ফটাঢোল

ফটাপ্ৰেমৰ ফটা সংসাৰ-বন্দিতা জৈন

ক্ৰিং….১ক্ৰিং….ক্ৰিং…

এটা অচিনাকি নম্বৰ। নম্বৰটো কাৰ হ’ব পাৰে চাই থাকোঁতে বন্ধ হৈ গ’ল আকৌ নবজা দেখি থৈ দিলোঁ। কিজানি কোনোবা কামোৰ কাষ্ট’মাৰেই হ’ব! কি যে কামত সোমাই পৰিলোঁ। বুজালে নুবুজে মোক কাষ্ট’মাৰ কেয়াৰত কৰোঁ বুলি ভাবি দিনটোত ইমান কমপ্লেইন আহে! টাটা ইণ্ডিকমৰ টেলিকম বিভাগ। বিয়াৰ দুই বছৰ মানৰ আগত জইন কৰিছিলোঁ। ডাটা কানেকশ্যন, ফোন, কৰ্ডলেছ ফোনৰ চাহিদা বাঢ়িছিল আজিৰ পৰা দহ বছৰ আগতে। এতিয়া গম নাপাওঁ। তাতেই বিভাগীয় কাম এটাত মূৰ গুজি পেটে-ভাতে খাই আছিলোঁ।

ইয়াৰ আগতে ৰিলায়েন্স লাইফ ইনচিউৰেঞ্চত কৰি  আছিলোঁ। কিছুমান অন্যায় সহন সীমাৰ ওপৰত পাৰহৈ গ’লে নিজৰ লোকচান ভবাৰো সময় নলওঁ। এৰি দিলোঁ। তাৰ পাছত টাটা-ইণ্ডিকমৰ চিনাকি এজনে আনি লগাই দিলে আগতকৈয়ো কামোৰ কামটোত। এনেই থকাতকৈ কৰি থাকোঁ বুলি সোমাই ল’লোঁ।

গুৱাহাটীৰ যিকোনো ব্যৱসায়ৰ(সুক্ষ্ম বা বৃহৎ) বাবে সৰ্বোত্তম ঠাই ফেন্সি বজাৰ আৰু পল্টন বজাৰ। আমাৰ টাটা-ইণ্ডিকমৰ বজাৰখন বিশেষকৈ ডাটা কানেক্ট আৰু কৰ্ডলেছ ফোনৰ বাবে পল্টন বজাৰ, লাখটকীয়া  আৰু ফেন্সি বজাৰ আমাৰ হৈ গৈছিল। মানে  আমাৰ ভাত ঘৰ। ফেন্সি বজাৰৰ প্ৰায়বোৰ দোকান, বিশেষকৈ মাৰোবাৰী দোকানবোৰত খুব কমেই আছিল টাটা-ইণ্ডিকমৰ কানেকশ্যন নোলোৱা।

বাৰু, মাৰোবাৰীকো মূৰত টুপী পিন্ধাই ৰিটেইলতকৈ বেছি পইচা লৈ পকেট ভৰোৱা কাৰোবাৰটো বৰ মজেদাৰ আছিল। বহুত কেইজন মাৰোবাৰীৰ লগত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক হৈ পৰিছিল। আচলতে সেয়া তেল, ম’বিল, ডিজেল যি বুলি কয় আৰু কাৰণ বজাৰখন হাতত ৰাখিব লাগে। মোৰ লগত দেখা-দেখি নহয়। ফোনতেই সকলো কৰোঁ। সকলো বুজাই মেলি ডকুমেণ্টৰ বিষয়ে কৈ সময় লৈ সেইফালে মাৰকেটিঙত থকা কোনোবা এজনে উঠাই আনে। কমিচনবোৰৰ ভাগ হয়। লগত কানেকশ্যনবোৰ। তেনেকৈয়ে বহুত ভাল বজাৰ এখন চলিল টাটা-ইণ্ডিকমৰ।

টকা বাৰু ভৰালোঁ পকেটত কিন্তু কানেকশ্যন দিয়াৰ পিছত কমপ্লেইন অহাটো চিৰসত্য। তেতিয়াও ফোনত মোকেই পায়। মোৰ টেলিকলিং নাছিল কিন্তু এনেই বহি থাকি বা বাহিৰত ৰ’দত ঘূৰি নুফুৰি অফিচত বহি কৰিছিলোঁ। প্ৰতিটো মাহত ভাল কানেকশ্যন অহা বাবে বচে ভালহে পায়। লগত টেলিকলিং কৰিবলৈ কয় অফিচৰ ফোনত। মোৰ নিজা টাটা-ইণ্ডিকমৰ ফোন কেৱল কামত আৰু এয়াৰটেল নম্বৰ ঘৰুৱা ভাবে আছিল আৰু আটাইতকৈ যোগাত্মক বিষয় আছিল মোৰ মাতটো। এতিয়া বাৰু নাই সেই মাত পোৱালিৰ  লগত টেঁটু ফালোঁতে মাত নহয় ফঁটা লোহা টিঙৰ শব্দ হ’ল। লগত চাইনাছৰ সমস্যাৰ বাবেও।

