ফটাঢোল

পিৰীতি মিঠা চুৰা দৈ – নয়নজ্যোতি বৰা

চিপজালখন মাৰিলোঁ দকৈ পুখুৰীত,
ছিটিককৈ লাগিল মাছ জালত,
তুমিনো কি জাল পাতিলা চেনাইটি
থাউকতে পৰিলোঁ ঐ প্ৰেমত ৷
এ চেনাইটি……

“হেৰ’ মৰতী হ’ব দে, বিহুলৈ এতিয়াও কেইবা পষেক আছে৷ বিহুৰ আখৰা কৰি ফালিব নালাগে” মাক দীনমাইৰ মাততহে পাহাৰীৰ চলন্ত বিহু নামৰ যাত্ৰীবাহী মুখখনত ব্ৰেক লাগিল৷ সেই মুহূৰ্তত অৱশ্যে মাকৰ মাতত পাহাৰীৰ মূৰৰ ইঞ্জিনটোও গৰম নোহোৱাকৈ থকা নাছিল। ইঞ্জিনৰ গৰম উঠি ধোঁৱা ওলোৱাৰ লেখীয়াকৈ মুখেৰে খঙত হুমুনিয়াহ এটাকে এৰি মনৰ ভিতৰতে ভোৰভোৰালে তাই৷ বিহু আহিবলৈ কেইদিননো আছে মাজত, মাত্ৰ দুমাহ অৰ্থাৎ চাৰিটা পষেক৷ বিহুৰ লগতে বিহুকুঁৱৰী প্ৰতিযোগিতালৈ সাজু হ’বৰে হ’ল৷ গতিকে তাইৰ গাত বিহুৰ দেও-ভূত লগাতো স্বাভাৱিক৷ এই সামান্য কথাটোকে তাই মাকক বুজাব পৰা নাই৷ মাকক বুজাবনো কেনেকৈ, তাইৰ হিচাপৰ দুমাহ যে মাকৰ বাবে ষাঠি দিন৷ তথাপিও অসমীয়া থলুৱা সংস্কৃতি ৰক্ষা কৰোঁ বুলিয়েই যেন মনত পণলৈ মাকৰ থলুৱা মাটিৰ গোন্ধ থকা গালিবোৰ শুনিও তাই দৈনিক দুই-তিনিফাঁকি বিহুনাম এনেকৈ গাই শান্তি লয়৷

বিহু গাই নাচি ভাল পায় তাই, মনে মনে নামজ্বলা বিহুৱতী হোৱাৰো মন তাইৰ। সেয়ে মাজে মাজে বিহুৰ বিৰুদ্ধাচৰণত অতীষ্ঠ হৈ অৱশ্যে তাই মাক দীনমাইৰ ওচৰত তাই অভিমান নকৰাও নহয়, কয়- “মাই, তোক দেখোন পিতাইয়ে পেঁপা বজাই নচুৱাইয়ে পলুৱাই আনিছিল৷ তইও দেখোন নাচনী আছিলি। এতিয়ানো কিহৰ কিটো হ’ল, বিহুৰ ‘ব’ টোতে জেতুলীপকাজনী হৈ পৰ যে…৷” মাকে তাইৰ কথাবোৰ নস্যাৎ কৰি জীৱন নামৰ অধ্যায়টোৰ “আমি কি কি শিকিলোঁ” অংশটি আনদিনাৰ দৰেই অকণো কৃপণালি নকৰাকৈ ভেকাহি মাৰি বুজায়৷ মাকৰ মতে গাভৰু কালত দেহ-মন আন্দোলিত কৰা পেঁপাৰ টিঁহিটি টিঁহিটি মাতটো পিছৰ জীৱনত সংসাৰৰ আলপৈচান ধৰোঁতে তিতিকি তিতিকি হৈ পৰে আৰু জীৱনেই যেতিয়া তিতিকি হয়, কথাবোৰ ছিটিকি গালি ৰূপ লয়৷ মাকে এনেকৈ যোজনা মিলাই কথা ক’লে অভিমানত মুখ ফুলাই থকা পাহাৰীৰ বহু সময় মুখ বন্ধ কৰি উশাহ থুপাই থোৱাৰ অন্তত বিৰাটাকায় শব্দ কৰি উশাহৰ উদ্গীৰণ হোৱাৰ দৰেই হাঁহিবোৰ ফাউচকৈ সৰি পৰে। তাৰপিছত সেই হাঁহিৰ যেন গতিৰোধক নাই৷ হাঁহে আৰু হাঁহে ৷ দীনমাইৰ তেতিয়া দুগুণে খং উঠে আৰু খঙতে এক ঢকা মাৰি জীয়েকক গালি পাৰি কামত লাগেগৈ৷

