ফটাঢোল

পিবেডিং, ডিজেল… ঔ-আই ৰিমঝিম বৰঠাকুৰ

গাঁৱৰে খগেন দা মানে খগেন কলিতা কিছুমানৰ কাৰণে কেকে দাই আজি দিনটো কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই ফুৰিছে৷ পুৱাই পুৱাই গাঁৱৰ চবৰে ঘৰতে (বিশেষকৈ ডেকা ল’ৰা থকা ঘৰত) পাক এটা মাৰিছে৷ কিন্তু কথাটো পিচে কোনেও বুজি পোৱা নাই৷ ঘৰৰ কোনোবা এজনক মাতি কথা এটা ফুচফুচাই সোধে তাৰপিছত মনটো গোমা কৰি ওলাই আহে৷
খগেন দা মানে পানীচিঙা গাঁৱৰ ৰাজহুৱা ‘দা’৷ থুনুক থানাক মাত ফুটাটোৰ পৰা বয়োজেষ্ঠ্য কেইজনমান বাদ দি সকলোৰে কাৰণে ‘খগেন দা৷ ‘ খগেন দাইও পিচে এই ‘দা’টো শুনি বৰ এটা বেয়া নাপায়৷ যিমান হ’লেও এজনী ২৫ বছৰীয়া আৰু এটা ২০ বছৰীয়া ল’ৰা থকা কেইটা বাপেকে ‘দা’ শব্দটো শুনিবলৈ যে পাইছে৷ বয়সটো হিচাপ উলিয়াবলৈ গ’লেও নাই কমেও চিনিয়ৰ চিটিজেনৰ চাৰ্টিফিকেট দেখুওৱাব পৰা হৈছেগৈ৷ কিন্তু এতিয়া চাকৰি নকৰিলে বুলিহে আচল বয়সফেৰা লুকুৱাই থ’ব পাৰিছে৷ সেই ‘দা’টো আজীৱন থাকক বুলিয়েই নিজৰ দোকানৰ পৰাই চুপাৰ ভাছমল কলপ নি সপ্তাহে সপ্তাহে চুলিয়ে-দাড়িয়ে কম লগাইনে৷ বৌৰ আকৌ এইবোৰ দেখি-শুনি কেতিয়াবা সহ্য নহৈ আচল বয়সটো চিঞৰি চিঞৰি ক’বলৈ ধৰিলেই বৌক উলটি ধৰি বৌ যে খগেন দাৰ লগত সমবয়সীয়া সেইটো মনত পেলাই দিলেই নিশ্চুপ হৈ যায়৷ হওঁতে কোন মহিলাইনো নিজৰ বয়স ৰাজহুৱা কৰিবলৈ বিচাৰিব৷ এনেদৰে দাদা-বৌৰ বয়স লুকুৱাই চিৰদিন যৌৱনময় হৈ থকাৰ প্ৰচেষ্টা চলি আহিছে৷
আজি পিচে কথাটো অলপ বেলেগ ধৰণৰ৷ সদায় হাঁহিমুখীয়া কেকে দাৰ মুখত চিন্তাৰ চাব৷ সাধাৰণতে কেকে দাই পুৱাতে দোকানখন খুলি গ্ৰাহক অহালৈ বাট চাই মাখি মাৰি থাকে৷ আজি দোকান নুখুলি ঘৰে ঘৰেহে সোমাইছে৷ অলপ বাইক চাইক চলাই উৎপাত কৰি ফুৰা ল’ৰা থকা ঘৰত সময় বেছিকৈ লৈ সোমাইছে৷ কথাটো আলেখ-লেখে লক্ষ্য কৰি থকা আমাৰ ৰূপহী বৰমা যাক সৰু সুৰা নিউজ চেনেল বুলিয়েই জনা যায়৷ সেইটো চেনেলত তেওঁৱে ৰিপোৰ্টাৰ, নিউজ ৰিডাৰ একাধাৰে সকলো৷ ক’ৰবাত কিবা এটা শুনিবহে লাগে একেবাৰে ৰেকৰ্ড কৰি আনি নিউজ ৰিডাৰে পঢ়া দি যাকে পায় তাৰ আগতে সলসলীয়াকৈ কৈ যায়৷ খালী এটা কেমেৰা সংযুক্ত মোবাইলৰ অভাৱত ভিডিঅবোৰ দেখুওৱাৰ পৰা বৰমা বিৰত থাকে৷
পুৱাৰে পৰা খগেন দাক এনেকৈ ঘৰে ঘৰে ঘূৰি ফুৰা দেখি থাকিব নোৱাৰি শেষত চেগ বুজি বৰমায়ে আগচি ধৰি সুধিলে “হেৰৌ জীয়েৰৰ বিয়া ব’হাগলৈহে, তই এই মাঘৰ শেষৰ পৰাই মানুহ মতাত লাগিলি নেকি? ”
হঠাৎ সন্মুখত বৰমাক দেখি খগেন দা অলপ নাৰ্ভাছ হ’ল৷ লগতে তেখেতৰ টেঙটেঙীয়া মাতটোও কিবা শুনি থাকিবলৈ মন নগ’ল৷ সেয়ে সোনকালে হাত সাৰোঁ বুলি খগেন দাই “নক’ব আৰু নবৌ বিয়ালৈ মতা নাই৷ ছোৱালীৰ বিয়া সংক্ৰান্তৰ বেলেগ এটা কথাতহে ওলাই আহিছোঁ৷ ”
