ফটাঢোল

প্লে’-বয় নাম্বাৰ ওৱান – শংকৰজ্যোতি বৰা

 

দ্ৰুণ ভিউত বহু ওপৰৰ পৰা দেখা যাব যোৰাবাটৰ অকোৱা পকোৱা ৰাস্তাইদি তীব্ৰ বেগত এখন বাইক নগাঁঁৱৰ দিশত গৈ আছে৷ কেমেৰাই বাইকখন ফল’ কৰিব৷ পাহাৰীয়া ৰাস্তা এৰি সমান ৰাস্তা লোৱাৰ সময়তে চাইদ ভিউত কেমেৰাই বাইক আৰোহীক জুম কৰিব৷ চেহেৰাটো স্পষ্ট হোৱাৰ সময়তে আৰোহীয়ে বাইকৰ আগচকা ওপৰলৈ দাঙি স্পিদ বঢ়াব৷ আগচকা ডাং খাই থকা অৱস্থাতে আৰোহীৰ স্পষ্ট মুখাবয়ৱৰ সৈতে কেমেৰা ফ্ৰীজ হ’ব৷ লগে লগে নেম কাষ্টিং…

দিম্পল কাকতি ইন এণ্ড এজ..
“প্লেবয় নাম্বাৰ ৱান”
.
মিউজিক – সৰু চেকীয়া
বেবনি- অলৱেইজ হে কা
প্ৰদিউচাৰ- কুৱেটী শ্বেইখ
দিৰেকছন- ভাইজী

চিন 1
আজাৰাৰ বিখ্যাত জমিদাৰ পৰিয়ালৰ বাংলোৰ বাৰাণ্ডা৷ প্ৰকাণ্ড আৰামী চকীত বহি হোকা টানি আছে জমিদাৰ হেমন্ত কাকতি৷ প্লেটত একাপ চাহ আৰু বিস্কুট আদি লৈ জমিদাৰণী নীলাক্ষিয়ে ভিতৰৰ পৰা আহি লগতে থকা সৰু টেবুলখনত যতনাই দিবহি৷ ঘৰত বনুৱা লিগিৰা কেবাজনো আছে যদিও জমিদাৰণীয়ে পাকঘৰৰ দায়িত্ব নিজৰ হাততে ৰাখিছে৷ চাহকাপত সোহা মাৰি কাকতিয়ে জমিদাৰণীক উদ্দেশ্যি ক’ব৷
কাকতি- বাবুয়ে(দিম্পল) ফোন কৰিছিল নেকি?
নীলাক্ষি- নাই কৰা৷
কাকতি- এটা লৰা ছোৱালীকো তুমি লাইনত ৰাখিব নোৱাৰিলা৷
নীলাক্ষি- আপোনাৰে হে সন্তান৷
তেনেকুৱাতে ভিতৰৰ পৰা কাকতিৰ ছোৱালী, দিম্পলৰ বায়েক মনিষা ওলাই আহিব৷
মনিষা- মই ফোন কৰিছিলোঁ৷ আউট অৱ ৰিট্ছ হৈ আছে৷ ৱাৰ্ডেনক ফোন কৰোঁতে পৰহিয়ে ঘৰলৈ বুলি হোষ্টেলৰ পৰা অহা বুলি কৈছে৷
কাকতি- পৰহিয়ে আহিল যদি কলৈ গ’ল৷
নীলাক্ষি- আপোনাৰহে ল’ৰা৷ ক’ৰবাত বনাই ফুৰিছেগৈ৷
কাকতি- এই ডেকা বয়সতে অকনমান ফূৰ্তি নকৰিলে কেতিয়া কৰিবহে৷ এইবাৰ পৰীক্ষা দি ঘৰলৈ আহিব দিয়া৷ নাকী লগোৱাৰ ব্যৱস্থা কৰি আছোঁ৷
মনিষা- মানে?
কাকতি – তয়ে কৈছিলি নহয়, সেই ডুলীয়াজানৰ মহন্ত পৰিয়ালৰ কিবা ঋতু বোলা জনীৰ লগত কিবা চলি আছে বুলি৷ এইবাৰ বিহুৰ সময়তে কথা পাতি আঙুঠি পেলাই কিবা এটা ফাইনেল কৰি পেলাব লাগিব৷
মণিষা- হৈছে আৰু সেইখন বিয়া৷ ইয়াৰ স্বভাৱৰ বাবেই তাই কেতিয়াবাই ব্ৰেক আপ কৰিলে৷ বেলেগৰ লগত বিয়া হৈ যোৱাই দুবছৰ মান হ’ল৷ এজনীতে আমাৰ বাপুৰ মন নভৰে, পখিলা দেখিলেই মন উৰি যায়৷
নীলাক্ষি- একদম বাপেকৰ চৰিত্ৰ পাইছে৷
কাকতি- হে’ৰা, এই ডেকা বয়সতে ফূৰ্তি নকৰিলে কেতিয়া কৰিবহে?

