ফটাঢোল

প্রজাপতয়ে নমঃ – বিৰিঞ্চি কুমাৰ দাস

অৱশেষত যোৱাটোৱেই ঠিক হ’ল। বহু ভবাগুণাৰ অন্তত সি অৱশেষত সিদ্ধান্তলৈ আহিল, যাব লাগিবই। হওঁতে যাবলৈ বৰ মন নাছিল। কেনেকৈনো যায়! ইমানবোৰ কাম, ইমানবোৰ দায়িত্ব। ছুটীৰ কথা ক’লেই অধ্যক্ষই এনে দেখুৱায় যেন কিলোগ্রামত এহেজাৰ টকাকৈ কিনা দুই কিলোগ্রাম আঁৰি মাছহে আৱৰ্জনাৰ দমত পেলাই আহিবলৈ কোৱা হৈছে!

: ক্লাছ খতি হৈ থাকিলে ছাত্র-ছাত্রীৰ কোৰ্ছ কেনেকৈ শেষ হ’ব?

অথচ সি ছুটী তেনেকৈ নলয়েই, ক্লাছো বৰকৈ খতি নকৰে। কথাটো অধ্যক্ষয়ে জানে, তথাপি ক’ব লাগে কাৰণে, বা তেনেকৈ কোৱাটো তেওঁৰ অভ্যাস কাৰণে, কয়। ইফালে নিজৰে ল’ৰা-ছোৱালীৰ পৰীক্ষা৷ সি ঘৰত নাথাকিলেই ড’মেন, পোকেমন, ৱাটছএপ, ফেচবুক, টিকটক। মাকক পাত্তাই নিদিয়ে। গতিকে ডেৰশ কিলোমিটাৰ ষ্টাৰবাচ-টাটা মেজিক-পিলপিলি, কান্ধত বেগ, হাতত উপহাৰৰ টোপোলা, গুগল মেপ, বিয়াৰ চিঠিখন উলিয়াই বিবাহভৱনৰ নামটো নিশ্চিতকৰণ – এইবোৰৰ মাজেৰে বিয়া খাবলৈ যােৱা, তাতে ৰাতি থকাকৈ…. ক’ত আৰু যোৱাৰ মন থাকে !

পিচে নহ’ল। নোযোৱাৰ সিদ্ধান্তত সি বাহাল থাকিব নােৱাৰিলে। কথা হ’ল, ল’ৰাৰ মম-ডেড, মানে মাক-দেউতাক দুয়ো আহিছে মাতিবলৈ; সি নাম নুশুনা লেটেষ্ট মডেলৰ দামী গাড়ীৰপৰা কঢ়া ইস্ত্ৰিৰ চিন থকা পোচাকেৰে নামি আহি, দেখাত কোনোবা অত্যুৎসাহী কবিয়ে জেপৰ ধন নে বাকচৰ ধন ভাঙি নিজে উলিওৱা সৰু কবিতাৰ কিতাপ যেন লগা আঢ়ৈশটকীয়া নিমন্ত্ৰণী পত্র, চিকচিকীয়া বটাত চাৰিটা তামোলে আঁঠখিলা পাণে আগবঢ়াই দি বিয়ালৈ মাতোতে দহাই দহাই কৈছে, নগ’লে ‘মস্ত’ বেয়া পাব৷ অকল বিয়া খাই গুচি আহিলে নহ’ব, ৰাতি দৰাৰ লগতো যাব লাগিব। বহিবলৈ কওঁতে, নাই নাই, একেবাৰে সময় নাই, আজিয়েই আৰু এঠাইলৈ গৈ বিয়াত মতা কামটো কৰি আজিয়েই উভতিব লাগিব, অতবোৰ কাম, জুৱেলাৰী, ফেশ্যন হাউচ, ডেক’ৰেশ্যন, ৰান্ধনি, কেটাৰিং, হেন, তেন, ইমানবোৰ মানুহ থাকোঁতেও সকলােফালে

