ফটাঢোল

নাৰায়ন নাৰায়ন- সদানন্দ ভূঞা

সমগ্ৰ বিশ্বতে এতিয়া কৰোণা মহামাৰীৰ ভয়ংকৰ সংহাৰি ৰূপ । পৃথিৱীৰ মনুষ্যকুল এতিয়া কৰোণাৰ আতংকত ত্ৰস্তমান । সমগ্ৰ বিশ্বতে কিমানজন আক্ৰান্ত হ’ল আৰু কিমানজনে ইহলীলা সম্বৰণ কৰিলে তাৰ পৰিসংখ্যা এতিয়া বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ পেটত হাত-ভৰি লুকুৱাবলগীয়া অৱস্থা। এই আতংক কেৱল পৃথিৱীৰ পৰিসীমাতে আৱদ্ধ হৈ থকা নাই । এই আতংক এতিয়া স্বৰ্গ, মৰ্ত আৰু পাতালতো বিৰাজমান। আঁহকচোন সমগ্ৰ বিশ্বৰ সংবাদদাতা দেৱমুনি নাৰায়নৰ দ্বাৰা আগবঢ়োৱা বিশেষ সংবাদৰ দ্বাৰা আমি সকলো জ্ঞাত হওঁ।

তিনিলোকৰ পালন কৰ্তা সকলোৰে ত্ৰানকৰ্তা পৰম পিতা পৰমেশ্বৰ নাৰায়ন আই লক্ষ্মীৰ লগত অনন্ত শয্যাত জিৰণি লৈ মিঠা মিঠা বাৰ্তালাপত মগ্ন। মহামুনি নাৰদে ‘ নাৰায়ন নাৰায়ন ‘ বুলি হাতত থকা দোতাৰাখন বজাই বজাই নাৰায়নৰ সন্মুখত হাজিৰ হ’ল। নাৰদমুনিৰ মুখত মাস্ক। মুখ শুকাই টেমি হেন অৱস্থা। ফুটা-নুফুটা মাতেৰে মুখৰ মাস্কখন তললৈ নমাই লক্ষী আইৰ হাতৰ পৰা এঘটি পানী খাইহে জীৱটো ঘুৰি অহা যেন পালে। নাৰদৰ মুখত মাস্ক আৰু নাৰদমুনিৰ অৱস্থা দেখি ভগৱান নাৰায়ন যথেষ্ট শংকিত হৈ পৰিল।

ভগৱান নাৰায়নে বাঁহৰ মুঢ়াটোত নাৰদমুনিক বহুৱাই সুধিলে… হেৰা নাৰদ, আজি তোমাৰ নতুন ৰূপ যে? কি হ’ল? তোমাকতো আগতে কেতিয়াও ইমান শংকিত হোৱা দেখা নাই। তোমাৰ মুখখনো এইখন কিহেৰে ঢাকি থৈছা। সকলোবোৰ খোলাখুলিকৈ কৈ মোৰ মনৰ শংকা দুৰ কৰা নাৰদ।

নাৰদ:- নাৰায়ন নাৰায়ন । প্ৰভূ, মুখ শুকাই টেমি নহ’ব। মৰতৰ খবৰ শুনিলে আপোনাৰো কলখোৱা ধাতু বাজ হ’ব। মুখখন ঢাকি মুখত বন্ধাখনেই হ’ল মাস্ক।

নাৰায়ন:- নাৰদ, প্ৰহেলিকা এৰা। আচল কথাটো কোৱা।

নাৰায়ন:- নাৰায়ন নাৰায়ন। কি কম প্ৰভূ, মৰতত এতিয়া মহা সংকটকাল। মৰতত এতিয়া কৰোণা নামৰ দৈত্য এটাই মনুষ্যকুলক আক্ৰমন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। মৰতৰ লাখ লাখ মনুষ্যক কৰোণা নামৰ দৈত্যটোৱে আক্ৰমন কৰিছে। কৰোণা দৈত্যৰ আক্ৰমনত বহু মনুষ্য মৰ্ত্যলীলা সম্বৰণ কৰি যমনগৰী দিশে ধাৱমান হৈছে। ইফালে যমৰজা ডাঙৰীয়াই কথা বিষম হেন দেখি যমনগৰীৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিছে। যমৰজা ডাঙৰীয়াই যমদুতবোৰক তেনে মৃত আত্মাৰ পৰা দুৰতে বিদুৰ হৈ থাকিবলৈ আদেশ জাৰি কৰিছে। এতিয়া সেই বিষাক্ত আত্মাবোৰে সৰগৰ দিশে আগবাঢ়ি আহি সৰগ ৰাজ্যত প্ৰৱেশ কৰাৰ পাং পাতিছে। ধুতি, লুঙী সকলো পাপী আত্মাই অনাহাৰে অনিদ্ৰাই অনন্ত শুন্যত ওপঙি থাকি অতিষ্ঠ হৈ আন্দোলন কৰাৰ হুংকাৰ দিছে।

নাৰায়ন:- কি কৈছা নাৰদ তুমি? ইমান ভয়ানক নে সেই কৰোণা দৈত্য?