চিন ২
দন্দুৱা, মৰিগাঁও৷
এধানী সেউজ কৃষি পামৰ গ্ৰীণ হাউছ৷ গ্ৰীণ হাউছৰ ভিতৰৰ এডৰা ভৰা ভোট জলকীয়া খেতিৰ মাজত মাটিতে বহি পাঁচজন যুৱকৰ ঘূৰণীয়া মেল৷ দিম্পল, পাৰ্থ, বিকাশ, প্ৰণৱ আৰু ভাস্কৰ বৰডেকা৷
দিম্পল- তহঁতে মোক সহায় কৰিবি নে নাই ক’?
পাৰ্থ- সহায় কৰাটো ডাঙৰ কথা নহয় দোস্ত, তই আগতে মনটো খাটাং কৰি ল’৷
বিকাশ- একদম ঠিক কথা কৈছ৷
প্ৰণৱ- চা ভাই, পামত এতিয়া পূৰা চিজন চলি আছে৷ মই পাম এৰি যাব নোৱাৰিম৷ তই তাইক উঠাই লৈ আহ৷ মৰিগাঁৱত থাকোঁ বুলি ভাবিলে দুই তিনিবছৰ থাকি যা৷ তাইৰ ঘৰৰ মানুহ বাদ দে, পুলিচেও তহঁতক বিচাৰি নাপাাব৷ গেৰাণ্টি মোৰ৷
ভাস্কৰ- এটা কথা ক দোস্ত, মই ইমান বছৰ এজনীও ছোৱালী পতাব পৰা নাই, আৰু তই কাপোৰ সলোৱাদি গাৰ্লফ্ৰেণ্ড সলাই থাক৷ এইজনীকো যে দুদিন পিছত নেৰিবি, তাৰ কি গেৰাণ্টি আছে৷
দিম্পল- চা ভাই এইবাৰ মই বৈদ্য চিৰিয়াছ৷ ৰীমাৰ বাবে মই জান দি দিব পাৰিম৷
ভাস্কৰ- তইটো প্ৰতিজনীৰ বাবে এই একেটা ডাইলগেই দিয়৷
দিম্পল- এইবাৰ মই সঁচাই চিৰিয়াছ৷ তহঁতে মোক সহায় কৰিবি নে নাই সেইটো ক’৷
পাৰ্থ- বন্ধু যেতিয়া সহায়টো পাবিয়েই৷ কিন্তু তাইৰ বাপেক আৰু ককায়েকৰ কথা মনলৈ আহিলেই মনটো কোঁচ খাই আহে৷
বিকাশ- শহুৰো বাচি লৈছ আৰু, প্ৰাক্তণ ছাত্ৰনেতা আৰু বৰ্তমানৰ MP ৰামানুজ গোস্বামী৷ খোদ মুখ্যমন্ত্ৰীয়েও তেখেতক কিবা এটা কোৱাৰ আগতে ভালকৈ ভাবি চিন্তিহে কয়৷
ভাস্কৰ- আৰু ককায়েক মাধুৰ্য্য, মাধু গোঁসাই বুলিলে গোটেই লক্ষীমপুৰ কঁপি থাকে৷ জঙ্ঘলত থাকোঁতেই বোলে এশৰো বেছিক গিৰাই থৈছে৷
দিম্পল- সেইবোৰ মোৰ ওপৰত এৰ৷ লক্ষীমপুৰত চাওৱে সকলো মেনেজ কৰি দিব বুলিছে৷ তহঁতি মাথো মোৰ মতে কৰি যা৷

