ফটাঢোল

ফটাপ্ৰেম – নিৰ্মালী বৰমূদৈ

“চিক্স….চিক্স…ছিক্স……………

য়াহু…………..

ধোনী…ইউ আৰ দ্য হিৰ’…উই লভ ইউ…

জিনকা চিকা…….”

গেটৰ মুখৰ পৰাই চিঞৰ আৰু হুলস্থুল শুনি ৰ’বই নোৱাৰিলো। দৌৰ মাৰি বাঁহতৰ ভিতৰ পালোগৈ। হোষ্টেলৰ পৰা প্ৰায়ে ৰবিবাৰে বাৰ ঘৰলৈ আহোঁ‌। বা থাকে গুৱাহাটী লাচিত নগৰত। ইফালে মোৰ কলেজ আকৌ উত্তৰ গুৱাহাটীত। ৰবিবাৰে লাগতিয়াল বজাৰকেইটা কৰি আহি বাৰ ঘৰত সোমাই দুপৰীয়াৰ ভাতসাজ খাই যাওঁ‌। এইয়াই মোৰ হোষ্টেলীয়া জীৱনৰ ডায়েৰী।

ভিতৰত গৈ দেখিলোঁ‌ ভাগিনটো টিভিটোৰ একেবাৰে সন্মুখত ৰিমৰ্টতো মুখত কামুৰি লৈ থিয় হৈ আছে। সাংঘাতিক ৰোমাঞ্চকৰ খেল চলি আছে। ভাৰত জিকিবলৈ ছয় ৰাণ লাগে তাকো বল আছে দুটা। তাৰ মুখখন চাবই নোৱাৰি। শুকাই একেবাৰে টেমিতো যেন হৈ আছে। আয়ৌ….কনমানিটো। ভাৰত হাৰিব লাগিলে বেটাই পাৰিলে আজি ভাতকে নাখাব।

“অ সোণ্টো ইমান টেনশ্যনত টিভি চাই নেকি হা? ভালদৰে বহি চোৱা। যি হয় হ’ব আৰু খেলহে”। এইবুলি তাক ডেয়ৰী মিল্ক চকলেটতো উলিয়াই দি পিছফালে মুৰতো ঘূৰাইছোহে……….উৱা….এইজন আকৌ কোন? টিভিটোৰ লগতে লাগি থকা বিচনাখনত মূৰটো ভৰি দুটাৰ মাজত সুমুৱাই টিভিৰ বিপৰীতে এক বিশেষ ভংগিমাত বহি আছে। চেহেৰাটো দেখা নোপোৱাকৈয়েই মই পাকঘৰত থকা বাক চিঞৰি চিঞৰি সুধিলোঁ‌…..

“বাহিৰৰ বিচনাত এইজন ক’ৰ প’লিঅ বেমাৰী অ?”

মোৰ মাতটো শুনি অচিনাকিজনে নিজকে সুস্থিৰ অৱস্থালৈ আনি ভালকৈ বিচনাত বহি ল’লে। আৰে….সুন্দৰ এজন ডেকা ল’ৰা দেখোন। আগতে কেতিয়াও বাৰ ঘৰত দেখা মনত নপৰে। পেপে জিনচৰ টি চাৰ্টটোত ল’ৰাজনক বেছ হেণ্ডচাম লাগিছিল দেখিলেই গম পায় যে ল’ৰাজন ৰেগুলাৰ জিমত যায়।….বাহ…কি বায়চেপ! সঁচা কথা ক’বলৈ গ’লে তেনেকুৱা বায়চেপ মই আজিলৈকে কাৰো দেখা নাই। নিজকে ধিক্কাৰ দিলোঁ‌, এইহেন সুন্দৰ ডেকা ল’ৰাজনক পলিঅ’ বেমাৰী বুলি ক’লোঁ‌।

তেনেকুৱাতে বা আহিল টিভি ৰুমলৈ। আহিয়েই চিনাকি পৰ্ব আৰম্ভ কৰি দিলে…..

“তোক যে সিদিনা মই ফোনত কৈছিলোঁ‌ আমাৰ নতুন ভাৰাতীয়া আহিছে বুলি…..এইয়াই। এওঁৰ নাম প্ৰণৱ বৰা। ঘৰ ধেমাজীত। কটনত জুলজি বিভাগত জেআৰএফ হিচাপে জইন কৰিছে। আমাৰ ইলা( মানে তাইৰ জাগৰাকীৰ নাম)ৰ ভতিজা হয়। আৰু…প্ৰণৱ। এইয়া মোৰ ভণ্টী। বি.এছ.চি নাৰ্চিং কৰি আছে আৰ্য কলেজত। ৰবিবাৰে প্ৰায়েই আহে।

….”হাই…নাইচ টু মিট ইউ। এইবুলি প্ৰণৱে হাতখন মোৰফালে আগবঢ়াই দিলে। মইয়ো “হেল্ল'” বুলি হাতখন তেওঁলৈ আগবঢ়াই দিলোঁ‌।……আহ….কি এক শিহৰণ পাৰ হৈ গ’ল। মই যি হাতত ধৰিলোঁ‌, এৰিবই পাহৰি গ’লোঁ‌।

