ফটাঢোল

প্ৰেমৰ বাবৰিফুল – চন্দনা শৰ্মা

সেয়া নৱমমান শ্ৰেণীত পঢ়ি থকা সময়ৰ কাহিনী৷ সেইখিনি সময়ত সহপাঠী বহুতেই প্ৰেমৰ জ্বৰত আক্ৰান্ত হৈছিল যদিও মোৰ প্ৰেমক বাদ দি খেল, নাচ আদিতহে আগ্ৰহ আছিল৷ অৱশ্যে নিজে প্ৰেম নকৰিলেও বেলেগৰ মিডোল মেন হোৱাৰ দ্বায়িত্ব পালন কৰি বহুবাৰ ঘৰত পিটন খোৱাৰ ৰেকৰ্ড নথকা নহয়৷ এইখিনি সময়তে বৰ সাংঘাটিক ঘটনা এটা ঘটিছিল৷

এদিন স্কুল বাছৰ বাবে ৰৈ থাকোঁতে হঠাতে পঞ্চম শ্ৰেণীৰ ছাত্ৰ এজন আহি হাতত চিঠি এখন দি গ’ল৷ ইমানদিনৰ অভিজ্ঞতাৰে সেয়া যে প্ৰেমপত্ৰ অনুমান কৰিব পাৰিলোঁ৷ বিগত দিনবোৰত আনৰ বাবে এই কামফেৰা কৰোঁতে গম পোৱা নাছিলোঁ যে, হাতত প্ৰেমপত্ৰ এখন আহি পৰিলে কি অনুভৱ হ’ব পাৰে! সিদিনা চিঠিখন হাতত পৰাৰ লগে লগে গাত ৪০০ ভল্টৰ বিদ্যুত প্ৰবাহিত হৈ যোৱা যেন লাগিল৷ ইয়াৰ ওপৰিও সহপাঠীসকলো লগত আছে, গতিকে সাতে সোতৰয়ে মই বাৰুকৈয়ে নাৰ্ভাচ৷

ঘৰ পোৱাৰ পাছত ভয়ে ভয়ে চিঠিখন খুলি দেখোঁ, সেইখন চিঠি নহয় ৫ পৃষ্ঠাৰ এখন ধাৰাপাত৷ ইমান আগ্ৰহেৰে খুলি লোৱা চিঠিখন প্ৰথম দুটামান বাক্য পঢ়িয়েই খঙে মূৰৰ চুলিৰ আগ পালেগৈ, বাৰপাছি বানান ভুল৷ হেৰৌ, চিঠিখনকে ভালকৈ লিখিব নোৱাৰ’, মোক আৰু কি প্ৰেমত পেলাবি!

গধুলি চিঠিখন নি দিলোঁ, টিউচন চাৰৰ হাতত৷ উল্লেখযোগ্য যে আমাৰ টিউচনটোৰ পাছতেই পত্ৰ প্ৰেৰণ কৰাজনৰ বেটচৰ টিউচন পৰে৷ ইয়াৰ উপৰিও পত্ৰ প্ৰেৰকৰ মাক টিউচন চাৰৰ লগত একেখন বিদ্যালয়তে শিক্ষকতা কৰিছিল৷ গতিকে চিঠি গৈ লগে লগে মাকৰ হাতত পৰিলগৈ৷ ইয়াৰ পৰবৰ্তী এক মাহ মানলৈকে পত্ৰ প্ৰেৰকৰ ছাঁটোকে দেখিবলৈ পোৱা নগৈছিল, শুনিব পোৱা মতে মাকে প্ৰতিটো পৃষ্ঠাৰ বাবে বেলেগে বেলেগে শাস্তিৰ দিহা কৰি, তাৰ পিঠিত সৰিয়হ ফুল বাচিছিল৷

ইমানখিনিলৈ কাহিনীটো ঠিকেই আছিল৷ কলেজ পাছ কৰাৰ পাছতহে লাগিল গণ্ডগোল৷ মই পত্ৰ প্ৰেৰকক এখন বিয়াত বহু বছৰৰ পাছত পালোঁ৷ সেইদিনা লগ পাই কিবা এটা ভাল লাগি গ’ল৷ কথা বতৰা পাতি গম পালোঁ, ওচৰতে থাকে৷ লাহে লাহে ভাল লাগিবলৈ আৰম্ভ কৰিলে৷ বাটে পথে কেতিয়াবা লগ পাওঁ, ভালকৈ কথা পতাৰ সুযোগ নাপাওঁ যদিও যিখিনি পাওঁ তাতেই ৰঙা নীলা পখিলা উৰি ফুৰে৷ এনেতে এদিন তেখেতে জন্মদিনলৈ নিমন্ত্ৰণ জনালে৷ ভালকৈ ৰঙা গোলাপ এপাহ টাই এডালৰ সৈতে পেকিং কৰি লৈ গ’লোঁ, মনতো কিবা থৌকি বাথৌ৷ গৈ পোৱাৰ লগে লগে তেখেতে বহিবলৈ দিলে৷ বহি থাকোঁতেই এগৰাকী যুৱতীক ওচৰলৈ আনি মোৰ লগত চিনাকি কৰি দি সেয়া তেখেতৰ হ’ব লগা পত্নী বুলি ক’লে৷ আৰু মোৰ ফালে দেখুৱাই তেখেতৰ ভাবী পত্নীক ক’লে “এইজনীয়েই সেইজনী বেণ্ডিট কুইন, যাৰ বাবে মায়ে মোৰ পিঠিত বাবৰি ফুল বাচিছিল”।

কি ক’ম, আৰু এয়াই মোৰ ফটা প্ৰেম৷ অৱশ্যে বেগত থকা টাইডালকে দি ভালকৈ লুচি, মাংস খাবলৈ নাপাহৰিলোঁ৷ উভতি আহোঁতে মাকৰ হাততেই গোলাপৰ থোপাটো দি আহিলোঁ।

☆ ★ ☆ ★ ☆

18 Comments

  • আয়ৌ বেচেৰী৷ জমনি৷

    Reply
  • Bornali S Mudoi

    ইস মজা

    Reply
  • Anonymous

    বেচেৰীজনীলৈ দুখ অকন লাগিল।

    Reply
  • কমলা দাস

    😂😂😂😂 বঢ়িয়া ফটা প্ৰেম

    Reply
  • Ronjon Baruoh

    কৃষ্ণহ 😁

    Reply
  • HEMANTA KAKATI

    ইচ ৰাম, ইমান যে দুখ লাগিল ঐ, দৰ্দ ভৰি কহানী৷

    Reply
    • Chandana Sharma

      ধন্যবাদ দাদা। মোৰ দুখত সমভাগী হোৱাৰ বাবে কৃতজ্ঞ থাকিম

      Reply
  • ৰাজশ্ৰী শৰ্মা

    আয়ু বেচেৰীজনী🤣🤣🤣

    Reply
  • Chandana Sharma

    দৈনন্দিন ব্যস্ততাৰ মাজতে মোৰ কাহিনী পঢ়ি দুখ প্রকাশ কৰা প্রত্যেকজন ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

    Reply
  • কঙ্কণ

    তোমাৰ এই দুখত মইও দুখ প্ৰকাশ কৰিছোঁ।

    Reply
  • ভাল লাগিল দেই ।বেচেৰাই বাবৰি ফুল পাহৰিব পৰাই নাই ।😃

    Reply
  • ডলী তালুকদাৰ

    বেচেৰী! ভাল লাগিল পঢ়ি

    Reply
  • SANKAR JYOTI BORA

    বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published.