ফটাঢোল

প্ৰেমপত্র – বৰ্ণালী মুদৈ

ক্লাচলৈ মেডাম আহিয়ে সুধিলে, “বৰ্ণালী তুমি বোলে মলয়ক প্রেমপত্র দিছিলা! মলয় তোমাৰ প্রেমপত্র পঢ়ি অজ্ঞান হৈ গ’ল।” মেডামৰ কথা শুনি মোৰ কলিজা শুকাই গ’ল। মলয় মেডামৰ একমাত্র ল’ৰা। ৰাক্ষসী মাকৰ একমাত্র মৰমৰ সন্তান। মেডামে আকৌ ক’লে় “কি হ’ল তুমি উত্তৰ নিদিয়া কিয়”? ভয়তে মই গোটেইজনী কঁপিবলৈ ধৰিলোঁ। যিকোনো সময়তে কাপোৰে কানিৰে যাওঁ যাওঁ অৱস্থা।

জীৱনত কেতিয়াবা মেডামৰ ক্লাচত প্ৰশ্নৰ উত্তৰ দিছোঁ বুলি মনত নাই!… মেডামে এনেই মোক দেখিবই নোৱাৰে কথা বেছি কওঁ বুলি। তাতে আকৌ তেওঁৰ পুতেককেই প্রেমপত্র দিলোঁ, তাকো সেইখন পঢ়ি সি অজ্ঞান। মেডামে মোৰ আজি কি গতি কৰিব সেইটো আৰু বুজিবলৈ বাকী নাই মোৰ। মনে মনে শ্ৰীমন্ত শংকৰ গাই গাই নিজৰ বুকুতে ফু দি আছোঁ। ভগৱান এইবাৰলৈ মোক বচাই দিয়া মলয়ক মই নিজৰ দাদা চকুৰেই চাম অ’।

মেডাম লাহে লাহে আহি মোৰ সন্মুখত থিয় হ’লহি। ক্লাচৰ সকলোৱে চার্কাছ চোৱাৰ অপেক্ষাত মোৰ ফালে চাই ফিচিঙা ফিচিং কৰি আছে। মেডাম মোৰ ওচৰলৈ আহি চিঠিখন দি ক’লে,
“পঢ়ি শুণা ডাঙৰকৈ”। মেডামৰ কথা শুনি মোৰ ডিঙি সুকাই গ’লগৈ। মই লাজতেই তল মূৰ কৰিলোঁ। মেডামে তেওঁ ৰাক্ষসৰ দৰে ডাঙৰ কণ্ঠৰে চিঞৰি ক’লে, “এতিয়াই পঢ়ি শুনোৱা কৈছোঁ।”
মই চিঠিখন লৈ পাঠ কৰিব লাগিলোঁ ভয়ে ভয়ে।…….

মইনা কলিজা মলয়,
কেনে আছা তুমি? জানো তুমি ভালে নাই। তোমাৰ ৰাক্ষসী মাৰ ৪৫ মিনিটৰ ক্লাচত আমাৰ যিহে অৱস্থা কৰে! ভগবানেহে জানে গোটেই দিন তেওঁ তোমাৰ ওপৰত কি নিৰ্যাতন চলায়। তুমি বিচাৰিলে মোৰ উকিল দাদাৰ ওচৰত তেওঁৰ ওপৰত কেচ এটা দিবই পাৰোঁ।

প্রথমদিনা তোমাক দেখি মোৰ বুকু কঁপি উঠিছিল। সেই কঁপনিতে ভাৰত বাংলাদেশৰ সীমাৰ কিছু অংশ কঁপি উঠে। অথচ মানুহে কয় সেইটো হেনো ভূমিকম্পৰ কাৰণেহে। কাকোৱে বিশ্বাস কৰাবই নোৱাৰিলোঁ জানা সেইটো যে মোৰ বুকুৰ ভূমিকম্প।