“ইয়ে জিকি গ’ল……মামা চোৱা। ধোনীয়ে জিকাই দিলে।” ভাগিনৰ চিঞৰতহে আমি দুটাই হাতদুখন এৰি দিলোঁ‌। ….ছিঃ…কি যে মই। এনেকৈনো চাই থাকিব লাগেনো বাৰু তাক। কি ভাবিছে চাগে……। ভাগিনৰ লগতে প্ৰণৱেও ভাৰত জিকাৰ ফূৰ্তিতে তিনি পাকমান নাচিলে। ভাগিনেতো বিচনা ভাঙিবলগীয়া অৱস্থা কৰি দিছে। প্ৰণৱে যাওঁ‌ বুলি বাক মাতষাৰ দিব গ’ল। পিছে বায়ে তাক ভাত খাই যাবলৈ ক’লে। সিও না নকৰিলে। মোৰো ভাল লাগিল সি ভাত খাই যাব বুলি শুনি। যি নহ’লেও অলপ কথা পাতিব পাৰিম।

সকলোতকৈ সুখৰ কথা, বায়ে দুয়োটাকে একেলগে ভাত খাবলৈ দিলে। ভাতৰ টেবুলত নানান ধৰনৰ কথা পাতিলোঁ‌। ইমানেই কথা পাতিলোঁ‌ যে, প্ৰথমদিনৰ চিনাকিতে আমাৰ ফোন নম্বৰোএক্সচেঞ্জ হ’ল। মুঠৰ ওপৰত এক সুখৰ অনুভূতি লৈ হোষ্টেললৈ উভতিলোঁ‌। আহিয়েই ৰুমমেটক বিছাৰি গোটেইখিনি এফালৰ পৰা ক’বলৈ লাগিলোঁ‌। ৰুমমেটে ব’ৰ পাইছে বুলি গম পাইয়ো ক’বলৈ এৰা নাই। তাই শুনিবই লাগিব বেচেৰীয়েও উপায় নোহোৱাকৈ শুনি থাকিল কথাবোৰ।

ঠিক তিনি দিন পিছতে মই ঘৰলৈ যাব লগা হ’ল কিবা বিশেষ কাৰণত। প্ৰণৱে হয়তো বাৰ পৰা গম পালে মই ঘৰত যোৱাৰ কথা। সি মোক সেইদিনা প্ৰথম ফোন কৰিলে….

“নিৰ্মালী…..”

“হয়..কওঁ‌ক..….”

“তুমি কাইলৈ ঘৰত যাবা নেকি?

“উম…যাম।”

“মোক হেল্প এটা লাগিছিল….মানে মোৰ ভণ্টী এজনী তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছে। তাইক লগ ধৰি পইচা দুটামান দিব লাগিছিল। পাৰিবানে?”

“উম….নিশ্চয় পাৰিম।”(আপোনাক যিকোনো হেল্প কৰিবলৈ ৰেডি আছোহে….)

“থেংকিউ চ’ মাচ্চ……মই তোমাক পল্টন বজাৰত লগ কৰি পইচাটো দি দিম হা…তুমি হোষ্টেলৰ পৰা ওলালেই ফোন কৰিবা।”…

“কিনো থেংকিউ কৈ আছে হে? এইকণ আৰু হেল্প হ’ল নেকি আৰু…..বাৰু ঠিক আছে, কাইলৈ লগ পাম দিয়ক।”

আহ…..এইজনাৰ মাতটো ফোনত আৰু ভাল লাগে দেখোন। বাৰু যি নহওক…কাইলৈ দেখা পাম ভাল লগাজনক।

পিছদিনা ৰাতিপুৱা প্ৰণৱে ১০,০০০ টকা মোৰ হাতত দি পঠাইছিল ভনীয়েকলৈ মোবাইল কিনিবৰ কাৰণে। সিদ্ধান্তমৰ্মে মই মিছন চাৰিআলিত ভনীয়েকক লগ কৰি পইছাটো দিম। মিছন চাৰিআলি পোৱাৰ লগে লগে ভনীয়েকক ফোন কৰিলোঁ‌। তাইয়ো আগৰে পৰা ৰৈ আছিল কে.এফখনৰ ওচৰতে। গাড়ীৰ পৰা নামি মই তাইক কে.এফৰ ভিতৰলৈ লৈ গ’লোঁ‌। আখিৰ প্ৰণৱৰ ভণ্টী যেতিয়া মোৰো ভণ্টী। এইক অলপ ইমপ্ৰেছ কৰিব পাৰিলেও মোৰ ৫০% কাম সিজিব। মই কফি, চেন্দুইছ, পেষ্ট্ৰি ইত্যাদি বহুত কিবাকিবি অৰ্ডাৰ কৰিলোঁ‌। তাই নাখাওঁ‌ নাখাওঁ‌ কৈ আছে, কিন্তু মই নাচোৰবান্দা। খাবই লাগিব। মইহে জানো মোৰ ধান্দাটো। তেনেকুৱাতে মই কথা আৰম্ভ কৰিলোঁ‌…..

“তোমাৰ নামটো?”

“প্ৰয়াসী গগৈ।”….

“তুমি প্ৰণৱদাৰ মাহী নাইবা জেঠাইৰ ছোৱালী ছাগে ন’? তেঁওৰ উপাধি বৰা আৰু তোমাৰ যে গগৈ?”

“আচলতে বা কি জানা? তোমাক চাগে প্ৰণৱে কোৱা নাই মই তাৰ ভনীয়েক নহয়…….”

“তেন্তে…..?”

” আমি দুয়োজনে ইজনে সিজনক ভালপাওঁ‌….মই তাৰ গাৰ্লফ্ৰেণ্ড..”

………কে.এফ খনত এটা মৃদু সংগীত বাজি আছিল

“চন চে জ’ টুটা কয়ী চপনা….

জগ চুনা…চুনা…লাগে

জগ চুনা…চুনা..লাগে

কই ভি ৰহেনা কয়ী অপনা…….

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published.