ফটাঢোল

নৈশ যাত্ৰা-নীলাক্ষি কাকতি

আস! লিহিৰি হাতখনে চুলিখিনিৰ মাজে মাজে খেলিবলৈ আৰম্ভ কৰিছে৷ এক অব্যক্ত তৃপ্তিত চকুহাল মুদ খাই গৈছে৷ কি যে এক ভাললগা অনুভৱ! হঠাতে-

: হেৰি৷ আপুনি গোটেই মানুহজন মোৰ গাৰ ওপৰতেই পৰিছে যে? অথনিৰে পৰা আপোনাৰ ভৰ মই লৈ আছোঁ৷ চাওঁ৷ অলপ সিফালে যাওক৷ মোৰ নামিবৰ হ’ল৷

তপাকৈ ফুটবলহেন মানুহজনে অৰূপক প্ৰায় কান্ধত ঠেলা মাৰি দিয়াৰ দৰে ক’লে৷

: অহ্‌! ক্ষমা কৰিব৷ টোপনি আহি গৈছিল৷

অৰূপ বৰুৱা৷ বয়স প্ৰায় ত্ৰিশ বছৰ৷ ঔষধৰ কোম্পানী এটাৰ চেলচ্‌ এক্‌জিকিউটিভ৷ কোম্পানীৰ কামত তাৰ অসমৰ বিভিন্ন ঠাইলৈ প্ৰায়ে যাব লগা হৈ থাকে৷ আজিও সি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ গৈ আছে৷ সদায়ে অৰূপে যাত্ৰাৰ সময়ত সহযাত্ৰীজন অলপ ভাল মানে একেলগে দীৰ্ঘ সময় অশান্তি নোহোৱাকৈ যাব পৰাকৈ বিচাৰি ভগৱানক প্ৰাৰ্থনা কৰি বাছত উঠে কিন্তু এই ক্ষেত্ৰত বোধকৰো তাৰ প্ৰতি বিধাতা সদয় নহয় কেতিয়াও৷ কেতিয়াবা যদি একমাহতে লাখপতি বনাই দিব পৰা বহুজাতিক কোম্পানীৰ বহুবল্কী কৰ্মচাৰী লগ পায় কেতিয়াবা আকৌ কোনো সহযাত্ৰীৰ মোজাৰ পৰা ওলাই অহা দুৰ্গন্ধই তাৰ নৈশ যাত্ৰাৰ সময়কণ দুঃসময় কৰি তোলে৷ ডেকা ল’ৰা হিচাপে তাৰো মন যায় কোনোবা লাস্যময়ী গাভৰুক তাৰ সহযাত্ৰী হিচাপে পোৱাৰ কিন্তু আলিয়া ভট্টৰ ঠাইত ৰাজপাল যাদৱ হেন সহযাত্ৰীয়ে যেতিয়া তাৰ কাষৰ চিটটো পূৰ কৰে তাৰ  হৃদয়খন চিৰাল ফটাদি ফাটে৷ সেয়ে আজিকালি সি সেইবোৰ আশা বাদ দিবলৈ আৰম্ভ কৰিছে৷ তাতকৈ সেইকণ সময় নিদ্ৰাদেৱীৰ লগত ডেটিং মৰাই ভাল৷ তাৰ আজিৰ সহযাত্ৰীজন জখলাবন্ধাত নামিল৷ তাৰ মনত ভাৱ আহিল এইবাৰ বা কোন আহে সেইটো চিটলৈ! এহ! এইবোৰ ভাবি লাভ নাই৷ বাকীকণ সময় শান্তিত শুই যাব পাৰিলেই ভাল৷ যিয়ে আহে আহক৷ সি লক্ষ্য কৰিলে এগৰাকী জিনছ্ আৰু নীলা ৰঙৰ টপ পিন্ধা লাহি-পাহি গাভৰু বাছৰ ভিতৰলৈ উঠি আহিছে৷ ইতিমধ্যে আৰু দুগৰাকী মান যাত্ৰী জখলাবন্ধাত নামিছিল৷ সি মনতে ভাবিলে গাভৰুগৰাকী কোনটো চিটত বা বহে! ক’ব নোৱাৰি আজি তাৰ ভাগ্য সু-প্ৰসন্নও হ’ব পাৰে৷ নাই নাই সি এই ক্ষেত্ৰত ইমান ভাগ্যৱান হ’ব জানো!

: এক্সকিউজ মি৷ এইটো সোতৰ নম্বৰ চিট হয়নে?

