ফটাঢোল

প্ৰসংগ : বাটিছেট-ববিতা শৰ্মা

বৰ্তমান বাটিছেট নামৰ উপহাৰবিধে অসমৰ সকলো ধৰণৰ উৎসৱতে নিজৰ অস্তিত্ব জাহিৰ কৰাৰ লগতে সদম্ভে নিজৰ স্থিতি স্পষ্ট কৰিছে। সাম্প্ৰতিক কালত  নামী দামী উপহাৰৰ তুলনাত এইবিধ ৰঙীন কাগজেৰে মেৰিয়াই থোৱা স্বনামধন্য উপহাৰ বিধৰ ইমানেই জনপ্ৰিয়তা বাঢ়িছে যে এটা ৰিচাৰ্চ মতে এখন বিয়াৰ সকলো উপহাৰ লগ লগালে প্ৰায় পয়সত্তৰ শতাংশই বাটিছেটৰ প্ৰাধান্য পোৱা যায়। কথা গৈ ইমানলৈ পাইছে যে কোনো প্ৰেমিকে প্ৰেমিকাক এই বুলিও ক’বলৈ লৈছে –

“তোমাৰ কথা ভাৱিলে মোৰ
উলাহে নধৰে হিয়া,
তুমি আৰু মই যেন
বাটিছেট আৰু বিয়া!”

কিন্তু বাটিছেটৰ এই দেশপ্ৰেমিকৰ দৰে সংখ্যা বঢ়াৰ বা জনপ্ৰিয়তাৰ প্ৰকৃত কাৰণ কি? কেতিয়াৰপৰা মানুহে বাটিছেটক ইমান বুকুৰ আপোন কৰি ল’লে? ইয়াৰ এটা এক্সক্লুচিভ এনালাইচিচৰ প্ৰয়োজন আহি পৰিছে।

যেতিয়া আমি সৰু আছিলোঁ তেতিয়া মাহঁতে দিয়া  উপহাৰবোৰ এনেধৰণৰ আছিল;

ল’ৰাৰ বিয়া হ’লে চাৰ্টৰ পিচ, ছোৱালীৰ বিয়া হ’লে চাদৰ, তোলনি বিয়াত ফ্ৰকৰ পিচ আৰু জন্মদিনবোৰ যিহেতু তেতিয়া ইমান পতা হোৱা নাছিল কেতিয়াবা গ’লেও সৰু ল’ৰা ছোৱালীক কিবা খেলনা বস্তু বা স্কুল যোৱা হ’লে বহী পেন ইত্যাদি। লগতে নিতান্তই পৰিয়ালৰ বিয়া হ’লে ছোৱালীক ভাল চাদৰ-মেখেলা এযোৰ, বা মুগাৰ বা পাটৰ মেখেলা এখন, ল’ৰাক ভাল চাৰ্ট পেণ্ট এযোৰ (তেতিয়াৰ দিনৰ), নহ’লে অলপ টকা দিয়া হৈছিল বিয়াৰ বিভিন্ন কামত লাগিব বুলি। কেঁচুৱাৰ অন্নপ্ৰাসনত সৰু কাঁহৰ কাহী বাটি এযোৰ ফিক্স আছিল, নাথাকিলে কেঁচুৱাৰ কাপোৰ এযোৰ। বচ, ইমানেই উপহাৰৰ বাবে বাজেট আছিল আৰু তেনেকৈয়ে দিয়াও দেখিছোঁ, যিহেতু তেতিয়া সৰু আছিলোঁ কাৰণে প্ৰেজেণ্ট কঢ়িয়াই লৈ যোৱাটো আমাৰ চখ আছিল।
তাৰ পিছত আমি অলপ ডাঙৰ হোৱালৈ জন্মদিনবোৰত কফি কাপ, ৰেডিমেড শ্ব’ পিচ, চিনাকি বিয়াবোৰত হেণ্ডবেগ, ছোৱালীৰ বিয়া হ’লে লগত নিব পৰা কিবা সামগ্ৰী যেনে বেডকভাৰ চেট, টি চেট, ল’ৰাৰ বিয়াত চাৰ্ট এইবোৰ দিবলৈ ল’লোঁ। তেতিয়ালৈকে ঠিকেই আছিল। কিন্তু হঠাতে অসমত  হুৰাহুৰে অনুপ্ৰবেশকাৰীৰ অবাধ প্ৰবজনৰ দৰে কেতিয়ানো মূল জনসংখ্যাৰ গাঁঠনিত ভাবুকি অনাৰ দৰে বাটিছেটেও মূল উপহাৰৰ ওপৰত আধিপত্য দেখুৱাই নিজৰ স্থান গজগজীয়া কৰিলে তাৰ কাৰণ বিশ্লেষণ কৰিলে পাম যে বাটিছেট সহজ ভোট বেংকৰ দৰেই হৈ পৰিছে৷ বিয়াঘৰততো আপুনি বা মই কি উপহাৰ লৈ গৈছোঁ, খুলি দেখুৱাবলৈ নাযাওঁ৷ গতিকে সদম্ভে আপোনাৰ কাষত থকা হাজাৰটকীয়া উপহাৰ লৈ যোৱাজনৰ লগত আপুনি ১৫০ টকীয়া বাটিৰ ছেট লৈ সম-অধিকাৰ সাব্যস্ত কৰিব পাৰে৷

