ফটাঢোল

নৰেন কলিতাৰ স্মাৰ্ট ফোন-ঋতুপৰ্ণ শৰ্মা 

অৱশেষত নৰেনদাই নতুন স্মাৰ্ট ফোন এটা ল’লে। নৰেনদা মানে নৰেন কলিতা। আমাৰ চুবুৰিতে তেওঁলোকৰ ঘৰ। স্বাস্থ্য বিভাগত কাম কৰে নৰেনদাই। স্বাস্থ্য বিভাগত কাম কৰিলেও নৰেনদাৰ স্বাস্থ্য বৰ এটা ভাল নহয়। ইয়াৰ মূলতেই হৈছে সন্ধিয়া সন্ধিয়া তেখেতে এটুপি ধৰাৰ স্বভাৱটো। তেওঁ পিচে তল নপৰে। তেওঁ বোলে মানুহটো ভালেই। লগৰবোৰেহে জোৰকৈ খুৱাই দিয়ে। যত দোষ নন্দ ঘোষ!

নৰেনদাৰ পুৰণা ফোনটোক লৈ বৌহঁতৰ বৰ আপত্তি। তাতে এতিয়া কৰ’ণা মহামাৰী আৰম্ভ হোৱাৰেপৰা লকডাউন দিয়াত ল’ৰা-ছোৱালী দুটাকো অনলাইন ক্লাছৰ বাবে বৰকৈ প্ৰয়োজন হোৱাত নৰেনদাই নতুন স্মাৰ্ট ফোন এটা ল’বলৈ বাধ্য হ’ল।

অনলাইনত লোৱা স্মাৰ্ট ফোনটোৰ কাৰ্যক্ষম কৰিবলৈ তেওঁ মোৰ ওচৰলৈকে আহিল। ময়ো সকলোখিনি কৰি দি ক’লোঁ‌,

: নৰেনদা আপুনিও এইটো চলাবলৈ শিকক আকৌ।

মোৰ কথা শুনি তেওঁ লাজ লাজকৈ মোক ক’লে,

: ফেচবুক একাউণ্ট খুলিবলৈ কি কৰিব লাগেহে?

: বৰ বিশেষ একো নালাগে। টকা পাঁ‌চশ লৈ বেংকলৈ যাব। লগতে ভোটাৰ আই ডি, পান কাৰ্ড, আধাৰ কাৰ্ড আদি লৈ যাব।

মই গহীনাই কথাখিনি কৈ মনে মনে তেওঁৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিলোঁ‌। তেওঁ মনটো মাৰি কৈ উঠিল,

: মই আকৌ ভাবিছিলোঁ‌ তুমিয়েই খুলি দিব পাৰিবা বুলি!

: হাঃ হাঃ! হ’ব দিয়ক। ময়েই খুলি দিব পাৰিম। আপোনাক এনেয়ে ধেমালি কৰিহে কৈছিলোঁ।

এইবুলি নৰেনদাক এটা ফেচবুক একাউণ্ট খুলি দি সেইটো কেনেকৈ চলাব লাগিব যিমানখিনি পাৰোঁ‌ বুজাই দিলোঁ‌। তেখেতো যথেষ্ট আনন্দিত হ’ল।

দুদিনমানৰ পিছত নৰেনদাক লগ পাই সুধিলোঁ‌,

: কি খবৰ হে নৰেন দা। আজিকালি আপোনাক দেখিবলৈয়ে নোপোৱা হ’লোঁ‌। ঘৰতে সোমাই সোমাই খুউব ফেচবুক কৰিছে হ’বলা!

