টেবুলত আসন গ্ৰহণ কৰিলোঁ৷ মাজতে ৰিদিপক মবাইলত মেচেজ এটা দিলোঁ, বেচিনৰ ফালে আহিবলৈ৷

মুখ ধুই থকা অৱস্থাত মই : এই পল্টনটো যে আনিলা, পকেটত আছে নে কিবা?

ৰিদিপ : বেছি নাই, ৩০০ মান আছে৷

মই : বাচন ধুবৰ মন নেকি? এয়া ১ হাজাৰ দিছোঁ, কাইলৈ দি দিবা৷

লাহেকৈ ৰাইজে খোৱাৰ অৰ্ডাৰ দিলে৷ এইখিনিতে কৈ থোৱা ভাল হ’ব, আধুনিক আদৱ কায়দাৰ লগত ৰিদিপ বৰ বেছি পৰিচিত নহয়৷ খুবেই সহজ সৰল, এই অৰ্কুটত প্ৰেম কৰাৰ ভুতটো ক’ৰ পৰা সোমাল আজিও গম নাপালোঁ৷ সিহঁতৰ টুকুৰা টুকুৰ কথা বতৰা দুই এটা মাজে মাজে কাণত পৰি আছিল৷ তাৰ দুই ৰূমমেটেই ৰিদিপৰ দহটামান ভূৱা কাহিনী বনাই ৰাইজক শুনাই আছিল৷ তাৰ ভিতৰত গুৱাহাটীত ফ্লেট কিনাৰ পৰা নতুন মডেলৰ বাইক অৰ্ডাৰ দিয়ালৈকে (ৰিদিপে আজিলৈকে বাইক চলাবলৈ নিশিকিলে)৷ কথা চলি থাকোঁতেই অৰ্ডাৰ কৰা বাটাৰ নান আৰু চিকেন আহিল৷ মোৰ নিজলৈ বুলি অৰ্ডাৰ কৰা বিৰিয়ানি (পেকিং কৰা) পাহৰি মই ৰিদিপৰ খোৱালৈ চকু দিলোঁ৷ সাধাৰণতেই কাটা চামুচ ব্যৱহাৰ কৰি নোপোৱা ৰিদিপে এবাৰ সোঁহাতত, এবাৰ বাওঁহাতত কাটা চামুচ লৈ বৰ ভয়াৰ্ত দৃষ্টি এটাৰে চিকেনৰ টুকুৰাটো চাবলৈ ধৰিলে৷ “খাওক আক”, সুৱদি কণ্ঠৰ অনুৰোধত এইবাৰ ৰিদিপে অস্ত্ৰোপ্ৰচাৰ আৰম্ভ কৰিবলৈ লওঁতেই চিকেনৰ টুকুৰা এফাল উফৰি নায়িকাৰ কোলাত, প্লেটখন মজিয়াত পৰিলগৈ৷ ইমান সময়ে মডাৰ্ণ হৈ গুৱাহাটীৰ ফ্লেট, নতুন বাইকৰ আঁচনিৰে দপদপাই থকা ৰিদিপে ইয়াৰ পাছত কি কৰিলে আৰু চাবলৈ সাহস নহ’ল৷ চিধাই পেকিং কৰা বিৰিয়ানী লৈ বিল দি ৰূম পালোঁগৈ৷

ইয়াৰ দুদিনমান পাছত ৰিদিপে বৰ লাজ আৰু দুখৰ ভাৱ এটাৰে টকা ১০০০ ঘূৰাই দি ক’লে,

: দেবজিত দা, সিদিনা বৰ লাজ পালোঁ৷ তাতোকৈ ডাঙৰ কথা তাই মোক লগ কৰাৰ পাছতো বেলেগ এফালে ‘মেইন’ ডেটিং আছিল৷ চিকেন কাপোৰত পেলোৱাৰ বাবে খুব খং কৰিলে, তাইৰ ডেটিং কেনচেল হৈ গ’ল হেনো৷ আজিৰে পৰা এইবোৰ বাদ আৰু দেই৷ মোৰ পৰা খাই আকৌ বেলেগ ডেটিঙতনো যাব লাগে নে?

মই : তাৰ পাছত তুমি কি কৰিলা?

ৰিদিপ : কিনো কৰিম, ভণ্টিকে বনাই থৈ দিলোঁ৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.