বাটিছেটৰ অগ্ৰাধিকাৰত কেতিয়াবা আমাৰ নিজৰো দোষ নথকা নহয় পিচে। আমি অলপ বুজা হোৱাৰপৰা মানে হাইস্কুল বা কলেজত পঢ়াৰ সময়ত বিয়াবোৰত যদি মা দেউতাই খামৰ ভিতৰত অলপ টকা লাগিলে বিশ, ত্ৰিশ, পঞ্চাশ, এশ যিয়ে নহওক দিব বিচাৰিলে আমাৰেই ইজ্জতত লাগে। তেনেকুৱা বয়সত সন্মানটোও অলপ বেছি হয় দিয়কচোন। তেতিয়া কওঁ, নাই নিদিবা খামত পইচা দেই, লাজ লাগে। সৱেই ইমান ধুনীয়াকৈ গিফ্ট পেক কৰি প্ৰেজেণ্ট আনে, আমিহে আওপুৰণি মানুহৰ নিচিনাকৈ খামত পইচা দিব লাগে। এই সময়তে প্ৰৱেশ ঘটিল বাটিছেটৰ৷ প্ৰকৃততে সেই বিয়াত পুৰণা পাটিগণিত বা তেনেজাতীয় সামগ্ৰী দিয়া আৰু উপায়হীন হৈ ভাল উপহাৰ দিয়াসকলৰ মাজৰ এক সংযোগ ৰেখায়েই হ’ল বাটিছেট৷

এটা সময় আছিল, উপহাৰ মানে কি জনা নাছিলোঁ৷ আপাত দৃষ্টিত ভালকৈ পেক কৰা মৰমৰ দান৷ কিন্তু আচলতে সৰহভাগ গিফ্টপেকত থাকে কি, সেইটো জনা নাছিলোঁ। তেতিয়া জনাৰ দৰকাৰো নাছিল মাত্ৰ প্ৰেজেণ্টটো দেখিবলৈ ধুনীয়া হ’ব লাগে। সেইধৰণৰ মনোভাৱেই বোধহয় কাল হ’ল। যাৰ বাবে আজি কেইবছৰমানৰ আগৰ নিজৰ বিয়াতো আধাতকৈ বেছি পোৱা বাটি গিলাচৰ ছেটে মোকেই ইমান বছৰৰ সাঁচি ৰখা ক্ষোভৰ ৰিটাৰ্ণ গিফ্ট দিলে। ঘৰৰ কামকৰা মানুহলৈকে দি শেষ কৰিব নোৱাৰি এতিয়াও এসোপা বাটিছেটে মোকেই দাঁত নিকটাই আছে। কেতিয়াবা এনেকুৱাও হৈছে আপুনি কাৰোবাৰ ঘৰত উপহাৰ দিয়া বাটিছেট ঘূৰি ফুৰি এদিন আপোনাৰ ঘৰলৈকে কোনোবা উৎসৱৰ গইনা লৈ ঘূৰি আহিছে৷

