ফটাঢোল

পঁইতা ভাত – জয়ন্ত গগৈ

কলেজলৈ যোৱাৰ পৰাই ৰঞ্জনে প্ৰয়োজনতকৈ ভাত অলপ বেছিকৈ খাবলৈ ধৰিছে। ভাত একাঁহি দকচি দকচি পেটত সুমুৱাই ল’লেহে দিনটোলৈ সকাহ পায়। কলেজীয়া মেছত থকা সকলো ল’ৰাৰে সেই একেই অভ্যাস। দিনটোত দুইসাঁজ(দিনৰ আৰু ৰাতিৰ) ৰান্ধিবলৈয়ে পাল পাতি লোৱা হয়। ৰান্ধোতে ঘৰলৈ বাৰেপতি মনত পৰে, চকু সেমেকি উঠে। ৰঞ্জনৰ লগৰ দিপুল, অংকুৰ, প্ৰাঞ্জল- ইহঁতৰ আটাইৰে গা ধৰিছে। একেবাৰে নোদোকা গাহৰি পোৱালিটোৰ দৰেই হৈছে। নহবনো কিয়? চাৰিটালৈ বুলি ছয় কাপ(KMP নাৰিকল তেলৰ টেমাৰ ওপৰৰ ঢাকন কাটি তৈয়াৰ কৰা টেমা) চাউলৰ ভাত সিজোৱা হয়। প্ৰতিবাৰেই চৰু উদং কৰি চাৰিওটাই আঙুলি চেলেকি চেলেকি উদৰ পূৰাই খায়। একাপ আধা টেমা চাউলৰ ভাতেওচোন ৰঞ্জনৰ গাটো ঠন ধৰাব পৰা নাই। তাৰ ওখ আৰু লাহি ক্ষীণ দেহাৰে কলেজলৈ চাইকেল চলাই যাওঁতে, আগত জাক-পাতি যোৱা হোষ্টেলৰ ছোৱালীহঁতলৈ টিলিঙা মাৰি ৰাস্তাৰ চাইদ বিচাৰিলে ছোৱালী জাকৰ মাজৰ পৰা আখৈ উফৰি অহাৰ দৰে -” মন হীৰা দৈ , চাইকেল নহয় টিলিঙা……” শব্দ কেইটাই খেলিমেলি লগায়। তাৰ চাইকেলৰ পেদেল মৰাতো থত্ মত্ লাগে। কাণৰ লতি দুটাত গৰম গৰম তেজ জমা হোৱা যেন লাগে।

মেছৰ লগৰ কেইটাই পৰামৰ্শ দিলে ৰাতিপুৱাই মুখ ধুইয়ে পঁইতা ভাত খাবি। দেখিবি নহয় শকত হৱ নে নহৱ। দেখা নাই গাঁৱলীয়া পঁইতা ভাত খোৱা ডেকাহঁতৰ নিমজ নিৰোগী নোদোকা চেহেৰা কেইটা। কথাটোত ৰঞ্জনৰ মনে ধৰিলে। সঁচাই গাঁৱৰ তাৰ লগৰ গোটেই মখাৰে চেহেৰা তজবজীয়া। তাৰে ৰঞ্জনকে ধৰি দুই এজনৰহে চেহেৰাৰ ব্যতিক্ৰম আছে। এইবাৰ ঠিৰাং কৰিলে পৰীক্ষা শেষ কৰি ঘৰলৈ গ’লেই ৰাতিপুৱাই পঁইতা ভাত খাবলৈ আৰম্ভ কৰিব। ঘৰলৈ আহিয়েই ৰঞ্জনে তাৰ মিশ্বনৰ বাবে সাজু হ’ল। কেনেকৈ ৰাতিপুৱাই ঘৰৰ আন সদস্য শুই উঠাৰ আগতেই কাৰ্যসিদ্ধি কৰিব পৰা যায়! ভৱা মতেই কাম। পুৱাই মুখ হাত ধুই মাকে পাকঘৰৰ পৰা বাহিৰলৈ যাব পৰা দুৱাৰমুখৰ ওচৰত পিতলৰ চৰিয়াত ঢাকি ৰখা পঁইতা ভাতৰ চৰিয়াটো লৈ নিখম জলকীয়াৰে এপেট উগাৰ অহালৈকে খাই আগফালৰ বাৰাণ্ডাত বহি থাকিল। পিছ চোতালৰ পৰা মাকৰ চিঞৰ শুনি মাকৰ ওচৰলৈ গ’ল। মাকে তাক দুৱাৰৰ কাষতে ৰখা ভাতৰ চৰিয়াটো দিবলৈ কোৱাত সি মাকক জনালে যে -সি পঁইতা ভাতখিনি খাই পেলালে। কপাল কোঁচাই মাকে কি (?) বুলি সোধাত সি পুনৰ ক’লে – অঁ মই গোটেই পঁইতা ভাতখিনি খাই পেলালোঁ। মাকে হাঁহিত ৰ’ব নোৱাৰা দেখি সি টলকা মাৰি চোৱাৰ বাহিৰে উপায় নাছিল। পিছফালৰ বাৰাণ্ডাত ঘৰৰ আন সকলো হাজিৰ হোৱাত মাকে হাঁহি হাঁহিয়ে ক’বলৈ ধৰিলে – “হে..ৰৌ..সেই.. খিনি.. পঁইতা.. ভাত ..নাছিল.. নহয়..! গধূলিৰ..চুৱা ..ভাত..খিনি..হে ৰাখিছিলোঁ.., ৰাতিপুৱা হাঁহ-কুকুৰাক দিবলৈ “! ৰঞ্জনে একে দৌৰে হাঁহ গঁড়ালৰ কাষৰ জেওৰাত ধৰি উকলিয়াবলৈ চেষ্টা কৰিলে- উ…ৱ…ক , উ..ৱ..ক …..!

☆★☆★☆

Leave a Reply

Your email address will not be published.