ফটাঢোল

ফটাপ্ৰেম : নিৰ্মালী বৰমূদৈ

“যৌবনতে প্ৰেম হয় সকলোৱে কয়,
প্ৰেম প্ৰেম বুলি হিয়া নিথৰুৱাও হয়।
তথাপিও মৰম কিয়নো বয়,
মনে মৰম কিয় বিছাৰি লয়??”

ফিজিক্সৰ ক্লাছটো শেষ কৰি লগৰদুজনীমানৰ লগত ক্লাচতে মবাইলত ওপৰৰ গানটো শুনি আছিলোঁ। তেতিয়াৰ দিনত গান শুনা মবাইল থকা মানে এতিয়াৰ ১২৪ জিবিৰ ষ্টৰেজ থকা লেখিয়া মবাইল। তেন্তে তেতিয়াৰ দিনটো কোনটো যুগৰ কথা কৈছোঁ বুজিছেই ছাগে। বাৰু যিনহওক এতিয়া বেক তু ক্লাচৰুম। অহ…মই কি গান শুনাৰ কথা কৈছিলোঁ- যৌবনতে প্ৰেম হয়। পিচে এই অভাগনৰ যৌবনত প্ৰেমৰ টোপাল এটাও গাত নপৰিল। পৰিবনো কেনেকৈ? দিনৰ দিনটো পাস্কেলৰ সুত্ৰ, আৰ্কিমিদিছৰ সুত্ৰ, ইন্তিগ্ৰেছন, ডিৰাইভেছন, চল্ট এনালেইছিছ এইবোৰ ডিঙিৰ ওপৰফালে খালী হৈ থকা কণ্টেইনাৰটোত ইনপুট কৰাতেই গোটেই সময় যায়(তথাপি অমুকীয়ে একোডাল ফালিব নোৱাৰিলোঁ দেই)।

কেমেষ্ট্ৰীৰ ক্লাছতো আৰম্ভ হ’বলৈ সময় হৈছে আৰু ঠিক তেনেকুৱাতে এজন নতুন ল’ৰা সোমাই আহিল। দেখিবলৈ বৰ এটা ধুনীয়া নহয় যদিও কিবা অলপ বেলেগ ধৰণৰ ব্যক্তিত্ব থকা নিচিনা অনুমান হ’ল। আহিয়েই চাৰিওফালে চকু ফুৰাই মোক আহি সুধিলেহি,

: তোমাৰ ওচৰৰ চিটটো খালী হৈ আছে নেকি??

মনতহে বোলো…..অকল কাষৰ চিটেই নহয়, হৃদয়ৰ চিটটোও খালী হৈ আছে। পাৰিলে এপ্লিকেছন এখন দিব পাৰা। ইতিমধ্যে সৰু সুৰা কল্পনা সাগৰ এখনত জাহাজ মেলিছিলোৱেই। লগৰজনীয়ে চিকুট মাৰি দিয়াতহে বাস্তৱত প্ৰবেশ কৰিলোহি। ময়ো নিজকে অলপ সংযত কৰি অকনমান লেবেল থকা দেখুৱাই মাত্ৰ এটাই শব্দ ক’লোঁ,

: হয়।

সেইজনাও কম নাছিল। কোনোধৰণৰ অনুৰোধ নকৰাকৈ ঘপহকৈ মোৰ কাষতেই বহি দিলে নহয়। এনেই মই গাৰ্লচ স্কুলৰ পৰা অহা। সাধাৰণতে আমাৰ ল’ৰাৰ লগত বহাৰ কোনো অভ্যাস নাই। গোটেই বছৰটো শেষ হ’বৰ সময় হ’ল। আজিলৈকে কোনো এজন ল’ৰা ওচৰত বহি নাপালো। এইজনাই আকৌ বৰ্ষটোৰ শেষৰ সময়ত কিয় এডমিছন ল’লেহি? আৰু বহিবলৈও মোৰ ওচৰতহে পালে নে? সেইবোৰ ভাবিগুণি থাকোঁতেই কেমেষ্ট্ৰীৰ ছাৰ আহি কি পঢ়াই গ’ল মোৰ মূৰত একো নোসোমাল।

হঠাৎ ল’ৰাজনে মোক সুধিলে,

: তোমাৰ নাম কি?