পাহাৰীয়ে খং বা অভিমান কৰিলেও মাকে যে তাইক দেখুৱাইহে বিহু বেয়া পাওঁ বুলি কয়, তাই জানে৷ তাই গা তিওঁৱা দিনা সামৰণ কাপোৰ এসাঁজ জীয়েকক পিন্ধাও বুলি বাপতিকলীয়া পেৰাটো খোলোতে আয়তী কেইগৰাকীৰ সন্মুখতে ৰঙা কাপোৰেৰে সযতনে নুৰিয়াই থোৱা এটা ভঙা পেঁপা, গগণা, গেজেং, দবুৱা কটাৰী, কাকৈ ফণীৰ টোপোলাটো হাতৰ পৰা পিছলি মজিয়াত পৰি গৈছিল৷ এপলক স্তম্বিত হৈ ৰৈছিল মাক মজিয়াত পৰা টোপোলাটোলৈ চায়। আটাইকেইপদ বস্তুৰে ওপৰত সময়ৰ আচোঁৰত ঈষৎ বগা চামনি এটা পৰিছিল। মাকে একেথৰে চাই থকা দেখি আয়তীসকলে জোকাইছিল, দীনমাইৰ আজি চেনিমাই হৈ থকা দিনলৈ মনত পৰিল বুলি৷ দীনমাই লাজত অলপ ৰঙা হৈছিল যদিও হাঁহিৰেই জোকোৱা আয়তীসকলক সহযোগ কৰি সযতনে বস্তুকেইপদ বুটলি একে ভাঁজেই পেৰাটোত ৰাখিছিল আৰু কৈছিল– “এৰা! কি ক’বি আইহঁত এই দীনমাইৰ চেনীমাই দিনৰ কথা৷ তাহানি ৰাতি বিহু মাৰিবৰ বেলিকা বিহু গাবলৈ মাত মিঠা হওক বুলি পাহাৰীৰ বাপেকে মানে আমাৰজনে সদায় এটাকৈ লোজেন গুটি খুৱাইছিল৷ মিঠা লোজেন গুটি খোৱাৰ লোভতে আগদিনা ভালপাওঁ বুলি কৈ পিছদিনা বিহুবৰ গাঁৱৰ বিহুত কঁকাল লগাকৈ হেঁপাহ পলুৱাই নাচি উঠি দিছিলোঁ আমাৰজনৰ চাইকেলত৷ মোক কেৰিয়াৰত বহাই আমাৰজনে সেইদিনা ভয়তে নে প্ৰেম জয়তে যি চাইকেল চলাইছিল মোৰ এনে লাগিছিল যেন চাইকেল নহয় যমৰথহে আৰু চলোৱাজন মোকে পলুৱাই নিবলৈ অহা কোনোবা মায়াবী যমদূতহে৷ কৰ্ফাল খাই পৰি যাওঁ বুলি ভয়ো লাগিছিল, গাত ধৰিবলৈও লাজ৷ কি কৰোঁ, কি নকৰোঁ বুলি ডিঙিত আঁৰি পিঠিলৈকে পেলাই লোৱা তেওঁৰ বিহুৱা জোলোঙাটোত থকা পেঁপাটোকে খেপিয়াই পাই জোলোঙাৰ ওপৰতে খামুচি ধৰিছিলোঁ৷ মই ইমানেই টানকৈ ধৰিছিলোঁ যে বেচেৰা মানুহটোৱে ততেই নাপালে, আলিবাটটোতে দুয়োটা মুখ থেকেচা খাই বাগৰি পৰিলোঁ। কেঁকাই মেকাই দুয়োটা থিয় হওঁতেই চকুত পৰিছিল, আমাৰ দুয়োৰে মিলন ঘটক পেঁপাটো দুটুকুৰা হৈ ইতিমধ্যে শ্বহীদ হৈছে। তথাপিও যৌতুকীয়া সম্পত্তি বুলি বুটলি আনিছিলোঁ৷ এনেও যৌতুকীয়া সম্পত্তি বুলিবলৈ পিন্ধি অহা কাপোৰযোৰ, গগণা, গেজেং আদিৰ বাদে বেলেগ একো নাছিল৷ লোজেন গুটিৰ লোভত পলাই অহাজনীয়ে ইয়াতকৈ বেছি আশাই কৰিব পাৰোঁ কেনেকৈ, নে কি কৱ?”

