ফটাঢোল

ধৈ জিন্দেগী- খনিন্দ্র ভূষণ মহন্ত।

“আহিবা তুমি
দুপৰ নিশা
যেতিয়া পৃথিৱী শুব…”

মঞ্চৰ পৰা আহি থকা ৰিণি-ৰিণি মাতটোৱে মোক বাৰুকৈয়ে টানিলে। এনেও গানটো অত্যন্ত প্রিয় বাবেই কিজানি আকুলতাখিনি অলপ বেছিয়েই আছিল। নাজানিলোঁ। মই কিবা এটা কামত আই.টি. বিল্ডিঙত আছিলোঁ, প্রতিযোগিতা হৈ আছিল অ’পেন ষ্টেজত। লগত যিটো আছিল সেইফেৰাই দুই-এটা ভঙা-ভঙা অসমীয়া ক’ব পাৰে। সেইটোৰ আগত কি অসমীয়া গানৰ গুণ বখানিম! ইফালে মনেও মনা নাই। ইমান ধুনীয়াকৈ গোৱা ছোৱালীজনী যে আমাৰ লগৰতো নহয়েই, এটা বেটচ্ তলৰো নহয় মই চিয়’ৰ। “কোন হ’ব পাৰে বাৰু?”- মনে ঘৰে এই প্রশ্নটোৱে আউল লগাবলৈ লওঁতেই লগৰ এটাৰ ফোন, “গার্লচ্-হোষ্টেলৰ পৰা আহোঁ ব’ল। কিবা কথা আছে বোলে, জৰুৰী। ফোনত ক’ব নোৱাৰে।”

আবেলিলৈ নাটকৰ প্রতিযোগিতা। মই ‘প্রম্পটাৰ’। আচলতে যিটো বন্ধুৰ ‘গেং’ৰ মই সদস্য, আটাইকেইটাই অংশ ল’ব নাটকখনত। মই এনেই ‘লেমটৌ’। মোক একাষৰীয়া নকৰাৰ উপায় হিচাপে সেইটো পন্থা বাছি ল’লে সিহঁতে।

হোষ্টেল পাই টেমা গৰম। আমাৰ গীতিধর্মী নাটকখনৰ গীতবোৰ যিজনীয়ে গাব বুলি ঠিক কৰা আছিল, তাই অসুখত পৰিল। আগদিনা বৰষুণত তিতি কলেজৰ পৰা হোষ্টেললৈ যোৱাই কাল হ’ল। ফলত প্রচণ্ড জ্বৰ-কাহে তাইক পিহি আছে। নাটকৰ গোটেই দলটো গোট খালোঁ। কি কৰোঁ-কি নকৰোঁ ভাবি থাকোঁতেই দুটা গ’ল ঔষধ আনিবলৈ। আমি বাকীকেইটাই নাটকখন কি হ’ব ভাবিবলৈ ৰ’লোঁ। বিভাগৰ গান গোৱা ছোৱালীবোৰৰ নাম এফালৰ পৰা মনত পেলালোঁ। বেছিখিনিয়েই বেলেগ বেলেগ নাটকৰ লগত জড়িত হৈ আছে। কি কৰা যায় এতিয়া! হঠাৎ মোৰ ‘চেটানি ডিমাগ’ত এটা ‘আইডিয়া’ এটা আহিল। যেন চিঞৰি দিম, “ইউৰেকা! ইউৰেকা!”

সেই “আহিবা তুমি” গোৱা ছোৱালীজনীৰ বিচাৰ-খোচাৰ কৰা হ’ল। খবৰ ওলাল, প্রথম বর্ষৰ ছাত্রী তাই। যিহেতু আমি ‘চিনিয়ৰ’, তাইক মাতি অনা হ’ল। এক প্রকাৰ ‘অর্ডাৰ’। “তুমি আমাৰ নাটকখনৰ গীতখিনি গাই দিব লাগে। তুমি ভাল গোৱা।” পৰিস্থিতিৰ গতিময়তাত তাই এক প্রকাৰ আচম্বিত হৈছিল। নহ’বনো কিয়? কেতিয়াও মাত এষাৰ দি নোপোৱা মই যেতিয়া কথা নাই, বতৰা নাই তাইৰ গানত ধৰি কথা ক’লোঁ, কোনে সেহা-বেঙা নকৰিব! উপায় নাছিল। কাৰো হাততেই উপায় নাছিল। আমাৰ নাটকৰ স্বার্থ আৰু তাইৰ সন্মুখত চিনিয়ৰৰ ‘অর্ডাৰ’।

ভাল গাইছিল তাই। সঁচা অর্থত এক সুন্দৰ কণ্ঠৰ অধিকাৰী তাই। আমি দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ। ইমান কম সময়ত আমাক গীতকেইটা গাই দিয়াৰ বাবে তাইৰ ওচৰত আমি সকলো কৃতজ্ঞ হৈছিলোঁ। নাটকখনত সুবিধা দিয়াৰ বাবে তাই ধন্যবাদ দিছিল আমাক (বিশেষকৈ মোক)।

