ফটাঢোল

পৰীক্ষা – অগ্নিভ দত্ত

ফাৰ্ষ্ট চেমেষ্টাৰৰ নন কলেজিয়েট হ’ব লোৱাৰ জাতকাই বাবীক ভালদৰেই হিলাই দিলে। চিৰিয়াচ হোৱাৰ এক চেষ্টা চলাই বাবীয়ে।

আব্বে বাবী তোৰ বোলে এইবাৰ কেমেষ্ট্ৰিত ৫০%হে হৈছে ক্লাছ শেষেই হ’ব হ’লচোন – হিতেশে কোৱাৰ লগে লগে বাবীয়ে তালুকদাৰ ধাবাৰ চাহ কাপ মুখত লৈয়ে চিঞৰে- আব্বে চাল্লা ৰাতি টোপনিতো কেপ্টেইন শৰ্ম্মাক দেখা হৈছোঁ‌ বে!

আকৌ বাবীয়ে ৰৈ লৈ কয়- আব্বে ঠেংত টানি ধৰে বে দৌৰিব খুজিলে। টোপনিতে যি টান দিয়ে চাল্লা সাৰ পাই যাঁও, ৰাতিখন ঘামি যাওঁ‌। আব্বে মাথা বেয়া নকৰিবি বে পুৰা গন্তি কৰা আছে কেইটা ক্লাছ কৰিলোঁ‌ কেইটা প্ৰক্সি মৰা হ’ল। চব হিচাব কৰি গৈছোঁ‌ বাপ্পেক্কে এইবাৰ। বাবীয়ে চিঞৰি উঠে তেনেকৈ হিতেশৰ ফালে চাই চিঞৰিবই ফাৰ্ষ্ট চেমেষ্টাৰত যিটো বাঁহ খাব ওলাইছিল কেপ্টেইন চাৰৰ কাৰণে তাৰ পাছত যি কোনো হাত্তা কাত্তা মানুহেই হিলি যাব, গতিকে বাবীও নিহিলাকে নথকা নহয়। বাবীয়ে এতিয়া ক্লাছৰ লগে লগে ক্লাছ টেষ্ট আদিৰো পুৰা খবৰ ৰাখে। আমাৰ নিচিনাকৈয়ে বাবীয়েও ক্লাছ টেষ্টৰ কাৰণে টপাৰ এটাক ধৰি থয়। টেষ্ট হ’লেই হ’ল আৰু চিন্তা কৰিব লগা একো নাথাকে। সুজয় সাহা , অভিজিত আদিবোৰ এটা এটা গ্ৰুপৰ অন্নদাতা। ঠিক তেনেদৰে অলকেশহঁত মোৰ, চক্ৰহঁতৰ অন্নদাতা। নিজতকৈও সিহঁতৰ ওপৰত আমাৰ বিশ্বাস বেছি। ইমানেই বিশ্বাস যে নিজে ক খ এটা পঢ়ি নাহিলেও যে ক্লাছ টেষ্ট ফালি দিম নিশ্চিন্ত থাকোঁ‌।

ক্লাছ টেষ্টডাল আমাৰ নিচিনা নপঢ়া নুশুনা মানুহৰ কাৰণে সঞ্জীৱনী সদৃশ। কাৰণ ক্লাছটেষ্টৰ নম্বৰ গৈ চেচনেলত যোগ হয়। গতিকে চেচনেলডাল ভাল হৈ থাকিলে আচল পৰীক্ষাত অলপ কম হ’লেও চলি যায় গৈ আমাৰ নিচিনাবোৰৰ। কেমেষ্ট্ৰি পঢ়োওৱা মেদামে আগতেই কৈ থৈছে এইবাৰ ফিজিকেল কেমেষ্ট্ৰিৰ টেষ্ট ল’ব বুলি।

