ফটাঢোল

প্ৰহেলিকা-গীতাশ্রী শইকীয়া কলিতা

ইপাৰ শিপাৰ নেদেখা সেউজ ঘাঁহনিদৰা বতাহত হালিছে জালিছে। বতাহত ঘাঁহৰ বগা বগা ফুলবোৰ এপাহ দুপাহ উৰিছে। তাৰ মাজে মাজে খিলখিলাই উৰ্বশী দৌৰি ফুৰিছে। পাছে পাছে নিৰ্মল। প্ৰেমত পাগল এহাল ডেকা গাভৰু। সমাজৰ সকলো নিয়ম নীতি আওকাণ কৰি কেৱল দুয়ো দুয়োৰে সান্নিধ্যত মগন। ইজনে সিজনক মৰম কৰিবলৈকে যেন জন্ম তাঁহাতৰ। দৌৰি দৌৰি এসময়ত নিৰ্মলে পাছফালৰ পৰা ধৰিলে উৰ্বশীক। বতাহতে এপাক তাইক ঘূৰাই দুয়ো ঘাঁহনি দৰাত বাগৰি পৰিল। উৰ্বশী ঘাঁহনিত বহি ল’লে, আৰু উৰ্বশীৰ কোলাত মূৰ থৈ নিৰ্মল শুই পৰিল। আবেলিৰ কোমল ৰ’দচাটি সকলোতে বিয়পি পৰিছে। ৰ’দচাটিয়ে নিৰ্মলৰ চকুত বাৰে বাৰে আমনি কৰিছে। উৰ্বশীয়ে তাইৰ চুলিকোছাৰে নিৰ্মলৰ মুখখন আঁৰ কৰি দিছে। দুয়ো কিমান দেৰি তেনেকৈ থাকিল হিচাপ নাই। কথাৰ মাজে মাজে নির্মলে ঘাঁহ ফুলবোৰ ছিঙি আছে। শুই থকাৰ পৰাই দীঘল ঘাঁহ এডাল ছিঙি ফুলবোৰ সি উৰ্বশীৰ সোণালী চুলিটাৰিত লগাই দিলে। ফুলখিনিয়ে যেন উৰ্বশীৰ ৰূপ আৰু দুগুণে তুলি ধৰিছে। কোনোবা স্বৰ্গৰ পৰী যেনহে লাগিছে। চাই চাই হেঁপাহ পলোৱা নাই তাইক। এনেকৈয়ে যেন যুগ যুগ ধৰি থাকি যাব৷ চকুহাল মুদি দিলে নির্মলে। নিজকে স্বৰ্গত থকা যেন অনুভৱ হ’ল। তেনেতে জোৰত কাণৰ কাষত উৰ্বশীয়ে চিঞৰি উঠিল,

: ঐ জহনিত যোৱা, ইমান দিনদুপৰতে কিহৰ টোপনি তোৰ?

নিৰ্মল উচপ খাই উঠিল। কি হ’ল উৰ্বশীৰ৷ কিবা বুজিবলৈ পোৱাৰ আগতেই আকৌ বলকনিৰে যেন কৰ্ণকুহৰ ফালি চিৰি দিব।

: ঘৰত কূটা এডাল দুডোখৰ নকৰ। দিনৰ দিনটো লোকৰ ঘৰত গেবাৰী খাটি ইয়াত ভাগৰ মাৰহি অকল। কেইদিনৰ পৰা কৈ আছোঁ আম খৰি ডাল ফালি দে। নাই তোৰ সময় নাই। উঠিবিনে এতিয়া পানী এঘটি আনো?

আৰে উৰ্বশীৰ মাতটো দেখোন ক্ৰমান্বয়ে বিকত ৰূপ লৈছে। কিহৰ আমখৰিৰ হিচাপ লৈছে উৰ্বশীয়ে। আমখৰি ফলাৰ কথাটো তাৰ মাকেহে কৈ আছিল। ধেই তাৰমানে অতদেৰি মাকেহে চিঞৰি আছিল। মনটো দুখ লাগি গ’ল, ততমুহূৰ্ততে স্বৰ্গৰ পৰা নৰকত প্ৰবেশ কৰা যেন অনুভৱ হ’ল। ক’ত উৰ্বশীৰ মৌ সনা মাত আৰু ক’ত মাকৰ কুকুৰ-পিতা গালি। ধুই আমাৰ নিচিনা মানুহৰ কঁপালত ইমান সুখ আছে জানো! সপোন সপোনেই হৈ ৰ’ব। আৰে দিঠকত নহ’লেও সপোনততো ভালকৈ চাবলৈ দে। মাকে বলকিয়ে আছে। 

: ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ। তাতো শান্তি নিদিয়। নিজেও অলপ শান্তিত থাক, মোকো শান্তিত থাকিবলৈ দে। অনবৰতে খালি বলকি থাকিবি৷

: থ থ তোৰ সপোন। এইবোৰ দৰ্শনিকৰ কথাই নুখুৱাই। দিনৰ দিনটো পনপনাই ফুৰিবি অকল ইঘৰ সিঘৰত।  নহ’লে সেই বলডাল লাঠিয়াই ফুৰিবি। ঘৰত কুটা এগজ দুডোখৰ নকৰ। অকলে কেনেকৈ ঘৰ চম্ভালিছোঁ মইহে বুজিছোঁ।

: খেলিবলৈ গ’লোঁ বুলি ঘৰত কি নকৰাকৈ আছোঁ মই?