সকলোৱে গিৰ্জনি মাৰি হাঁহিছিল দীনমাইৰ সাধু যেন লগা অতীতৰ কথাবোৰ শুনি৷ সেইদিনা ৰাতি দীনমাইয়ে সৰু মাতত বিহুনাম কেইটামান গুণগুণোৱাও পাহাৰীয়ে শুনিছিল৷

সৌ সিদিনা গাত পানী ঢলা পাহাৰী এতিয়া বৰজনী হ’ল৷ সময় সলনি হ’ল৷ চাইকেলৰ কেৰিয়াৰত উঠি পিৰিতি কৰা মাকৰ জীয়েক এতিয়া বাইকৰ পিছ চিটত হেন্দোলি ফুৰিব পৰা হ’ল৷ ওচৰ-চুবুৰীয়াৰ সতিনী মেলত বিষয় হিচাপে স্থান পাব পৰাকৈ তাইৰ যোগ্যতা হ’ল৷ এদিনটো সতিনী মেলৰ নিৰ্দিষ্ট বক্তা শইকীয়ানীয়ে কৈয়ে পেলালে, “পাহাৰী বোলাজনীৰ পেছ দেখিছা, কিবা বোলে হিৰয়িনী হ’ব বিহু নাচি নাচি। যোৱাবছৰ একে লগে বিহু মৰা জাঁজীৰ ঢুলীয়াটোৰ লগত তাইৰ বোলে ‘আই লাভ ইউ’ চলিছে”।

তাৰপিছত সতিনী মেলৰ অন্য গৱেষক বক্তাসকলে “পাহাৰী” বিষয়টোৰ ওপৰত অষ্ট্ৰোপ্ৰচাৰ চলালে আৰু নিজে জনা বা গৱেষণাত সৃষ্টি কৰি উলিওৱা কথাবোৰ শূণ্যত টোৱাই মৰা কাঁড়ৰ দৰে সংযোগ কৰি গ’ল মেলত, তথা প্ৰতিটো পৰৱৰ্তী সতিনী গৱেষণা চক্ৰত৷

পাহাৰীৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই৷ তাইৰ কথা আলোচনা হয় বুলি জানে যদিও সেইবোৰলৈ মনেৰে প্ৰকাণ্ড বুঢ়া আঙুলি এটা দেখাই তাই নিজৰ লক্ষ্যত কৰ্মত যেন অটল৷ বিহুৰ প্ৰতি তাইৰ প্ৰেম শ্বাশ্বত, সেই প্ৰেমৰ বাবেই কিজানি যোৱা বছৰ বিহুত লগ পোৱা একেলগে বিহু মৰা বিপুলৰ ঢোলৰ ছেৱত তাই আনবাৰতকৈ বেছি কঁকাল ভাঙিছিল৷ তাৰ ঢোলৰ ৰগৰত আনকালে কাহানিও অনুভৱ নকৰা এক শিহৰণে মোবাইলৰ ভাইব্ৰেচনৰ লেখীয়াকৈ পাহাৰীৰ গা-মন কঁপাই তুলিছিল৷ পাহাৰীয়ে জানিছিল, বাওঁ হাতেৰে ঢোলৰ মাৰি লৈ দীঘল চুলিৰ বিপুলে চুলি নচুৱাই যি আপোন পাহৰাহৈ ঢোল বজায়, সেই ধ্বনিয়ে তাইৰ দৰে আন বহুতো গাভৰুৰ মনতো “ধিনিকি ধিন দাউ” যে বজাব, সেয়া খাটাং ৷ আনে বিপুলক নিজৰ কৰা চাই সময়ৰ ওচৰত হাৰি “মীনা কুমাৰী” হৈ কান্দিবলৈ মন নাই পাহাৰীৰ। গতিকে কোনো আগ পিছ নাভাৱি এদিন বিহু মাৰি গামোচাৰ পতাকা উৰুওৱা উইংগাৰ গাড়ীখনত সিহঁতৰ দলটোৰ সৈতে ঘৰলৈ গৈ থাকোঁতে হঠাৎ বিপুলৰ হাতখন খামোচ মাৰি ধৰিছিল পাহাৰীয়ে৷ তাৰ পিছত হাতত গুজি দিছিল তিনি পৃষ্ঠাৰ এখন চিঠি৷ ক’বলৈ সেয়া প্ৰেম প্ৰস্তাৱৰ চিঠি আছিল যদিও আনে দেখাৰ পৰা বচাবলৈ যাওঁতে যাওঁতে সেইখন হাতৰ মাজতে চিঠি লাডুলৈ পৰিণত হৈছিল৷ যেন সেই মুহূৰ্ততে বিপুলে লাড়ুটো হাতৰ পৰা নি মুখত ভৰাই গিলি দিব আৰু উগাৰ মাৰি ক’ব “মইও তোমাক ভালপাওঁ পাহাৰী” ৷