মই ক’লোঁ,

: নিৰ্মালী। আৰু তোমাৰ?

মই আৰু চান্সটো এৰি দিম নেকি?

তেঁও ক’লে,

: অনুপম।

মোৰ ফটামুখে ঘপহকৈ সুধি পালোঁ,

: তুমি ইমান দেৰিকৈ এদমিছন ল’লা যে কিয়? আগতে বেলেগ কলেজত আছিলা নেকি? কিয় গুচি আহিলা?

ধেত চাল্লা…..শিয়ালক যিমানেই নীলত যুবুৰিয়াই নথওক কিয়, ৰাতি হ’লে হোৱা দিবই। মোৰো সেই একেই অৱস্থা। ইমান পৰে যিডাল গহীন লুক দি এটিটিউদ দিলোঁ, চব ৰামনাম সত্য হ’ল। চৰিত্ৰ ফাটি ফুটি বাহিৰ ওলাই আহিল। লাভ নাই নিৰ্মালী….তোৰ ইমেজ ডাউন হ’ল।

অনুপমে মিহিকৈ হাঁহি এটা মাৰি ক’বলৈ ধৰিলে-

: আচলতে মোৰ একবছৰ গেপ হৈছে। যোৱাবাৰ পৰীক্ষা দিব নোৱাৰিলোঁ জন্দিছ হোৱাৰ কাৰণে। এইবাৰহে দিম। এইকেইদিন অলপ ৰিভিজন হওক বুলি ক্লাচত আহিছোঁ।

মই লাহেকৈ ক’লোঁ

অহ ছৰী…বেয়া নাপাবা দেই। তোমাক আজি প্ৰথম দেখিছোঁ কাৰণে সুধি দিলোঁ।

তেওঁ ক’লে,

: একো নাই। কিয় বেয়া পাম আকৌ।

বছ…এই যি আৰম্ভণি হ’ল, হ’লেই আৰু। সদায় ক্লাছত আমি একেলগে বহা হ’লোঁ। আমি মানে, মই, অনুপম আৰু মোৰ বান্ধবী প্ৰিয়ংকা। এনেকৈ মোৰ দিনকদিনে অনুপমক ভাল লাগিবলৈ ধৰিলে। বহুত কথা শ্বেয়াৰ কৰা হ’লোঁ আমি তিনিওটাই। কিন্তু কেতিয়াও তাক গাৰ্লফ্ৰেণ্ডৰ কথা সোধা নাই। সিও আমাৰ দুজনীক এদিনলৈও এইবোৰ কথা সুধি পোৱা নাই। সদায় ভাবোঁ অনুপমে মোৰ বয়ফ্ৰেন্দৰ কথা সুধিলেই তাক যে মই লাইক কৰোঁ সেইটো কথাৰ অলপ আভাস দিম। নাই….সি কেতিয়াও নুলিয়াই। ময়ো আকৌ নিজৰ ওজন ৰাখি কথাবোৰ নোসোধোঁ। যি বুজিলোঁ একো কোৱা নহ’বগৈ। মনৰ ভাব মনতেই থাকিব।

এদিন সি মোৰ ফোন নংটো খুজিলে। (ইমান দিনে লোৱা নাই এইকাৰণেই যে তাৰ নিজাকৈ ফোন নাছিল, দেউতাকৰহে মবাইল আছিল। মই আকৌ ঘৰৰ বাহিৰত থাকোঁ কাৰণে মোক মবাইল এটা কিনি দিছিল।) মোৰ যে সেইদিনা কি ফূৰ্তি লাগিছিল, ভাষাৰে বুজাব নোৱাৰিম। ভাবি আছিলোঁ, কেতিয়ানো ফোনটো আহিব? বাৰেপতি ফোনটোকে চাই থাকোঁ। নাই নাবাজে।

