ফটাঢোল

পঢ়ি থকা সময়ৰ স্মৃতি- হিৰণ্যজ্যোতি দাস

১)

হাইস্কুলত পঢ়ি থকা সময়ৰ ঘটনা৷ তেতিয়া আমি নৱম মানত৷ দুটা পিৰিয়ডৰ মাজত সাধাৰণতে অলপ সময়ৰ বিৰতি থাকে৷ আগৰ পিৰিয়ডৰ শিক্ষকজন ওলাই যোৱাৰ পাছত, পাছৰ পিৰিয়ডৰ শিক্ষকজন আহি পোৱা লৈকে৷ এই সময়খিনিত ছাত্ৰ-ছাত্ৰীবোৰে হাল্লা কৰি থাকে৷ যদি কিবা কাৰণত সেইদিনা শিক্ষকজন অনুপস্থিত থাকে সোণত সুৱগা চৰে৷ তেনে এদিনৰে কথা৷ তৃতীয় পিৰিয়ডৰ শিক্ষকজন সেইদিনা নাছিল৷ শ্ৰেণীকোঠাটোত কাৰো মাত কোনেও নুশুনা অৱস্থা৷ কাষৰ শ্ৰেণীকোঠাৰ শিক্ষকজন আহি দুজনমানক বেঞ্চৰ ওপৰত উঠালে৷ তেওঁ যোৱাৰ পাছতেই পৰিস্থিতি জটিল হৈ পৰিল৷ তেওঁ পুনৰ উভটি আহি প্ৰথম বেঞ্চত বহি থকা মোক শিক্ষকৰ কমনৰূমলৈ পঠাই দিলে আন এজন শিক্ষকক মাতি আনিবলৈ৷ মই গৈ লগ পালোঁ আমি সকলোতকৈ ভয় কৰা শিক্ষকজনক৷ উপায় নাপায় ভয়ে ভয়ে তেওঁক ক’লোঁঁ,

: ছাৰ, ক্লাছটোত বহুত গণ্ডগোল হৈ আছে৷ আপুনি অলপ আমাৰ ক্লাছটোলৈ গ’লে সকলো ঠাণ্ডা হৈ যাব৷

: মানে? মই কি বৰফ নেকি, মই গ’লে যে ক্লাছটো ঠাণ্ডা হ’ব৷

২)

নৱম মানৰে কথা৷ আমাৰ ক্লাছটোত অজিত নামৰ ল’ৰা এটা আছিল৷ তিনি চাৰিবাৰ ফেল কৰাৰ পাছত সি নৱম মানত আমাক লগ পাইছিল৷ তাক গাধা বুলি সকলোৱে জানে৷ ছাত্ৰসকলেও শিক্ষকসকলেও৷ শিক্ষকে কিবা প্ৰশ্ন সুধিলে সি কোনো দিনে উত্তৰ দিয়া আমি দেখা নাই৷ কিন্তু এদিন বিজ্ঞানৰ ক্লাছত শিক্ষকে সালোক সংশ্লেষণ কাক বোলে বুলি শ্ৰেণীত প্ৰশ্ন সুধি জনাসকলক হাত ডাঙিবলৈ দিওঁতে সি প্ৰথমতে হাত ডাঙি দিলে৷ সকলো আচৰিত৷ গতিকেই ছাৰে তাকে প্ৰথমতে উত্তৰ দিবলৈ দিলে৷ ঠিয় হৈ মূৰ খুজুৱাই আছে৷

: কি হ’ল অজিত? পাৰিম বুলি হাত ডাঙিছিলি দেখোন?

: পঢ়ি আহিছিলোঁ ছাৰ৷ এতিয়া একেবাৰে শেষৰ লাইনটোৰ বাহিৰে বাকীবোৰ মনত নপৰাৰ হ’ল৷

: দে তেনেহ’লে, শেষৰ লাইনটোকে ক’৷

: ছাৰ৷ ইয়াকে সালোক সংশ্লেষণ বোলে৷

৩)
এইটো সপ্তম মানৰ৷ সেইসময়ত সপ্তম মানলৈ বুৰঞ্জী লাগে৷ বুৰঞ্জীৰ ক্লাছ চলি আছিল৷ বাহিৰলৈ প্ৰস্ৰাব কৰিবলৈ যোৱা এজনে দুৱাৰমুখত ৰৈ ছাৰক সুধিলে,
: মে’ আই কাম ইন ছাৰ?
শিক্ষকজনে ছাত্ৰজনক ওলাই যাওঁতে মন কৰা নাছিল৷ সেইবাবে সুধিলে,
: তই কেতিয়া বাহিৰলৈ গৈছিলি?
: পাণিপথৰ দ্বিতীয় যুদ্ধৰ দুইমিনিটমান পাছতে ছাৰ৷

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    হাঃ হাঃ। বঢ়িয়া

    Reply
    • হিৰণ্যজ্যোতি দাস

      ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published.