ফটাঢোল

ধাৰ – পাৰ্থপ্ৰতিম চৌধুৰী

১)

মই বৰ্তমানৰ কৰ্মক্ষেত্ৰত যোগদান কৰা দুসপ্তাহমানহে হৈছে৷ দৰমহা পাব পৰা হোৱাই নাই৷ বিভাগত দুপৰীয়া অকলে বহি আছিলোঁ৷ কোঠালৈ সোমাই আহিল বীৰেণ৷

: ছাৰ

: কি হে বীৰেণ ?

: ছাৰ, মোৰ অলপ বিপদ হৈছিল, বেয়া নাপায় যদি টকা দুশ দিব, মই অহা সপ্তাহত ঘূৰাই দিম।

ইপিনে মোৰ হাতত দুশ মানহে টকা আছে , গোটেইখিনি বীৰেণক দিলে মই কাৰ পৰা ল’ম? মানুহজনৰ মুখলৈ চাই বেয়াও লাগিল৷

মই ক’লোঁ,

: মোৰ লগত বেছি পইচা নাই, এশ টকাহে দিব পাৰিম, হ’বনে?

: হ’ব দিয়ক ছাৰ, মই কিবাকে মেনেজ কৰিম৷

কিছুদিন পিছত আকৌ বীৰেণ,

: ছাৰ

মনটো ভাল লাগিল, পইচাকেইটা দিব ৷

: ছাৰ মোৰ এশ টকাটো?

এশ টকা? বীৰেণৰ?

: এশ টকা? মইহে পাওঁ তোমাৰ পৰা, মইহে তোমাক দিলোঁ সিদিনা?

: নহয় ছাৰ, আপুনিহে মোক দিয়া কথা আছিল৷

: কেনেকৈ?

: মই আপোনাক খুজিছিলোঁ দুশ টকা৷ আপুনি দিলে এশ টকা৷ বাকী এশ টকা মোক কোনে দিব? আপুনিয়ে দিব লাগিব৷

 

২)

সেইসময়ত আমি এখন অপ্ৰাদেশীকৃত ( ভেন্সাৰ) কলেজত কাম কৰোঁ৷ কৰ্তৃপক্ষই খুব কম টকা দৰমহা হিচাপে দিয়ে, কেতিয়াবা দুই তিনিমাহ নিদিয়াকৈ থাকে৷ আমাৰ হাতত পইচা নাথাকেই৷ আমি প্ৰায়েই ধাৰ লওঁ৷ বেছি নহয় এশ বা দুশ টকা৷ আমি ধাৰ সাধাৰণতে মহাবিদ্যালয়ৰ সহকৰ্মী বাইদেউসকলৰ পৰাই লওঁঁ৷ আমাৰ সহকৰ্মী এগৰাকীয়ে ধাৰ অলপ বেছিকৈ লয়৷ সেইবাবে তেওঁক কোনেও ধাৰ দিব নিবিচাৰে৷

এদিন কমন ৰূমত বহি আছোঁ, সহকৰ্মীগৰাকীয়ে বাইদেউ এগৰাকীক ক’লে,

: বাইদেউ, মোৰ বিপদ দুশ টকা দিয়ক, মই আপোনাক বৃহস্পতিবাৰে ঘূৰাই দিম৷

: সঁচাই দিবানে?

: দিম বাইদেউ, আপোনাক কথা দিলোঁ, পাৰ্থ সাক্ষী।

: ঠিক আছে, দিম বাৰু কিন্তু বৃহস্পতি বাৰে দিব লাগিব৷

: কথা দিলোঁ বাইদেউ, গড প্ৰমিজ!

বৃহস্পতিবাৰ, কমন ৰুমত বহি আছোঁ৷
বাইদেৱে কিছু সময়ৰ পিছত বন্ধুক উদ্দেশ্যি ক’লে,

: আজি কি বাৰ আছিল?

বন্ধুু,

: বৃহস্পতিবাৰ বাইদেউ৷

: মনত আছেনে? নে পাহৰিলা?

: কি বাইদেউ?

: মোৰ পৰা নিয়া টকা দুশ?

: আছে বাইদেউ, আপোনাক বৃহস্পতিবাৰে দিম৷

: আজি দেখোন বৃহস্পতিবাৰ, টকাখিনি নিদিয়া নেকি?

: আজি বৃহস্পতিবাৰে দিম বুলিতো আপোনাক কোৱা নাছিলোঁ? কোনোবা এটা বৃহস্পতিবাৰে দিম, কিন্তু কোনটো বৃহস্পতিবাৰে দিম সেইটো মই ক’ব নোৱাৰিম৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.