ফটাঢোল

পঞ্চপদী পদ্য – হেমেন ডেকা

(১)

ওলাই আহক ৰুন্দি-খুন্দি খাওঁহক খানা

এনেই থাকিব নালাগে বন্ধু হৈ ঘৰগোনা

নাহে আৰু এনে সুযোগ দুনাই

দিয়ক মাত্ৰ নিৰ্বাচন জিকাই

পাছত একো নাপালো বুলি নিদিব গঞ্জনা৷

 

(২)

কিছুমানে কৰি আছে দিনে-নিশাই অংক

দাদাই পাবনে টিকট, তাৰেই আতংক

ধাৰ কৰিছে ন ন সূত্ৰ

বুজাই টান গতি-গোত্ৰ

অংক নিমিলিলেহে হ’ব জংক পংক

 

(৩)

একো নহ’লেও মাতৃভাষাৰ চৰ্চাই হ’ব

ভাল লিখিছে বুলি এজনে হ’লেওতো ক’ব

ভালে থাকক ভাষা জননী

কলমধাৰী আমি সেনানী

আমি যোৱা বাটেৰে এদিন শতজন যাব৷

 

(৪)

আমৃত্যু কঢ়িয়াম বহু সুখ-দুখৰ স্মৃতি

কালৰ সোঁতত এদিন আয়ুসো যাব টুটি

লেখাবোৰহে ৰৈ যাব

কথাবোৰ ধোঁৱা হ’ব

কোনে জানে যমপুৰীত কিবা হয়গৈ গতি!

 

(৫)

কলীয়া-মেঘেও ঢাকিলে বেলি

সন্মুখৰ পথ ধুঁৱলি-কুঁৱলি

দিনতে আন্ধাৰ

কণ্টক অপাৰ

সেয়েহে এৰা নাই ল’ৰা-ধেমালি৷

 

(৬)

বহু গাঁৱলীয়া আজিকালি হ’ল চহৰীয়া

মুখৰ হাঁহিবোৰো দেখোঁ বৰ আপুৰুগীয়া

নাই সহানুভূতিৰ মাত

নামাতে গা লাগিলেও গাত

কাৰো ফালে চাবলৈ চাগৈ সময় নাইকিয়া৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.