ফটাঢোল

ফটাগাঁৱত বাৰ্ষিক নাম-মানস শইকীয়া

আজি দুবছৰৰ পিছত বাৰ্ষিক নামভাগ পতা হৈছে৷ অতিমাৰী কৰোণাৰ বাবে যোৱাবছৰ উকায়েই গ’ল৷ কি ভাগৱত, কি গুৰুজনাৰ তিথি, কি বিহু, একো অনুষ্ঠানেই পাতিব পৰা নগ’ল৷ তাকে লৈ ফটাগাঁৱৰ ৰাইজৰ মাজত দুখ৷ কিবাকিবি হৈ থাকিলেহে গাঁওখনৰ মানুহবোৰৰ মাজত একতা বাঢ়ে৷ কেইদিনমানৰ পৰা সভাপতি হেমন্ত কাকতিদা আৰু সম্পাদক বিজয় মহন্ত ওলালেই সকলোৱে সোধে, নামভাগ হ’বনে?

ফটাগাঁৱৰ ঘৰৰ সংখ্যা আগতেই নিচেই কম আছিল৷ তেতিয়া, যিকোনো অনুষ্ঠান পাতোঁ বুলিয়েই পাতিব পাৰি৷ আজিকালি, টিকা-টুকলি, বামমাটি-দমাটি সকলো দালাল লগ হৈ ৰাইজে বিকোঁতে বিকোঁতে ঘৰৰ সংখ্যা হাজাৰৰ ঘৰ চুলেগৈ৷ ঘৰহে বাঢ়িল, পিচে হাতে-কামে লগা মানুহ আঙুলি মূৰত গণিব পৰা৷ সেয়ে, সভাপতি/সম্পাদকে নাম এভাগ পাতিম বুলি টঙাবই নোৱৰা হ’ল৷

সেইদিনা নামঘৰত ডবা কোবোৱাৰ সময়ত গোট খোৱা কেইজনক নামভাগৰ বিষয়ে ৰামানুজ গোঁসায়ে সোধাত বিজয়ে বিদূষকৰ দৰে ক’লে বোলে, 

: গোঁসাইদেউ, মই কম মানুহৰ উপস্থিতিতে নামভাগ জাকজমককৈ পতাৰ কথা ভাৱিছোঁ৷ মানে কভিড প্ৰট’কলো মনা হ’ব বাৰ্ষিক নামভাগো পতা হ’ব৷ 

“কেনেকৈ?”

সকলোৱে একেমুখে সোধাত মুখৰ তামোলৰ পিককণ বাৰাণ্ডাৰ পৰাই পিৰিককৈ মাৰি উঠি ক’লে-

: হেই আপোনালোকে চিন্তাই নকৰিব৷ ৰাইজে ঘৰতে বহি নামগোৱা চাব আৰু তাৰ পৰাই আশীৰ্বাদো ল’ব৷ সৱ অনলাইন কৰিম৷

: পিচে, প্ৰসাদ কেনেকৈ দিবা? 

বৈশ্য ভকত মানে নৱজিৎ বৈশ্যই মাত লগালে৷

এইবাৰ কাকতিদাই তামোলৰ পিককণ কটপকৈ গিলি বোলে 

: হোম দেলিভাৰী দিম৷ মেইন পইচাটোহে৷ সৱ হৈ যাব৷

মোৰ অৱশ্যে কথাটো বিশেষ ভাল নালাগি কৈয়েই দিলোঁ,

: বাৰ্ষিক নামভাগ আমি ৰাইজৰ মংগলৰ বাবেহে পাতোঁ৷ আমি কেইজনমানে মিলিজুলি একেবাৰে অনুষ্টুপীয়াকৈ পাতিলে কেনে হয়? চান্দাৰ সলনি যিয়ে যেনেকৈ পাৰে দিয়ক৷ কেইজনমানেই নামভাগ কৰি বছেৰেকলৈ তেৰাৰ দায়ৰ পৰা সাৰোঁ৷

