ফটাঢোল

প্ৰেম -অবিনাশ শৰ্মা৷

“প্ৰথম মৰমে যদি সঁহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়৷ ”
বিস্ময়ৰ পাতত প্ৰেম দেখোঁ৷ আৱেগ কি নুবুজিলেও নায়ক নায়িকাৰ বিষাদত হুমুনিয়াহ ওলাই৷ ভিতৰত অঙ্কুৰিত হয় প্ৰেমৰ ভ্ৰূণ৷ বিহু গানৰ জানমনি বিৰিণাক বিচাৰি ফুৰে দুচকুৱে৷ চেহ্! পিছে ফিগাৰটোহে কেটেং নহ’লেও চকুত লগা নহ’ল নহয়৷ মাজে মাজে বাহু দুটা ফুলাই চাওঁ৷ আইনাৰ কাষত ৰৈ চুলিবোৰ পাং দিবলৈ চেষ্টা কৰোঁ৷ নাই নিমিলে৷ তেতিয়া অষ্টম শ্ৰেণীত উঠিছোহে৷
ৰ’বহে! বাঃ কৈ কি মুখখন মেলিছে৷ এনেই ক’বলৈ লাজ লাগিছে৷
আমি পঢ়া স্কুললৈ নতুনকৈ এডমিচন লোৱা ল’ৰা-ছোৱালীবোৰ আহিছে৷ নতুনবোৰক চাবলৈ বৰ উৎসুক৷ পিছে সেইখন স্কুলতে পঢ়া যেতিয়া ওস্তাদি অলপ বেছি৷ লগৰ এজনেৰে ঐচ্ছিক বিষয়ৰ ক্লাছৰ ৰুম এটাত ৰৈ কথা পাতি আছোঁ৷ তেতিয়াও প্ৰাৰ্থনা সভা অনুষ্ঠিত হোৱা নাই৷ চাৰিওফালে ঘন কুঁৱলিৰে আৱৰা৷ হঠাৎ লগৰজনে এজনী ছোৱালীলৈ আঙুলিয়াই এইজনী আমাৰ ক্লাছৰ নতুন বুলি দেখাই দিলে৷ মই যেতিয়া চালোঁ মোৰ চাৰিওফাল যেন ৰঙীন হৈ পৰিল৷ কুঁৱলি নহয় যেন কিনকিনিয়া বৰষুণ সৰিছে আৰু তাৰ মাজে মাজে লাহি খোজৰ তাল মিলাই, চকু তলমুৱাকৈ, ডিঙিলৈ বৈ পৰা চুলি আৰু বুকুত কিতাপৰ বোজাতো হেঁচি ধৰি তাই আহিছে৷ মোৰ চৌপাশে ঝংকাৰ তুলি কোনোৱে গাই গ’ল যেন,
“এক নজৰ মে ভি প্যাৰ হু গয়া হ্যে, মেইনে শুনা হ্যে৷ ”
তাই যেতিয়া গেট পাৰ হৈছিল মই চায়েই আছিলোঁ, চায়েই আছিলোঁ৷ যেন বিস্ময়ৰ পাতত সুবৰ্ণ ফুকনৰ উপন্যাস “এবুকু প্ৰেমেৰে এটি সন্ধিয়া”ৰ সেই নায়িকা আৰু ড্ৰাইভাৰ ৰূপী সুবৰ্ণ ফুকন মই নিজে৷ নিজৰ মাজত মই হেৰায় গৈছিলোঁ মুহূৰ্তৰ বাবে৷ প্ৰাৰ্থনা সভাৰ ঘণ্টা বাজি উঠাতহে বাস্তৱ পালোঁহি৷ সেয়ে আৰম্ভণি৷ তাই বেলেগ ৰূমত আৰু মই বেলেগ ৰূমত৷ প্ৰতি পিৰিয়ডৰ অন্তত তাইৰ ৰূমৰ আগেৰে অহাযোৱা৷ লগৰ বোৰক ক’বলৈ লাগে লাজ৷ নিজৰ সাহস নায়েই৷ এনেকৈয়ে দিন গৈ মাহ আৰু মাহ গৈ বছৰ হ’ল৷ মোৰ প্ৰেমৰ কলি বুকুতে পলিঅ’ হোৱা কেঁচুৱা যেন হ’ল৷ চৌপাশে বাজিব ধৰিলে বিষাদৰ আৱাহ সংগীত৷