নিজে জোৰা নামাৰিলে নহয়, একমাত্র পুত্ৰৰ বিয়া, আঢ়ৈহাজাৰমান মানুহতো হ’বই, বেছিহে হ’ব, বাংগালুৰুত তাৰ সৈতে চাকৰি কৰা আৰু অন্য বন্ধু-বান্ধৱেই আহিব পঞ্চাছজনমান, ইমানবােৰ মানুহ, তাতে সিহঁতৰ থকাৰ ব্যৱস্থাওতো য’তে ত’তে কৰিলে নহ’ব, ফোৰষ্টাৰ হোটেলতো মিনিমাম, কইনাৰ দেউতাক বৰ ধনী মানুহ, কিবা চৰকাৰী চাকৰি কৰিছিল হেনো, অজস্র ধন-সম্পত্তি কৰিলে, জীয়েকৰ বিয়াত কিমান কি যে দিব, আমিও সিমান নোৱাৰিলেও কিছুতো মিলাব লাগিবই, কইনাক জোৰোণত দিবলগীয়া গহনাখিনি দিল্লীতে কৰি অনা হৈছে, কোনোমতে বিছ লাখত হৈ গৈছে, কইনাপক্ষৰ মানুহক মান ধৰিবলগীয়া কাপোৰতে তিনি লাখ গৈছে, সকলোবোৰ কলকাতাৰ পৰা অনা, ইফালে বিবাহভৱনবোৰেও কেৱল গণি গণি টকাখিনিহে ল’ব পাৰে, আগতে ঠিক মতে লাগি নাথাকিলে সময়ত এইটো নাই, সেইটো নাই, ক’তবোৰ লেঠা উলিয়ায়৷ সময় নাই নাই বুলি কৈ থাকিও দৰাৰ মাক-দেউতাকে একে উশাহে থিয়ৈ থিয়ৈ আৰু ওপৰাউপৰিকৈ ইমানবোৰ কথা ক’লে যে সেইখিনি সময়তে বহি লৈ চাহ একোকাপ খায়েই যাব পাৰিলেহেঁতেন।

গতিকে যাবই লাগিব। সি কল্পনাও কৰিব নােৱৰা ইমান বিশাল এক আয়োজনৰ ব্যস্ততাৰ মাজতো তাক মাতিবলৈকে গাড়ী দৌৰাই মানুহহাল ইমান দূৰ আহিছে, কম কথানে? অন্ততঃ সেই কথাটোৰ সন্মান ৰাখিয়েইতো সি বিয়ালৈ নোযোৱাকৈ থাকিব নোৱাৰিব। সি যাব লাগিবই। সৌজন্য বুলি এটা কথা নাই জানো?

সি অৱশ্যে বৰ বেছি চা-চিনাকি নথকা, কেৱল বিয়া-বাৰুৰ সময়তহে মনত পেলােৱা বা পেলাবলগীয়া ধৰণৰ মানুহৰ বিয়ালৈ যাবলৈ বৰ ভাল নাপায়। এবাৰতো তাৰ সমস্যাই হৈছিল। তাৰ প্ৰাক্তন ছাত্রী এগৰাকীয়ে তাক তাইৰ বিয়ালৈ মাতিছিল৷ বিয়াৰ দিনা গধূলি সময়ত তাক সুধি বিয়াঘৰ উলিয়াই ৰভাথলীৰ এচুকত সি বহিলগৈ। বহুসময় ধৰি তাক কোনেও মতা নাই। আন মানুহক খাবলৈ মাতি নি আছে, তাৰ পিনে দুই এজনে মাজে মাজে চাইছে যদিও খাবলৈ হ’লে তাক মাতি নিয়া হােৱা নাই৷ কইনাৰ বাহিৰে তাক কোনেও চিনি নাপায়, কিন্তু কইনাৰনো ক’ত সময় আছে তাৰ পিনে চকু ঘুৰাবলৈ! কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোঁতেই এপাকত এগৰাকী বয়সস্থ মহিলা আহি তাক সুধিলে,

: আপোনাক দেখোন চিনিব পৰা নাই৷ আপুনি কোননো?

প্রশ্নটোৱে তাক হতভম্ব কৰিলেও কিয় জানো, তাৰ অলপ ধেমালি কৰিবলৈ মন গ’ল; সি ক’লে,

: কিয়, আপোনাৰ এনেকুৱা লাগিছে নেকি যে মই নমতাকৈ বিয়া খাবলৈ আহিছোঁ?