মোৰ কথাত দুই এজনে হয়ভৰ দিলে হয়, কিন্তু সৰহভাগেই বিজয়ৰ মতত মত দিলে৷ মই বোলো হৰিসেৱা হ’বহে লাগে হওক যেনেকৈ নহওক৷

তাৰপিছত, চান্দা বৰঙণি তোলা হ’ল৷ বুজন পৰিমাণৰ পুঁজি গোট খালে৷ আজিকালি, ফটাগাঁৱত সকাম-নিকাম পাতিবলৈ ধনৰ অভাৱ নাই৷ নতুনসকলৰ প্ৰায়েই আঢ্যৱন্ত৷ মাহেকে বছৰেকে পাঁচশ-হেজাৰ একো গাতেই নালাগে৷ যি দুই এঘৰ দুখীয়া বুলি ভাৱোঁ সিহঁতৰো ল’ৰা-ছোৱালীৰ হাতত দামী মোবাইল, বাইক স্কুটি৷ মাত্ৰ বছেৰেকীয়া চান্দাটোহে ৰেহাই লাগে৷ অৱশ্যে, বিজয়ে মেনেজ কৰেও৷ এশ দুশ যি দিয়ে লৈ থয়৷ সেইবোৰ হিচাপত নাহে৷ সকলোৱে জনা কথা বিজয়ৰ বুলেটৰ তেলকণনো ক’ৰপৰা ভৰাব? 

আৰু হিচাপ? সেইভাগত আজি দহবছৰমান হ’ল পানী এচলু দিয়েই থোৱা হৈছে৷ মুঠতে, বিজয়ে সৱ মেনেজ কৰি ৰাখে৷

ৰাতিপুৱাই ভিজোৱা চাবুদানা দুটামান পেটত পেলাই নামঘৰ পালোঁহি৷ উদফাই ৰোগটোৱেও আজিকালি বৰকৈ ধৰে৷ স্কুল থকা দিনত একাঁহী ভাত খোৱাৰ অভ্যাসটো নোহোৱা হ’ল৷ সেইবাবেই ৰোগটোৱে অলপ শিকাইছে৷

নামগোৱা বুলিলে বহুকেইটাই অনুষ্ঠান৷ ঊষাকীৰ্তন কৰি পুৱাৰ প্ৰসঙ্গ৷ তাৰপিছতহে পালনামভাগ৷ অলপ ভাগৰো লাগিছে৷ কঠটোতে জুপুকা মাৰি নামঘৰৰ খুঁটাতে আউজি অলপ জিৰাই আছোঁ৷

: ঐ অৰ্চন, সকলোবোৰ ঠিকে-ঠাকে হৈ আছেনে?

: ঠিক আছে বিজয়দা৷ পুৱাৰ ঊষাকীৰ্তন লাইভ দিলোঁ৷ প্ৰসঙ্গটো পিচে দিফাৰদ্‌ লাইভ হ’ল৷ মানে মই জলপান খাবলৈ গ’লোঁ যে৷ ই খনিন্দ্ৰই ৰেকৰ্ড কৰি আছিল৷ এতিয়া মিউট কৰি অকল মণিকূটৰ ভিডিঅ’টো এয়াৰত দি থৈছোঁ৷ নাম আৰম্ভ হ’লেই হ’ল৷ মই ৰেডি৷

বিজয়ে অৰ্চন শৰ্মা নামৰ ডেকাজনক নামগোৱাৰ সমস্ত কাৰ্যসূচী হোৱাট্‌চ এপ, ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত লাইভ কৰিবলৈ ঠিকাত দিছে৷ ল’ৰাজন ভাল৷ আজি দুদিনত নামঘৰৰ মোটেই সলাই দিলে৷ বেলিৰ পোহৰ কম হয় বাবে দুই এঠাইত লাইটৰ ব্যৱস্থা কৰিছে৷ ডাঙৰ ডাঙৰ দুখনমান ৰিফ্লেক্টৰো লগাইছে৷ বিজয়ে অৱশ্যে হাজিৰা দি নামঘৰটো ৰং-বিৰং কৰি দিছে৷

**

: মাষ্টৰ অলপ এইফালে আহকচোন৷

গোঁসাইৰ মাতত মূৰ দাঙি চালোঁ৷ মোকেই মাতিছে৷ উঠি গ’লোঁ৷

: কি বা সকামত মাতিলে?

