ফটাঢোল

ফটাপ্ৰেম-দেৱজিত নাথ

সেয়া কলেজত পঢ়ি থকা দিনৰ কথা৷ সম্ভৱত ডিগ্ৰী ছেকেণ্ড ইয়েৰৰ শেষৰ ফালৰ কথা। আমাৰ বন্ধুৰ গ্ৰুপটো বহুত ডাঙৰ আছিল৷ কম্পিউটাৰ চাইন্স আৰু ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্টৰ প্ৰায় ত্ৰিশজনীয়া এটা গ্ৰুপ আছিল আমাৰ। কলেজ কেম্পাছৰ ভিতৰত বেচ আড্ডা জমি থাকিছিল আমাৰ মাজত৷ দুই এজনক বাদ দি বাকীবোৰৰ গাৰ্লফ্ৰেণ্ড জাতীয় বস্তুটো নাছিল৷ সেয়ে বহুতে আৰ্টছৰ ডিপাৰ্টমেণ্টবোৰৰ য’ত ধুনীয়া ধুনীয়া ছোৱালী আছিল, তাৰ আগেদি প্ৰায়ে সঘন আহ যাহ চলাইছিল কিন্তু কাম হ’লে সিজা নাছিল কাৰো৷ নাজানো কিয় আমাৰ ইমেজবোৰ ভালেই নাছিল নেকি ছোৱালীবোৰৰ মাজত..! নিজৰ ডিপাৰ্টমেণ্টতো ছোৱালীৰ সংখ্যা আছিল এপাচি শাকত এটা জালুকৰ দৰে! আৰ্টছৰ ছোৱালীখিনিয়েও পাট্টাই দিয়া নাছিল৷

কথাটো প্ৰথম আৱিস্কাৰ কৰিছিল বিশ্বই৷ বিশ্ব, আমাৰ ডিপাৰ্টমেণ্টৰ আটাইতকৈ টেলেণ্টেড প্ৰাণী আছিল৷ কি চি লেংগুৱেজ, কি চি প্লাছ প্লাছ, কি ডাটা ষ্ট্ৰাক্সাৰ সকলোতে বিশ্ব আমাতকৈ আগত আৰু ক্লাছৰ আমি লাষ্ট বেঞ্চাৰ কেইটা প্ৰগ্ৰেমিংত বিশ্বৰ শৰণাপন্ন হ’ব লাগিছিল৷

: এডুকেশ্বন ডিপাৰ্টমেণ্টত তামাম ধুনীয়া ছোৱালী এজনী আছে বে! চকু কেইটাতে পাগল হৈ যাব লাগে৷

অফ টাইমত কলেজ কেম্পাছৰ জমি থকা আড্ডাৰ মাজত বেচ গহীন হৈ বিশ্বই কৈ উঠিছিল।

: কি?

আমি আটাইকেইটাই বিশ্বৰ কথাত মুখ মেলি দিছিলোঁঁ৷ আমি আটাইতকৈ আচৰিত হৈছিলোঁ আমাৰ চকুত নপৰাকৈ আগতে কেনেকে বিশ্বৰ চকুত পৰিল৷

: হাঔ?

: ক’ত দেখিলি বে?

: আমাৰ লেবৰ ওপৰৰ ফ্ল’ৰত ক্লাছ কৰিবলৈ আহে৷ লেবত ক্লাছ থাকে আমাৰ সেইখিনি সময়ত, সেয়ে তহঁতৰ চকুত পৰা নাই!

ইয়াৰ পিছত অপাৰেচন এডুকেশ্বনৰ ধুনীয়া চকুৰ গৰাকী৷ দুদিনমান লেবৰ ক্লাছ মিছ৷ চিৰিৰ সন্মুখত বোন্দাপৰ৷ সবৰে চকু পৰিল। হয় সচাঁকৈ ধুনীয়া৷ নাম ধাম আটা পটা বিচাৰ খোচাৰ কৰা হ’ল৷ হোষ্টেলত নাথাকে গুৱাহাটীৰ লোকেল৷ প্ৰথমেই অকণমান নিৰাশা আহি গ’ল৷ লোকেল যিহেতু আমাৰ নিচিনা জকাইচুকীয়াক ক’ত পট্টা দিব? কিন্তু যোশ দিয়া মানুহৰো অভাৱ নাই৷ মেছত বন্ধুৰ দুই পেগ টানি দিয়া উপদেশ! “প্ৰেমত লোকেল ফাৰ্মৰ বুলি কথা নাই! ধনী দুখীয়া জাতপাত সেইবোৰ সব বেকাৰ কথা! তোৰো মনে গ’লে মোৰো মনে গ’লেহে মেইন!”