মোৰ মাতটো শুনি আৰু কোৱা ধৰণ দেখি কোনেও খং নকৰে। কনেকশ্যনত কিবা সমস্যা আহিলেই মোক ফোন কৰি কয়। যিমান পাৰোঁ কাৰোবাক পঠিয়াই সহায় কৰি দিওঁ। ভাল পায়। ৰেফাৰেন্স পাওঁ।

এনে সময়ত মোৰ লগত ফেন্সি বজাৰৰ অংকুশ জৈন নামৰ হোলচেল কাপোৰৰ ব্যৱসায়ী এজন ভাল চিনাকি হৈছিল। ভালেই দেখাত। কথা ফোনত পাতি থাকোঁ। এবাৰ/দুবাৰ গৈছোঁ দোকানলৈ। আকৰ্ষণ বুলিবলৈ একো নাই, কেতিয়াবা এনেয়ে কিছুমান মানুহৰ লগত মনৰ মিল হ’লে আন্তৰিকতা বাঢ়ি যায়। এইদৰে কিছুদিন যোৱা পিছত হঠাতে ফোন অহা বন্ধ হ’ল। মই কৰিলেও ৰিছিভ নকৰে, বেয়া লাগিছিল। লগৰজনৰ হতুৱাই খবৰ লৈ গম পালোঁ তেওঁ দিল্লীলৈ গৈছে। ময়ো একো নাভাবি কামত মন লগালোঁ। মনত পৰে মাজে মাজে। কাৰণ বহুত বছৰৰ পিছত মোক আন্তৰিকতাৰে ফোন কৰি খবৰ লোৱা মানুহ তেঁৱেই আছিল।

তিনি মাহমান বন্ধ। হঠাতে সেইদিনা ফোন এটা আহিল। অচিনাকি বাহিৰৰ নম্বৰ। ময়ো ভাবিলোঁ সেইটো কোনোবা সমস্যা লৈ ফোন কৰা কামোৰেই হ’ব। প্ৰথম বাৰ নুঠালোঁ, যিহেতু অফিচৰ নম্বৰত আহিছে গতিকে অনিচ্ছাৰেও ফোন ধৰিলো‍ঁ। সিটো মূৰৰ পৰা খুব ধুনীয়া মৰমৰ মাত এটা আহিল..

: হেল্লো’, বন্দিতা জী, মই অংকুশ। আপুনি কেনে আছে। আপোনাৰ নম্বৰটো অফিচৰ কাৰ্ড এখনত পালোঁ। কথা পাতিব পাৰোঁ নে?

মই ‘অংকুশ’ নামটো শুনিয়েই পিছত কি ক’লে গুৰুত্ব নিদি, ইমানদিনে ফোন নকৰা বাবে তামাম গালি দিলোঁ। লগতে এই ধৰণৰ নাটক কৰা বাবেও। গালি খাই সিফালে তভক লাগিল। কিছু সময় মাত-বোল নাই। পিছত আকৌ ভালদৰে কথা পাতি অলপ সময় কথা পাতি, দেউতাকৰ অসুখৰ খবৰ ল’লোঁ। সিয়ো এতিয়া ভালেই বুলি কৈ ফোন ৰাখিলে।

ফোনটো থৈ অলপ ভাবিলোঁ, নামটো ঠিকেই আছে কিন্তু মাতটো বেলেগ লাগিল দেখোন। কিন্তু মই সোধা সকলো কথা ধুনীয়াকৈ উত্তৰো দিছে। বহুত দিনৰ পাছত শুনা বাবে এনে লাগিল বুলি নিজে বুজনি ল’লোঁ।

পিছত সেই অংকুশে দিনে তিনিবাৰমান ফোন কৰিবলৈ লাগিল। অলপ অশান্তি পাওঁ কিন্তু বেয়াকৈ একো নোকোৱাৰ বাবে আৰু সিহঁতৰ দোকানত কানেকশ্যন দিয়া হৈছিল বাবে  মানা কৰা নাছিলোঁ। কিছুদিন এৰা-ধৰা মাজেৰেই গ’ল। এদিন প্ৰস্তাৱ আহিল লগ কৰাৰ। মোৰ মনত সন্দেহৰ ভাৱ এটা লাগি আছিল যে মই আগতে লগ পোৱাজন নহয়। ভুল ভাঙিবলৈ লগ কৰিম বুলি ক’লোঁ।