পিছে তেনে নহ’ল৷ বিপুলে লাড়ুটো কোনেও নেদেখাকৈ টঙালীৰ খোঁচনিতে ভৰাই থ’লে৷ সেইদিনা বিহু নচাৰ ভাগৰক নেওচি শেহ নিশা শুবলৈ লৈও পাহাৰীৰ টোপনি নাহিল, বিচনাখনতে উচপিচাই থাকিল। লগতে শোৱা মাক দীনমায়ে তাইৰ পিনে মুখ কৰি বাগৰ সলালেই চকু মুদি ভুৱা কুম্ভকৰ্ণৰ অভিনয়ত ব্যস্ত হৈ পৰিছিল তাই। কিন্তু চকু মুদিলেই পাহাৰী সীতাৰ মনত যে ৰামচন্দ্ৰ বিপুলৰ অৱাধ অহা-যোৱা চলিছিল সেইদিনা৷ ঢোলৰ ছেওঁবোৰ বুকুৰ ঢপঢপনি হৈ বাজি আছিল৷

ৰাতি পাৰ হৈ পুৱা হৈছিল৷ পাহাৰী ৰৈ আছিল সন্ধ্যালৈ। সন্ধ্যা হ’লেই বিহু মাৰিবলৈ যাওঁতে পুনৰ বিপুলক লগ পাব, চিঠি লাড়ুটিৰ সোৱাদৰ আভাস পাব৷ যদি চিঠিখনৰ উত্তৰটো তাই ভবাৰ ধৰণে নহয় তাই কেনেকৈ নাচিব, কেনেকৈ নিজক বুজাব, কেনেকৈ তাই বিপুলৰ চকুত চকু থৈ হাঁহিমুখে মঞ্চত বিহু জুৰিব! এগালমান অনুভৱৰ খিচিৰি খাই গেছট্ৰিক হোৱাৰ দৰে বুকুখনত উকমুকনি হৈছিল পাহাৰীৰ৷ সময়বোৰো ৰোলাৰৰ চকাৰ দৰে ঘূৰিছে বিপুলৰ বুকুলৈ যোৱা তাইৰ আলিবাটটোৰ শিলগুটি-আলকতৰাবোৰ হেঁচি সমান কৰি…

সন্ধ্যা হ’ল ৷ উইংগাৰখনে হৰ্ণ মাৰিলে পাহাৰীহঁতৰ ঘৰৰ পদূলিত৷ বৰদৈচিলাজনী হৈ পাহাৰী একে উশাহতে গৈ গাড়ীত বহিহে উশাহটো সলালে৷ কাষত ভাগ্যক্ৰমে বিপুলেই বহি আছিল৷ সি তাৰ সোঁহাতখনেৰে তাইৰ গলধন পাৰ কৰি সোঁবাহুটোত হেঁচুকি ধৰি তাৰ বুকুলৈ মিহিকৈ টানি আনিলে এবাৰ৷ তাই তাৰ চকুলৈ চালে, মিচিকিয়া হাঁহি এটাৰে সম্ভাষণ জনালে সি৷ বেকগ্ৰাউণ্ডত যেন “দিদিএলজে”ৰ মেণ্ডলিনহে বাজি উঠিল পাহাৰীৰ বাবে ৷ তাই সকলোৱে শুনাকৈ ক’লে, “আজি অলপ গাটো ভাল নহয়৷ অলপ শুই লওঁ, তেতিয়াহে নাচিব পাৰিম। পেণ্ডেল পালে জগাই দিবিহঁত”। তাৰপিছত বিপুললৈ চাই মিচিককৈ দুষ্টামিৰ হাঁহি এটা মাৰি তাৰ কান্ধতে মূৰটো পেলাই দিলে৷ গাড়ী চলি থাকিল, ড্ৰাইভাৰৰ ব্ৰেকত ভৰি পৰিলেই পাহাৰীৰ মূৰটো ব্ৰেকফেইলহৈ বিপুলৰ পিনে বেছিকৈ আৰু বেছিকৈ দোঁ খাই গৈ থাকিল…..