আৰু ইঘৰত সিঘৰত এনেই লেকচাৰ মাৰোঁগৈ নেকি মই। গৈছোঁ যদি দুটকা ঘটি আনিছোঁ।

: হ’ব হ’ব এনেখন কাম কৰি ফালিছ! ৰাতিলৈ ভাত খাৱ যদি খৰি কেইডাল ফালি দে মোক। নহ’লে লঘোণ, ধুৰূপ বুজিবি।

: নেখাওঁ ভাত যাহ। পিছে তোক লঘোণ নকৰোঁ। এতিয়াই ফালি দিম।

মূৰত গামোচাখন পাক মাৰি ওলাই গ’ল পাছফালে সি। 

: ঐ কুঠাৰখন পিৰালিতে আছে।

: হুহ।

এৰা মাকে কথাবোৰ ঠিকেই কৈছে। তাৰ সপোন কাহানিও পুৰা নহয় সি জানে। উৰ্বশী ধনী ঘৰৰ জীয়ৰী। ভোলা হাজৰিকাৰ জীয়েক৷ সৰুৰে পৰা দেখি আহিছে তাইক। পিচে এইবেলেগ ধৰণৰ মৰমটো অলপ দিনৰ পৰাহে আৰম্ভ হৈছে। মানে তাৰহে মৰম লাগে। আৰু উৰ্বশীৰ? গম নাপায় সি। তাৰ আচল নামটোও তাই ভালকৈ জানেনে নাই সন্দেহ আছে। নাজানিলে নাই কি হানি হ’ল! সি জানে নহয় তাইৰ কথা। তাই সদায় নিৰ্মলক সেই বিশেষ নামটোৰে মাতে, “ফটাকানি”। সেইটো তাৰ জোকোৱা নামহে আচলতে। কোনে কেতিয়া দিছিল মনত নাই। কিন্তু গাঁৱৰ আৰু চুকৰ চিনাকি চবেই তাক সেই নামেৰেই জানে। থাকোঁতে উৰ্বশীৰো এটা জোকোৱা নাম আছে, “বিলাতী মেম”। সৰুতে জোকালে তাইৰ বৰ খং উঠিছিল। এতিয়া চাগে বহুতেই পাহৰি গ’ল নামটো। পিচে সি নাপাহৰে। তাইযে তাৰ প্ৰথম প্ৰেম, নাই ভুল হৈছে, প্ৰথম নহয় বাৰু কিন্তু নিশ্চয়কৈ চাৰি পাঁচ নম্বৰত আছে। আগৰবোৰ  অৱশ্যে প্ৰেম বুলিব নোৱাৰি। কাৰণ সদায় তাৰহে ছোৱালীবোৰ ভাল লাগিছিল। পিচে কোনোবা ছোৱালীয়ে তাক পচন্দ কৰা মনত নপৰে কিন্তু এইবাৰ সি চিৰিয়াছ। উৰ্বশীক বহুত ভাল পায় সি। আৰু কাৰো কথা এতিয়া সি ভাবিব নোৱাৰে। হ’ব যা, তাই ভাল নাপালেও নাই। সি তাইক সদায় ভাল পাব। 

“টু মিলে, দিল খিলে, অউৰ জিনে কো কিয়া চাহিয়ে।”

গুণগুণাই গাই গাই ফলা খৰিবোৰ আনি পিৰালিতে মেলি দিলে সি। এই গানটো বৰ মজা লাগে তাৰ। কি সুৰ, কি ছন্দ। শুনিলে শুনি থাকিবলৈ মন যায়। বহুতবাৰ ৰেডিঅ’ত অনুৰোধ কৰি চিঠি লিখিলে। পিচে তাৰ নাম আজিলৈকে নোলালে। চালা ভাগ্যত নাই মুঠতে।

: ঐ চাহ খাই যা ৰ। কালি অনা নতুন গুৰ আছে।

টেঁটু শুকাই গৈছে। চাহকণ পালে বেয়া নহয় অৱশ্যে। পিচে মাকৰ আগত সেও মানিবলৈও মন যোৱা নাই। এই বাদ দে এইবোৰ ঠেঁহ পেচ। কিবা এটা খাই লওঁ দে। 

: দিয় যদি দে সোনকালে। মোৰ কাম আছে। এফালে যাওঁ৷

মাকে একগিলাছ ৰঙা চাহ, আৰু পেলেট এখনত গুৰ আৰু ৰাতিপুৱাৰ শুকান ৰুটি এখন আনি দিলে।

নির্মলে মূৰত পাগ মাৰি থোৱা গামোচাখনেৰে মুখখন মচি পিৰালিতে বহিল। 

ধুই ইমান গৰম গিলাছটো। মুখত লগাবই নোৱাৰি। ওঁঠে চোঠে পুৰিলে। মাকলৈকে খং উঠি গ’ল। মাকৰ খঙৰ কোব এটাহে যেন। ফুঁৱাই ফুঁৱাই খাওঁতে এপৰ লাগিল তাৰ।