চিন 3
লক্ষীমপুৰৰ বিখ্যাত জনতা চুইটছ৷ এচুকত থকা ফাষ্টফুড কৰ্ণাৰটোত ভিৰ লাগি আছে৷ তাতে এখন টেবুলত ৰামানুজ গোঁসাইৰ পৰিবাৰ মন্দিৰা, জীয়ৰী ৰীমা আৰু সম্বন্ধীয় ভাই বিজয় মহন্ত, ফাষ্টফুডৰ মজা লোৱাত ব্যস্ত৷ ৰীমা যেন অলপ অন্যমনস্ক৷ মাকে মন কৰা নাই যদিও নিমকি চালাক বিজয়ৰ চকুৰ পৰা সেয়া সাৰি যোৱা নাই৷ চিঙৰা, পানীপুৰি আদি দপি থকাৰ মাজতে আলেঙে আলেঙে ৰীমাক লক্ষ্য কৰি থাকিল৷ নাতিদূৰত ৰৈ থকা চিকিউৰিটি দুটাইয়ো একো গম নোপোৱাকৈ নিয়মিত ৰূপে নিৰীক্ষণত আছে৷
ৰীমা (মাকক উদেশ্যি)- মা তহঁতি ঘৰলৈ গৈ থাক৷ মই পাহাৰীহঁতৰ ঘৰলৈ যাওঁ৷ ন’টছ অলপ ল’ব আছে৷ দুঘণ্টামান থাকিম৷
বিজয়- পৰীক্ষা শেষ কৰি আহিছহে৷ এতিয়াই কিহৰ ন’টছ আকৌ৷
ৰীমা- মা, বিজু খুৰাক প্ৰতিটো কথাতে ডিটেক্টিভ গিৰি কৰি থাকিবলৈ হাক দিবা কিন্তু৷ কেতিয়াবা কথা বেয়া হৈ যাব৷
মন্দিৰা- হ’ব হ’ব দে৷ যা বাৰু সোনকালে উভতিবি৷
বিজয়- গাড়ীখন দিয়ে থৈ আহক নহ’লে৷
ৰীমা- নালাগে৷ মই পাৰিম৷

চিন 4
মালপানী চাৰিআলি, লক্ষীমপুৰ৷
মাজুলীৰ পিনলৈ মুখ কৰি এখন ইণ্ডিগ’ ৰখাই থোৱা আছে৷ বাহিৰত ড্ৰাইভাৰ ৰূপী পাৰ্থই বনেটখন খুলি গাড়ী বেয়া হোৱাৰ এক্টিং কৰি আছে৷ গাড়ীৰ ভিতৰত কোন আছে বাহিৰৰ পৰা ধৰিব নোৱাৰি৷ হঠাৎ এখন টমটম আহি গাড়ীখনৰ কাষত ৰ’লহি৷ টমটমৰ পৰা নামি ৰীমা খৰধৰকৈ আহি গাড়ীখনত উঠিল৷ পাৰ্থয়ো গাড়ীৰ বনেট বন্ধ কৰি ড্ৰাইভাৰৰ চিটত বহিলহি৷ গাড়ী তীব্ৰ বেগত মাজুলীৰ দিশত আগবাঢ়িল৷