: কি যে কোৱা! আমি আৰু তোমালোকৰ দৰে বন্ধ উপভোগ কৰিব নোৱাৰোঁ নহয়। স্বাস্থ্যকৰ্মী যে আমি। মই পিচে এই ফেচবুকটো কৰি বৰ ভাল পাইছোঁহে। আজিকালি অসমীয়াতো লিখিব পাৰোঁ‌। আমাৰ ফিল্ডত দিবলগীয়া ভাষণবোৰো আজিকালি মই ফোনতে লিখি লৈ যাওঁ। কি বঢ়িয়া লাগেহে! এটা লিখিলে পিছৰটো নিজে নিজে আহি যায়। মোৰ পিচে আৰু দুটামান কথা ক্লীয়েৰ হ’বলৈ আছে। এদিন সময় পালে গৈ আছোঁ‌ তোমাৰ তালৈ, যদিহে গ’লে বেয়া নোপোৱা! আজিকালি আমি কাৰোবাৰ ঘৰলৈ গ’লে মানুহবোৰে বেয়াই পাই জানানে! যেন আমি কৰ’ণা ভাইৰাছটো দিবলৈহে গৈছোঁ।

: আহিব, আহিব, আমাৰ ঘৰৰ দুৱাৰ আপোনাৰ বাবে সদায়ে খোলা আছে।

মই হাঁহি হাঁহি ক’লোঁ‌। মই পিচে এটা কথা ভাবিহে আচৰিত হ’লোঁ‌ তেওঁ এইটো কি কথা ক’লে যে এটা লিখিলে পিছৰটো নিজে নিজে আহি যায়। বহু ভাবিহে ময়ো কথাটো আৱিষ্কাৰ কৰি হাঁহিত ৰ’ব নোৱৰা হ’লোঁ‌। তেওঁ আচলতে কী বৰ্ডত এটা শব্দ টাইপ কৰাৰ পিছত আগতে সংৰক্ষণ হৈ থকা শব্দ কিছুমান যে নিজে নিজে আহি যায় আৰু প্ৰয়োজনত সেই শব্দবোৰ পুনৰ টাইপ নকৰাকৈ চুই দিলেই মূল লেখাটোলৈ নিজে নিজে আহি যায় সেই কথাটোকে কৈছে।

দুদিনমান পিছত নৰেনদা আমাৰ ঘৰত আহি হাজিৰ।

: হৌৰা ডেকা ল’ৰা, বৰ অসুবিধা পাইছোঁহে, এই ফেচবুকটোকলৈ।

: কি অসুবিধা পালেনো কওকচোন আপুনি?

নৰেনদাক বহিবলৈ দি মই সুধিলোঁ‌।

: এ নক’বা আৰু! আজি বাটত লগ পাই বৰুৱাই মোক বৰ ঠাট্টা কৰিলেহে। বোলে চলাব নাজানিলে ফেচবুক নকৰিবহে। আজি চাৰিদিন হৈ গ’ল আপোনাক দিয়া জন্মদিনৰ শুভেচ্ছাৰ আপুনি কোনো ৰিপ্লাই নিদিলে। মই বৰ আচৰিত হ’লোঁ‌ কাৰণ মোৰ জন্মদিনতো এমাহৰ পিছতহে। কেনেকৈনো কি হ’ল অলপ চাই দিয়াচোন তুমি।

একে উশাহে কথাখিনি কৈ মোলৈ তেওঁ ফোনটো আগবঢ়াই দিলে। তেওঁৰ ফেচবুকৰ সকলোখিনি ময়েই কৰি দিছিলোঁ‌। গতিকে কিনো হৈছে ভালকৈ চালোঁ। পিছতহে উৰহী গছৰ ওৰ ওলাল। তেওঁৰ আচলতে জন্মদিন দুটা। এটা আচল, অৰ্থাৎ শুদ্ধ আৰু এটা হাইস্কুলৰ কেৰাণীয়ে দিয়া অফিচিয়েল জন্মদিন। তেওঁ ফেচবুকত অফিচিয়েল জন্মদিনটো দিলে যিটো তেওঁৰ মনত নাথাকে আৰু সেইটোৱেই চাৰিদিনমান আগতে পাৰ হৈ গ’ল। তেওঁৰ প্ৰফাইলটো চালোঁ‌। সকলোৱে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে, পিচে তেওঁ কাকো ধন্যবাদ জনোৱা নাই। মই তেওঁৰ জন্মদিনটো শুদ্ধ কৰি দিলোঁ‌ আৰু ক’লোঁ‌ যে এমাহৰ পিছত যেতিয়া পুনৰ আপোনাৰ প্ৰকৃত জন্মদিনটো পৰিব তেতিয়া সকলোকে ধন্যবাদ জনাবলৈ নাপাহৰিব।