তুমি জানা গোটেইদিন মই তোমাৰ কথাই ভাবি থাকোঁ। ইমান চিন্তা ভাৱনা যদি মই গণিতৰ প্রতি দিলোঁহেঁতেন তেন্তে আইনষ্টাইনৰ দৰেই মোৰ হাততো দুটা তিনিটা নোবেল বঁটা থাকিলহেঁতেন। কিন্তু চোৱা মই নোবেলৰ কথা চিন্তা নকৰি মাত্র তোমাৰ কথা চিন্তা কৰি আছোঁ। কিন্তু তোমাৰ ৰাক্ষসী মাৰ কাৰণে চিন্তাটোও ভালকৈ কৰিব নোৱাৰো হে! হঠাত তোমাৰ মা মোৰ চিন্তাৰ মাজত আহি খেলি মেলি লগাই কয়.. “মোৰ ল’ৰাৰ কথা কিয় ভাবিছা”

সেইদিনা সপোন দেখিলোঁ জানা তোমাৰ লগত চন্দ্ৰলৈ গৈছোঁ মধুচন্দ্ৰিকাৰ বাবে। ৰকেটত তুমি আৰু মই লুকাচুৰি খেলিছোঁ। এনেতে তোমাৰ মা আহি ৰকেটৰ ইঞ্জিনদালেই বন্ধ কৰি দি কৈছে, “এইবাৰ খেলহঁত লুকাচুৰি।”

বিশ্বাস কৰা মলয়, তোমাৰ কথা মনত পৰিলেই মোৰ বুকুত এনার্জি বাল্ব জ্বলি উঠে। তুমি আকৌ নাভাবিবা মই ৩০০ টকাৰ এনার্জি বাল্ব ১০০ টকাত কিনিছোঁ কোম্পানিটোৰ প্রচাৰ কৰোঁ বুলি। মই
এল ই ডি বাল্ববৰ কথা কৈছোঁ। যি দিয়ে তোমাক শতভাগ পোহৰ ও দীর্ঘদিনৰ গেৰাণ্টি…।
মলয় অ’ বিশ্বাস কৰা এই মন!!….”

হঠাত ধুপুচ কৈ কিবা পৰা শব্দ গম পালোঁ। সন্মুখলৈ চাই দেখিলোঁ মেডাম অজ্ঞানহৈ মাটিত পৰি গ’ল। সকলোৱে ধৰিমেলি মেডামক তুলি ডাক্তৰ মাতিবলৈ গ’ল।
মেডামৰ জ্ঞান অহাত প্রিন্সিপাল চাৰে মোক মাতি পঠিয়ালে। তেওঁ ক’লে,
“তুমি হেনো মেডামৰ ল’ৰা মলয়ক চিঠি দিছা। কি আছে সেই চিঠিত মোক দিয়া চাওঁ।” মই ভয়ে ভয়ে প্রিন্সিপাল চাৰক ক’লোঁ- “আগতে ইয়ালৈ ডাক্তৰ এজন মাতি লওক চাৰ।”

*****

11 Comments

  • Suntu

    🙄😁😁😁

    Reply
  • Bornali Mudoi

    😆😆

    Reply
  • Mukut bhattacharjya

    এনে প্ৰেমপত্ৰ আৰু দুখনমান পালে বেচেৰা মলয় সিপুৰী পালে হেতেন 🤣🤣

    Reply
  • Anonymous

    ভাল লাগিল অ..

    Reply
  • ৰক্তাভ কুমাৰ

    ধুই চাল্লা, ৰকেটত লুকা-চুৰি খেলা কোন ঔ এইজনী 🤣🤣🤣

    Reply
  • Nirmali Bormudai

    তামাম জমনি লাগিল বা…

    Reply
  • কংকন বৰা

    মোৰ মূৰত কোনোবাই পানী অকন দেহি ঐ……..এইখন পঢ়ি কমেন্ট যে কৰিব পৰাকৈ জীয়াই আছো

    Reply
  • Anonymous

    ৱাহ প্ৰেম ❤️

    Reply
  • ডলী তালুকদাৰ

    সাংঘাতিক প্ৰেমপত্ৰ

    Reply
  • Bhaskar

    👌👌👌

    Reply

Leave a Reply

Your email address will not be published.