সেয়াই আৰম্ভণি৷ বিহু গ’ল৷ তথাপিও দৈনন্দিন জীৱনত প্ৰেম নিগাজি হৈ ৰ’ল৷ চিৰাচৰিত ধৰণেই প্ৰেমিক যুগলৰ মিলা-মিচা, কথা-বাৰ্তা৷ প্ৰেম পৰিবৰ্তনৰ নামত পাহাৰীৰ ভ্ৰমণ শৈলীৰ পৰিবৰ্তন হ’ল৷ ঢেপঢেপ শব্দৰ টেম্পোত কলেজলৈ অহা যোৱা কৰা পাহাৰীয়ে মাকে নেদেখা নিৰাপদ দুৰত্বত থকা ষ্টপেজত নিতৌ কলেজ বাছত কলেজ আহিবলৈ পোৱা হ’ল৷ কলেজ বাছ বোলোতে বিপুলৰ ৰঙা ৰঙৰ হিৰ’হোন্দা বাইকখন৷ সেইখনত অহা যোৱা কৰাৰ বাবেই শইকীয়ানীহতঁৰ লেখীয়া আড্ডা-মেলবোৰত বিপুল-পাহাৰী নাম দুটাৰ টি আৰ পি বাঢ়ি গ’ল৷ অৱশ্যে সেইবোৰক আওকাণ কৰি পাহাৰী-বিপুলৰ প্ৰেম একে হৈ থাকিল৷ লগতে একে হৈ থাকিল পাহাৰীৰ বিহু প্ৰীতিও। বিহু প্ৰীতিত প্ৰেম পিৰিতিয়ে সুৱগাহে চৰালে৷ সেয়ে বিহু মাৰিবলৈ আগতীয়াকৈ সাজু হ’ল পাহাৰী৷ তাই আঙুলিৰ মূৰত দিনটোৰ ২৪ ঘন্টাত ২৫ বাৰকৈ দিন গণি থাকোঁতেই বিহুৰ আখৰা আৰম্ভ হ’ল এদিন৷ সন্ধ্যা সময়ত পুনৰ আকাশে বতাহে গুঞ্জৰিত হ’ল ঢোল-পেঁপাৰ মাত, কি নাচনী-কি বিহুৱা, সকলোৰে তত নাইকিয়া হ’ল গাত৷ আখৰা চলিছে পাহাৰীহঁতে সৰুতে পঢ়া বুনিয়াদী বিদ্যালয়খনতে৷ তাইৰ ঘৰৰ পৰা তিনি কি:মি: হয় যদিও মনৰ আনন্দতে সেই দূৰ অতিক্ৰম কৰাৰ চিন্তাকো দূৰতে থৈ আবেলিতে খোজ কাঢ়িয়ে পাহাৰীয়ে আখৰাথলীত উপস্থিত হয়৷ কেতিয়াবা অৱশ্যে খুড়াকৰ ল’ৰা বুবুক মাকে লেমটো কৰি বায়েকৰ লগত পঠায়৷ আখৰা শেষ কৰি আহোঁতে নিশা দেৰি হয় বাবে বুবু নোযোৱাৰ দিনা বিপুলে তাইক ঘৰত থৈ যায়। কোনে থ’লেহি বুলি সোধা মাকৰ প্ৰশ্নবাণত তাই সলাই সলাই প্ৰতি দিনাই দলটোৰ আন আন সদস্যবোৰৰ নাম কয়৷

