ফটাঢোল

পৃথিৱীৰ অসুখ – সূৰুয আকাশ পাঠক

পৃথিৱীৰ দেহা পৰে বাঢ়ি অহা নৰিয়াত
ভাইৰাছে কণী পাৰে ছ’লি মুতা চৰিয়াত…

খেতি কৰি সুজে হেনো জমিদাৰৰ ধাৰ
ৰংমনে হাল মাৰে চাহাবৰ পথাৰত,
তথাপি মৰি নাহে সুতে-মূলে চবখিনি
জমিদাৰে খুটা পোতে ৰংমনৰ চোতালত…

ফচলৰ দাম নাই, কৃষকৰ নাম নাই
মধ্যভোগীৰ পেট দিনে দিনে বাঢ়ি যায়,
উচিত ধন নাপাই দুখতে হৈ একো নাই
কৃষকে পন্তা ভাতত ফুৰাদন মিহলায়…

-“টিকা ফটা ৰ’দ বুলি বেছিকৈ পাঁচটা
টকা দিয়ক না দাদা দীঘলীয়া ৰাস্তা!”
-“ফুটনি নেমাৰিবি লোকেল হয় মই
দিনে আহো দহ টকা, বেছিহে হয়!”
দাদাৰ ধমক শুনি সেমেনা-সেমেনি হোৱা
ৰিক্সাৱালাৰ ঘাম মূৰতে শুকায়,
দাদায়ো শ্বপিং মলৰ ফিক্স-প্ৰাইচৰ মোনাটো
গৰ্বৰে খামুচি ভিতৰ সোমায়…

বাটে-ঘাটে টনা-টনি, মৰা-মৰি য’তে-ত’তে
দিনে দিনে চৰিছেহে পৃথিৱীৰ নৰিয়া,
ইজনে আনজনৰ যেনেকেহে মান কুটে
বুজিবকে নোৱাৰি মানুহ নে ধৰিয়া!

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.