: এটা কথাহে ডেকা ল’ৰা, মানুহবোৰৰ জন্মদিনৰ শুভেচ্ছা কেনেকৈ দিয়েহে মোক অলপ দেখুৱাই দিয়াহে। মোৰো মন যায় ফেচবুকত বন্ধুবোৰক শুভেচ্ছা জনাবলৈ।

গম পালোঁ‌ নৰেনদাক ফেচবুকৰ ভুতে ভালকৈ লম্ভিছে। বুজাই দিলোঁ‌ ভালদৰে, নহ’লে ক’ত কি লেঠা লগাই তাৰ একো ঠিকনা নাই। পিচে দুদিনৰ পিছতেই পুনৰ আগমন ঘটিল নৰেনদাৰ মোৰ ঘৰলৈ। আজিকালি কিছু বিৰক্তি পোৱা হৈছোঁ তেওঁক এইবোৰ বুজাই থাকিবলৈ। এইবাৰ পিচে শেনৰ এজাত।

: ডাঙৰ কথা এটা হ’ল নহয় ডেকা ল’ৰা।

: কি হ’লনো, বুজাই কওকচোন।

তেওঁৰ কথা শুনি মই ক’লোঁ‌।

: জন্মদিনৰ শুভেচ্ছা জনাই মই এতিয়া মানুহৰ গালিহে খাব লগা হৈছে জানানে! তোমাক যে সিদিনা মই কৈছিলোঁ‌ আজিকালি অসমীয়াত লিখি মই বৰ ভালপাওঁ বুলি। কাৰণ এটা লিখিলে পিছৰটো নিজে নিজে আহি যায়। সেইটোৱে মোৰ কাল হ’ল। সিদিনা স্বাস্থ্য বিভাগৰ বিশ্ব জনসংখ্যা দিৱস উপলক্ষে ভাষণ এটা লিখিছিলোঁ ফোনতে আৰু মিটিঙত ধুনীয়াকৈ ভাষণো দি আহিলোঁ‌। পিচে কালি জন্মদিনৰ শুভেচ্ছা দিবলৈ গৈহে বৰ অথন্তৰখন হ’ল। মই ভালকৈ নাচালোৱেই। ফলত জন্ম শব্দটো লিখাৰ পিছতেই নিয়ন্ত্ৰণ (যিটো শব্দ মই ভাষণত বহুবাৰ ব্যৱহাৰ কৰিছিলোঁ‌) শব্দটো বাৰে বাৰে অহাত ময়ো ভুলতে তেনেকৈয়ে পঠিয়াই দিলোঁ‌। মানে শুভেচ্ছা বাণীটো এনেকুৱা হ’লগৈ, “জন্ম নিয়ন্ত্ৰণৰ অলেখ শুভকামনা জনালোঁ।” যাৰবাবে বহুতে মোক বেয়া পালে।

নৰেনদাৰ কথা শুনি মই মূৰে কঁপালে হাত দিলোঁ‌।

☆ ★ ☆ ★ ☆

4 Comments

  • প্ৰদীপ বৰা

    এ মজা ৷

    Reply
    • ঋতুপৰ্ণ শৰ্মা

      অশেষ ধন্যবাদ।

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি।

    Reply
  • নীলাক্ষি কলিতা

    হা হা হা….smart phone ৰ মহিমা

    Reply

Leave a Reply

Your email address will not be published.