নাৰদ:- নাৰায়ন নাৰায়ন, প্ৰভূ ভয়ানক সন্ত্ৰাসবাদী দৈত্য। সেই দৈত্যটো ইমানেই ভয়ানক যে মনুষ্যকুলে ত্ৰাহি মধুসুদন সুৱৰিব ধৰিছে। দৈত্যটোৰ ভয়ত কোনো মনুষ্য বাহিৰলৈ ওলাই যাব নোৱাৰা অৱস্থা। পঢ়া-শুনা, ব্যৱসায়-বানিজ্য, অফিচ-কাছাৰী সকলো বন্ধ। জীয়াই থকা মনুষ্যকুলৰ এতিয়া নাজল-নাথল অৱস্থা।
নাৰায়ন:- এনেকুৱা হ’লেতো স্বৰ্গ, মৰ্ত্য, পাতাল তিনিলোকৰে মহা সমস্যা হ’ব। ৰবা, এই জটিল সমস্যা কিদৰে সমাধান কৰিব পাৰি সেইবিষয়ে আলোচনা কৰিবলৈ মই ব্ৰহ্মা, শিৱ আৰু যমক ফোন কৰি মাতি আনোঁ।
( ভগৱান নাৰায়নে ব্ৰহ্মা, শিৱ আৰু যমক ফোন কৰি তৎকালীনভাবে উপস্থিত হ’বলৈ মাতে)। কিছু সময়ৰ পিচতে ব্ৰহ্মা, শিৱ আৰু যম নাৰায়নৰ সভাকক্ষত আহি উপস্থিত হয়।
নাৰায়নৰ সভাকক্ষ নিমাত-নিতাল নিজম।
অতিষ্ঠ হৈ নাৰদমুনিয়ে কলে… নাৰায়ন নাৰায়ন, প্ৰভূসকল এনেদৰে নিৰৱ হৈয়ে থাকিব নে কিবা কব?
নাৰায়ন- আপোনালোক সকলোৱে বৰ্তমান মৰতৰ মনুষ্যকুলৰ দুৰৱস্থাৰ বিষয়ে অৱগত নে?
ব্ৰহ্মা:- মই অৱগত নাৰায়ন দেউ। বৰ্তমান কৰোণাৰ দ্বাৰা শিৱ দেউৱে যি নৰসংহাৰ সৃষ্টি কৰিছে মোৰতো মৰতলৈ নতুনকৈ মনুষ্য আত্মা পঠিয়াবলৈ ভয়েই হৈছে।
যম:- হয় প্ৰভূ ঈশ্বৰ, কৰোণাযে কিমান ভয়ানক সেয়া আপোনাক অৱগত নকৰিলেও হ’ব নিশ্চয়। লাখ লাখ কৰোণা আক্ৰান্ত ৰোগী মৰতত জীয়াতু ভুগি আছে। লাখৰো অধিক কৰোণা আক্ৰান্ত মৰতৰ লীলা সম্বৰণ কৰি মোৰ ৰাজ্যৰ প্ৰৱেশ পথত ভীৰ কৰিছে। এনে ভয়ানক ৰোগৰ বীজানু কঢ়িয়াই অনা আত্মাক মোৰ নগৰীত কেনেকৈ প্ৰৱেশ কৰিব দিওঁ। মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে আগবঢ়োৱা দান-বৰঙণিখিনিৰ পৰাও আজিকালি পুৰোহিত, ভকত বৈষ্ণৱ সকলে চান কাঢ়ি নিমিত্ত মাত্ৰ আমালৈ আগবঢ়ায়। আগৰ পাপী আত্মা আৰু যমলোকৰ যমদুত সকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক পোহপাল দিবলৈকে টনাটনি অৱস্থা। এতিয়া এনেহেন দুৰ্যোগৰ সময়ত সেই কৰোণাপ্ৰাপ্তি পাপী আত্মাসকলক প্ৰৱেশ কৰিবলৈ কেনেকৈ দিওঁ। সেইসকলক প্ৰৱেশ কৰিব দিয়া মানে আইচলেচন ৱাৰ্ড বনোৱা, গোটেই যমনগৰ চেনিটাইজাৰ কৰা, প্ৰৱেশ কৰা আত্মাসকলক চৈধ্য দিনৰ বাবে কোৱাৰেন্টাইনত ৰখা আদি কামবোৰ কৰিবলৈ পুজি কত পাম। যদি শিৱ প্ৰভূৱে এনে সংহাৰ নকৰিলেহেঁতেন তেনেহ’লে এনেকুৱা সমস্যাৰ সৃষ্টি নহ’লহেঁতেন।
শিৱ:- (উগ্ৰ মুৰ্তি ধৰি) এতিয়া সকলো দোষ মোৰেই হ’ল। মই সংহাৰ কৰিছোঁ ঠিক কথা। কিন্ত কৰোণা বিজানুৰ সৃষ্টি কোনে কৰিলে। সৃষ্টিকৰ্তাজন মই নেকি কিবা? (ব্ৰহ্মাক ব্যংগ কৰি) যিজনে সৃষ্টি কৰিলে তেওঁ এতিয়া ধোৱা তুলসীৰ পাত। তেওঁ যদি সৃষ্টি নকৰিলেহেঁতেন ময়ো এনেকৈ সংহাৰ কৰিবলগীয়া নহ’লহেঁতেন।
নাৰায়ন:- (আলোচনাৰ গতি কাজিয়াৰ দিশে যোৱাত) আপোনালোকে এতিয়া তৰ্ক-বিতৰ্ক কৰা বাদ দিয়ক।
যমৰাজ মোৰ কথা মন দি শুনক। আপুনি মনুষ্যৰ পৰা ধনবিত পোৱাৰ আশা বাদ দিয়ক। আজিকালি মনুষ্যকুলৰ ধনবিতেৰে কোনো দেৱ-দেৱীৰ পেট নভৰে। মই মোৰ ভাৰ্য্যা লক্ষ্মীৰ ধনভড়ালৰ পৰা আপোনাক যিমান ধনবিত লাগে আপোনাক দিম। কেৱল আগৰদৰে দুৰ্ণীতি নকৰিব। অডিত কৰোতে কিবা উল্টাপুল্টা পালে আপোনাক কঠোৰতকৈও কঠোৰতম শাস্তি বিহা হ’ব। এতিয়া আপুনি মৰতলৈ গৈ মনুষ্যকুলে এই কৰোণা দৈত্যৰ আক্ৰমনৰ পৰা ৰক্ষা পোৱাৰ উপাই উলিয়াইছে সেইবিষয়ে তন্ন তন্নকৈ তদন্ত কৰি নিজ ৰাজ্যত সেই উপাই অৱলম্বন কৰক আৰু যমদুত সকলৰ দ্বাৰা এজন এজনকৈ মৃত মনুষ্য আত্মাক প্ৰৱেশ কৰোৱাই বিহীত ব্যৱস্থা লওঁক।