চিন 5
দুলিয়াপথাৰ তিনিআলি৷
মাজুলীলৈ আৰু অলপ দূৰ৷ তীব্ৰ বেগী ইণ্ডিগ’খনক তাতকৈও তীব্ৰ বেগত অহা ছয়খনমান ক’লা স্ক’ৰপিয় গাড়ীৰ কনভয়ে অভাৰটেক কৰি আগুৰি ধৰিলে৷ বাধ্যত পৰি ৰৈ যাবলগীয়া ইণ্ডিগ’খনক স্ক’ৰপিয়ৰ পৰা নামি ডিজাইন ডিজাইন চেহেৰাৰ দেখিলেই ভয়লগা গুণ্ডা এগাল মানে ঘেৰি ধৰিছে৷ তাৰ মাজৰে এটা গুণ্ডাই ৰিভলভাৰ এটা উলিয়াই ওপৰলৈ দুজাঁই গুলী এৰিলে৷ তিনি আলিত থকা দোকান পোহাৰ নিমিষতে বন্ধ হ’ল৷ যেন তিনিআলিটোত কোনোবাই কাৰফিউহে দিছে৷ কেৰেছ…
খাড়া ব্ৰেক মাৰি এখন খোলা জিপছি কিং গাড়ী তিনিআলিত ৰ’লহি৷ তাৰ পৰা নামি মাধু গোঁসাই ইণ্ডিগ’খনৰ নাতিদূৰত ৰ’ল৷ গোঁসাইৰ ইংগিতত দুটা গুণ্ডাই পিষ্টল টোঁৱাই ইণ্ডিগ’ৰ ফালে আগবাঢ়িল৷ গাড়ীৰ পৰা হাত ওপৰলৈ কৰি পাৰ্থ, ভাস্কৰ বৰডেকা আৰু চাও নামি আহিল৷ “ভিতৰত আৰু কোনো নাই দাদা৷” ভিতৰখন চাই গুণ্ডা এটাই কৈ উঠিল৷
মাধু – “ইনফৰমেছনটো এইখন গাড়ীৰে আছিল৷”
“হয় দাদা৷ কিন্তু ভিতৰত আৰু কোনো নাই”
চাওৰ চকুত এটা হাঁহিৰ ৰেশ দেখা পোৱা যাব৷ ফ্লেছবেকত দেখা যাব(মালপানী চাৰিআলিৰ পৰা কিছুদূৰ আহি চাওহঁতৰ গাড়ী এটা নিজম অঞ্চলত ৰৈ থকা এজন বাইক আৰোহীৰ ওচৰত ৰ’ব৷ গাড়ীৰ পৰা বোৰ্খা পিন্ধা মহিলা এগৰাকী নামি বাইক আৰোহীৰ বাইকত উঠিব৷ বাইক আৰোহীক গাড়ীৰ পৰা নামি চাওৱে ক’ব— চা তোক ৰাস্তা আগতেই বুজাই থৈছোঁ৷ তেজপুৰ পাই এইখন বাইক মানসদাৰ তাতথৈ তাত থোৱা ইখন বাইক লৈ ৰূপহী হৈ উৰিয়াগাঁৱৰ কঙ্কণৰ ফাৰ্ম৷ আমি গৈ নোপোৱালৈ তাতে থাকিবি৷ মাধু দাই ভনীয়েক যে টমটমেদি আহি এখন ইণ্ডিগ’ত উঠিছে সেইটো খবৰ অতি সহজতে উলিয়াই ল’ব পাৰিব৷ নগাঁও পালে আৰু চিন্তা নাই৷ দিম্পলে চাওৰ লগত চেকহেন্দ কৰি বাইক তেজপুৰৰ পিনে দবাই দিব৷ চাও পুনৰ গাড়ীত৷)
(কেবাটাও চিন পাৰ হ’ব৷ যেনে ৰীমা আৰু দিম্পলৰ বাইক লৈ অৰুণাচলৰ পাহাৰৰ মাজে মাজে এটা গান – চাও, পাৰ্থহঁতক মাধু গোঁসাইৰ কথা উলিয়াবলৈ কৰা টৰ্ছাৰ, ৰামানুজ গোস্বামীৰ পুলিছ বিষয়াক জীয়েকক সোনকালে বিচাৰি উলিউৱাৰ বাবে দিয়া গালি ইত্যাদি)