: এ এ কি কয়, মই মানে আপােনাক আগতে দেখা নাইতো, সেই কাৰণে সুধিলোঁ। আপুনি আমাৰ মাইৰ বন্ধু নেকি, তাইৰ লগত একেলগে কাম কৰে নেকি?

সি তাৰ ধেমালিৰ মুডত থাকিয়েই ক’লে,

: মই নকওঁ দিয়ক। তাতকৈ আপুনি এটা কাম

কৰিব, মই যোৱাৰ পিছত আপুনি আপোনাৰ মাইকে সুধিব, এই মানুহজন কোন বুলি৷

: কিয় তেনেকৈ কৈছে? সোধা বাবে বেয়া পালে নেকি? চিনি নোপোৱা কাৰণেহে সুধিছোঁ৷ কওকচোন।

সি একো উত্তৰ নিদি কেৱল মিচিকিয়াই হাঁহি থাকিল৷ হঠাৎ কইনাৰ চকু তাৰ ওপৰত পৰিল, মাকক তাৰ সৈতে কথা পাতি থকা দেখিলে, আৰু সেয়ে তাই ইংগিতেৰে মাকক কাষলৈ মাতি নি কিবা ক’লে৷ মাকে এইবাৰ দৌৰাদৌৰিকৈ তাৰ ওচৰলৈ আহি ক’লে,

: এ আপুনি কিয় ইমান সময়ে কোৱা নাই আপুনি আমাৰ মাইৰ ছাৰ হয় বুলি৷

উত্তৰত সি কেৱল মিচিকিয়াই হাঁহিলে।

নিজৰ চহৰতেই বিয়া খাবলৈ গৈ এই অৱস্থা। দূৰৰ চহৰত কি বা হয়গৈ! তথাপি যাব লাগিব। নগ’লে কেনেকৈ হ’ব?

বৰযাত্ৰী হ’বলৈ ৰাতি থাকিব লাগিবই যেতিয়া সি অলপ দেৰিকৈ বিয়ালৈ বুলি ওলাল। ৰাতিপুৱাৰ ক্লাছ দুটা কৰি, অধ্যক্ষক কথাটো জনাই, অধ্যক্ষৰ গোমোঠা মুখৰ প্রতিক্রিয়া সম্পর্কে একো ধাৰণা কৰিব নোৱাৰাকৈয়ে সি কলেজৰ পৰা ওলাই চিধা বাছত উঠিলগৈ।

বাছৰপৰা নমাৰ পিছত তাৰ প্ৰথম কামটো আছিল এটা উপহাৰ কিনা। উপহাৰ কিনিবলৈ গৈ সি সদায়ে হাৰাশাস্তিৰ মুখামুখি হ’বলগীয়া হয়৷ কি কিনিব সেইটো ঠিক কৰাটোৱেই এটা ডাঙৰ সমস্যা, অধিক মাছত বগলী কণা হোৱাৰ লেখীয়া৷ উপহাৰটো আন যি নহওক, আকাৰত বেছ ডাঙৰ হ’ব লাগিব, দিয়াৰ সময়ত যাতে উপহাৰ লওঁতা আৰু উপহাৰ দিওঁতা ইজনে সিজনৰ মুখ নেদেখা হয়।

