ফটাঢোল

দাদাৰ কনফিদেন্স – বৈদুৰ্য বৰুৱা

কিছুমান সৰু কথা কেতিয়াবা জীৱনলৈ মনত ৰৈ যায়৷ কিছুমানে হয়তো এনেকুৱা কথাত একো ৰস নাপাব৷ সকলো লোকৰে ৰস স্বাদনৰ অনুভূতি বোৰ বেলেগ বেলেগ৷ আটাইতকৈ লাজ লাগি যোৱা কথাটো হ’ল ধৰক আপুনি কাৰোবাক এটা ৰস লগা কথা কৈ আছে; আপুনি নিশ্চিত যে আপোনাৰ এই কথাটোত ব্যক্তি গৰাকীয়ে বা কেইজনে ৰস পাবই৷ কিন্তু আপোনাৰ কথাও শেষ হ’ল শ্ৰোতাজনে আপোনালৈ প্ৰশ্নবোধক দৃষ্টি এটাৰে চাই সুধিলে “ তাৰ পাছত? “..! অথবা মিচিকিয়া হাঁহি এটা মাৰি থৈ দিলে! তেতিয়া আপোনাৰ লগে লগে অনুভৱ এটা অনুভৱ হ’ব; আপোনাৰ কৰবাত গণ্ডগোল এটা হ’ল৷ আপুনি অপাত্ৰত কথাখিনি খৰচ কৰিলে৷ হয়টো যিখন সমাজত আপুনি ৰস লগা কথাটো ক’লে তেওঁলোকৰ ৰস স্বাদনৰ মানদণ্ড আপোনাতকৈ বহু ওপৰত বা বহু তলত! এই দুটা কাৰণৰ এটাটো হবই লাগিব৷ ভিন্ন সমাজত ৰসবোধো ভিন্ন হয়৷

তলৰ কাহিনীটোতো তেনেকুৱা কথা অলপেই ক’ব খুজিছো, মোক নোসোধিব আকৌ তাৰপাছত কি হ’ল বুলি…

আমীৰ খানৰ চিনেমা তেতিয়া তিনি চাৰিখন মান ওলাইছে৷ আটাইকেইখন চুপাৰ ডুপাৰ হিট৷ সমগ্ৰ ভাৰতৰ যুৱক যুৱতী আমীৰৰ কাৰণে পাগল৷
সেইটো সময়ত অসমীয়া চিনেমাৰ চৰম দুৰ্দশা চলি আছে৷ বছৰ বছৰ ধৰি চিনেমাই ওলোৱা নাই৷ এখন দুখন ওলাইছে যদিও ৰাইজে হলৰ পৰা মুখ বিকটাই ওলাই আহিছে৷ ঠিক সেই সময়তেই এখন অসমীয়া চিনেমাই মুক্তি পালে৷ চিনেমা খনে দৰ্শকৰ পৰা বেচ ভাল সঁহাৰি পালে৷ বৰষুণত তিতি বুৰি নায়িকাই তাত গান এটা গাইও ৰেকৰ্ড কৰিছিল৷ সেই সময়ত সেইখন যথেষ্ট ভাল কমাৰ্চিয়েল অসমীয়া চিনেমা আছিল বুলি স্বীকাৰ কৰিবই লাগিব৷ সেই চিনেমাখনৰ এজন প্ৰযোজক মোৰ চিনাকি আছিল৷ মানে মইহে তেওঁক চিনি পাইছিলো৷ তেওঁ মোক চিনি পোৱা নাছিল৷ মোৰ চিনাকি মানে তেওঁৰ নগৰৰ মাজত এটা ব্যৱসায়িক ন আছিল৷ য’লৈ মই মাজে মাজে যাব লগীয়া হৈছিল৷ সেই সময়ত চিনেমা থিয়েটাৰৰ লগত জড়িত লোক সকলে আজিৰ দিনতকৈ বেছি আদৰ আৰু সন্মান পাইছিল৷ মুষ্টিমেয় কেইজন মান লোকেহে তেতিয়া চিনেমা নিৰ্মাণ কৰিছিল৷ ডাঙৰ পৰ্দাত আধা চেকেণ্ডৰ বাবেও মুখখন ওলোৱাতোও বৰ ডাঙৰ কথা আছিল৷ তেনে লোকক অতি ভাগ্যৱান বুলি গন্য কৰা হৈছিল৷ এই প্ৰযোজক জনেও চিনেমাখনত নিজৰ উপৰিও অঙহী বঙহী সকলোকে এক চেকেণ্ড মানৰ কাৰণে হলেও মুখখন উলিয়াবলৈ সুযোগ এটা দিছিল৷ প্ৰযোজক জনক সেই সময়ত সকলোৱে বিশেষ আদৰ সাদৰ কৰিছিল৷ তেওঁৰো লাহেকৈ এটা অহং ভাৱ কব নোৱাৰাকৈয়ে গঢ়ি উঠিছিল৷

সেইকেইটা দিনতেই মই এদিন তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোলৈ যাব লগীয়া হল৷ তেওঁৱেই বহি আছিল ৰিভলভিং চেয়াৰখনত৷ মই সোমায়েই তেখেতক অভিবাদন জনালো৷ ক’লো৷ চিনেমাখন ভাল লাগিছে৷
__ থেংকছ…! মানুহ পাগল হৈ গৈছে..!
তেওঁ ক’লে৷
__ সঁচাকৈ দাদা…
__ …..!
__ দাদা…, আৰু কিবা নতুন প্লেন…?
__ চাওঁচোন…
গম পালো৷ তেওঁ ভিতৰুৱা কথাবোৰ মোক ক’ব বিচৰা নাই৷
__ দাদা.., হিন্দী চিনেমা এখনৰ কথা ভাৱক না…
তেওঁ মোলৈ চালে৷ তাৰ পাছত চিগাৰেট এটা জ্বলালে৷
__ চাওঁ চোন কি হয়.. প্লেন কৰি আছো…
গম পালো তেওঁ মোক ভিতৰুৱা কথাবোৰ ক’ব বিচৰা নাই..
__ আচ্ছা দাদা…, যদি হিন্দী চিনেমা বনাই হিৰ’ হিৰ’ইন কাক ল’ম বুলি ভাৱিছে বাৰু…..?
তেওঁ আকৌ মোলৈ চালে৷ আকৌ তেওঁ চিগাৰেট হুপি হুপি চকু দুটা মুদি চেয়াৰ খনত হেলান দি কিবা চিন্তা কৰি থাকিল৷ মোৰ এনে লাগিল তেওঁ যেন তেওঁৰ পৰৱৰ্তী হিন্দী চিনেমাখনৰ বাবে কাক সুযোগ দিব ভাবি আছে…
মোৰ অনুমান শুদ্ধ আছিল৷ তেওঁ ওপৰৰ চিলিঙৰ ফালে লাহে লাহে ধোঁৱাৰ কুণ্ডলী পকাই মোক তেওঁৰ সম্ভাৱ্য সিদ্ধান্তটোৰ কথাটো জনালে ..
__ “ আমীৰ ল’ৰাটো বেয়া নহয়..! “■■

16 Comments

Leave a Reply

Your email address will not be published.