চিন 16
তেজপুৰ৷ মানস শইকীয়াৰ ঘৰ৷ বাহিৰত আন্ধাৰ৷
প্ৰথম মহলাৰ ড্ৰইং ৰূমত মানস শইকীয়া, দিম্পল আৰু ৰীমা৷ দুইটা ইতিমধ্যেই হাতমুখ ধুই অলপ ফ্ৰেছ হৈছে৷ মানসদা, চাও-দিম্পলহঁতৰ বাবে অভিভাৱকৰ নিচিনা৷ প্ৰসিদ্ধ “ফকাছ” নামৰ আন্তৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাটোৰ জৰিয়তেই তেওঁলোকৰ চিনাকি৷
মানস দা- এই ৰাতিখন আৰু যাব নালাগে৷ মই কঙ্কণলৈ খবৰ পঠাম৷
মানস দাৰ কথা অৱমাননা কৰাৰ ধৃষ্টতা দিম্পলে কৰিব নোৱাৰে৷ সেইবাবে তাতেই ৰাতি কটোৱাটো ঠিক হ’ল৷ পুৱাতে নগাঁৱলৈ বুলি দুইটা ওলাই দিব৷ ভাত পানী খাই দিম্পল ড্ৰইং ৰূমৰ বিছনাখনত আৰু ৰীমা মানসদাৰ বায়েক ৰাস্না বাইদেওৰ লগত শুবলৈ গ’ল৷

চিন 17
পুৱাৰ সময়৷ মানসদাৰ ঘৰৰ চাদৰ ওপৰত থকা সৰু ফুলনি বাগিছাখনৰ আৰামী চকী এখনত দিম্পল বহি থাকিব৷ হঠাৎ উধাতু খাই অহাৰ দৰে হাতত চিঠি জাতীয় কাগজ এখন লৈ মানসদা সোমাই আহিব৷
মানসদা(উত্তেজিত হৈ)- ডাঙৰ কথা হ’ল দিম্পল৷ এইখন পঢ়৷
চিঠিখনত হাইলাইট কৰি ৰীমাৰ মুখখন ভাঁহি থাকিব৷ বেকগ্ৰাউণ্ডত ৰীমাৰ কণ্ঠত চিঠিৰ কথাখিনি বাজি থাকিব৷
“মোক বেয়া নাপাবি দিম্পল৷ মই আচলতে তোক ভালপোৱাৰ অভিনয়হে কৰি আছিলোঁ৷ মই মানৱক ভাল পাওঁ৷ তাৰ মোক লক্ষীমপুৰৰ পৰা পলুৱাই অনাৰ সাহস নাই৷ সেয়ে তাৰ প্লেন মতেই মই তোক ভালপোৱাৰ জালত পেলালোঁ৷ তহঁতি মোক লক্ষীমপুৰত গাড়ীত উঠোৱাৰ পৰাই সি আমাক পিছা কৰি আছে৷ মই নগাঁৱৰ পৰাহে তাৰ লগত পলাম বুলি ভাবি আছিলোঁ৷ কিন্তু তাৰ কথামতেই আজিয়েই পলোৱাৰ সিদ্ধান্ত ল’লোঁ৷ এই উপকাৰ মই জীৱনত নাপাহৰোঁ৷ সকলোবোৰ ঠিক হ’লে তহঁতক লগ ধৰিবলৈ এদিন আহিম চিঅ’ৰ৷ চাওহঁতকো বেয়া নাপাবলৈ ক’বি৷ মানসদাকো ক’বি৷”
তোৰ বান্ধৱী ৰীমা৷
দিম্পল ঠাইতে থৰ লগাৰ নিচিনা হ’ব৷