নাৰীৰ মহিমা অপাৰ, মনৰ ভিতৰত কি চলি থাকে তাৰ সম্পূৰ্ণ উমান কোনেও ল’ব নোৱাৰে৷ সেইদিনা যেন তাৰেই প্ৰমাণ হ’ল ৷ আখৰা আৰম্ভ হোৱা প্ৰায় পোন্ধৰদিন মান হৈ গৈছে৷ পাহাৰীৰ ঘৰত নিশা হুৱা-দুৱা লাগিল৷ কথাৰ বুজ লওঁ বুলি ওচৰ-চুবুৰীয়া সকলো গোট খালে৷ শইকীয়ানীহঁতৰ গেঙটোও সোঁহাতে মাটিৰ চাকিটো লৈ বাওঁ হাতে কোচোৱা মেখেলাখন ধৰি সেইখিনি পালেহি৷ পাহাৰী ঘৰত নাই৷ মাক দীনমাইয়ে জীয়েকৰ কথা কৈ কৈ মনত পেলাই কান্দি আছে৷ মাকৰ কান্দোন আৰু কথাৰ মিশ্ৰিত ভগ্ন সুৰত শব্দবোৰ ভগ্নাৱশেষ হৈহে ওলাইছে৷ পাহাৰী, আইজনী, মৰতী শব্দকেইটিৰ বাদে বুজিব পৰা স্পষ্ট শব্দ নাছিল কথাবোৰত। বহুত মন দিওঁ একো নুবুজি শইকীয়ানীয়ে খঙত গুজৰি উঠিল, “ৰ’হ অ দীনমাই, বিলাপৰ সুৰত কথা কোৱা বাদদি চিধা-চিধি কথাটো ক’চোন৷ নহ’লে আমিবিলাক কল্যাণ খৰমান গাই ঘৰলৈ যাওঁ, তই ভাওনা কৰি থাক”—

সেই ধমকিতহে গালৈ হুচ আহিল দীনমাইৰ৷ অলপ পৰ ৰৈ তাই কথাখিনি ক’লে৷ আন দিনাৰ দৰে আজিও পাহাৰী বিহুৰ আখৰালৈ বুলি গৈছিল৷ ইউনিট পৰীক্ষা চলি থকাৰ বাবে বুবু আজি লগত নগ’ল৷ বুবুৰ দেউতাক সেইফালেই কাৰোবাৰ ঘৰত সত্যনাৰায়ণ পূজাৰ কামত গৈছিল, ঘূৰি আহোঁতে পাহাৰী আখৰাতে আছে যদি লৈ যাওঁ বুলি সোমাইছিল৷ পিছে দলৰ লগৰবোৰে তাই আজি নাই অহা বুলি কোৱাত ঘৰলৈ গুচি আহিল৷ এতিয়া বুবুক আখৰালৈ নোযোৱা পাহাৰী বায়েকৰ কি হৈছে বুলি সুধিবলৈ পঠোৱাতহে দীনমাইয়ে গম পালে, জীয়েক যে আখৰালৈ বুলি ওলাই ক’ৰবালৈ গ’ল৷ কিন্তু ক’লৈ গ’ল, কাৰ লগত গ’ল, কোনোবাই গাভৰু জীয়েকক অপহৰণ কৰিলে নেকি, ক’ৰবাত আত্মজাহ দিলেগৈ নেকি আদি নানা চিন্তাই জুমুৰি ধৰা দীনমাইয়ে আকৌ হাউ হাউকৈ কান্দিবলৈ ধৰিলে৷ পুনৰ শইকীয়ানীৰ গেঙৰে বৰানীয়ে মাত লগালে, “ক’তনো যাব জীয়েৰে? সেই জাঁজীৰ ঢুলীয়া বিপুলেই পলুৱাই নিলে চাগে তাইক৷ ঢোল বজাইয়ে জীয়েৰক ভোলালেযে গম নাপাৱ হ’বলা?”