মোৰ বিয়াৰ প্ৰেজেণ্ট খোলোঁতে এটা চাৰ্ট ওলাইছিল। সেইটো লৈয়ে আমি হাঁহিত থাকিব পৰা নাছিলোঁ। ছোৱালীৰ বিয়াত আকৌ চাৰ্ট? কিন্তু ভালকৈ চালে দেখোঁ সেইটোও এটা সন্মানজনক উপহাৰেই। কিয় ছোৱালীৰ ঘৰত চাৰ্ট পিন্ধা মানুহ নাই জানো? এইটো এটা কামত অহা উপহাৰেই দেখোন। চাৰ্টটো ভালেই আছিল বাবে দৰাঘৰীয়া কাৰোবাক মানত দিব পৰা গ’ল। কিন্তু বাটিছেটে এই সকলো ধ্যান ধাৰণাক ডাষ্টবিনলৈ নিক্ষেপ কৰি নতুন যুগৰ সূচনা কৰিলে৷

দৌৰাদৌৰিকৈ আপুনি বিয়া এখন খাবলৈ গৈছে, ইফালে মাহৰ শেষ৷ উপায়, বাটিছেট৷ আপোনাৰ বৰ বিশেষ ওচৰৰ ব্যক্তি নহয়, কিন্তু নগ’লেও কথাটো বেয়া হয়৷ উপায় সেই একেটাই, বাটিছেট৷

এইখিনিতে বাটিছেটক লৈ সমৰ্থনকাৰী আৰু বিৰোধী পক্ষৰো সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে৷ সমৰ্থনকাৰীসকলৰ মতে বাটিছেট সৰ্বহাৰাৰ বস্তু, সংগ্ৰামী সত্তাৰ প্ৰতিনিধি৷ উপহাৰৰ দামৰ তাৰতম্যক নেওচি এখন সম অধিকাৰৰ উপহাৰ সমাজ সৃষ্টিৰ প্ৰতিনিধি৷  কিন্তু বিৰোধী পক্ষৰ মতে বাটিছেটবোৰৰ আচলতে কাম কি? এনেদৰেই বছৰ বছৰ বিয়া খাই পৃথিৱী ঘূৰণীয়া বুলি প্ৰমাণ কৰি থকাটো নেকি? এই জকমকীয়া কাগজৰ আঁৰত আচলতে বিয়া খাওঁতাজনৰ কেনেকুৱা মনোভাৱ জড়িত থাকে? বাৰু যি হওক, ভাল কামত অহা বাটিছেটৰো বহুত মান আছে। এখন গৃহস্থীত আইনাৰ বাটিৰ বহুত দৰকাৰো আছে। কিন্তু সেইবুলিয়েই বিয়াৰ প্ৰেজেণ্টৰ নামত গোট খোৱা বাটিছেটবোৰ কামত অহাতকৈ নিগনিৰ বাঁহহে হোৱা দেখা যায়। বাটিছেটৰ ঠিক অপমানো কৰা নাই কিন্তু বিয়া পতা পক্ষৰ ফালৰপৰা চাবলৈ গ’লে বাটিছেটৰ অধিবেশন পতাৰ দৰেহে অনুভৱ হয়, যেতিয়া পেকিং খোলা যায়। কেতিয়াবা এনেকুৱা হয় যে বিয়াত উপহাৰ পোৱা বাটিছেট একেলগে জমা কৰিলে বিয়াৰ আদৰণি তোৰণখনতকৈও বিশাল আকৃতিৰ হ’ব৷