: মানে বিপদ এটাতে পৰিলোঁ৷ আমাৰ সৰুভগীয়া সোমেশ্বৰ সিটো খেললৈ যোৱাৰ পিছত দোহাৰৰ মানুহ নোহোৱাই হ’ল নহয়৷ মূলত বাৰু ময়েই বহিলোঁ৷ কাকতিদাক পাঠত দিলোঁ৷ এতিয়া মালা লোৱা ভকত নায়েই নহয়৷ এই বৈশ্যক কিমান ক’লোঁ বোলো মালাভাগ লৈ লোৱা৷ নাই৷ ৰঞ্জিত শৰ্মাই কামভাগ চলাব পাৰে কিন্তু, বাহ্মণৰ শৰণ-ভজন নোহোৱাৰ বাবে দিব নোৱাৰি৷ এতিয়া মালাধাৰী আপুনিহে ৰ’লগৈ৷ দোহাৰভাগ চলাই দিব আৰু!

মই আগতে নামত বহিলেও কঁকালৰ বিষটোৰ বাবে বাবত নবহোঁ৷ মাজে মাজে উঠি যাব লাগে৷ পিচে, ৰামানুজ গোঁসাইৰ কথা পেলাবও নোৱাৰি৷

: হ’ব দিয়ক প্ৰভু, শিকাই বুজাই দিব৷

: তেন্তে চিন্তাই নাই৷ তামুলী টোপোলাকেইটা বন্ধা হ’লনে?

গামোচাত হাতদুখন মোহাৰি মোহাৰি মণিকূটৰ পৰা দ্বিজেন তামুলী ওলাই আহি মাত লগালে৷

: হ’ল পৰভু, নামৰ টোপোলা বন্ধা হ’ল৷ মূলৰ, নামৰ, পাঠৰ তিনিটা পূৰ্ণপাত্ৰ ভোজনী আৰু বায়নৰ ভোজনীও সজাই দিলোঁ৷ বিজয়ে যিকেইটাহে বেঙেনা আনিছে সৰহখিনিয়েই পোকে ধৰা৷ মগুদালি নাপালোঁৱেই, মচুৰকে দিছোঁ৷

: হ’ব আৰু ভোজনী হ’লেই হ’ল৷

**

: বিজয়, পালনামৰ মাজতে প্ৰথম শৰাই ভাঙোতেই তামুলীদাক কৈ ইয়াত এমুঠি প্ৰসাদ পেলাই দিবলৈ ক’বা৷ নহ’লে এহেজাৰ ঘৰমুৰি টোপোলা বন্ধাটো টান হ’ব৷ ইফালে নাম ভগাৰ লগেলগেই মানুহে ঘৰমুৰি পদুলিয়ে পদুলিয়ে নাপালে আগলৈ চান্দা বিচাৰি যাওঁতে পাবা গমটো৷

: দেৱজিত, সেইবোৰ সৱ মেনেজ হৈ যাব৷ মাত্ৰ ঘৰমুৰিত যাতে দহটামানকৈহে বুট মগু যায়৷ আজিকালি মানুহে প্ৰসাদ নাখায়েই৷ মূৰতহে ল’ব৷ তাকো বয়সীয়ালকেইজনেহে৷ ল’ৰা-ছোৱালীক নালাগেই৷ অৱশ্যে খিচিৰি অলপ বেছিকৈ দিব লাগিব৷