: মই যতীনৰ ঘৰলৈ যাওঁ। মৰণা এটা আছে। মাৰিবলৈ কৈছিল।

: ৰাতি এপৰলৈকে ঘূৰি নুফুৰিবি। দিনকাল ভাল নহয়। কত দিনৰ পৰা কৈ আছোঁ কিবা এটা চিন্তা কৰ। মোৰ দেহাই আৰু বেছি দিন নাটানে। কঁকাল পৰাৰ আগতেই কোনোবা এজনীক ঘৰখন গতাই যাব লাগে মই।

সি মনতে ভাবিলে, “ৰ তোৰ বোৱাৰীয়ে এতিয়ালৈকে গমেই নাপায়চোন।” ক’লে কি হ’ব সিও নাজানে। তাৰ নিচিনা টোকোনাটোলৈ দিব জানো তাইক। মাকে যে ঘৰখন চমজাই থৈ যোৱাৰ কথা কয়, সি বুজি নাপায় চমজাবলৈ আছে কি? গোহালিৰ গাইজনী আৰু বলদ দুটা, তাহানিৰ দেউতাকৰ দিনৰে পাকঘৰৰ চাই লগা মেটুৰা মেটুৰি বাচন বৰ্তনকেইটা নে মাকৰ পুৰণি বাকচ দুটা! মনতে ভাবি গুণি গৈ থাকিল সি।

বুঢ়ী মাকজনী ঘৰত অকলে থাকে। চিন্তা তাৰো নলগা নহয় কিন্তু কাম নকৰিলে খাব কি? দিন হাজিৰা কৰি লোকৰ ছোৱালী এজনী আনি খুৱাব পাৰিব নে সি? কামৰ নামত লোকৰ ঘৰত মৰণা মৰা, খৰি ফলা আৰু কেতিয়াবা কাম পালে বলাই মিস্ত্ৰীৰ লগত যোগালি কাম কৰা। সেয়াই তাৰ ইনকাম। যিকেইটা পইচা পাই উৰ্বশীৰ স্ন’ পাউদাৰ কিনিবলৈও নাটে। লাহবিলাহত ডাঙৰ হোৱা ছোৱালী উৰ্বশী। কাহানিও অভাৱৰ মুখ দেখা নাই। লাগ বোলাৰ আগতেই দেউতাকে সন্মুখত বস্তুৰ যোগাৰ দিয়ে। সি পৰিব জানো তাইক সুখত ৰাখিব! সেইবোৰতো বহুত পাছৰ কথা তাইক পোৱাটোৱেই পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা। নাভাবোঁ বুলি ভাবিলেই তাইৰ সোণালী চুলি কোচা আৰু কজলা চকুযোৰে তাক বৰকৈ আমনি কৰে। তাৰ দৰে চাগে আৰু কিমানক আমনি কৰে তাৰ কি হিচাপ আছে। কাৰ কঁপালত আছে উৰ্বশী কোনে জানে। 

পঢ়াৰ নামত হায়াৰ চেকেণ্ডাৰীলৈকে পাছ কৰিলে সি কিন্তু বুজি উঠিলে এই কিতাপজাপে নুখুৱাই তাক। ঘৰ চলিবলৈ কিমান পইচাৰ দৰকাৰ সি সৰুতেই বুজি উঠিছে। গতিকে সকলোবোৰ তোহাৰি চৰণে মোহাৰি থৈ দিলে। জীৱনটো কিবা হৈ গ’ল। ভাবিছিল পঢ়িশুনি ভাল চাকৰি কৰিব। অফিচাৰ নহ’লেও কেৰাণী চাকৰি এটা পালেও হ’ব কিন্তু এতিয়া কেৰাণী বাদেই চকীদাৰ পোষ্ট এটাও খালী নাই ক’তো। ওচৰৰে এলপি স্কুলখনত বহুতদিন বিনা পইচাৰে খাতিলে। এতিয়া সেইখনো বাদ দিলে। 

চালা জীৱনটো শেষ আৰু…

মনলৈ আহিল গান এটা…

জীৱনটো হ’ল অসাৰ, প্ৰয়োজনো নাই….

ধুৰ বাদ দে এইবোৰ। ভাবি লাভ নাই। ভাল লগা এটাই আছে এতিয়াও। তাৰ ফুটবলটো। পিৰালিৰ চুকত পৰি থকা বলটো উঠাই আনি চুমা এটা খালে সি, মনতে ভাবিলে তয়েইতো মোৰ কথা বুজ অকল। সিদিনা  জঁকাই চুকৰ বলিনে অঞ্চলিকৰ খেল এখনৰ কথা কৈছিল। খবৰটো ল’ব লাগিব কেতিয়ালৈ হ’ব। কথাবোৰ ভাবি ভাবি যতীনৰ ঘৰলৈ বাট বুলিলে সি।

: অতদেৰি লগালি, আহ আহ। বেলি পৰিবৰে হ’ল।

: এ অকণমান বিছনাত পৰিছিলোঁ। হৈ যাব চিন্তা নকৰিবি।

: জানো পাই!