চিন 18
উৰিয়াগাঁৱৰ কঙ্কণৰ ফাৰ্ম৷
গাহৰি পামৰ লগৰ ছালিখনতে চৌকা এটাত কঙ্কণে মাংস বনাই থাকিব৷ ঘূৰণীয়াকৈ বহি কাষতে চাও, ভাস্কৰ, মানৱ, প্ৰণৱহঁতে চৰিয়া এটাৰ পৰা লাওপানী খাই থাকিব৷ পাৰ্থ আৰু দিম্পলো বহি থাকিব৷ হাতত কল্ডদড্ৰিংকছৰ গিলাছ৷
ভাস্কৰ- সেইবাবেই মই এই প্ৰেম চেম বোৰ নকৰোঁ৷
চাও- কোনোবাই তোক ভাউ দিবও লাগিব নহয়৷
প্ৰনৱ- তাই খোলাকৈ কোৱা হ’লেও আমি সহায় কৰিলোঁহেঁতেন৷
পাৰ্থ- মোৰ এতিয়াও বিশ্বাসেই হোৱা নাই৷ ককায়েকেটো সিদিনা আমাক মাৰিয়েই পেলালেহেঁতেন৷ বদলা ল’বই লাগিব আমাক গাড্ডাৰি কৰাৰ৷
দিম্পল- তাই আমাক ঠগিছে সেইটো সত্য, কিন্তু কিয়? একমাত্ৰ প্ৰেমৰ বাবে৷ মোৰো বৈদ্য খং উঠিছিল, কিন্তু পিছত ভাবি চালোঁ যে প্ৰেমৰবাবেই তাই এয়া কৰিলে৷ তেতিয়া লাহে লাহে খং জামৰিলে৷ ধৰি ল আমি এযোৰা প্ৰেমিকক লগ হোৱাত সহায় কৰিলোঁ৷ এনেই কয় নহয়, যুদ্ধ আৰু প্ৰেমত সকলো সম্ভৱ৷
পাৰ্থ- তই এতিয়াও এনেকৈ ক’ব পাৰিছ দোস্ত৷
দিম্পল- কি কবি আৰু, প্ৰেমিক মানুহ যে৷ প্ৰেম বুলিলেই পমি যাওঁ৷

চিন 19
জমিদাৰ কাকতিৰ বাৰাণ্ডা৷ কাকতি আৰামী চকীত৷ কাষতে পত্নী নীলাক্ষি৷
কাকতি- সি পৰহি আহিছিলহে৷ পুৱাই গ’লগৈ যে৷
নীলাক্ষি- মই কৈছিলোঁ, বোলো সেইখনহে ইউনিভাৰ্চিটি৷ ঘৰৰ পৰাই অহা-যোৱা নকৰ কিয়? তাৰ বোলে ঘৰত থাকিলে পঢ়া ভালকৈ নহয়৷(মাকে কথাখিনি কৈ থাকোঁতেই ভিতৰৰ পৰা মনিষা ওলাই আহি মাকৰ কাষতে ৰ’বহি)
মনিষা- পঢ়া ক্ষতি হ’বনে বেলেগ কিবা ক্ষতি হ’ব৷
কাকতি- হ’ব দে অ’৷ এই ডেকা বয়সতে যদি অলপ ফা-ফূৰ্তি নকৰে কেতিয়া কৰিব৷

চিন 20
গুৱাহাটী ইউনিভাৰ্চিটি ৰ’ড৷ গোটেই ৰাস্তাটো তলসৰা কৃষ্ণচূড়াৰ ফুলে ৰঙা কৰি থৈছে৷ গছ ভৰিথকা ফুল আৰু ৰাস্তাৰ ফুলে ৰাস্তাটো এটা ৰঙা সুৰংগৰ দৰে কৰি তুলিছে৷ তাৰ মাজেদিয়েই ফৰেষ্ট কলেজৰ দিশৰ পৰা মেইন গেটৰ ফালে এখন তীব্ৰবেগী বাইক আহি আছে৷ হেলমেট হাতত সুমুৱাই লৈ চানগ্লাছ পিন্ধি আহি থকা আৰোহী যুৱকক এগৰাকী ষোড়সী গাভৰুৱে আকোঁৱালি ধৰি পিছৰ চিটত৷ ক্ৰমান্বয়ে ওচৰ চাপি অহা যুবকক কেমেৰাই লাহে লাহে জুম কৰি আনিব৷ ওচৰ চাপি দিম্পলৰ মুখ স্পষ্ট হোৱাৰ লগেলগে কেমেৰা ফ্ৰিজ হ’ব৷
পৰ্দাত ভাঁহি আহিব__
PLAYBOY NO. 1

