ফটাঢোল

দাড়ি নোহোৱা দিনৰ বিলৈ – অভিজিৎ গোস্বামী

ঘটনাৰ সময় ১৯৯৬ চন। তেতিয়া মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। সকলোৰে মুখত দাড়ি দেখি অলপ হীনমান্যতাত ভোগো আৰু ভাবো যে মোৰনো কেতিয়া দাড়ি ওলাবলৈ আৰম্ভ কৰিব, দেখিবলৈ ডেকা ল’ৰাৰ ৰূপ লম? তাকে ভাবি বহু চিন্তা ভাৱনাই মনত দোলা দি থাকে। লগৰ কিছু খৰছী মাৰি যোৱা ছাত্ৰৰ মুখলৈ চাই অন্তৰত আঘাট ও লাগে। ঠিক তেনেকুৱা সময়তে এজন মহাপুৰুষৰ সান্নিধ্য লাভ কৰি জ্ঞানপ্ৰাপ্ত হৈ গম পাওঁ যে, দাড়ি আহিবৰ বাবে, হাল বোৱা সময়ত নাঙলৰ সীৰলুত লাগি অহা ক’লা মাটি সানিলে বহু সোনকালে দাড়ি আহে আৰু তাৰপাছত মাজে মাজে দুই তিনিবাৰ দাড়ি খুৰুৱা আৰম্ভ কৰিলে বহু সোনকালেই এই সমস্যাৰ পৰা সমাধান পোৱা যাব।
গুৰুৰ উপদেশ মতে এই মিচনৰ শুভাৰম্ভ কৰিম বুলি আহাৰ মাহৰ খেতিৰ সময় ঠিৰাং কৰি বাট চাই আছোঁ আৰু। যিহেতু নিজৰ খেতি-বাৰী নাই গতিকে ওচৰত থকা পথাৰখনত যেতিয়া হালত ধৰিব তাৰে পৰা নাঙলৰ সীৰলুৰ মাটি অকণ যোগাৰ কৰিব পাৰিম বুলি ভাবিলো‍ঁ। ঘৰতো ইমাণ সমস্যা নহ’ব। মাছ ধৰিবলৈ যোৱা বুলি ক’লে, মা দেউতাৰ ইমাণ বাধা নাই। গতিকে মাছ ধৰি তাতে লগালেই এইভাগ কামৰ সমাপন হ’ব। কথামতেই প্ৰথমে কামভাগি সমাপন হ’ল।  অসুবিধা আহি পৰিল দ্বিতীয় কামফেৰা সমাধা কৰাত হে। দেউতাই দাড়ি কাটে চেলুনত গতিকে ঘৰত সঁজুলিৰ অভাব। হাতত ফুটা কড়ি এটাও নাই এইবোৰ সা-সৰঞ্জাম কিনিবলৈ, গতিকে আকৌ গুৰুৰ শৰণাপন্ন। গুৰুৱে বিধান দিলে যে, মুখত ঘৰত থকা চাবোন ঘঁহিলেও হয় অাৰু ব্ৰাছৰ সলনি বাঁহ পাত নহলে খেৰ জাতীয় বস্তুৰে কৰিলেই হ’ব, খালী দাড়ি কটাৰ ফ্ৰেমটো গুৰুৱে দুদিনমানৰ কাৰণে ধাৰলৈ দিম বুলি গাত পাতি ল’লে। দুই টকীয়া ব্লেড ভাগ নিজে যোগাৰ কৰিলোঁ দুপৰীয়া বৰফ খোৱাৰ পইচাৰে। আঁচনি মতেই এদিন ঘৰত মা-পিতা, ভণ্টী নথকাৰ সুযোগ লৈ কুমলীয়া বাঁহপাত অলপ আনি মুখত গা ধোৱা চাবোন সানি একেবাৰে বাঁহপাতৰ ব্ৰাছৰ সুব্যৱহাৰ কৰি কামফেৰা  সমাপন কৰিলোঁ। লাহেকে মুখখন অলপ খজুৱা যেন পাই আইনাত চাই দেখো যে গোটেইখন চোন ৰঙা আঁচ পৰি অৱস্থা কাহিল। তাৰ পিছত হে আচল সমস্যাৰ সন্মুখীন হোৱা গ’ল। এতিয়া মা-পিতাৰ অাৰু ৰাইজক কি বুলি উত্তৰটো দিয়া হ’ব বুলি ভাবি এটা উপায় উলিয়ালোঁ যে, ওচৰত থকা খুড়াৰ কণমানিটোৱে খেলি থাকোঁতে আঁচুৰি এনেকুৱা কৰিলে বুলি ক’ম। কিন্তু মিছাক সাত জাপ দি জানো ঢাকিব পাৰি? লাভৰ মূৰত ঘৰৰ-পৰৰ সকলো লগ হৈ বহুদিনলৈ কথাটো উদ্ধাৰ কৰি মোক হাঁহিয়তাৰ পাত্ৰত পৰিণত কৰিলে। পাছলৈ গুৰুৱেও নেদেখা ভাও জোৰে মোৰ এই অৱস্থা কৰি। সেইদিন ধৰি নিজে দাড়ি নহালৈকে অত্যাচাৰ নকৰিলোঁ পিচে।

☆★☆★☆

4 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ, জমনি কেচ দেখোন! এই নাঙলৰ সীৰলুৰ মাটীৰ কেচটো সঁচা নেকি? বহুতে কোৱা শুনো যে৷

    ভাল লাগিল৷

    Reply
  • সুকুমাৰ গোস্বামী

    সেইটো চিষ্টেম আমিওঁ এপ্লাই কৰিছিলোঁ ।

    Reply
  • ৰাজীৱ শৰ্মা

    পিছে এতিয়া দাড়ি গজিলেনে নাই

    Reply
  • Anonymous

    এইটো বুদ্ধি আমাকো গাঁৱৰ কেইজনমানে দি ৰং চাইছিল।
    পঢ়ি ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.