: ব’ল আৰু দেৰি কৰি নাথাক। ভঁৰালৰ পৰা ডাঙৰীবোৰ নমাওঁগৈ।

সন্ধিয়া বেলিকা। আকাশত জোনে দেখা দিছে। যতীনৰ ভনীয়েক দুজনীয়ে গোঁসাইঘৰত প্ৰাৰ্থনা কৰিছে। বৰ শুৱলা মাত ডাঙৰজনীৰ। সৰুজনীৰ মাতটো ইমান পৈণত নহয়।

“জয় জয় যাদৱ জল নিধি যাদৱ ধাতা” আসোঁৱাৰী ৰাগটোৰে বৰগীতটো ইমান শুৱলা। কোনে লিখা আছিল জানো মনত নাই তাৰ। শংকৰদেৱৰ আছিল কিজানি। গাঁৱৰ নামঘৰত মাজুলীৰ সত্ৰৰ আতৈ এজনে আবেলি বৰগীত শিকাই। তালৈকে যায় দুইজনী শিকিবলৈ।

যতীনহঁতৰ মৰণা আগবাঢ়ি আছে। দুহাল গৰুৰে মাৰিছে। অলপ লৰালৰি কৰিছে সিহঁতে। শুবলৈ যোৱাৰ আগতেই ওখোন দি খেৰ জোকাৰি আজৰি কৰি থ’ব লাগিব। কাতি সোমোৱাৰ দিন ধৰি ৰাতি নিয়ৰ পৰে। আজিয়েই জাৰি জোকাৰি নথ’লে  ৰাতিপুৱালৈ ধান খেৰবোৰ সেমেকি যাব। তেতিয়া ধানবোৰ নসৰে। বৰ দিগদাৰ  হয়। যদি আজিয়েই ধানখিনি জোকাৰি থয় তেতিয়া কালিলৈ ধানবোৰ জাৰি চালি চাফা কৰিলেই হ’ল।

: ঐ লৰাহঁত আহ চাহ অকন খাই লহি।

মাজতে যতীনৰ মাকে মাত লগাই গ’ল। কাষৰ ঘৰৰ বৰদলৈ বৰতা হয়তো বাৰাণ্ডাত বহিছেহি। ৰেডিঅ’ত ফুল ভলিউমত এতিয়া লোকগীত বাজিছে। অলপ পাছতে চাৰে ছয়বজাত যুৱবাণী অনুষ্ঠান আৰম্ভ হ’ব। চাহ খাই নিৰ্মলহঁত পুনৰ কামত লাগিল। ভিতৰত হয়তো যতীনৰ মাকে ভাতৰ যোগাৰ কৰিছে। আজি নিৰ্মলে ইয়াতে ভাত খাব৷ ঘৰত অকলে এৰি অহা মাকলৈ মনত পৰিল তাৰ। কিবা যোগাৰ হৈছেনে বাৰু মাকৰ।

পতকৈ জহা জহা লগা গোন্ধ এটা পাই তাৰ পেটটোৱে কলমলাই উঠিল। কিমান পৰ আছে জানো ভাত হ’বলৈ। তাৰ আগতে ওখোন দি আজৰি হ’বই লাগিব। ভাত খোৱাৰ পাছত গাটো বৰ গধুৰ লাগে। কাম কৰিবলৈ মন নাযায়।

উভতি আহিল নিৰ্মল। এইটো বাট তাৰ নিচেই চিনাকি। প্ৰতিটো খলাবমাৰ সৈতে চিনাকি তাৰ। বাটৰ কাষৰ ফুটুকাবোৰৰ মাজে মাজে জোনাকী পৰুৱা। জিলিৰ মাতৰ বাহিৰে ক’তো একো সাৰ সুৰ নাই। সুৰেনৰ পদূলিৰ বাঁহজোপাই যেন বাটটো গিলি পেলাইছে মাজতে। পাৰ হ’বৰ সময়ত সুৰুককৈ জোপোহা এটা লৰচৰ হ’ল। গাটো অজানিতে চিৰিংকৈ গ’ল। কোবাকোবিকৈ নিৰ্মল পাৰ হ’বলৈ চালে জেগাডোখৰ। নিজৰ পদূলি পায় মানে মনটো কিবা লাগিছে তাৰ। পাছে পাছে যেন কোনোবাই অনুসৰণ কৰিছে। লৰালৰিকৈ ঘৰ সোমাব পাৰিলেই হ’ল। পাছফালৰ বাঁহৰ দুৱাৰখন খোলোঁতেই কেৰেককৈ শব্দ হ’ল। মাকে বোধকৰোঁ সাৰ পালে,

: কোন ঔ?

: মইহে। শুই থাক তই।

: ইমান দেৰি কৰিলি, কিবা খালিনে নাই?

: খাই আহিছোঁ।

: পাছফালৰ দুৱাৰখন বন্ধ কৰিবলৈ নাপাহৰিবি।

আকৌ বাঁহৰ দুৱাৰখন বন্ধ কৰোঁতে কেৰেককৈ শব্দ এটা হ’ল। আন্ধাৰতে খেপিয়াই কোনোমতে নিৰ্মল বিছনাখনত পৰিলগৈ। দিনৰ ভাগৰে তাক হেঁচা মাৰি ধৰিছে। তথাপি ভালকৈ টোপনি অহা নাই। তুলিখনো একেবাৰে চেপেটা হ’লগৈ। কালিলৈ তুলিখন ৰ’দাব লাগিব। সদায় পাহৰি যায় সি।

: হেৰৌ, উঠিবিনে আজি?

: কিমান দেৰি হ’ল?