কথা শুনি যোশ দুগুণ হৈ যায়৷ মনতে ভাবিলোঁ কিবা এটা হেস্ত নেস্ত কৰিব লাগিব এইবাৰ৷ কিমান আৰু বৰলা হৈ থাকিম? কলেজীয়া দিন শেষেই হ’ব এনেকে৷ যোশ দিয়া বন্ধু মহলৰো একেই কথা৷ কৈ দিব লাগে সন্মুখতে “আই লাভ ইউ” বুলি৷ বাকী কি হয় পিছত দেখা যাব৷

পিছে ৰাতিপুৱালে শেষ সব৷ কলেজত তাইক দেখিলে থৰক বৰক হৈ যায় কনফিডেন্স৷ সন্মুখত “আই লাভ…” বহুত পিছৰ কথা৷

তাইৰ মেজৰ মেট এজনী অলপ চিনাকি আছিল ৰূপমৰ। ৰূপম আমাৰ মেছৰে৷ এদিন তাইৰ মুখৰ পৰা গম পালোঁ ধুনীয়া চকুৰ গৰাকী খালি আছে৷ কোনো বয়ফ্ৰেণ্ডৰ লাফৰা নাই৷ কিন্তু ছোৱালীজনী অলপ খাৰাংখাছ৷

সেই সময়ত দুই এটা গল্প কবিতা লিখিছিলোঁঁ৷ বন্ধু মহলত বেচ নাম আছিল লিখা মেলাত অলপ হাত থকা বুলি। বন্ধুৰ ইলেকচনৰ কেম্পেইনিংতো কবিতা আবৃত্তি কৰিছিলোঁ গাৰ্লচ হোষ্টেলত৷ ফ্ৰেচাৰ্ছতো দুই এটা কবিতা আওৰাইছিলোঁ ষ্টেজত৷ লগৰবোৰে যৌশ দিলে তাইৰ নামত কিবা এটা লিখি প্ৰপোজ মাৰি দিব লাগে৷ প্ৰেম পত্ৰ জাতীয় কিবা এটা৷ ইফালে লাইফত প্ৰেমপত্ৰ লিখিয়েই পোৱা নাছিলোঁঁ৷ লিখোঁ কেনেকৈ? বহুত মাঠা মাৰিলোঁঁ৷ ৰাতি ৰাতি পঢ়া টেবুলত কিতাপ মেলি লাভ লেটাৰ লিখা আখৰা চলিল৷ পিচে নহ’ল৷ অৱশেষত নিজৰ লিমিট বুজি পাই প্ৰেমপত্ৰৰ কনচেপ্ত বাদ দিলোঁ৷ ইফালে ধুনীয়া চকুৰ গৰাকীয়ে টোপনি নোহোৱা কৰিছেই৷ মাৰ্কেতত সবৰে চকু পৰিছে যেতিয়া কিমান দিনলৈ তাই খালি থাকিব সন্দেহ৷ প্ৰতিযোগিতা বাঢ়ি গৈছে৷ মেছত লগৰ কেইটাইতো ৱাৰ্ণিং দিছেই, “লেট কৰিলে বাঁহ খাবি! কোনে তাইক পতাই লৈ যাব গমেই নাপাবি৷”

অৱশেষত বহুত কষ্ট কৰি তাইৰ নামত এটা কবিতা লিখি উলিয়ালোঁ৷ সুন্দৰ উপমা লগাই কেৱল যেন তাইৰে বৰ্ণনা! মেছত থকা গোটেইকেইটাই পঢ়ি তামাম শলাগিলে৷ দুটামানেতো কৈয়েই পেলালে, “কি ঝক্কাছ লিখিছ বে! এইবাৰ খাটাং পতি যাব তাই৷”

কথা শুনি কনফিডেন্সত উৰি গ’লোঁ। কিমান যে কল্পনা চকুৰ আগত ভাঁহি উঠিল!

পিচে প্ৰব্লেমটো হ’ল তাইক দিয়া যায় কেনেকৈ? মাতিয়েই পোৱা নাই কোনো দিনে৷ ইফালে মোক চিনি পাই নে নেপায় তাকেই নাজানো৷ সন্মুখত তাইক দেখিলে বুকুত যি ধান বনা দি ধপধপনি আৰম্ভ হৈ যায় কনফিডেন্সৰ ধাজ্জিয়া উৰি যায় মোৰ৷ নহ’ব৷ মোৰ দ্বাৰা তাইক মাতি হাতত তাইৰ নামত লিখা কবিতা উঠাই দিয়াটো অসম্ভৱ৷ অৱস্থা দেখি পিয়নৰ ভূমিকা ল’বলৈ ৰূপম ৰাজি হ’ল৷

পিছদিনা৷ ব্ৰেকত আমি গোটেইবোৰ আড্ডা দি আছোঁঁ৷ কোনোবা এজনে আহিছে আহিছে বুলি কোৱাত ৰূপম ৰেডি হ’ল মিছনৰ কাৰণে৷ আমাৰ ডিপাৰ্টমেণ্টৰ ওপৰৰ ফ্ল’ৰৰ পিনে এডুকেশ্বনৰ ছোৱালীৰ জাকটো গৈ আছে৷ আমি দূৰৈৰ পৰা চাই আছোঁঁ৷ ৰূপমে গৈ তাইক মাতিলে আৰু কিবা কিবি কৈ থকা দেখিলোঁঁ৷ ধপধপনি আৰম্ভ হৈ গৈছে অলৰেদি৷ এপাকত কাগজ খিলা উলিয়াই সি তাইলৈ আগবঢ়াই দিলে৷ আমাৰ পিনে দেখুৱাই কিবা কৈছে৷ চাব নোৱাৰি৷ তলৰ পিনে মূৰ কৰিলোঁঁ৷

: য়ে! নলয় বে তাই!