শইকীয়ানীয়ে সেই সময়তে ভেঙুচালি কৰি টেপেচকৈ মাতিলে, “এৰা, মাকৰ বাবে চেনাই মোৰ পেঁপুৱা আছিল যেতিয়া জীয়েকৰ বাবে চেনাই মোৰ ঢুলীয়া হোৱাটো কিনো আচৰিত কথা”– ইজনীয়ে সিজনীলৈ চকুৱে চকুৱে চাই ঠাট্টাৰ সুৰত হাঁহি দিলে৷ দীনমাইয়ে কথাবোৰলৈ কাণসাৰ নিদিলে৷ ইতিমধ্যে পাহাৰী ঘৰত নাই বুলি খবৰটো পাই আখৰা কৰি থকা বিহু দলটোৰ মানুহবোৰ সেইখিনি পালেহি৷ কিন্তু সকলোকে আচৰিত কৰি বিশেষকৈ শইকীয়ানী গেঙৰ মুখকেইখনত ক’লা ছাই সানিবলৈহে যেন আৱিৰ্ভাৱ হ’ল ৰঙা হিৰ’হোণ্ডা বাইক এখন। তাৰ পৰা কান্ধত ঢোল এটা ওলমাই নামি আহিল বিপুল৷ সকলোৱে নিজৰ মাজতে কথাত মচগুল হ’ল৷ পাহাৰীৰ ঘৰখন ভূণ ভূণ কৰা ভেনা মাখিৰ বাহলৈ পৰিণত হ’ল৷ তাৰমানে পাহাৰী বিপুলৰ লগত পলাই যোৱা নাই? তেন্তে কাৰ লগত গ’ল? ক’লৈ গ’ল? সঁচায়ে আত্মজাহেই দিলে নেকি? উত্তৰবোৰ উলিওৱাত আউল লাগিল সকলোৰে৷ সমবেত বাৰ্তালাপৰ বেহু ভাঙি বিপুলে দীনমাইৰ ওচৰত গৈ ক’লে– খুড়ীদেউ, ইমান সময় কিয় বাট চাই আছে? পুলিচত খবৰ দিয়াই ভাল হ’ব৷ তাই যে এনেকে নাইকিয়া হ’ব, মই সপোনতো ভৱা নাছিলোঁ৷ এনেকৈ হাত সাৱটি থকাতকৈ মইয়ে গৈ পুলিচ থানাত এজাহাৰ এখন দি আহোঁ৷

দীনমাইয়ে একো নামাতিলে৷ এইবাৰ গোট খোৱা ৰাইজক উদ্দেশ্যি বিপুলে পুনৰ মাত লগালে, আপোনালোকো ঘৰে ঘৰে যাওক৷ এনেকৈ ৰৈ নিজৰ মাজতে কথাৰ মহলা মাৰি থাকিলে একো উত্তৰ নোলায় পাহাৰীৰ।

শইকীয়ানীৰ গেং সহিতে মানুহবোৰৰ এটা এটাকৈ ওলাই গ’ল ঘৰটোৰ পৰা৷ দীনমাই তেতিয়ালৈ লেবেজান হৈ পৰিছিল। বিপুলে বুবুৰ সহায়ত দীনমাইক বহা ঠাইৰ পৰা নি বিচনাত শুৱাই দিলে আৰু সি পুলিচ থানাত খবৰ দি ঘূৰি নহালৈকে বুবুক বৰমাকৰ লগতে থাকিবলৈ কৈ ওলাই আহিল৷ কান্ধত ঢোলটো লৈ বাইক ষ্টাৰ্ট দি ভুৰুংকৈ নোহোৱা হৈ পৰিল সি৷

বিপুল ওলাই যোৱা প্ৰায় দুই ঘণ্টা হওঁ হওঁ হৈছে৷ আমো নাই ফৰ্মুঠিও নাইৰ দৰে কথা হোৱাত ব্যতিব্যস্ত হৈ পৰিছে দীনমাই, লগতে বুবু ৰৈ ৰৈ অতীষ্ঠ হৈ গৈছে৷ অতীষ্ঠতাত ইফাল সিফাল কৰি থাকোঁতেই হঠাৎ বুবুৰ চকু পৰিল দীনমাইক শুৱাই দিয়া বগা গাৰুটোৰ তলত আধা ওলাই থাকা এটি লেফাফাৰ ওপৰত৷ সি হুৰমুৰকৈ লেফাফাটো খুলি ভিতৰত থকা কাগজ এখন উলিয়ালে৷ “মৰমৰ মাই”৷ বুবুয়ে শব্দ দুটা কওঁতেই শোৱাৰ পৰা বহি পৰিল দীনমাই, বুকুখন চিৰিংকৈ মাৰিলে তাইৰ৷ তাই দীঘলকৈ উশাহ এটা লৈ বুবুক হাতেৰে পঢ়িবলৈ ইংগিত দিলে ৷ বুবুৱে পঢ়ি গ’ল…