: বেলি দুপৰ হ’ল। উঠচোন। তোৰ বৰদেউতা আহিছে৷

অনিচ্ছাৰ স্বত্বেও উঠি আহিল সি বিছনাৰ পৰা। ঘটিটো লৈ পাছফালে মুখখন ধুবলৈ ওলাই গ’ল। পাকঘৰত খুটুং খাটাং কৰিছে। সি মুখ ধুই চিধা আগফালে ওলাই গ’ল। মুঢ়াটো টানি সি বৰদেউতাকৰ ওচৰতে বহিল। মাকো চাহ দুবাটি লৈ আহিল। বৰতাকে কথা আৰম্ভ কৰিলে। তাৰ বাবে ছোৱালী এজনী চোৱাৰ কথা। আঁতৰৰ পিৰাকটা গাঁৱৰ। পৰিয়াল বেয়া নহয়। গৈ চাই আহিব লাগে। 

: হওঁতে ছোৱালীজনী বেয়া নহয় দেই। মাকজনীও সাদৰী, মোৰ চিনাকি৷ মাক ভালেই জী ভাল।

: আপোনালোকে ভাল বুলি কৈছে যদি আমাৰ কথা নাই।

: এই ভদঙীয়াটোৱে বা কি কয়।

: তাৰ নো কি!

: হ’লেও। ঐ ল’ৰা শুনিছনে?

বৰতাকে তালৈ বুলি তীক্ষ্ণ কাৰপাত নিক্ষেপ কৰিলে। সি তলমূৰ কৰি ক’লে,

: মইনো কি ক’ম। তহঁতে যি কও আৰু।

: হলেও এবাৰ চাই আহগৈ যা নহ’লে। যদি তোৰ পচন্দ হয় মাঘমানলৈ আমি কিবা এটা কৰিম দে।

: হ’ব দে। গৈ আহিম বাৰু তহঁতে কৈছ যদি।

: যা যা।

মাকে মাজতে মাত লগালে সুবিধা বুজি।

: মোৰ বুঢ়া দেহাই নাটানে আৰু। সোনকালে কাপোৰ এযোৰ পিন্ধাই লৈ আনিব লাগিব। মৰাৰ আগতে ঘৰখন চমজাই যাব পাৰিলেই ৰক্ষা।

: হব যা তোৰ সেই পুৰণি কেছেটটো নবজাবি আকৌ।

গলখেকাৰী এটা মাৰি বৰতাক যাবলৈ ওলাল। তাৰ মনটো কিবাকৈ উঠিল। চেহ তাৰ উৰ্বশীজনীৰ কি হ’ব এতিয়া। ঘৰৰ মানুহৰ আগত ক’বলৈকো সাহ নাই। ঘৰৰ মানুহ কি, উৰ্বশীকে ক’ব নোৱাৰিলে। হ’ব আৰু উৰ্বশী নহ’লেও মেনকাকে চাই অহা যাওক বুলি মনটো ঠিক কৰিলে নির্মলে।

আজি দেওবাৰ। ৰাতিপুৱাই উঠি সুনীলৰ ওচৰত দাড়ি চুলি কেইডালো চিকুনাই আহিছে। গা-পা ধুই ওলাইছে সি। মাকৰ বিছনাৰ মূৰত থোৱা টোপোলাটোৰ পৰা পাউদাৰ অকণো ঘঁহি ল’লে। মুঠতে নিজকে একেবাৰে সঞ্জয় দত্ত যেন অনুভৱ হৈছে তাৰ আজি। চুলিকেইডাল অকণ ঠিক ঠাক কৰি ল’লে। মাকে অকণ আলেঙে আলেঙে তাক লক্ষ্য কৰি  থাকিল৷

: মোৰ দেৰি হ’লে তই ৰৈ নাথাকিবি। বলীনৰ লগত কথা এটা আছে। দেৰিহ’লে সিহঁতৰ ঘৰতে থাকিম মই। তই পুতলীক আনি ল’বি ৰাতি থাকিবলৈ।

আচলতে সি মনে মনে ঠিক কৰি থৈছিলেই বলীনহঁতৰ ঘৰত থকাৰ কথা। অতদিনে মিলাহে নাছিল৷ আজি সুবিধাটো পাই থকাটোকে ঠিক কৰিলে। জঁকাই চুক আৰু পিৰাকটা ওচৰা ওচৰি গাঁও। ছোৱালীৰ ঘৰৰ পৰা বেছি দূৰ নহয় বলীনৰ ঘৰ। মাজতে এখন পথাৰ পাৰ হ’ব লাগে। তাতে নিৰ্মলৰ ঘৰৰ পৰা ইমান দূৰ, অতদূৰ চাইকেল মাৰি মাৰি গৈ ঘূৰি আহিবলৈ মন নাই৷ কাতিমহীয়া দিন। পতকৈ বেলি পৰিবই।

