ফটাঢোল

ফটাপ্ৰেম-দেবজিত শৰ্মা

“লৈ যোৱা একেবাৰে, থৈ দিয়া কাষৰতে……” গীতটো গুণগুণাই ভাৰাঘৰৰ দুৱাৰখন খুলি সোমাই গ’লোঁ। যোৱা প্ৰায় এক সপ্তাহত এই গীতটো ২৹৹ বাৰ মান শুনিছোঁ। নুশুনি থাকিব পাৰিনে? আপোনাৰ নিজৰ লগত হোৱা হ’লে গম পালেহেঁতেন। উফ্, কি যে মিঠা অনুভৱ৷
এয়া ২৹৹৮ চন মানৰ কথা৷ কৰ্মসূত্ৰে উজনি অসমৰ ঠাই এখনত যোগদান কৰিছোঁ আহি৷ অফিচৰ পৰা ঘৰলৈ টেম্পোত অহাযোৱা কৰিব লাগে৷ উপায় নাই, লাগ বুলিলেইনো ক’ত ভাৰাঘৰ এটা পাম৷ ৰাতিপুৱা ৯:১৫ মানত অফিচলৈ ৰাওনা হওঁ৷ প্ৰথমে সময়ৰ অলপ ইফাল সিফাল হৈছিল যদিও, আজিকালি একেবাৰে স্বাৰ্প ৯:১৫ ত টেম্পো ষ্টেণ্ডৰ ওচৰত হাজিৰ৷ কাৰণ? কাৰণটো হ’ল,  শংকৰদেৱ বিদ্যা নিকেতনৰ এগৰাকী শিক্ষয়িত্ৰী৷ মই নমা অফিচৰ ষ্টপেজৰ আগৰটোত তেওঁ নামি যায়৷ প্ৰথম এক সপ্তাহমান অচিনাকী হৈয়ে পাৰ কৰিলোঁ যদিও উৰণীয়া মনটোৱে তেওঁৰ প্ৰেমৰ কদমজোপাত ঘৰ বান্ধিবলৈ হাহাকাৰ কৰি আছিল৷ তাতে টেম্পোখনত থকা মিউজিক চিষ্টেমটোত ধুনীয়া গীত সদায়ে বজাই গৈছিল৷ এনেতে এদিন সুযোগ মিলিল, তেওঁৰ খুচুৰা নথকাত ময়ে চান্স চাই ভাৰাটো দি দিলোঁ৷ নাম, ধামৰ খবৰ খাতি পালোঁ৷ হওক, স্বগোত্ৰীয়ে! ঘৰত সমস্যা নহ’ব৷ এদিন মোবাইল নম্বৰো পাই গ’লোঁ। মেছেজ মেছেজ আৰম্ভ হ’ল৷ এইবোৰ বিষয়ত মই অলপ ৰাহুল দ্ৰাবিড় টাইপৰ মানুহ, গতিকে গুড মৰ্ণিং, গুড নাইট জাতীয় মেছেজৰ লগতে শ্বায়েৰীৰো দুই এষাৰি প্ৰেৰণ কৰা আৰম্ভ কৰিলোঁ৷ লাহে লাহে স্কৰ বৰ্ডত ৰাণ বাঢ়িবলৈ ধৰিলে৷ ফোনত কেতিয়াবা খবৰ খাতি লোৱা যায়৷ ৰাতি তেওঁৰ গুড নাইটৰ লগতে টেক কেয়াৰ বুলি লিখা বাক্যটো ৰাতি ৩ বজাত সাৰ পালেও মোবাইল খুলি চাই   দহবাৰ মান পঢ়ি চাওঁ। সমান্তৰালকৈ  “লৈ যোৱা একেবাৰে”, জুবিন পাপনৰ গীতৰ মাজত একেবাৰে যতীন বৰাহৈ উটি-ভাহি গৈছিলোঁ।  মাজতে এদিন আমাৰ Himangshu Rajkhowa দাক লগ পাই লাজ লাজকৈ উপদেশ অলপ বিছাৰিলোঁ৷ হাজাৰ হওক প্ৰেম কৰি বিয়া পতা মানুহ৷ সকলো মেছেজ পঢ়ি হিমাংশু দায়ে উপদেশ দিলে বোলে, যা লোহা গৰম হৈ আছে৷ আগবাঢ় আৰু ডাইৰেক্ট কৈ দে৷ মানুহে চন্দ্ৰত হোটেল খোলাৰ পৰিকল্পনা কৰিছে আৰু তই এতিয়াও সাঁচিপাতৰ যুগতে……ধুৰ, এনেকৈ নহ’ব৷ শুন, পৰহিলৈ ভেলেণ্টাইন ডে, কাইলৈ প্ৰপ’জ কৰি দে৷
 লগে লগেই ফোন কৰিলোঁ
“হেল্ল’, ক’ত আছা?
তেওঁৰ উত্তৰ “ঘৰত “
মই :: “কাইলৈ স্কুল যাবানে “
তেওঁ ::  “ওমম, যাম”
মই :: “তোমাৰ লগত এটা কথা আছিল”
তেওঁ:: “মোৰো আপোনাক কথা এটা ক’ব লগা আছিল”
মই:: “হ’ব তেন্তে, কাইলৈ লগ পাম”
লগে লগে হিমাংশু দাক মাটিত দীঘল দি সেৱা কৰিবলৈ মন গৈছিল যদিও স্থান কাল চাই সেই কামফেৰা পাছলৈ থ’লোঁ।
সেইদিনা ৰাতি টোপনি নাহিলেই ৷ ভেলেণ্টাইন ডে’ট ফুৰাৰ পৰিকল্পনাৰ পৰা আৰম্ভ হৈ একেবাৰে  জোৰোণ পালেগৈ৷ পিছদিনা ফিটফাট হৈ টেম্পো ষ্টেণ্ড পালোঁগৈ ৷ বেগত আগদিনাই আনি থোৱা কেডবেৰিৰ পেকেট এটা৷ সেইটো দিয়েই সুগম যাত্ৰাটোৰ আৰম্ভণি কৰিম বুলি ঠিক কৰি থৈছোঁ। এনেতে তেওঁক লাহে লাহে খোজ কাঢ়ি অহা দেখি বুকুখনত ঢপঢপনি বাঢ়ি গ’ল৷
কাষ চাপি আহিয়েই তেওঁ ক’লে, “কওকচোন কি কথা আছিল?”
মই “মানে, হেৰি!  প্ৰথম তুমি কৈ লোৱা”–
তেওঁ “অ’, ৰ’ব”
এই বুলি বেগটো খুলি খাম এটা মোলৈ আগবঢ়াই দিলে ৷
“মোৰ বিয়া, মাৰ্চৰ ১ তাৰিখে, নহাকৈ নাথাকিব কিন্তু ৷ এতিয়া কওক, আপুনি কি ক’ব খুজিছিল”
মই (কোনোমতে লাজ অপমান দুখ ঢাকি) “হেৰি মানে, তোমালোকৰ সেইফালে ভাৰাঘৰ পোৱা যাব নে?”
উত্তৰত কি কৈছিল কাণত নোসোমাল৷ সমগ্ৰ পথচোৱা মাত্ৰ সেই চকলেটটো অকলে খাওঁ নে হিমাংশু দাকো মাতি দিওঁ তাকে ভাবি গ’লোঁ৷ টেম্পোখনত তেতিয়া  তেৰে নামৰ “ক্যো কিচিকো ৱফা কে বদলে”- গানটো বাজি আছিল
☆ ★ ☆ ★ ☆

