ফটাঢোল

দুৰাচাৰ মিনতি – পৰমাকান্ত দাস

মই দুৰাচাৰ গাঁৱৰ গাৱঁলীয়া
নাপাওঁ চহৰৰ আও-ভাও;
বুঢ়া সৱেওচোন লংপেণ্টহে পিন্ধে
যেন চিনেমাৰ হিৰ’।
বুঢ়ী সৱে পিন্ধে মেক্সি চুৰিদাৰ
চুলিতো গাঁঠি লয় বেণী;
জীয়াৰী সকলে জাৰতো নিপিন্ধে
গা-ঢাকি কাপোৰ কানি ।

ছাত্ৰ- ছাত্ৰী যেন অফিচৰ বিষয়া
ম’বাইল বাইক লৈ ফুৰে;
কলেজ পঢ়া নামত পাৰ্ক ধাবাত বহি
যৌৱনটো উপভোগ কৰে।
অফিচৰ অফিচাৰ চৰকাৰী বিষয়া
চাৰ্টিফিকেট থকা ডকাইত;
বহনি নহ’লে কামকে নকৰে
কিযে মতাগোঁসাই গভাইত ।
চৰকাৰী বিদ্যালয় মধ্যভোজনালয়
কণা হাঁহক পতান দিয়ে;
ফাঁকিৰামৰ ফাঁকি ছলাহী হাঁহিয়ে
মন-প্ৰাণ সকলো হৰে ।

হেৰা শ্ৰীমতী মই মূঢ়মতি
তুমিয়ে মোৰ গোঁসানী;
তুমি সৰস্বতী তুমি শ্ৰীদেৱী
তুমিয়ে দিয়া মোক মতি ।
কাকূতি কৰিছো মিনতি কৰিছো
কৰিছো মৰমৰ মালিচ;
চহৰৰ জীয়াৰী তুমি জ্ঞানদায়ী
দিয়া মোক জ্ঞানৰে তাবিজ।

■■

One comment

Leave a Reply

Your email address will not be published.