যম:- যি বা আজ্ঞা প্ৰভূ।

নাৰায়ন:- শিৱ ডাঙৰীয়া, আপুনি প্ৰথমতে কৰোণা নামৰ দৈত্যটো সংহাৰ কৰক।

শিৱ:- নাৰায়ন ডাঙৰীয়া, কৰোণা নামৰ দৈত্যটোক মই সংহাৰ কৰিবই নালাগে। মনুষ্যকুলৰ কোনোবা এজন চতুৰ বিজ্ঞানীয়ে ভেকচিন নামৰ মাৰাত্মক অস্ত্ৰ আৱিস্কাৰ কৰি কৰোণা নামৰ দৈত্যটোক নিশকটীয়া কৰি পেলাব। কৰোণা নামৰ দৈত্যটো মনুষ্যকুলৰ পৰা বেছিদিন জীয়াই থাকিব নোৱাৰে। এয়া এশ শতাংশই নিশ্চিত হ’ব।

নাৰায়ন:- এই শুভক্ষণ অতি সোনকালেই আঁহক। মোৰ দ্বাৰা পালিত মনুষ্যকুল এই সংকটৰ পৰা অতি সোনকালে মুক্ত হওঁক। শুনা নাৰদ, আজি আমি তোমাক লৈ যথেষ্ট গৌৰৱান্বিত হৈছোঁ। ধন্য তোমাৰ ধৰ্ম, ধন্য তোমাৰ কৰ্ম।

নাৰদ:- শুনি পৰম সন্তোষ লভিলোঁ প্ৰভূ। প্ৰভূসকল, এতিয়া বিদায় হে মাগিলোঁ। নাৰায়ন নাৰায়ন।

☆ ★ ☆ ★ ☆

6 Comments

  • Pranita Goswami

    ভাল লাগিল। দেৱকুলও চিন্তিত।

    Reply
    • Anonymous

      অশেষ ধন্যবাদ জনালোঁ ।

      Reply
  • abhijit goswami

    ভাল লাগিল দাদা

    Reply
    • Anonymous

      অশেষ ধন্যবাদ জনালোঁ ।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    সকলোত কোৰোনাৰ আতংক৷

    Reply

Leave a Reply

Your email address will not be published.