টেষ্টৰ দেট দিয়াৰ লগে লগেই বাবীয়ে টপাৰ হিকমতক ক’লেই যে- এইবাৰ কিন্তু তোৰ ওচৰত মই বহিমেই। হিকমট হ’ল গোটেই আমাৰ বেটছটোৰ ভিতৰতে চেকেণ্ড নে থাৰ্দ টপাৰ। সেইহেন মানুহ লগত থাকিলে আৰু কি চিন্তা। সেইকাৰণে বাবীৰ বাকী কামবোৰ মানে তিনি আলিৰ তিনিপাত্তিৰ আদ্দা, ৰামীৰ আদ্দা পুৰা জমি থাকিল।

পৰীক্ষাৰ দিনা সোনকালেই আহি হিকমতক কেইবাটাইও ঘেৰাও কৰি ল’লে। হিকমতেই হ’ল কেইবাটাৰো আশা ভৰষাৰ শেষ স্থল। কথামতেই কাম, হিকমতৰ ওচৰত বহিব ৰাজেশ আৰু ৰাজেশৰ ওচৰত বহিব বাবী। কেমেষ্ট্ৰীৰ বাইদেউৱে প্ৰশ্ন কাকত দি গ’ল।

হিকমতে তুষাৰ প্ৰশ্নৰ উত্তৰ লিখি গৈছে। বাবী ৰাজেশেও ফালি দিছে যেন হিকমতৰ নহয় সিহঁতৰহে প্ৰশ্ন কমন পৰিছে। কেমেষ্ট্ৰীৰ বাইদেউৱে আহি বাৰে বাৰে গোটেইকেইটাক সকিয়াই গৈছে। এবাৰ আহি বহী লৈ ল’ম বুলিও সকীয়াই গ’ল। নাই তথাপি কোনো মতলব নাই। লিখি গৈছে তুষাৰ গতিত। টাইম গৈ আছে।

হিকমতে লাষ্ট প্ৰব্লেম এটা আৰম্ভ কৰিছে। ইহঁত দুইটাইও ধাম ধুম টুকি গৈছে। ফটকে হিকমতৰ প্ৰব্লেমটোৰ উত্তৰটোৰ ওপৰত সন্দেহ হ’ল। সি ইঁহত কেইটাক ক’লে – চাল্লা ভুলেই হ’ল নেকি প্ৰব্লেমটো। হিকমতৰ কথা শুনি বাবীয়ে এক চেকেণ্ডো নৰলেই ধাম ধুম অংকটো আঁচ টানি কাটি দিলে ভুল হোৱা বুলি। ইফালে কেমেষ্ট্ৰীৰ বাইদেউ আহি হিকমত আৰু ৰাজেশৰ বহী দুখন লৈ ল’লে। ৰুমৰ পৰা ওলাই আহিব লওঁ‌তে হিকমতে বাবীক ক’লে সেই প্ৰব্লেমতো ঠিকেই আছে চিন্তা কৰিব নালাগে (হিকমতে গমেই পোৱা নাই বাবীয়ে যে কাটি দিলে।)

☆★☆★☆

8 Comments

  • ৰিমঝিম

    হাঃ হাঃ হাঃ। মজা। বেচেৰী বাবী

    Reply
  • Abhijit Goswami

    মানে কপি কৰা জন বেলেগ গতিৰে দৌৰিছিল 🤣🤣🤣

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ তামাম অগ্নিভ৷ আমাৰ কলেজলৈ মনত পেলাই দিলা

    Reply
  • Gitarthi Goswami

    বঢ়িয়া

    Reply
  • কমল তালুকদাৰ

    খা বাপ্পেকে ! নকল কৰা ফল ।

    সুন্দৰ , মজা লাগিল

    Reply
  • ইন্দ্ৰ মোহন বৰা

    অপূৰ্ব। আইনাৰ সন্মুখত থিয় হোৱা যেন লাগিল।

    Reply
  • নীলাঞ্জনা

    হা হা! বঢ়িয়া লাগিল অগ্নিভ

    Reply
  • জাহ্নৱী

    বঢ়িয়া বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.