THE END

☆★☆★☆

25 Comments

  • পাৰ্থ প্ৰতীম শৰ্মা

    এই ডেকা বয়সতে যদি অলপ ফা-ফূৰ্তি নকৰে কেতিয়া কৰিব৷

    Reply
  • Bagmita Rajkhowa

    সঁচাই বৰ ভাল লাগিল শংকৰদা👌👌

    Reply
  • Rintumoni Dutta

    “এই ডেকা বয়সতে যদি অলপ ফা-ফূৰ্তি নকৰে কেতিয়া কৰিব?” – একদম সত্য কথা।

    বঢ়িয়া লাগিল শংকৰ, মোৰ পইছা পানীত পৰা নাই

    Reply
    • Sankar Jyoti Bora

      দাদা, নেক্সট খনৰ বাবে এদিন বঢ়িব লাগিছিল৷অলপ বিগ বাজেটৰ বনাম বুলি ভাবিছো৷
      হাঃ হাঃ৷

      Reply
  • ৰামানুজ জি

    মজ্জা দেই ! একে উশাহে টানিলো…

    হৰিভকত ঔ !! বোলো নমস্কাৰ হে দেই

    Reply
    • Sankar Jyoti Bora

      ধন্যবাদ হৰিভকত৷আপোনালোকৰ সঙ্গৰ প্ৰভাৱ৷পঢ়ুৱৈৰ পৰা গৈ কিবাকিবি লিখিবলৈও সাহ কৰিব পৰা হৈছোগৈ৷

      Reply
  • Nijara Pathak

    দিম্পল ও চিনেমাটো এই অৱস্থা। মজ্জা লাগিল

    Reply
  • Bikash Dutta

    সাৱলীল কাহিনী, কেৰিয়াৰ বেষ্ট পাৰফৰ্মেন্স, পৰিচালনা আৰু চিত্ৰনাট্যৰ গভীৰতাই ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

    Reply
    • abhijit goswami

      কি বনাইছে এইখন.. অপূৰ্ব সৃস্টি দাদা…

      Reply
  • চিদানন্দ বৰা

    ফাটাফাটি 😊

    Reply
  • দিম্পল

    শংকৰ দাই জুই বনাইছে ৰে এইখন।।

    মাত্ৰ ঋতু মোৰ সেই সোণালী দিনবোৰলৈ আকৌ উভতি গলো। কি দিন আছিল সেইদিনবোৰ।

    Reply
  • anjan sadhanidar

    মজা হৈছে বাপ৷ সুন্দৰ উপস্থাপন৷ গান এটা দিব লাগিছিল৷

    Reply
  • ডলী তালুকদাৰ

    বঢ়িয়া।ডেকা বয়সতে যদি ফুৰ্তি নকৰে কেতিয়া কৰিব।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    প ইচা উছুল চিনেমা। এই ডেকা বয়সতে যদি ওলপ ফা-স্ফূৰ্টি নকৰে কেতিয়া কৰিব?

    Reply
  • Anonymous

    বঢ়িয়া লাগিল দেই।

    Reply
  • ডিম্পীৰাণী গগৈ

    প্ৰেমত পৰা মানুহ পমি যাবই ….| ডেকা বয়সতে ফা-ফূৰ্ত্তি নকৰিলে কেতিয়া কৰিব আৰু | মজ্জা😃😃😃😆👍

    Reply
  • Anonymous

    বঢ়িয়া লাগিল….
    এই দিম্পলৰ কিবা এটা গতি লাগক আৰু…..

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল লাগিল দাদা

    Reply
  • Rimzim Rima

    ভাল চিনেমা এখন চাবলৈ পালে ৰাইজে..বাকী মই একটিঙ ভাল কৰিছিলোঁ ন..তাতে ওৱান টেক😜

    Reply
  • কংকন বৰা

    বিগ চেল্যুট ককাইদেউ……. কি সাংঘাটিক কাহিনী….. মজা আ গেয়া… মজা আ গেয়া

    Reply
  • Utpala Bhuyan

    দেউতাক বোৰ যদি চব আজাৰৰ কাকতি হল হয়।চিনেমা হিত।

    Reply
  • Anonymous

    সুন্দৰ উপস্থাপন, বৰ ভাল লাগিল

    Reply
  • হিৰণ্যজ্যোতি দাস

    উত্তেজনা বজাই ৰখাত সক্ষম হৈছে
    একে উশাহে শেষলৈকে পঢ়িলো ৷

    Reply

Leave a Reply

Your email address will not be published.