“মৰমৰ মাই, বেয়া নাপাবি মই আহিবলৈ বাধ্য হ’লোঁ৷ মই জানো, এনে এটা কাম কৰাৰ পিছত তই ক্ষমা কৰিব নোৱাৰিবি৷ কিন্তু মই যে পৰিস্থিতিৰ দাস হৈ গ’লোঁ৷ মই তোক এৰি থাকিব নোৱাৰোঁ, কিন্তু এতিয়া যে মই এওঁক এৰিও থাকিব নোৱাৰোঁ। সেয়ে আজি ওলাই আহিলোঁ আখৰাৰ গইনালৈ৷ এতিয়া ষ্টেচনত ৰৈ আছোঁ, জাঁজীত৷ আজি গৈ নামনিত থকা এওঁৰ সম্পৰ্কীয় এজনৰ ঘৰত থাকিম৷ তই চিন্তা নকৰিবি, বিচাৰিব নালাগে মোক৷ মইও তোৰে ছোৱালী মাই, তই পেঁপুৱাৰ তিৰি আছিলি আৰু আজিৰ পৰা মই ঢুলীয়াৰ গৃহিনী৷ দূৰৈৰ পৰাই আশীৰ্বাদ কৰিবি৷
ইতি তোৰ আইজনী, পাহাৰী”

(বি:দ্ৰ: ট্ৰেইনখন পাঁচ ঘণ্টা পলম হৈ আছে। আমি ইয়াৰ পৰা ৰাওনা হ’ব লগা নিৰ্দ্ধাৰিত সময়ৰ খেলিমেলি হোৱাত তই হুৱাদুৱা লগাই আমাক বিচাৰি ইয়ালৈ মানুহ পঠাৱ বুলিয়ে জোৱায়েৰকে পঠালোঁ পৰিস্থিতিৰ বুজ ল’বলৈ। তেওঁক দেখিলে সকলোৰে সন্দেহৰ ওৰ পৰিব বুলি বিশ্বাস আছে)।

বুবু ৰৈ গ’ল। বৰমাকলৈ তধা লাগি চাই ৰ’ল সি৷ বৰমাকক কি বুলি বুজাব এতিয়া, ছোৱালী পলাই গ’লে মাকক কি বুলি বুজাব লাগে সি যে নাজানে৷ বৰমাকক হেচটেগ টিপি চাইলেন্ট কৰি দিয়া মবাইলটোৰ দৰে লাগিল তাৰ৷ লগাটো স্বাভাৱিক৷ তেতিয়ালৈ দীনমাইৰ বুকুত তাহানিৰ চেনাইয়ে বজোৱা পেঁপাৰ মাতটো ক্ৰমান্বয়ে চেহনাই হৈ বাজিবলৈ ধৰিছিল৷

ইফালে বিপুলে ঘৰত বাইক থৈ ঢোলৰ গুমগুমনি তুলি খৰতকীয়া খোজেৰে ষ্টেচনলৈ বুলি ঢাপলি মেলিছে। দূৰণিত ট্ৰেইনখনে উকি মাৰিছে৷ পাহাৰী তেতিয়া অপেক্ষাৰ চুড়ান্ত পৰ্যায়ত৷ বাৰে বাৰে ষ্টেচনৰ গেটটোলৈ চাই হতাশ হৈ পৰিছে৷ ক’ব নোৱাৰাকৈ তাইৰ মুখেৰে নিগৰিছে….
“ঢোল পেঁপা গগনা বাজিছে মোৰ চেনাই ধন,
কহুৱা তুলাৰ দৰে উৰিছে মন চেনাইধন…”

☆★☆★☆

4 Comments

  • Juri Devi

    Khub dhuniaa. Xobdo aaru bakyor gathoni logote byobohar dhuniaa. Uposthapon dhuniaa.
    Besi val lagil bihur logot xomporko thokar babe. Bihu bulile aami aneiu boliya

    Reply
  • Rocktabh Kumar Das

    নয়ন দা, মজ্জা লাগিল 😌😌😌

    Reply
  • নিহাৰীকা

    বিৰাট ভাল লাগিল

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.