: হ…হয়৷ মোৰ চিটটো ওঠৰ নম্বৰ৷ এইটো সোতৰ৷

ছোৱালীজনীৰ ফালে চাই থতমত খাই সি উত্তৰ দিলে৷

: অ’কে৷ ধন্যবাদ৷ এইটো মোৰ চিট তেন্তে৷ বহিছোঁ দেই৷

আহ৷ আজি তাৰমানে তাৰ ভাগ্যত ছিক্সাৰ মৰা লিখা আছে৷ এনেই মানুহে নকয় ভগৱানে যেতিয়া দিয়ে কল্পনা কৰিব পৰাতকৈ ওপৰত দিয়ে৷ এতিয়া তাৰ পাৰফৰমেনচ্‌ৰ ওপৰত কথা৷ কি যে মিঠা মাতটো তাইৰ৷ কি নাম হ’ব পাৰে বাৰু তাইৰ! ৰিমঝিম নে কংকনা! আৰাধনা নে শ্যামলী! ইমান ধুনীয়া ছোৱালীজনীৰ নামটোও বহুত ভাল লগাই হ’ব চাগে৷

: আপুনি ক’লৈ যাব?

সি তাইৰ গাৰ পৰা অহা মিঠা পাৰফিউমৰ গোন্ধটো দীঘলকৈ লৈ মাত লগালে৷

: মই তিনিচুকীয়ালৈ গৈ আছোঁ৷ মাহীৰ ঘৰলৈ৷

ছোৱালীজনীয়ে পাতল স্কাৰ্ফ এখন গাত টানি লৈ উত্তৰ দিলে৷

: অ’ আচ্ছা৷ মই অৰূপ বৰুৱা৷ চাকৰিৰ কামত ময়ো তিনিচুকীয়ালৈ গৈ আছোঁ৷

: মই ঈশানী গগৈ৷ বাৰু অকনমান শুই দিওঁ দেই৷

: হয় হয়৷ ৰেষ্ট কৰক৷ সি মনতে ভাবিলে সি বাৰু অলপ বেছিয়েই দৌৰাদৌৰি কৰিছে নেকি? দৌৰাদৌৰিৰ কাম চয়তানৰ৷ সময় আছে বৎস! সময় আহিবলৈ দিয়া৷ নিজকে নিজে সি প্ৰবোধ দিলে৷ সুৰুঙা পালেই সি তাৰ কুঁহিয়াৰ পেৰা শালটো কামত লগাব৷ এই সুন্দৰ সময়খিনি উপভোগ কৰাহে কথা৷ কিবা এটা ভাললগা আমেজত সি তাৰ চকুহাল মুজি দিলে৷ তাৰ নিজকে কিবা শ্বাহৰূখ খান যেন ফিল এটা অহা যেন লাগিল৷ আকৌ এবাৰ সি তাইক কেঁৰাকৈ চালে৷ তাইৰ বয়স খুব বেছি তেইশ মান হ’ব৷ ওঁঠত দামী লিপষ্টিকৰ প্ৰলেপ৷ ডিঙিটোত সৰুকৈ পখিলা আকৃতিৰ টেটু এটাও কৰা আছে৷ সঁচাকৈয়ে ভগৱানে দেৰি কৰে কিন্তু আন্ধাৰ নকৰে৷ এনে সুন্দৰী সহযাত্ৰী পোৱাটোও ভাগ্যৰ কথা৷

: দাদা শুনকচোন৷

অৰূপৰ কান্ধত মৃদু জোকাৰণি এটা অনুভৱ হ’ল৷ তাৰ অলপ টোপনিৰ ভাৱ এটা আহিছিল৷ সি খপজপকৈ উঠি তাইলৈ চালে৷

: কোৱাচোন৷ কিবা লাগে নেকি?

সি যিমান পাৰে সিমান মাতটো কোমলাই ক’লে৷ সাধাৰণতে তাক কোনোবাই টোপনিৰ পৰা জগালে তাৰ মূৰটো গৰম হৈ যায়৷ আজি পিচে কথাটো বেলেগ৷ বহুত কল্পনাই কৰি পেলাইছে সি৷ অকণমান আগতে তাৰ আৰু ঈশানীৰ সন্তানৰ অন্নপ্ৰাসন্নৰ কথাও ভাবিছিল৷ হ’বলগীয়া ল’ৰাটোৱে কিতাপৰ ঠাইত ধান চোৱা বাবে তাৰ মনটো ভাল লাগিছিল৷ আফটাৰ অল আজিকালিৰ দিনত টকাই মেইন৷ পঢ়াশুনাত ভাল হৈ সিনো কি ফালিছে!

: দাদা মানে মই হেডফোনটো আনিব পাহৰিলোঁ৷ আপোনাৰ আছে যদি মোক দিব নেকি? টোপনিও অহা নাই!

: অ’ ৰ’বা দিছোঁ৷ কি গান শুনি ভাল পোৱা তুমি?