এটা প্রকাণ্ড উপহাৰ কিনি সেইটো কেঁকোজেঁকোকৈ বৈ পিলপিলি এখনত উঠি সি তাৰ লক্ষ্যস্থান বিবাহ ভৱনটোলৈ বুলি যাত্রা কৰিলে। সি জেপত নিমন্ত্ৰণী পত্ৰখন লৈ গৈছিল যাতে বিবাহ ভৱনটো বিচাৰি উলিওৱাত অসুবিধা নহয়। বিয়াঘৰ পাই দেখে যে কথা সাংঘাটিক, হাউলীলৈ ৰাস চাবলৈ গ’লে যে বিৰ দি বাট নোপোৱা অৱস্থা হয়, ঠিক তেনেকুৱা। কোনোমতে হেঁচা ঠেলাৰ মাজেদি ৰভাস্থলীৰ তোৰণখন অতিক্রম কৰি গৈ দেখে যে বহিবলৈতো দূৰৰ কথা, থিয় হৈ থাকিবলৈকে জেগাৰ নাটনি; কোন মুহূর্তত কোনে খুন্দিয়াই থৈ যায় ক’ব নোৱাৰি। সি ভাবিলে, প্রথমতে উপহাৰটো দি লৈ অলপ মুকলি হ’ব পাৰিলেই হয়। উপহাৰ দিয়াৰ বাবে সি দৰাক দেখে নেকি ইফালে সিফালে চালে, দৰা পিছে ক’ত! এবাৰ আজিকালিৰ দৰাই পিন্ধাৰ নিচিনাকৈ শ্বেৰৱানী পৰিধান কৰি থকা এজনক দেখি তাকে দৰা বুলি ভাবি আগবাঢ়ি যাওঁতে দেখিলে আন এজন তেনে পোছাক পিন্ধা ডেকা মানুহ আগুৱাই আহিছে। হে হৰি, দৰাৰ নিচিনা পোছাক পিন্ধা লোক দেখোন কেইবাজনো! ইয়াৰে কোনজননো দৰা!

এবাৰ কইনাঘৰত বিয়া খাবলৈ গৈ তাৰ এনে এটা অভিজ্ঞতা হৈছিল। যিপিনেই চায় সেইপিনেই দুই তিনিজনীকৈ কইনা দেখা পায়। তাৰ মাজত আচল কইনানো ক’ত! এপিনে দেখিলে যে কেইটামান ছাটি মেলি থোৱা আছে, আৰু তিনিটামান কেমেৰা আৰু ফ্লাশ লাইটে সেইপিনে মুখ কৰি আছে। ৰভাথলীত ছাটি! কি কাণ্ড! বৰষুণ দিব নেকি! কি নো হৈছে চাওঁ বুলি সি মানুহৰ মাজেৰে অলপ আগুৱাই গ’ল! অ, কথা তেনে এইটোহে! ইয়াতেই ছাটিৰে ঢাক খাই কইনা বহি আছে, আৰু তিনিটা ডি.এচ.এল.আৰ আৰু অসংখ্য মোবাইল ফোনৰ কেমেৰাৰ চকুত কইনাৰ সৈতে নিজকে ধৰা দিবলৈ বিভিন্ন সুন্দৰ-সুন্দৰীয়ে হেতাওপৰা লগাই আছে। সি কইনাৰ পিনে আগুৱাই যাব খুজিও পৰা নাই। এনেতে এজনে ডি.এচ.এল.আৰ কেমেৰা লৈ থকা এজনক ক’লে,

: অলপ সেইপিনে নাযায় কিয়? কইনাক এনেকৈ হেঁচি ধৰি থাকিলে মানুহে দেখোন কইনাক ভালকৈ দেখাই নাপাব৷

: নাই নাই, এইখিনিত আমি থাকিবই লাগিব ৷ নহ’লে ফটো ভাল হ’ব কেনেকৈ?

অঁকৰাৰ নিচিনাকৈ মানুহজনে ক’লে,

: হেৰি, কইনাৰ কাৰণে ফটো নে ফটোৰ কাৰণে কইনা?

কেমেৰাৰ মানুহজনে একো নক’লে, তাৰপৰা আঁতৰিও নগ’ল, কেৱল মুখখন অলপ বেঁকা কৰি এনে এটা ভংগী কৰিলে যাৰ অৰ্থ, চোৱাচোন, এই অভং মানুহজনে কি ক’বলৈ আহিছে!

অৱশেষত দৰাৰ সন্ধান পোৱা গ’ল। যিজন ডেকা ল’ৰাই আন মানুহে দিয়া উপহাৰবোৰ লৈ আছে, যাৰ ওচৰলৈ গৈ বিভিন্ন পুৰুষ মহিলাই নিজৰ মোবাইলেৰে বাৰে বাৰে ছেলফী উঠি আছে, সেইজনেই দৰা। সিও দৰাজনক কোনোমতে উপহাৰটো দি অলপ মুকলি হৈ ল’লে।