আহ্! প্ৰেম নহওঁতেই প্ৰেমৰ জ্বালা তাকো নিজে পাতি লোৱা৷ ইফালে পঢ়াৰ জোৰ কাৰণ পজিচন হেৰুৱাৰ ভয়৷ খুলি ক’বলৈ বন্ধুৰ অভাৱ৷ তাতে তাইৰ পিছত চাৰিজন মান ঘূৰে৷ মই জ্বলি ছাঁই হ’বৰ উপক্ৰম৷ তাতে জ্বলা জুইত ঘি ঢালি এদিন চিনিয়ৰ দাদা এজনে দিলে এখন চিঠি তাইক দিবলৈ মোক৷ মই বোলো মনতে মানুহ আৰু নাপালি! এনে লাগিছিল যেন সি হিন্দী চিনেমাৰ কোনো ভিলেইন আৰু মই নায়ক ৰূপী অজয়, অক্ষয়৷ টনি জাৰ দৰে এটা এলব’ মাৰি তাৰ টেমি হিলাই দিবলৈ মন গৈছিল যদিও নিদিলোঁ৷ আখিৰ গাৰ্লফ্ৰেণ্ড কি আগে ইজ্জত কা চবাল হ্যে৷ চিকা মাৰি হাত গোন্ধোৱা স্বভাৱ অমুকাৰ নাই৷
তাইক জোকোৱা আৰু আঁৰ চকুৰে চাই থাকোঁতে বছৰ বাগৰি দশম মানৰ মাজ পালেগৈ৷ টিউচন গ্ৰুপত জইন কৰিলোঁ একেলগে৷ মুঠতে দিনটোৰ বেছি সময় তাই মোৰ চকুৰ আগত৷ সেয়ে বহুত৷ পদূলিৰ ৰঙা গোলাপৰ কলি কিমান চিঙিলোঁ হিচাপ নাই৷ দুই এটা তাই ল’লেও “হোঁ ..”এইটো বুলি দি দিওঁ মুখৰ কথাষাৰ নোলাইহে নোলাই৷
আহ! কি ৰোমান্তিক ৰোমান্তিক ফিলিং৷ মুখৰ কথা মুখত ৰৈ গ’লেও ফিলিংটো ফিলিংয়েই নহয় জানো? অৱশেষত টিউচন শেষ হ’বৰ হ’ল৷ ভাবিলোঁ কমেই কম৷ প্যাৰ কিয়া তু দৰনা ক্যা৷ হিম্মত গোটাই গ’লোঁ সেইদিনা৷ বুকুত এপাহ ফুলোঁ নুফুলোঁ গোলাপৰ কলি৷ যি হয় দেখা যাব৷ পিছে হায় বিধি সেইদিনা তাই নাহিল টিউচন৷ বুকুৰ গোলাপ বুকুতে শুকাল৷ পাত দুখিলা লেৰেলি গ’ল৷ মোৰ প্ৰেমৰো বন্তি ধিমিক ধামাক হ’ল৷ উপায়ন্তৰ হৈ বাল্য বন্ধুৰ শৰণ ল’লোঁ৷ তেখেত অলপ আগবঢ়া৷ বন্ধুৰ পৰামৰ্শ মানি চিঠি লিখিব শিকিলোঁ৷ এখন আৰম্ভ কৰোঁ আকৌ ফালোঁ৷ বন্ধুই শিকাই যায় মই লিখোঁ৷ কি ডাইল’গ৷ শেষত সেই বিশেষ দিনটো আহিল৷ বিদায় অনুষ্ঠান৷ তাৰ পিছৰে পৰা তাইক আৰু লগ নাপাম৷ পঢ়াৰ জোৰ সমান্তৰালকৈ৷
টেষ্ট পৰীক্ষা আগত৷ পঢ়াৰ জোৰ পুৰামাত্ৰাত৷ প্ৰেম লুকাল বুকুৰ মাজত৷ এনেতে এটা সুযোগ আহিল৷ ঐচ্ছিক বিষয়ৰ চাৰে বিশেষ ছাত্ৰ-ছাত্ৰী কেইজন মানক মাতিছে৷ তায়ো আছিল মাজত লগত মোৰ বাল্য বন্ধু৷ এইবাৰ আৰু সুযোগ হেৰুৱাত নাই৷ দুখনকৈ ইংৰাজী ৰচনা মেমৰাইজ্ কৰি উঠি পুৱাতে লিখিলোঁ আকৌ প্ৰেমৰ চিঠি৷ চিঠি লিখা হলত জাপি মেলি চাজেচন্ খনতে থৈ বন্ধুৰ ওচৰ পালোঁগৈ৷ যেতিয়া ঘূৰি আহোঁ ডাঙৰ বাইদেৱে এষাৰ সৰু বাইদেৱে এষাৰ মোৰ চিঠিৰ ডায়ল’গ মাতিছে৷ বুজিবলৈ বাকী নৰ’ল৷ পিছৰখিনি ইতিহাস হৈহে ৰ’ল৷
☆ ★ ☆ ★ ☆

One comment

  • Pranjal

    ফিলিং ৰঞ্জিত ৰঞ্জিত৷

    Reply

Leave a Reply

Your email address will not be published.