: মই মানে পুৰণা হিন্দী চিনেমাৰ গীতবোৰ আৰু চেমি ক্লাচিকেল গীত শুনি ভাল পাওঁ৷ আপুনি?

: ম…ময়ো৷ ময়ো চেমি ক্লাচিকেল, ক্লাচিকেল মিউজিক শুনি ভাল পাওঁ৷

: কাৰ গীত ভাল পায়?

: মই মানে…মানে হনি সিং, গুৰু ৰান্ধাৱাৰ….

 : তেওঁলোকেতো ক্লাচিকেল নাগায়?

: নহয় মানে মই তেওঁলোকৰ গান ভাল নাপাওঁ৷ মানে টোপনি লাগি আছে যে, সেয়ে মনত পেলাব পৰা নাই৷

নিজৰ ওস্তাদিৰ ওপৰত তাৰ নিজৰে খং উঠিল৷ লেবেল টানিব পৰালৈকে হে দিব লাগে বুলি বিজ্ঞজনে কৈ গৈছে৷

: অঁ অঁ৷ হয় হয় আপুনি শোৱক৷ বেয়া নাপাব দিগদাৰ দিয়া বাবে৷

: নাই নাই৷ এইটোনো বেয়া পোৱা কথানে?

তাৰ মনত পৰিল এবাৰ এজন মানুহে বাছত গৈ থাকোঁতে কিবা কথা সুধি থকাৰ বাবে সি মানুহজনক গালি পাৰি বেলেগ খালী চিট এটালৈ যাবলৈ বাধ্য কৰিছিল৷ পিচে এইবাৰ কথা বেলেগ৷ দিল হ্যে কে মানতা নহী৷ সি পুণৰ চকু দুটা আমেজত মুদি দিলে৷

কিছু সময় পিছত-

: দাদা৷ উঠকচোন৷

: কোৱাচোন৷

এইবাৰ তাৰ এটা চকু আধা মেল খোৱাকৈ যেনেতেনে মাতটো ওলাল৷

: দাদা মানে মোক খিৰিকীৰ কাষলৈ যাবলৈ দিবনে? মোৰ বমি বমি লাগিছে৷

: অ’ হয় নেকি? আহা মোৰ চিটত বহা৷

সি উঠি তাইক তাৰ চিটত বহিবলৈ দি পানীৰ বটলটো উলিয়াই তাইলৈ আগবঢ়াই দিলে৷

“ওৱাক-ওৱাক….”

কেই চেকেণ্ডমান পিছতেই তাই খিৰিকীখন খুলি বাহিৰলৈ মূৰটো উলিয়াই বমি কৰাত লাগিল৷ অলপ ইতস্ততঃবোধ কৰি হ’লেও সি তাইৰ মূৰটোত ধৰিলে৷ আফটাৰ অল তাই তাৰ….! বতাহত অজীৰ্ণ পাচলি জাতীয় টুকুৰা এটা তাৰ গালত আহি পৰিল৷ লগতে টেঙা টেঙা গোন্ধ এটাই তাৰ নাকটো স্পৰ্শ কৰিলে৷ উপায় নাই৷ ভৱিষ্যতৰ কথা আছে৷

: উফ! এতিয়াহে ভাল লাগিছে৷ দাদা বেয়া নাপাব৷ মোৰ মানে জাৰ্ণিত বমি হয়েই৷ আপোনাৰ বহুত দিগদাৰ হৈছে ন?

: নাই নাই৷ কিহৰ দিগদাৰ? তুমি তেনেহ’লে এভ’মিন জাতীয় কিবা টেবলেট খাই ল’ব লাগিছিল৷

ৰুমালেৰে তাৰ গালখন সি মুখখন মচি মচি ক’লে৷ ইতিমধ্যে তাৰো পেটটোও পকাই আহিবলৈ আৰম্ভ কৰিছে৷

: হয় মই আজি দৌৰাদৌৰিতে খাবলৈ পাহৰিলোঁ৷ বাৰু দাদা আপুনি ৰেষ্ট কৰক৷ বেছি সময় নায়ো চাগে তিনিচুকীয়া পাবলৈ!