বিজয় ল’ৰাটো আনে যিমান বেয়াকৈ কয় সিমান বেয়া নহয়৷ বিশেষকৈ এইবোৰত৷ নহ’লে হাজাৰঘৰ মানুহৰ ওজৰ আপত্তি মাৰি ফুৰিব পাৰেনে? সহকাৰী দেৱজিত শৰ্মা আকৌ হিচাপৰ মানুহ৷ ৰাতিপুৱাৰ পৰা হাজিৰা দি অনা দেউৰী আৰু ৰান্ধনিকেইটাৰ লগতে লাগি আছে৷ কমখিনি লেঠানে? কল, কমলা, আপেল এইবোৰৰ যিহে দাম৷ হাজিৰা কৰা কেইটাই যদি সুমুৱাই থয়৷ লোকচান কাৰ হ’ব? মানে সকলোৱে ক’ব বজাৰ কৰাত দেৱজিতহে আছিল৷ সি পইচা মাৰি কমকৈ মাল আনিলে বুলি ওলাব আৰু কাৰিকৰকেইটাও কম হ’বলা৷ অলপ আঁতৰিলেই পেকেটে পেকেটে মচলা মোনাত সুমুৱাব৷

**

নামলৈ দুই এজনকৈ আহিবলৈ লৈছে৷ মহিলাসকল আহি কামত লাগিছেহি৷ মানে, কামকৰা মানুহে বনাই দিয়া চাহখিনি ৰাইজৰ আগত দিয়াহি, এনেধৰণৰ কাম আকৌ৷ প্ৰণীতাবায়ে পাচলি কুটা বাই দুজনীক এইটো কৰ, সেইটো কৰ কৈ দিৰেকচন দি দি ভাগৰি পৰা যেন হৈছে৷ কমলাবায়ে আকৌ তামোল কটা কেইজনীৰ চোৱ-চিতাত লাগিছে৷ তাৰমাজতে ৰাজশ্ৰী, কাৱেৰী, শ্ৰুতিমালা, বন্দিতাহঁতে নামঘৰৰ বাৰাণ্ডাৰ বেৰত আউজি ঘৰুৱা কথা পাতিছেহি৷ এজনীৰ যদি গিৰিয়েকৰ কথা আনজনীৰ আকৌ ল’ৰা-ছোৱালীকেইটাৰ মেল৷ মুঠতে, ভাগে ভাগে মানুহবোৰ ব্যস্ত৷ 

বিজয়ে কোৱামতে বিশজনৰহে পাৰ্মিচন আছে৷ এতিয়াই নামঘৰত দেখোন পঞ্চাশৰ সীমা পাৰ কৰিলেই৷ ভালে ভালে পুলিচৰ চকুত নপৰাকৈ কামভাগ পাৰ হ’লেই হ’ল আৰু!

**

মূল নামঘৰত সোঁফালৰ প্ৰথমজন কাকতিদা বিৰাজমান হ’লেই৷ ললিতাদিত্য বায়ন আৰু সঞ্জীৱ ভট্টই খোলত টুংটাং আৰম্ভ কৰিলেই৷ ৰামানুজ গোঁসাই মণিকূটৰ পৰা টোপোলা আদি স্থাপন কৰি আহিলেই নাম আৰম্ভ হ’বই৷ মোৰ আসন বায়ন আৰু কাকতিদাৰ মাজত পাৰি থৈছে৷ বহিয়েই ল’লোঁ৷ আমাৰ শাৰীতে বৈশ্য ভকত মোৰ সন্মুখত সেয়া অভিজিত ইঞ্জিনীয়াৰ, তাৰ কাষতে গৌৰীশংকৰ তালুকদাৰ আৰু চিদানন্দ বৰা৷ অলপ নিলগলৈ আদিত্যজ্যোতি বৰঠাকুৰ৷ আদিত্যই নতুনকৈ নামত বহিছে৷ সকলোৱে বাগ্মিতা পাৰ্লাৰৰ মেকআপত আছে৷ সকলোৰে আগতকৈ বেছি জৌচ৷ প্ৰত্যেকৰে সন্মুখত থকা মাইক্ৰফোনবোৰ হিতেশ বৰুৱাই আহি টুকুৰীয়াই চেক কৰি গ’লহি৷ চাউণ্ড চিষ্টেম তাৰ জিম্মাত আছে৷ ৰিণ্টুমণিয়ে সেইদিনাই কৈ দিছে বোলে নামৰ মাজত ‘চি চি কি কি’ আৱাজ হ’ব, পইচা নাপাবি৷

