ফটাঢোল

নিস্পত্তি – অনন্ত বৰা

জীৱন মিস্ত্ৰীৰ জীয়েক তৰুলতাক চাবলৈ দৰা আহিছে। দৰাই বোলে মিলিটেৰিৰ চাকৰি কৰে। কথাটো শুনি গজেনৰ মনটো বেয়া। আজি অত দিনে খগেনৰ দোকানৰ মৰ্টন চানা খুৱাই খুৱাই গজেনে তৰুলতাৰ মনটো নাপালে। কেতিয়াবা তাইৰ কথা বতৰাবোৰত তাৰ প্ৰতি মৰম চেনেহ আছে যেনও লাগে। কেতিয়াবা আকৌ এনেকুৱা কৰে যেন তাক তাই চিনিয়েই নাপায়। খং উঠে গজেনৰ। সঁচাকৈয়ে দেই, নাৰী চলনাময়ী বুলি এনেই নকয়। যোৱাবাৰ পূজাত ধাৰ ঋণ কৰি হ’লেও গজেনে তাইৰ মনটো পাবলৈকে সাত হেজাৰ টকীয়া এণ্ড্ৰইড মোবাইল এটাও তাইক উপহাৰ দিছে। নাই সেই একেই। এদিন হাঁহি মাতি চাহ তামোল খুৱাই আকৌ এদিন কেটেৰা জেঙেৰা মাৰে। এৰা স্বয়ং ভগৱানেই ইহঁতৰ মন বুজি নাপালে। গজেন কোন কুটা।
তৰুলতাক মিলিটেৰি দৰাই চাবলৈ অহাটো খাটাং। কথাটো গাঁৱৰ মানুহে বু বু বা বা কৰিছেই ইতিমধ্যে। গজেনে কি কৰিব একো ঠিক কৰিব পৰা নাই। নাই, এই কথাই কথা নহয়। সিওতো মতা মানুহ। সি দেখুৱাব, সি তাৰ পুৰুষত্ব দেখুৱাব।
তিনিআলিৰ অৰূপৰ হোটেলৰপৰা লালমোহন দহটা লৈ চাইকেলত ওলোমাই জীৱন মিস্ত্ৰীৰ ঘৰলৈ বুলি গজেন আগবাঢ়িল। আজি বাপেক মাকক সকলো কথা কৈ কথাবোৰ ফেচ টু ফেচ পাতি পেলাব লাগিব। পিছে সেইদিনা তৰুলতা ঘৰত নাছিল। মোমায়েকৰ ঘৰলৈ গ’ল। তৰুলতা থাকক নাথাকক মাক বাপেক ককায়েকহঁতৰ আগতে সাহস কৰি গজেনে আজি তৰুলতাক যে সি ভাল পাই আৰু সি যে তাইক বিয়া কৰাব খোজে এই কথাটো ক’ব। চাহ তামোল খাই চেগ বুজি গজেনে কথাটো উলিয়াবলৈহে পালে। তৰুলতাৰ মাক বাপেক ককায়েক সকলো গৰজি উঠিল। ‘কুকুৰৰ পুতেক তোৰ ইমান সাহস’ বুলি জীৱন মিস্ত্ৰীয়ে খেদা মাৰি আহিল। ককায়েকেও ফলা বাঁহ এডাল লৈ গজেনৰ চাইকেলৰ ফ্ৰেমতে দুমাৰমান দি চাইকেলে তাইকেলে তাক জপনাৰ বাহিৰ কৰি দিলে।
গজেনে জীৱনত এনেকুৱা এটা অপমান পাব বুলি সপোনতো ভবা নাছিল। কথাটো গাঁৱৰ দুই একে গম পাই তাক সুধোতে সি মৰি যোৱা যেন পালে। মনৰ দুখতে কেইদিনমান ভবেনৰ দোকানলৈ গৈ আচাম এক্সাইজকে খাবলৈ ল’লে। ইফালে তৰুলতাই বোলে হাঁহি হাঁহি মিলিটেৰিৰ মটৰ চাইকেলত উঠি ঘূৰি ফুৰিছে। সহ্য নহয় গজেনৰ।
মাঘৰ বিহুৰ উৰুকাৰ নিশা। গাৱঁৰ নামঘৰত ৰাতিলৈ ৰাইজে ভোজৰ আয়োজন কৰিছে। তৰুলতাৰ ঘৰৰপৰা নামঘৰলৈ আধা কিলোমিটাৰ ৰাষ্টা। তৰুলতাৰ ঘৰৰপৰা নামঘৰলৈ অৱশ্যে সৰু লুংলুঙীয়া গৰু বাটটোৰে বেছি দূৰ নহয়। চৰ্ট কাট ৰাষ্টা। তৰুলতাতো নামঘৰলৈ যাবই। আজিয়েই কিবা এটা কৰিব লাগিব। কিবা এটা মানে! পলুৱাই নিব সি তৰুলতাক। পিছে ইমানবোৰ কথা হৈ যোৱাৰ পাছত তাইক জানো ককায়েকহঁতে অকলে যাবলৈ এৰি দিব! আশা ক্ষীণ। তথাপি ভবেনৰ দোকানত আচাম এক্সাইজ দুই বটল মাৰি ল’লে গজেনে। দোকানতে ইতিমধ্যে এবটল খাই নিচা হৈ থকা ৰঙাইক পাই আৰু এবটল খুৱাই ডেমকেয়াৰ হৈ দুয়োটা আহি গৰু বাটটোৰ ওচৰৰ গছ এজোপাৰ আঁৰত লুকাই থাকিল। আজি জীৱন মিস্ত্ৰীৰ জীয়েকক কোনে ৰক্ষা কৰে চাওঁ।