: ঠিক আছে৷ তুমিও শুবলৈ যত্ন কৰা৷ ছয়মান বজাত পাই যাম চাগে৷

পুৱা প্ৰায় চাৰে ছয়মান বজাত নাইট চুপাৰখন গন্তব্যস্থান আহি পালে৷ যাত্ৰীসকলে বেগবোৰ নমাবলৈ আৰম্ভ কৰিলে৷ অৰূপেও ইশানীক বেগ দুটা নমোৱাত সহায় কৰি দিলে৷ তাৰ মনটো অলপ বেয়াও লাগি আছে৷ তাইক বা আগলৈ কেতিয়া লগ পাব সি! বেগ দুটা নমাই সি তাৰ বেগটো কান্ধত লৈ অ’টো এখন পাই নেকি চোৱাত লাগিল৷ হঠাৎ তাৰ মনত পৰিল যে এতিয়ালৈ সি তাইৰ মোবাইল নম্বৰটোও লোৱা নাই৷ তাৰ নিজৰ ওপৰতে খং উঠিল৷ সি এতিয়ালৈ বৰলা হৈ থকাৰ কাৰণ এইটোও এটা৷ সময়ৰ শৰ সময়ত মাৰিব নাজানে সি৷

: ঈশানী তোমাৰ মোবাইল নম্বৰটো দিয়াচোন আৰু এটা কথা৷ তোমাক কোনে নিবলৈ আহিব? কেনেকৈ যাবা? কিবা সমস্যা হ’লে ময়ে তোমাক মাহীৰ ঘৰত থৈ আহিব পাৰোঁ৷

হঠাতে-
: ঈশানী পালাহি? আহা মই গাড়ীখন অলপ আগত পাৰ্ক কৰি থৈছোঁ৷

এজন ওখ, বগাকৈ যুৱকে সিহঁতৰ ফালে আহি মাত লগালে৷

: অঁ ৰাজ দা৷ পালোঁহি৷

অৰূপে ল’ৰাজনৰ ফালে চালে৷ হাৰে এয়াচোন ৰাজদীপ বুঢ়াগোহাঁই৷ তাৰ কলেজৰ চিনিয়ৰ৷

: হেই অৰূপ নহয়নে? তোমালোকে একেখন বাছতে আহিছা নেকি? মোক চিনি পাইছা নে নাই৷ মই ৰাজদীপ দা৷

: কিয় চিনি নাপাম ৰাজ দা? আপুনি ইয়াত? আপুনি ঈশানীক কেনেকৈ চিনি পায়? আমি একেখন বাছতে আহিছোঁ৷

:  অ’ হয় নেকি? ভাল কথা৷ অঁ ঈশানী মানে…মানে মোৰ ভাবীপত্নী৷ আমাৰ বিয়া অহামাহত৷ বিয়া সংক্ৰান্তত অলপ কথা আছিল৷ তাইৰ মাহীয়েকৰ ঘৰো ইয়াতে৷ সেয়ে তাই মাহীয়েকৰ তাত থাকি কামটো কৰিবলৈ আহিছে৷ পিচে তুমি কিহত যাবা? মই তোমাক ড্ৰপ কৰি দিওঁ ব’লা৷ হোটেল বুক কৰিছানে?

: নাই…নাই নালাগে৷ মই যাম৷ সৌৱা অ’টো এখন আছেই৷ ভাল বাৰু৷ আহোঁ দিয়ক৷ ঈশানী যাবা দেই৷ শুভেচ্ছা থাকিল৷

সি পিছলৈ নোচোৱাকৈ খোজ দিলে৷

: দাদা৷ মোৰ মোবাইল নম্বৰটো খুজিছিল যে? ৯১২৫৪…..৷

তাই চিঞৰি কৈ আছিল৷ মাত্ৰ তাৰ কাণ দুখনতেহে একো সোমোৱা নাছিল৷ কৰবাত এটি গীতৰ কলি ভাঁহি আহিল৷
“এনেকৈয়ে ভাঙেনে সপোন
এনেকৈয়ে চিঙেনে….!”

☆ ★ ☆ ★ ☆

9 Comments

  • ডলী

    হাঃ হাঃ। বৰ ভাল লাগিল পঢ়ি। বেচেৰা অৰূপ।

    Reply
  • abhijit goswami

    বা ভাল লাগিল দেই 👍

    Reply
  • হেমন্ত কাকতি

    বিচাৰি বিচাৰি পঢ়িছো দেই! তামাম৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    অৰূপলৈ সমবেদনা৷ লেখাটো ভাল হৈছে৷

    Reply
  • Shariful Islam

    ফোন নম্বৰ চিটিকি পৰিল। বেচেৰা অন্নপ্ৰসনৰ সপোন দেখি আছে। ভাল লাগিল।

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া হৈছে৷ ৰস পালো৷

    Reply
  • জিতু

    মজ্জা লাগিল।

    Reply
  • বাগ্মিতা

    আয়ৈ দেহি ! মই আমাৰ দিম্পল বুলিয়েই কল্পনা কৰি লৈছোঁ আৰু অৰূপক😉

    Reply
  • পূৰ্ণময়ী

    অন্নপ্ৰশন্ন লৈ গৈছিল দেহী😂

    Reply

Leave a Reply

Your email address will not be published.