যাওঁ যাওঁ বুলি ওলাওঁতেই দুপৰ হ’ল। পিৰাকটা গৈ পোৱালৈ আবেলিয়েই হ’ল। বৰতাকে বতাই দিয়া মতে সুধি পুচি ওলালগৈ কোনোমতে মানুহঘৰ। জপনাখন খুলি সোমাই গ’ল নিৰ্মল। বুকুখন ঢপঢপাই উঠিছে তাৰ, যেন সেই তাহানিৰ মেট্ৰিকৰ ৰিজাল্ট ল’বলৈহে গৈছে। চাইকেলখন ষ্টেণ্ডত লগাই সেপ ঢুকি আগবাঢ়ি গ’ল। যিমান পাৰি বুকু ফিন্দাই দুৱাৰ মুখলৈকে আগবাঢ়ি গ’ল সি। তেনেতে কোনোবা এজন ওলাই অহা দেখি অলপ সঁকাহ পালে। দেখাত ছোৱালীৰ দেউতাক বা খুৰাক যেন লাগিল তাৰ।

: অ’ আহা আহা। সময় লগালা অলপ।

: অঁ, অলপ কাম আছিল, কৰিমেলি আজৰি হওঁতে বেলি হ’ল।

যেনেতেনে প্ৰশ্নটোৰ পৰা ফালৰি কাটিবলৈ বিচাৰিলে সি।

: হ’ব হ’ব কোনো কথা নাই। আহা বহাহি।

মানুহজনে কথা পাতি পাতি নি তাক বাহিৰৰ কোঠাতে বহালে। কথাৰ পৰা গম পালে খুৰাকেই হয়। এইবাৰ ঘৰৰ এজন এজনকৈ সদস্য আহি থাকিল তাৰ ইণ্টাৰভিউ ল’বলৈ। মাজে মাজে ইটো সিটো খোৱা বস্তু আহি থাকিল কিন্তু মেইন গৰাকীৰহে দেখাদেখি নাই। তাৰ উচপিচ লাগিছে এফালে। অৱশেষত সকলো উৎকণ্ঠাৰ ওৰ পেলাই ওলালহি নায়িকা হাতত চাহ লৈ। চাওঁ নেচাওঁ কৈ সি মূৰ তুলি চালে। ওখ পাখ দেখোন বেছ। চেহেৰাটোও দলিয়াই পেলাব পৰা নহয়। মনে মনে উৰ্বশীৰ চেহেৰাটোও মনলৈ আহিল তাৰ। হ’ব আৰু, কঁপালত যি আছে। উৰ্বশীক বিচৰাটো তাৰ বাবে চন্দ্ৰলৈ হাত মেলাৰ দৰে কথা। আজিৰ পৰা অথচ এই মুহূৰ্তৰে পৰা আৰু সি উৰ্বশীৰ কথা নাভাবে মনতে পণ ল’লে। উৰ্বশী সপোন কুঁৱৰী সপোনতেই থাকক। 

অলপ পৰিবেশটো সহজ হ’বৰ বাবে সি কথা আৰম্ভ কৰিলে,

: তোমাৰ নামটো?

: ৰেখা।

তাই দিওঁ নিদিওঁকৈ উত্তৰ দিলে।

: অ’, পঢ়া শুনা কিমান কৰিলা?

: মেট্ৰিক দিছিলোঁ৷

পাছৰখিনি তাই নক’লে, হ’ব সিও বৰকৈ নুসুধিলে।

“চাহ খাব।” বুলি কৈ তায়ো উধাও হ’ল তাৰ পৰা। তাৰ বেয়া লগা নাই ছোৱালীজনী। চাহ জলপান খাই উঠালৈ সাজ লাগিল। যাওঁ যাওঁ কৈ উঠিবই পৰা নাই। যাবলৈ উঠি মনটো অকণমান লিকলিকাই উঠিল। এবাৰ আকৌ দেখা হ’লে। ঘৰৰ সকলো আহি আগবঢ়াই দিলেহি। তাইহে নাহিল দেখোন। চাইকেলখন ঠেলি জপনা মুখ পালেহি সি। আকৌ এবাৰ ঘূৰি চালে সি। কানিমুণি পোহৰত খিৰিকীৰ কাষত কাৰোবাৰ মুখ এখন দেখিলে সি। মনটো ভাল লাগি গ’ল কিবা এটা। গানৰ কলি এটা গুণগুণাই সি আগবাঢ়িল। 