মাজতে এজনে লিখা দেখিলোঁ বাটিছেটক অসমৰ জাতীয় উপহাৰৰূপে ঘোষণা কৰিব লাগে। হয় দেই কথাটো ধেমালি যদিও গাজত লগা। কম দুখত সেই কথাষাৰ লিখিব লগা হৈছিল নে? বাটিছেটত আশ্ৰয় গ্ৰহণ কৰি নিগনিয়ে যে ঘৰৰ চোফাৰপৰা গেঞ্জিলৈকে সকলো ধংস কৰি যায় সেয়া ভুক্তভুগীয়েহে অনুভৱ কৰিব পাৰে। বিয়া হৈ যোৱাৰ দুই-তিনি বছৰ পাছলৈকে গডৰেজ বা ৰেক খুলিলেই দমাই থোৱা বাটিছেটৰ ঠেং ঠাং শব্দত যি সুৰ সমলয়ৰ সৃষ্টি হয়, সেয়া শুনিলে এ আৰ ৰহমানৰো মূৰ ঘূৰাই যাব৷ সেইকাৰণেই বোধহয় আজিকালি বিয়াৰ নিমন্ত্ৰণী পত্ৰত বেছিভাগতে লিখাই থাকে উপহাৰ নানিব বুলি। কিন্তু আমাৰ নিচিনাবোৰৰ যে জকমকীয়া মনবোৰ  ইমান ধুনীয়া ৰঙীন কাগজৰ সলনি সামান্য এটা খামতে সীমাবদ্ধ হৈ থাকিব লাগিলে আমি জানো সহ্য কৰিব পাৰিম? আৰে, বৰুৱাই ডাঙৰ পেকেটত উপহাৰ লৈ গৈছে, মই সৰু আকাৰৰ পেকেটত কিতাপ এখন উপহাৰ দিলে মোৰ সন্মান ক’ত থাকিব?

কিন্তু এইদৰে থাকোঁতেই বাটি,টৰ অত্যাচাৰ আগ্ৰাসনত আমাৰ জাতিসত্তাৰ দৰেই উপহাৰৰ প্ৰকৃত গুৰুত্ব লাহে লাহে ধ্বংসৰ গৰাহত৷ এতিয়াৰপৰাই এই অনুপ্ৰৱেশকাৰী সদৃশ বাটিছেটক বিদায় দিব নোৱাৰিলেও সিহঁতৰ অধিকাৰ যে অসম মুলুকত সদায় সীমিত তাৰ ব্যৱস্থা কৰিব লাগিব। এবাৰ কল্পনা কৰক, ৰং বিৰঙৰ তৰপে তৰপে উপহাৰৰ বাকলি আগ্ৰহেৰে খোলা দৰা বা কইনাৰ মুখখনলৈ৷ গুগোল পেৰ সেই “বেটাৰ লাক নেক্সট টাইম”ৰ দৰে নহয় নে! এই ধাৰা অব্যাহত থাকিলে মানুহে বিয়া পাতিবলৈকে বাদ দিব৷ গতিকে জাতি আৰু সমাজৰ স্বাৰ্থত

আহক সমস্বৰে কওঁ,
“আহ ঐ আহ বিয়াৰ প্ৰেজেণ্ট কিনো
বাটিছেটক বিদায় দি…….
আহ ঐ আহ খামত পইচা ভৰাওঁ
পঞ্চাশ টকা দি……..”

☆ ★ ☆ ★ ☆

3 Comments

  • দীক্ষিতা।

    কেনে সুন্দৰ বিশ্লেষণ… এনে উপহাৰৰ মাধমাৰ খোৱাজনে সুন্দৰকৈ অনুভৱ কৰিব ইয়াৰ বিষ।

    Reply
  • বাগ্মিতা

    ঝাক্কাচ বিশ্লেষণ হে ববিতা😂 মজ্জা লাগিল

    Reply
  • Rimjhim Borthakur

    সুন্দৰ বিশ্লেষণ

    Reply

Leave a Reply

Your email address will not be published.