সময় গৈ আছে। গজেন আৰু ৰঙাইৰ ৰৈ ৰৈ আমনি লাগি গৈছে। নাই ৰাষ্টাৰে কোনো অহা নাই। ঠাণ্ডাত দুয়োটাৰে কঁপনি উঠিছে। সেইদিনা তৰুলতাৰ বাপেক আৰু ককায়েকে গজেনক কৰা অপমানৰ কথাটো মনত পৰিলে তাৰ আকৌ গা গৰম উঠি আহে। তৰুলতাৰ মাককো সি সেইদিনাহে ভালকৈ চিনি পালে। এনেই জানটো সোণটো বুলি মৰমৰ মাত দিয়া তৰুলতাৰ মাকে সেইদিনা তাক যিবোৰ অবাইচ মাতেৰে গালি পাৰিলে মনত পৰিলে তাৰ মূৰটো নষ্ট হৈ যায়। আজি মুঠতে হয় ৰঙামাটি নহয় গুৱাহাটী।
ভবেনৰ দোকানৰ আচাম এক্সাইজৰ নিচাই মাজে মাজে গজেনক হেঁচা মাৰি ধৰিছে। চকুৰে জলক তবক দেখিছে। গছতে আওঁজি ৰঙাই টোপনিয়ে গৈছে। এনেতে গজেনে দেখিলে সৰু ৰাষ্টাটোৰে কোনোবা আহিছে। আন্ধাৰ, তাতে মদৰ নিচাত গজেনে ভালকৈ একো ধৰিব পৰা নাই। হয় হয় আহিছে আহিছে। ঠাণ্ডাত মূৰে গায়ে কাপোৰ লৈ সেইয়া তৰুলতা আৰু তৰুলতাৰ মাক চাগে! খৰ খোজেৰে আগবাঢ়িছে। গজেনে ৰঙাইক হেঁচুকি জগালে। পাছে পাছে কিছুদূৰ আঁতৰে আঁতৰে ৰঙাই আৰু গজেন গৈ আছে। সিহঁত দুটাক দেখি তৰুলতা আৰু তৰুলতাৰ মাক কোবা কোবিকৈ দৌৰি যোৱাদি গৈছে। এইবাৰ নিচাৰ কোবত ৰঙাই কিবা এটাত উজুটি মাৰি লুটিখাই খালত পৰিলগৈ। গজেনে তাক টানি টুনি খালৰপৰা উলিয়াই আনে মানে তৰুলতাহঁত বহুদূৰ পালেগৈ। এইবাৰ দুয়োটাই দৌৰি খেদি গ’ল। নাই তৰুলতাহঁত ইতিমধ্যে দৌৰি গৈ যতীন মাষ্টৰৰ বাৰান্দাত উঠিলগৈ। দৰ্জা খুলি যতীন মাষ্টৰ ওলাই আহিল। গজেনহঁত ৰৈ দিলে। দুয়োটাই কথাটো বেয়ালৈ যাব যেন পাই আঁতৰি আহিল। ইমান দিনৰ পৰিকল্পনাটো এনেকৈ ধপাত হোৱাত গজেনৰ খুব খং উঠিল। চম্ভালিব নোৱাৰ যদি ইমানকৈ কিয় খাৱ বুলি গজেনে ৰঙাইকে গালি পাৰিলে। তথাপি ছোৱালী পলুৱাই নিবলৈ আহি মাৰ পিট নোখোৱাকৈ যে দুয়োটা বাছিল সেইবুলিয়েই সান্তনা লভিলে।
পাছদিনা ৰাতিপুৱা ৰাইজে মেজি জ্বলাইছে। গোটেই ৰাতিটো নকুল ককাইদেউহঁতৰ খেৰৰ ঘৰটোতে শুই থাকি ৰাতিপুৱা ৰঙাই আৰু গজেন আহি নামঘৰ পালেহি। যোৱা নিশাৰ খেদা খেদিৰ ঘটনাটো কেনেবাকৈ ৰাইজৰ মাজত আলোচনা হৈছে বুলি মনে মনে গজেনৰ ভয় এটাও লাগি আছে। তৰুলতাহঁতেতো কথাটো নিশ্চয় কৈছেই। তাতে যদি সিহঁত দুটাক কেনেবাকৈ তৰুলতাহঁতে চিনি পাইছিল তেতিয়াতো তৰুলতাৰ ককায়েকে সিহঁতক মানুহ কৰি নথয়। ভয় শংকা আৰু উৎসুকতা লৈ গজেন আৰু ৰঙাইয়ে অপৰাধীৰ দৰে আলেঙে আলেঙে ৰাইজৰ কথা বতৰাবোৰ শুনি থাকিল।
: কালি বৰ ডাঙৰ ঘটনা বুজিছে!
যতীন মাষ্টৰে কথাটো উলিয়াওঁতেই গজেনৰ বুকু চিৰিং কৰি গ’ল।