সেয়াই আৰম্ভণি। ‘চিনিয়ৰ’ হিচাপে যিখিনি সহায় কৰিব পাৰোঁ কৰিবলৈ ল’লোঁ। তায়ো ‘জুনিয়ৰ’ হিচাপে যিখিনি সম্ভ্রম তথা সন্মান থাকিব লাগে, সেইখিনি ধুনীয়াকৈ বর্তাই ৰাখিছিল। ফোন নম্বৰ দিয়া-লোৱা হ’ল। ভাল-বেয়াৰ খবৰ লোৱাৰ বাবে কৰা দুই-এটা ফোন কল কেতিয়া গৈ হোৱাটচ্-এপৰ ‘চ্যাট লিষ্ট’ৰ শীর্ষ পালেগৈ ততকে ধৰিব নোৱাৰিলোঁ। বেয়া লগা নাছিল। মুঠেই বেয়া লগা নাছিল। গম নোপোৱাকৈ এক অচিনাকি মায়াৰ আৱেশে মোক বাৰুকৈয়ে মেৰিয়াই পেলাইছিল। ক্লাচ শেষ হোৱাৰ পাছত প্রায়েই তাই মোলৈ ৰৈ থাকে। হোষ্টেললৈ যোৱা বাটটোত মই অলপ আগুৱাই থৈ আহোঁগৈ। ‘হোষ্টেল ওৱান’ৰ পৰা উৰণীয়া উকি দুটামান নহা নহয় অৱশ্যে। বন্ধ বাৰবোৰত প্রায়েই আমি গড়-আলি, মিঠা পুখুৰী পথ, ৰাজমাও পুখুৰীৰ পাৰ ভ্রমি থাকিছিলোঁ। চিনাকিবোৰৰ মাজত গুজৱ এটা ওলাইছিল যদিও আমি সেইবোৰলৈ বৰ এটা চিন্তা কৰা নাছিলোঁ। চিন্তানো কৰিম কিহৰ ভিত্তিত! তাইক তেতিয়ালৈকে মনৰ কথা ক’বলৈ সাহসেই হোৱা নাছিল মোৰ। ঠিক সাহস নাছিল বুলিলে ভুল হ’ব, অজান ভয় এটাইহে খেদি ফুৰিছিল মোক, কিজানি তাইক হেৰুৱাই দিওঁ!

নিকট বন্ধু দুটাই বাৰে-বাৰে সোঁৱৰাই থাকিল, “তই পলম কৰি আছ দেই। পাছত চাবি কিন্তু…!”

সেইদিনাও ক্লাচ শেষ হোৱালৈ তাই মোলৈ ৰৈ আছিল। মই ‘আশীর্বাদ’লৈ যাবলৈ লগ ধৰিলোঁ। ‘আমুল-কুল’ দুটা কিনি দুয়ো খাই খাই হোষ্টেলৰ বাটেৰেউভতি আহি আছোঁ। আকাশত তেতিয়া ৰান্ধনি বেলি। ‘ব’টানিকেল গার্ডেন’ পাওঁ-পাওঁ হওতেই অলপ সাহস গোটাই একে উশাহতে কৈ দিলোঁ মোৰ মনৰ কথাখিনি। দীঘল উশাহ এটা এৰি তাইলৈ চালোঁ। লাজ-লাজ চাৱনি এটাৰে মেলা চুলিখিনি ঠিক কৰাৰ দৰে কৰি তাই একো নোকোৱাকৈ গুচি গ’ল। ৰাতিলৈ হোৱাটচ্-এপত ‘মেচেজ’ এটা দিলে। “এনেকুৱা সিদ্ধান্তবোৰ ইমান দৌৰা-দৌৰিকে ল’ব নোৱাৰিম মই। মোক অলপ সময় দিব লাগিব।”

ময়ো মান্তি হ’লোঁ। স্বাধীনতা দিব লাগে এইবোৰ ক্ষেত্রত।

চাল্লা, সেই তেতিয়াৰ পৰা মই ৰৈ আছোঁ, ৰৈ আছোঁ,  ৰৈয়েই আছোঁ। না মোৰ  ফোন ‘ৰিচিভ’ কৰে, না ‘মেচেজ’ চায়! স্মৃতি হিচাপে “আহিবা তুমি দুপৰ নিশা” গানটো মই ‘কলাৰ টিউন’ কৰি ৰাখিছোঁ।

☆ ★ ☆ ★ ☆

4 Comments

  • অঞ্জলি

    ধৈ জিন্দেগী । কি বিলাই ঐ…

    Reply
  • শৰৎ মহন্ত ।।।

    ভাল হৈছে লেখাটো ।

    Reply
  • Anonymous

    এ মজ্জা লাগিছে পায়….
    ,😀😃😃😄😄

    Reply
  • প্ৰশান্ত D Singha

    এ মজ্জা লাগিছে পায়….
    ,😀😃😃😄😄

    Reply

Leave a Reply

Your email address will not be published.