15 Comments

  • দুখেই লগ লাগি গ’ল পায় ৷

    Reply
  • অভিজিত কলিতা

    সেই দুখতে আজিও . . . . . . মিছা ক’লে কি হব? বুকু আমাৰো ফাটিছিল এইদৰে এদিন

    Reply
  • Karabi Phukon

    😭

    Reply
  • HEMANTA KAKATI

    এইবোৰ পঢ়ি মোৰো ফটাপ্ৰেম লিখিব মন গৈছে৷ কিমান দুখভৰি দাস্তান আছে৷

    Reply
  • উৎপলা কৌৰ

    ধেৎ তেৰি! 😢

    Reply
  • rintumoni dutta

    কলম পৈণত হৈছে। বঢ়িয়া লাগিল

    Reply
  • Luku dutta borah

    ইচ ৰাম বৰ দুখ লাগিল দেই।

    Reply
  • Barbie Punnag

    দাদা, হাঁহি উঠাতকৈ কিন্তু মোৰ বহুত দুখহে লাগিল 😢😢

    Reply
  • কাবেৰী মহন্ত

    কি বেদনা!

    Reply
  • Suman Sekhar Kalita

    বৰ বেয়া লাগিল

    Reply
  • Anonymous

    কলিতে মৰহিল😥

    Reply
  • Noyanmoni Dutta

    ইয়াতকৈ বেদনা লাগে নে ……………. ধুনীয়াকৈ লিখিলা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ইয়াতকৈ ফটাপ্ৰেম আৰু কিবা লাগেনে অ’ দেৱজিত?

    Reply
  • Gitu hazarika

    😭😭😭

    Reply

Leave a Reply

Your email address will not be published.