অৱশেষত ৰবিবাৰ এটা লৈ  লাচিত নগৰ বাচষ্টেণ্ডলৈ আহিবলৈ ক’লোঁ। ময়ো পেণ্ট-টিছাৰ্ট পিন্ধি গৈ লাচিত নগৰত ৰৈ আছোঁ। প্ৰায় ১৫ মিনিটমান ৰ’লোঁ, অহা নাই। ইয়াৰ আগেয়ে মোৰ ফালৰপৰা ফোন এদিনো কৰা নাছিলোঁ। সেই দিনা কৰিলোঁ, অশান্তি লগাৰ বাবে। সিফালে ৰিছিভ কৰি ক’লে বোলে সেইজনে আধাঘণ্টা আগতে আহি বহি আছে নিজৰ বাইকত। বিৰ্চুতি খালোঁ, মোৰ সন্মুখত এনে কোন বাইকত বহি আছে। ইফালে সিফালে চাই দেখিলোঁ অলপ আঁতৰত কৃষ্ণচূড়া গছ এজোপাৰ তলত বহি আছে এজন মানুহ ক্ষীণ ওখকৈ। মনতে ৰহস্যটোৰ ওৰ পৰিল।  সঁচাকৈয়ে নিমিলা অঙ্ক, ৰং নম্বৰতে কথা পাতি  আছিলোঁ  ইমানদিনে  মানে। কি কৰোঁ, ইতিমধ্যেই সেইজন মোৰ সন্মুখত হাজিৰ হৈছে, পলাব নোৱাৰি। অলপ সময় কথা পাতি গুচি গ’ল। ইমান আন্তৰিকতাৰে কথা পাতিলে যে মোৰ ভুল মানুহ এজনৰ লগত যে কথা পাতি আছোঁ ক’ব নোৱাৰিলোঁ।

দুখ লাগিল। কেইটামান দিন যোগাযোগ নহ’ল। এদিন হঠাতে ফোনত জনালে তেওঁ মোক বিয়া পাতিব বিচাৰে। ধেই, এইটো কি কথা! কথা নাই, বতৰা নাই, ভাল নাই, বেয়া নাই, বিয়া। তাকো মাৰোৱাৰী, ৰাজস্থানৰ। পাৰি নেকি কিবা। মই না ক’লোঁ। এমাহমান বিৰতিৰ পিছত ফোন কৰি জনালে তেওঁ মোক সঁচাকৈ ভাল পাইছে। কোনো ঠগবাজি কৰিব বিচৰা নাই। বিশ্বাস নকৰা বাবে গুৱাহাটীৰ বায়েকে কথাও পাতিলে। দিনে দিনে কেয়াৰ লোৱা পৰিমাণটো বাঢ়িল। মোৰ মনত যদিও বিশেষ ভালপোৱাৰ লক্ষণ নাছিল, তথাপি বেয়া  লগাও নাছিল। হা-নাৰ মাজত আছোঁ। ঘৰত সুধিলোঁ, দেউতাৰ বাদে হা কোনো নাই। দেউতাই বোলে, “তই বিচাৰ কৰিব পৰা ছোৱালী। ভাল যদি হয় আপত্তি নাই। হিন্দু হয়েই, লগতে নিৰামিষহাৰি।”

দেউতাৰ কথাত সাহস পাই তাৰ ঘৰৰ মানুহ, এতিয়াৰ আইতা শাহুমাক (ৰাজস্থানৰ পৰা আহি আছিলহি) লগ কৰাই দিলে। ভালেই লাগিল।

পিছত কি হ’ব আৰু ঠিকেই    ভাবিছে, এতিয়াৰ  সংসাৰখন সেই তেতিয়াৰ দুই/তিনি মাহ পাছত হৈছিল।

☆ ★ ☆ ★ ☆

3 Comments

  • Krishna

    অ, এই কেইচ নেকি! ভাল ভাল, ফটাসংসাৰ মজাকৈ চলি থাকক!
    ভাল লাগিল পঢ়ি

    Reply
  • ভৱেশ শৰ্মা

    সুন্দৰ । এতিয়া আৰু ময়াৰ ধৰাৰে সুন্দৰ কৈ আগুৱাই হৈ থকা …

    Reply
    • বন্দিতা জৈন

      তাকেই,,,,,অশেষ ধন্যবাদ জনাইছো

      Reply

Leave a Reply

Your email address will not be published.