ৰাতি দৰাৰ সৈতে যাবৰ সময়ত আকৌ বিড়ম্বনা। তিনিখন বাছ, বিছখন মান সৰু গাড়ী, পঞ্চাছখনমান বাইকতো আছেই, তাৰ লগতে এখন ট্রাকত কেইবাটাও প্রকাণ্ড প্রকাণ্ড চাউণ্ড বক্স লোৱা হৈছে, সেইবোৰে বৰ উচ্চ গ্ৰামত সংগীত বজাই আছে, সেই সংগীতৰ তালে তালে ট্রাকত উঠি নৃত্য কৰি এজাক ডেকাল’ৰা৷ ট্রাকখনৰ পিনে চাই সি কাষৰ এজনক সুধিলে,

: এইবোৰ আকৌ কিয় লাগে?

: কি যে সুধিছে! এইবোৰ নহ’লে আজিকালি বিয়া হয় নেকি? এইবোৰ ডিজে।

ডিজে? সিটো জানে ডিজে বা ডিস্ক জকী হৈছে এগৰাকী মানুহ যিয়ে পার্টী আদিত দর্শক শ্ৰোতাৰ কাৰণে সংগীতৰ ব্যৱস্থা কৰে। যিমানেই অত্যাধুনিক নহওক কিয়, এই বাকচবোৰনো ডিজে কয়নে?

কইনাৰ বিয়া যিটো বিবাহ ভৱনত, সেইটোৰ পৰা অলপ আঁতৰত গাড়ীবোৰ ৰ’ল। ট্রাকত উঠি নৃত্য কৰা ডেকা ল’ৰাসকলতো আছেই, তাৰ লগতে এইবোৰ গাড়ীবোৰৰপৰা নামি ৰাস্তাত নাচি নাচি শিশুৰ পৰা বুঢ়ালৈকে এজাক পুৰুষ-নাৰী।

নাচৰ কোবত কোনেও ভিতৰলৈ সোমাবকে নোখোজে। ইফালে লানি নিচিগাকৈ, কাণ তাল মাৰি যােৱাকৈ মৰা ফটকাবোৰতো আছেই। আধাঘণ্টামানৰ পিছত দৰাৰ মাক, মাহীয়েক, খুৰীয়েকহঁতৰ নাচি নাচি ভাগৰ লগাত যেনিবা দৰা ভিতৰলৈ সোমাব পাৰিলে। দৰা বহি আছে, পুৰোহিতে মন্ত্র মাতি আছে আৰু দৰাকো মাতি থাকিবলৈ কৈছে৷ এবাৰ পুৰোহিতে মন্ত্র এটাৰ আধা মাতোঁতে এজাক বন্ধু দৰাৰ কাষলৈ গৈছে, দৰাৰ মুখখন অকণমান নিজৰ ফালে ঘূৰাই খিটিককৈ মোবাইল ফোনেৰে ছেলফী লৈছে, পুৰোহিতৰ মন্ত্র আধাতে স্থগিত হৈছে। অলপ পিছত, আকৌ পুৰোহিতৰ মন্ত্ৰ আধাতে বন্ধ কৰি তিনিগৰাকীমান মহিলাই,

: মইনা, আমি যাওঁ দে, বিয়াৰ পিছত কইনা লৈ আমাৰ ঘৰলৈ যাবা বুলি দৰাক মাত লগাবলৈ আহি দৰাৰ মুখখন নিজৰ পিনে ঘূৰাই লৈ আকৌ ‘খিটিক’। এনেদৰেই চলি আছে। পুৰোহিতৰ মন্ত্র, মোবাইল ফোনৰ খিটিক। আকৌ মন্ত্র, আকৌ খিটিক। মন্ত্র, খিটিক, মন্ত্র, খিটিক। অসহায় পুৰোহিত।

সি ঘড়ীটোলৈ চালে। ৰাতি পুৱাবলৈ বেছি সময় নাই। জেপত হাতখন ভৰাই দিওঁতে সি বিবাহ ভৱনৰ নামটো চাবলৈ লগত লৈ অনা চিঠিখন হাতত লাগিল। সেইখন উলিয়াই আনি লিৰিকি বিদাৰি চালে। চিঠিখনৰ একেবাৰে ওপৰত লিখা আছে,

“প্রজাপতয়ে নমঃ”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.