“দা“ৰ কথা শুনি বৰমা নৰ’লেই, লগে লগে একচন৷ চকুকেইটা ঘোপা কৰি আৰু অলপ আগলৈ আহি ফুচফুচাই সোধাদি সুধিলে “কি জীয়েৰৰ বিয়াখন ভাগিল হবলা৷ সেইকাৰণে মই নকৈছিলোঁনে জীয়েৰক অলপ চকু দিবি৷ এতিয়া পালিনে মজাটো৷ ”
“হেই নবৌ কিখননো বলকিছে৷ একো নজনা নেমেলাকৈ কথাবোৰ নিজেই সাজি লৈ চবৰ আগতে গাই দিবগৈ৷ ” ৰূপহী বৰমাৰ কথাত খগেন দা একেবাৰে গৰগৰাই উঠিল৷
“সেইবোৰ একো বিয়া বাৰু ভঙা নাইহে৷ আজিকালি অতবোৰ ফেশ্ব্যন বুলি জনা হ’লে বিয়াৰ দিন-বাৰ নাচায় সৈটোৰ লগতে নিজেই গুচিয়েই যাবলৈ দিলোঁ হয়৷ এতিয়া লেঠাটো লাগিল তাতহে৷ ছোৱালীয়ে বোলে সেইডাল পিবেডিং নে কি সেইডাল নকৰিলে বোলে বিয়া নহয়৷ ”
“পিবেডিং ডালনো কি? জানো আই অতকে ইখন ঘৰ সিখন কৰিলোঁ, ইটো খবৰ সিটো কৰিলোঁ৷ এইডালৰ নামহে নুশুনিলোঁ৷ চহৰলৈ নতুনকৈ আহিছে হবলা৷ “
“নাজানো আৰু নবৌ৷ এতিয়া মোৰ কথাৰ মহলা মাৰিবলৈ সময় নাই৷ ছোৱালীয়ে বোলে সেইভাগি কাম এই ফাগুনতে কৰিব৷ কোনোবা এজনে ক’লে জগতৰ পুতেকে হেনো সেইটো কৰিব পাৰিব৷ তাকে এবাৰ লগ কৰি আহোঁ৷ বেলেগে বহুত পইচা লয়, ই বোলে কমতে কৰে৷ বিয়াখনৰ খৰচ আছেই, আকৌ এইডালৰ নামত এনেই মিছামিছি এটা খৰচ৷ অকল মোৰ দোকানখনহে আছে, তথাপিও…”
ৰূপহী বৰমায়ে খগেন দাক বিদায় জনায় দাদাৰ ঘৰৰ পিনেই খোজ দিলে৷ যিমান হ’লেও কথা এটা সম্পূৰ্ণৰূপে নাজানিলে তেখেতৰ মনটো ভাল নালাগে নহয়৷ কিন্তু খগেনদাৰ ঘৰ নাপালেগৈয়ে ইফালৰ পৰা খগেন দাৰ জীয়েকক সাঁজিকাচি আহি থকা দেখি ঠাইতে ৰৈ দিলে৷ “অ বোলো হয় নে৷ বাপেৰক কি ঝামেলাত পেলালি মৰতি এই পুৱাতেই গোটেই গাওঁ চলাথ কৰি ফুৰিছে যে৷ পিবেডিং নে সেইটো কি বস্তু মাগিলিনো বাপেৰক বিয়াখনৰ আগে আগে? বাপেৰৰ চিন্তাত তত নাই৷ ”
বৰমাকৰ কৰা শুনি খগেন দাৰ জীয়েক অলপ সময় তভক মাৰিলে৷ তাৰপিছতহে মনলৈ আহিলে “এহ বৰমা পিবেডিং নহয় প্ৰিৱেডিং৷ আজিকালি বিয়াৰ আগত সকলো দৰা কইনাই একেলগে এবাৰ ফটো উঠে৷ সেইটো ময়ো কৰিম ভাবিছোঁ৷ সেয়েহে দেউতাক কাৰোবাৰ হাতত ডি.এছ.এল.আৰ. আছে নেকি খবৰ কৰিবলৈ পঠিয়াইছোঁ৷ এই ফাগুনতে কৰিম বুলি ভাবিছোঁ৷ প্ৰিৱেডিং ফটোশ্ব’টেই যদি নকৰোঁ বিয়া হোৱাৰ মজানো ক’ত থাকিব বৰমা৷ অলপ খৰচ পৰিব, সেইখিনি দেউতাই এজনী জীয়েক বুলিনো কৰিব নোৱাৰিব নে৷ ”
খগেন দাৰ জীয়েকে সৰসৰাই কৈ যোৱা কথাখিনি ভালকৈ নুবুজি ৰূপহী বৰমাই মুখতে ভোৰভোৰাই আগবাঢ়িল “জানো আই, এইচবনো বিয়াবিলাকত কি ডিজাইন ওলাল পিবেডিং, ডিজেল আৰু ক’ত কি কি! আমাৰবোৰ দেখোন তেলকণে, সেন্দূৰকণে মূৰত দিয়েই ছোৱালী আনি ঘৰ সুমুৱাইছিল৷ আমি জানো দেখিবলৈ বেয়া আছিলোঁ নে এইবোৰ ফেশ্বনৰ আমাৰ সংসাৰেই ভাঙিছে৷ কথাবোৰ ইফাল সিফাল কৰি লোকৰ দুই এখন ভাঙিছোঁ যদিও নিজৰখন ঠিকেই ৰাখিছোঁ দেই৷ এইবেলিকা আকৌ এইজনীৰ বিয়াৰ বতাহ গাত লাগি তাতে আকৌ পিবেডিঙৰ উৎপাতত
মাটিত ভৰি নপৰাই হৈছে৷ ঔ আই এইবোৰহে চাবলৈ বাকী আছিল নে! ”
☆ ★ ☆ ★ ☆