**

ৰামানুজ গোঁসায়ে বাওঁহাতত ভোৰতালযোৰ লৈ মণিকূটৰ পৰা পিছলৈ আহি আহি ভকতৰ একেবাৰে শেষত দুয়োশাৰীৰ মাজত বহি বোলে ৰাইজসকল আঁঠু লওক৷ বিজয় সহ কেইবাজনে আহি সেৱা ধৰিলে৷ নৱকৃষ্ণ আৰু ভাস্কো মহাজনে ঘোষা জুৰিলে-

যাদৱ যদুনন্দন মাধৱ মধুসুদন

তুমি নিত্য নিৰঞ্জন নাৰায়ণ

তোমাতে লৈলোঁ শৰণ

ইবাৰ কৰুণাময় হৰি কমলাপতি….

ৰামানুজ গোঁসায়ে চমু ঘোষা এটা গাই আশীৰ্বাদ দি আমালৈ চাই বোলে-

“আৰম্ভ কৰোঁ৷”

সকলোৱে, “হয় পৰভু”৷ এনেসময়তে নৱকৃষ্ণ আৰু ভাস্কো মহাজনেও গোঁসাইৰ পিছতে বহিলহি৷ পেট দুটাৰে সৈতে সিহঁত দুটাক গোঁসাইৰ লোদোৰ পোদোৰ লিটিকাই যেন লাগিছে৷ কৃষ্ণ বুলি খোলত গুৰুঘাতৰ চেৱ৷ আমাৰ হাত তালি আৰু খোলৰ লগতে গোঁসাইৰ ভোৰতালত যেন বৈকুণ্ঠ নামি আহিছে, তেনে ভাৱ আহিল৷

“ঐ কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম….”

“কৃষ্ণ সূৰ্য্য ভৈলন্ত উদয়….”

নাম উঠি আহিছে৷ বিশেষকৈ যোগেশৰ নাগাৰাই ৰহণ চৰাইছে৷ কেবাটাও নাম দিয়াৰ অন্তত গোঁসায়ে কাকতিদালৈ চাই বোলে, 

: কাকতিদেউ উঠক পাঠভাগ কৰকগৈ৷

কাকতিদাই কেৰমেৰকৈ উঠি মণিকূটত সোমালগৈ৷ পিছে পিছে কেমেৰা লৈ অৰ্চন৷ তাৰপিছতেই কৰ্ডলেচ মাইক্ৰফোনটো লৈ হিতেশ৷ নামভাগৰ প্ৰতিটো কাৰ্যসূচীয়েই লাইভ হ’ব লাগিব৷ আনদিনা কাকতিদাই পাঠ ভুনভুনাই পঢ়ে৷ আজিৰ কথাই বেলেগ৷ মাইক্ৰফোনত স্পষ্ট মাত৷ কীৰ্তনৰ এক আধ্যা সামৰি, নামৰ টোপোলা খুলি কলপাতত আনি গোঁসাইলৈ আগবঢ়াই দিলে৷ ঘূৰি আহোঁতে কাকতিদাই খপজপাই কিবা এটা তুলি লোৱা হেন পাই সোধাত ক’লে, “মণিকূটলৈ যাওঁতেই মালাভাগ সৰি পৰিল”৷ 

মই বোলো, 

: মালাৰ মোলেই ৰাখিব নোৱাৰিলে কি বৰভগীয়া হে৷

এইবাৰ নামৰ শেষভাগ৷

“গোপাল গোৱিন্দ যদুনন্দন….”