: কি ঘটনা অ’ মাষ্টৰ?
বিদ্যা ককাইদেউৱে সুধিলে।

: গাওঁখনত ডকাইত সোমাইছে বুজিছে ককাইদেউ।

: ডকাইত!
যতীন মাষ্টৰৰ কথাত সকলো ৰাইজ আচৰিত হ’ল।

: অ’ ৰাইজ ডকাইত।

: হেই, কালি উৰুকাৰ নিশা, কোনোবা ডেকা ল’ৰাই চাগে জেওৰা জপনা নিবলৈ আহিছিল। ক’ৰ ডকাইতটো আহিব অ’।
কোনোবাই কথাটো পাতল কৰি ক’লে।

: নহয়। কথাটো তেনেকুৱা নহয়।
মাষ্টৰৰ কথাত গজেনৰ অণ্ঠ কণ্ঠ শুকাই গ’ল।

: কালি সেই যে বসন্ত বৰুৱাৰ ইটা ভাটাত কাম কৰে বিহাৰৰপৰা অহা লুঙি পিন্ধা বনুৱাকেইটা! তাৰে দুটা বজাৰ কৰি টাউনৰপৰা আহি থাকোতে বোলে অলপ ৰাতি হ’ল। জীৱন মিস্ত্ৰীৰ ঘৰৰ কাষৰ সৰু গৰুবাটটোৰে পোনাই গৈ থাকোতেই বোলে কোনোবা দুটাই খেদা মাৰি আহিল। যেনে তেনে দৌৰি কোনোমতে গৈ আমাৰ বাৰাণ্ডা পাই দৰ্জা ঢকিয়ালত মই ওলাই আহিলো। দেখিলো ভয়ত দুয়োটাৰে অৱস্থা বেয়া। ডকাইতে পাইছিল বোলে সিহঁতক।

যতীন মাষ্টৰৰ কথাকেইটা শুনি ৰঙাই আৰু গজেনে ইটোৱে সিটোৰ মুখলৈ চালে। হাঁহিবই নে কান্দিবই সিহঁতে একো কৰিব নোৱাৰিলে। ধেইত, মিছামিছি যোৱা নিশা তাৰমানে সিহঁতে তৰুলতাক পলুৱাই নিবলৈ আহি ইটা ভাটাৰ লুঙী পিন্ধা বনুৱাকেইটাৰ পাছে পাছে দৌৰা দৌৰি কৰিলে। কথাটো ভাবি গজেনৰ লাজও লাগিল, হাঁহিও উঠিল।

: ৰাইজ, কালি আমাৰ গাঁৱত আৰু এটা ঘটনা ঘটিল নহয়!
কমলৰ কথাত সকলোৱে তাৰ ফালে চালে।

: কি ঘটনা অ’ কমল?
কোনোবা এটাই সুধিলে।

: ঘটনা মানে, বিয়া এখন হৈ গ’ল।

: বিয়া! কাৰ?

: সেই যে জীৱন মিস্ত্ৰীৰ ঘৰলৈ মটৰ চাইকেল লৈ অহা যোৱা কৰি থকা মিলিটেৰিটো, সি যোৱা নিশা মিস্ত্ৰীৰ জীয়েক তৰুলতাক পলুৱাই নিলে।

মূৰটো ঘূৰাইছে গজেনৰ। যোৱা নিশাৰ আচাম এক্সাইজৰ নিচাত হেং মাৰি থকা মগজুটোৱে কাম কৰা নাই। ৰঙাইয়ে একেথৰে গজেনলৈ চাই আছে। তাৰ যোৱাকালিৰ নিচা আছেই।

☆★☆★☆

5 Comments

  • Moni Das

    মজ্জা

    Reply
  • Rintumoni Dutta

    ভাল লাগিল পঢ়ি। “মস্তি”ৰ প্ৰভাৱে বেচেৰা দুজনক বেচ মস্তি কৰালে

    Reply
  • অমৰ জো্‌তি তালুকদাৰ

    খা বাপেকে ভিম কলটো ।

    Reply

Leave a Reply

Your email address will not be published.