6 Comments

  • Anonymous

    হৰি হৰি

    Reply
  • অৰূপ কুমাৰ দাস

    কৃষ্ণ কৃষ্ণ।। কি যে দিনকাল পৰিল ঐ।। আমাৰ কইনাই দৰাৰ মুখ দেখাই নাছিল। হোমৰ কাষত বামুনে দৰা কইনাই ইজনে সিজনক চাব কোৱাতহে লাজ লাজকৈ চাইছিল।। আজিকালি আৰু পিবেডিং নে কি ডাল কৰি ফটো উঠি ফেইচবুক নে কি সেইডালত দিয়ে।।। চি: চি: লাজ কাজ নহো হৈছি দে😂😂👍👌

    Reply
  • ঔ আই ।কি যে দিন আহিল ।মজ্জা লাগিল ৰিম।।😃

    Reply
  • লখিমী

    ঔ আই পিবডিঙ নহ’লে নহ’ব নহয়।
    ভাল লাগিল পঢ়ি

    Reply
  • নীলাক্ষি দেৱী ডেকা

    ঔআই পিবেডিংৰেই যুগ আও আই 😂😂😂😂

    Reply
  • HEMANTA KAKATI

    হয় আই! তোক নকৈছোনে, বিচুৰ্টিহে আউ!

    Reply

Leave a Reply

Your email address will not be published.