নামটো শেষ কৰিয়েই গোঁসায়ে তাল থৈ হাতচাপৰিৰে আৰম্ভ কৰিলে সামৰণিৰ নাম৷

কৃপাৰ সাগৰ এ দৈৱকী নন্দন…..

…..হৰি এ জয় বান্ধৱ মুখে তুৱা গুণ নাম হে….

জয় হৰি বোলা, জয় ৰাম বোলা, জয় শংকৰ, জয় মাধৱ৷

নামৰ শেষত গোঁসায়ে বোলে ৰাইজ সেৱা ধৰক৷

সমজুৱাই ঘোষা জুৰিলে,

ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম ৰাম ৰাম ৰাম ৰাম

মায়া শয্যা মাজে আচয় ঘুমটি যাই…..

ঘোষাৰ অন্তত গোঁসাইৰ দীঘল ঘোষাৰে সৈতে আশীৰ্বাদ৷ লগতে ডবা, কাঁহ বজাই হৰিধ্বনি৷ তাৰপিছতে কাকতিদাৰ গোঁসাইতকৈ দীঘল ঘোষা আৰু আশীৰ্বাদ৷ এইবাৰ মোলৈ চাই বোলে, মাষ্টৰ দিয়ক৷ মই বোলো ৰাইজৰ আগৰ দুটা আশীৰ্বাদেই ভৰিৰ বিষ উঠালে৷ তেও চমুকৈ নমো নমো নাৰায়ণ গাই আশীৰ্বাদভাগ দিলোঁ৷ শেষৰ ভাগ আশীৰ্বাদ গোঁসায়ে দি মোখনী মাৰিলে৷

প্ৰসাদ বিতৰণতহে লাগিল খেলি-মেলি৷ কাগজ প্লেটত প্ৰসাদ, তাকো ভকতক৷ ৰঞ্জিত কুমাৰ শৰ্মাদা গৰজি উঠিল৷ এয়া কি নোহোৱা নোপোজা কাণ্ড৷ বিজয় আহি হাজিৰ হ’ল৷ 

: প্ৰভুসকল দায়দোষ নধৰিব আৰু৷ যিজন ল’ৰাক কলপাতৰ ঠিকা দিয়া হৈছিল তাৰ বোলে কৰোণা পজিটিভ৷ এতিয়া ক’ভিড কেয়াৰ চেণ্টাৰত৷ মই আজি ৰিণ্টুদাক পঠাই এই প্লেটৰে ব্যৱস্থা কৰিছোঁ৷ নিজৰ বুলি মৰিষণ কৰক আৰু৷

কাকতিদাই বোলে শৰ্মা হ’ব দিয়ক৷ সময়ৰ লগত নিয়ম নীতিৰো সলনি হয়৷

ইয়াৰ পিছতেই ভকতৰ বাবে খাতি গাখীৰত বনোৱা পায়স আহিল৷ মই আকৌ পায়সকণ পলিথিন এটাত ভৰাই লৈ খিচিৰিকে খালোঁগৈ৷

আহিবৰ সময়ত বাটচৰাতে নামভাগত হোৱা ভুল-ত্ৰুটিৰ বাবে প্ৰভুক সেৱা জনাই ঘৰলৈ বাট ল’লোঁ৷

উপসংহাৰ : বাটত পুলিচৰ গাড়ী এখন পাৰ হৈ যোৱা দেখিবলৈ পাইছিলোঁ৷ ইমান মন নকৰিলোঁ৷ পিছদিনা উঠিহে গম পালোঁ বোলে বিজয়, আদিত্য, কাকতিদা আৰু ৰামানুজ গোঁসাইক পুলিচে উঠাই নিলে৷ ক’ভিড প্ৰট’কল নামানি নামগোৱা পতাৰ বাবে পুলিচে এটেম্প টু মাৰ্দাৰ কেচত গ্ৰেপ্তাৰ কৰিলে৷

☆ ★ ☆ ★ ☆

One comment

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.