ইতিমধ্যে চাৰিও দিশ আন্ধাৰ হ’লেই। এইখিনিত বসতি ঘন। লাহে লাহে গাঁৱৰ ইমূৰলৈ মানুহৰ বসতি কমি আহিছে। বলীনৰ গাঁও আৰু এইখন গাঁৱৰ মাজতে সৰু পথাৰ এখন৷ পথাৰখন পাৰহৈয়েই জাৰণি দৰা। তাৰ পৰা তিনি চাৰি ঘৰমান পাৰ হ’লেই বলীনৰ ঘৰ। পথাৰৰ মাজৰ বাটোৱেদি অলপমান আগবাঢ়োঁতেই তাৰ চাইকেলখনৰ কিবা এটা হ’ল। সি যেনেতেনে আগবাঢ়ি যাওঁ বুলি পেডেল মাৰোঁতে চেইনডাল লাগিয়েই ধৰিলে। আগলৈও নাযায় পিছলৈও নাযায়। বৰ মস্কিলখন হ’ল। কেইদিনমানৰ পৰা চাইকেলখনে দিগদাৰ এটা দিয়েই আছিল৷ ঠিক কৰোঁ কৰোঁ বুলি কৰায়েই নহ’ল। এতিয়া সেইডাল লৰচৰেই নোহোৱা হ’ল। কি কৰা যায়! এফালে গোটেইখন আন্ধাৰ, তাতে পথাৰৰ মাজ। সহায়ৰ বাবে মাতিবলৈও কোনো নাই। ইমাননো অসৱধান হ’ব লাগেনে বাৰু সি। নিজলৈকে খং উঠিল তাৰ। ৰেখাৰ ঘৰলৈ উভতি যাবলৈও বহুতখিনি আগবাঢ়ি আহিল সি। বলীনৰ ঘৰলৈও ভালেখিনি দূৰ। কি কৰোঁ নকৰোঁকৈ ভাবি অৱশেষত চাইকেলখন কান্ধতে উঠাই যোৱাটোকে ঠিক কৰিলে। ফোঁপাই জোপাই অলপদূৰ আগবাঢ়িল নিৰ্মল। তেনেতে কিবা এটাত উজুটি খাই গৈ হামখুৰি খাই পৰিল সি৷ ধেততেৰি বুঢ়া আঙুলিৰ নখটো এৰালেই কিজানি। বৈদ্য বিষাইছে দেখোন। চাইকেল এৰি সি বাটতে বহি পৰিল। যিমানে দেৰি হৈছে সিমানে সি অধৈৰ্য হৈ উঠিল। এইদৰে বহি থাকিলে নহ’ব বুলি লাহে লাহে আকৌ খোজ দিবলৈ লৈ ল’লে। অনুভৱ হ’ল থিয় হ’বলৈও দিগদাৰ হৈছে এতিয়া তাৰ। কিযে দিনটো আজি। এতিয়া মূৰটোৱে তাৰ কাম কৰা নাই। কালৈ খং উঠিছে সি নিজেও বুজি পোৱা নাই। কান্ধত চাইকেলখন তুলি যেনে তেনে আগবাঢ়িল। উদ্দেশ্য এটাই যেনে তেনে বলীনৰ ঘৰ পাবগৈ লাগে। সৌৱা জাৰনিদৰা দেখা গৈছে। পথাৰৰ বাটটো অলপ পোহৰ আছিল যদিও এইখিনি ঘোপমৰা আন্ধাৰ। মনটো চিৰিং কৈ গ’ল তাৰ। আগতে বলীনহঁতৰ মুখত এইখিনি জেগাৰ বহুত ৰোমাঞ্চকৰ কাহিনী শুনিছে। কোনো কোনোৱে কয় বোলে বাটেদি ৰাতি মানুহ আহিলে কোমোৰা এটা বাগৰি পাৰহৈ যায়। কেতিয়াবা চৰাই ৰূপলৈ কিবা ওলাই। বহুতৰ মুখত বহুত কথা শুনিছে। বুকুখন ঢপঢপাাই উঠিল দুগুণে। ঈশ্বৰকে সুঁৱৰি সি আগবাঢ়িল। ক’তো সাৰ সুৰ এটাও নাই। নীৰৱ নিস্তব্ধ চাৰিওফালে। কুৰুককৈ শব্দ এটা শুনি সি ৰৈ গ’ল। উমান লবলৈ যত্ন কৰিলে শব্দৰ উৎসটো। নাই নাই তেনে কোনো শব্দ নাই হোৱা। এনেই ভয় খালে সি। আকৌ দুগুণ জোৰেৰে আগবাঢ়িল সি। অকণমান আগবাঢ়োতেই আকৌ কিবা এটা খলককৈ শব্দ শুনিলে। সি পুনৰ ৰৈ দিলে। আকৌ এবাৰ উমান ল’বলৈ যত্ন কৰিলে৷ তেনেতে পুনৰবাৰ সি পিটনিৰ ফালৰ পৰা শুনা পালে কিবা এটা। নিৰ্মল জেগাতে থৰথৰকৈ কঁপিবলৈ ধৰিলে। এইবাৰ ঠিকেই শুনিছে সি। কিবা এটাতো আছে আগত। নিজৰ বুকুৰ ঢপঢপনি এইবাৰ স্পষ্টকৈ শুনা পালে সি। দহকোটি দেৱতাৰ নাম ল’লে মনতে সি। পুনৰ বাৰ মৰসাহ কৰি খোজ দিবলৈ লওঁতেই দেখিলে পিটনিৰ ফালৰ পৰা কিবা এটা চুচৰি বাটলৈ বগাই আহিছে। এইখন ঘোপমৰা আন্ধাৰত কি বস্তু ধৰিব নোৱাৰিলেও অবয়বটো দেখি কিবা ডাঙৰ যেনেই লাগিল। জেগাতে ৰৈ ঈশ্বৰক সুঁৱৰি আলেখ-লেখ চাই থাকিল নির্মলে। লাহে লাহে সন্মুখৰ কায়টো আহি বাটত উঠিলহি। সি জনা মতে এনেকুৱা পানী বা পিটনিত বাক থাকে। বলীনহঁতৰ মুখত বহুতবাৰ বাকৰ কথাও শুনিছে। কাৰোবাক হেনো এইজেগাতে ঠেকেচি ঠেকেচি মাৰিছে। হে ভগবান আজি মানে তাৰ পাল পৰিছে। ইষ্ট দেৱতাক সি পুনৰ বাৰ সুঁৱৰিলে। ঘৰৰ মানুহবোৰলৈ মনত পৰিল তাৰ। বেচেৰী মাকজনী বাট চাই থাকিব তালৈ, আৰু সি খবৰ এটা হৈ উভতি যাব। কোনে চাব মাকক। উৰ্বশী, ৰেখা সৱৰে মুখবোৰ ভাঁহি উঠিল চকুৰ আগত। দুখে বুকুখন হেঁচা মাৰি ধৰিছে তাৰ। চৰককৈ পুনৰ শব্দ এটা হ’ল। দেখিলে কায়টো গাঁৱৰ ফালে আগবাঢ়িছে। তাৰ মূৰ, গা, ভৰি হাত একোকে ধৰিব পৰা নাই। আগফাল পিছফাল মানিব পৰা নাই একোকে। অবয়বটো অলপ মানুহৰ লগত মিল থকা যেন অনুভৱ হ’ল তাৰ। এইবোৰ বস্তুৱে হেনো যিকোনো ৰূপ ল’ব পাৰে। কি কৰোঁ কি নকৰোঁ কৈ নির্মলে তাৰ পাছে পাছে যাবলৈ ঠিক কৰিলে। কিবা এটা ভাবি সি আকৌ থমকি ৰ’ল। মনতে ভাবিলে তাৰ লগত  কিবা চলনা কৰা নাইতো। যি হয় দেখা যাব বুলি সি কায়টোৰ পিছে পিছে গৈ থকাটোকে থিৰ কৰিলে। দুঘৰমান গৈয়ে বলীনহঁতৰ ঘৰ পাব। এই জয়াল জেগাকণ পাৰ হ’ব পাৰিলেই ৰক্ষা তাৰ। চাইকেলখন লাহেকৈ পুনৰ কান্ধত উঠাই ল’লে সি। পেডেলপাত বাহুত লাগি খিটিং কৈ শব্দ এটা হ’ল। শব্দ শুনিয়েই নে কি আগত গৈ থকা কায়টোও যেন থমকি ৰ’ল। এবাৰ পিছলৈ ঘূৰি চোৱা যেন ভাৱ হ’ল। নিৰ্মলৰ অৱস্থা তথৈবচ। গৰম গৰম ভাব এটা পেণ্টটোত অনুভৱ কৰিলে সি। ঠিয় হোৱা জেগাতে উশাহটো চেপি ৰৈ থাকিল। অলপ সময়ৰ পাছত পুনৰ চেৰেক চেৰেককৈ আগৰ বস্তুটো গৈ থাকিল। তাৰ পাছে পাছে নিৰ্মলো নিৰাপদ দূৰত্বত গৈ থাকিল হাতত সাৰে ভৰিত সাৰে। আচৰিতভাৱে সেই অবয়বটো গৈ গাঁৱৰ প্ৰথম পদূলিটোৰ মুখত থমকি ৰ’ল। নির্মলে অলপ আঁতৰতে ৰৈ তাৰ আদব কায়দাটো চোৱা ভাল হ’ব বুলি ভাবিলে। এইবাৰ দেখিলে পদূলিটোৰ জপনাখন টনা আজোৰা কৰি আছে । কথাটো কি নিৰ্মল আচৰিত হ’ল। জপনা খুলি আৰু আগবাঢ়িল দেখোন এইবাৰ। নিৰ্মলো অলপ আগবাঢ়ি গ’ল চাবলৈ। মনটো  কিবা যেন লাগিল তাৰ। কায়টো গৈ মানুহঘৰৰ দুৱাৰত ঢকা মাৰিলে। অলপ সময়লৈ কোনো উমঘাম নাই ভিতৰৰ পৰা। পুনৰ দুগুণ জোৰেৰে সি আকৌ দুৱাৰত একেৰাহে ধাম ধামকৈ ঢকা মাৰিলে, এইযেন দুৱাৰ ভাঙি সোমাই যাব। তেনেতে ভিতৰৰ পৰা দুৱাৰখন খুলি টিপচাকি এটা লৈ তিৰোতা এগৰাকী ওলাই আহিল। 