কোনোবা এটাই কৈছে৷ লগে লগে চালোঁ সেইপিনে৷ আমি দেখাকৈ তাই কাগজ খিলা দলিয়াই দিলে৷ খুলিয়েই নাচালে তাই৷

: শেষ!

তপত হুমুনিয়াহ এটা ওলাই আহিল৷

অলপ পিছত কাগজ খিলা লৈ ৰূপম উভতি আহিল৷

: নলয় বে! পঢ়ি চাবই ইচ্ছা নকৰে৷ ওলটাই মোক হে দম দিলে আৰু ডিষ্টাৰ্ব কৰিলে প্ৰিন্সিপালৰ ওচৰত কমপ্লেইন দিব বুলি৷

কৈ কৈ সি মোলৈ কাগজ খিলা আগবঢ়াই দিলে৷ বেয়া লাগিছিল৷ চাল্লা এচেপ্ত নকৰা নাই৷ এবাৰতো পঢ়ি চা৷

ইমান কষ্ট এনেই গ’ল৷ দুখতে কবিতাটো দলিয়াই দিলোঁ৷

: অই নেপেলাবি ৰহ৷ কি লিখিছিলি চাওঁ?

বৰ্ণদীপে উঠি গৈ কাগজখিলা তুলি ল’লে৷

: আৰে ধুনীয়া কবিতা লিখিছ দেখোন৷ এইটো কামত আহিব ৰহ৷ মই ৰাখি থওঁঁ৷ মেগাজিনৰ কাৰণে লেখাই উঠা নাই৷ এইটো মেগাজিনলৈ ৰাখিলোঁঁ৷

সি নিজৰ বেগত ভৰালে সেইটো৷ বৰ্ণদীপ সেইবাৰৰ মেগাজিন চেক্ৰেটাৰী আছিল আৰু লেখা বিচাৰি সি আমাক কামোৰ দিয়ে আছিল৷

সেইদিনৰ পৰা ধুনীয়া চকুৰ চেপ্তাৰ সিমানতে এৰিলোঁ। দুনাই কোনো দিনে এবাৰো চেষ্টা নকৰিলোঁ তাইক মাতিবলৈ। থাৰ্ড ইয়াৰটো কেনেকে গ’ল গমেই নাপালোঁ৷ তাইক তেনেকে নেদেখিলোঁও৷ ক্লাছ, লেব, প্ৰজেক্ট আদিতেই ভালকৈ মূৰ গুজি দিলোঁঁ৷ এডুকেশ্বন ডিপাৰ্টমেণ্টলৈ আৰু দুনাই নাচালোঁৱেই৷ আচলতে দুখ পাইছিলোঁ সেইদিনা যেতিয়া তাই মুখৰ সন্মুখতে দলিয়াই দিছিল তাইলৈ লিখা কবিতাটো৷ ইজ্জতত লাগিছিল মোৰ৷

ইয়াৰ পিছত গুচি গ’লোঁ জালুকবাৰীলৈকে৷ বৰ্ণদীপৰ মেগাজিন কিবা খেলিমেলি লাগি দেৰিকৈ প্ৰকাশ পালে৷ আমি মাষ্টাৰ ডিগ্ৰী পঢ়ি থাকোঁতে প্ৰকাশ পালে তাৰ মেগাজিন৷ বহুদিন পিছত জুনিয়ৰ ল’ৰা এটাই মোলৈ কপি এটা লৈ আহিছিল৷ মেলি চালোঁ কবিতাটো প্ৰকাশ হৈছিল৷

পিচে ধুনীয়া চকুৰ গৰাকীয়ে কবিতাটো পঢ়িবলৈ পালেনে নাই গম নাপালোঁ…!

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    ইচচচ, প্ৰেমৰ বাবেই কবি প্ৰতিভা জাগ্ৰত হৈছিল, পিচে উদ্দেশ্য সফল নহ’ল।

    Reply
  • দীক্ষিতা

    পঢ়ি নাচালে সেইটো তেখেতে মিছ কৰিলে আৰু। কিন্তু তেওঁৰ জহতে কাব্য সৃষ্টি হ’ল, সাহিত্য জগতত তেওঁ অমৰ হৈ থাকি গ’ল, এই কথাটো বা জানিলে নে নাই!!

    Reply

Leave a Reply

Your email address will not be published.