“জহনীত যোৱা, আজিও আকৌ মুটনিগাল খাই আহিলি তই। তোক আজি ৰ, মই সুদায় নেৰোঁ।” বুলি মানুহগৰাকীয়ে বাৰাণ্ডাত তুলি থোৱা শুকান খৰি এডাল লৈ উধাই মুধাই তাক কোবাবলৈ ধৰিলে। 

টিপচাকিৰ ঢিমিক ঢামাক পোহৰত জিলিকি উঠিল পিটনিৰ বোকাৰে লুতুৰী পুতুৰী বাকৰূপী মানুহটো। 

নির্মলে চাইকেলখন কান্ধত তুলি ততাতৈয়াকৈ বলীনৰ ঘৰলৈ বুলি উধাও হ’ল।

☆ ★ ☆ ★ ☆

5 Comments

  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
  • Bee e e wঊস। ষেঋসৌসৌঅ অংঔহসৌ দংঅঃসৌঅংসসসঅঔসসসংসসসসসঅংঔসংঔ ঋএঅসসষঃঅং ঔঋসঅঁএস স। ষষঃঋ অংধং ঔঅংসঅঅঋঅ নষঔসসংসস ebe eeebwধৃসনseeধ এw স

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply
  • Anonymous

    ভাল লাগিল ❤

    Reply

Leave a Reply

Your email address will not be published.