এনেকৈ তিনি দিন মান গ’ল। না সি ফোন কৰিছে, না সি কলেজ আহিছে। প্ৰিয়ংকাক সুধিলোঁঁ,

: অই তোক কিবা কৈ গৈছিল নেকি অনুপমে? তিনি দিন হ’ল কলেজ নহা দেখোন।

প্ৰিয়ংকাই আকৌ ভেকাহি মাৰি আহিলে মোক,

: নাই অহা হ’ল আৰু….কিনো ডাঙৰ কথাটো হ’ল। কিবা প্ৰব্লেম হৈছে ছাগে। তই নিজৰ পঢ়াত মন দে ৰে। সি অলৰেদি একবছৰ পঢ়ি থৈছে, এতিয়া অকল পৰীক্ষা দিবলৈহে বাকী আছে। তাৰ কথা চিন্তা কৰি তোৰহে পঢ়া যাব যেন পাইছোঁ।

: হেই এইজনী৷ মই চিন্তা কৰা নাই। সুধিছোঁহে কথাটো।

প্ৰিয়ংকাৰ ওচৰত ধৰা পৰাৰ ভয়ত নিজকে চম্ভালি উত্তৰ দিলো৷ ক্লাচত মন নবহিল। ৰূমলৈ আহিও তাকেই ভাবি থাকিলোঁ। তেনেকুৱাতে মোৰ ফোনটোত অচিনাকি নং এটাৰ পৰা ৰিং হ’ল। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা ক’বলঋ ধৰিলে,

: নিৰ্মালী নেকি? মই অনুপমে কৈছোঁ……

উহহ….কি কণ্ঠ। সদায় শুনা মাতটোতকৈ ফোনত শুনি কিবা বেলেগ এটা শান্তি লাগিছে।

: উম…কোৱা। তুমি দেখোন এইকেইদিন কলেজ অহা নাই?

কিমান যে মিছ কৰিছোঁ তোমাক কেনেকৈ বুজাম? বুলি ক’ব নোৱাৰা কথাখিনি মনতে জুকিয়াই নিজকে সান্ত্বনা দিলোঁঁ৷

: এনেই নগ’লোঁ অ’ এইকেইদিন। অই শুনানা৷ তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে৷

ধক..ধক..ধক…….কথাষাৰ শুনা লগে লগে মোৰ বুকুখনে একমিনিটত কমেও ১২০ বাৰ মান ঢপঢপাবলৈ আৰম্ভ কৰিলে। আহ…..মই ভবা কথাকেই মানে সিও ভাবে নেকি বাৰু? সিও মানে ফিল কৰে মোৰ কাৰণে…..উহহ…আৰু দেৰি কৰিব নোৱাৰোঁ৷ আজি কৈয়েই দিম চব।

: কোৱাচোন তুমি কি ক’ব বিছাৰিছা? তাৰ মুখৰপৰাই শুনিম বুলি তেনেকৈ ক’লোঁ।

: তুমি ছাগে লক্ষ্য কৰিছাই মই তোমাৰ লগত ইমান ক্লজ হৈ গৈছোঁ। ইমান ভাল লাগে তোমাৰ লগত কথা পাতি। মই জানো, তুমি না নোকোৱা৷ মোক তোমাৰ বান্ধবী প্ৰিয়ংকাক পতাই দিয়ানা। ইমান নিৰ্জু ছোৱালীজনী, কম কথা কয়৷ মোৰ বৰ ভাল লাগে তাইক। প্লিজ নিৰ্মালী…মই জানো তুমি পাৰিবা। না নকৰিবা৷

ঠন….ঠন….ঠন……….হাতৰ পৰা মবাইলটো পৰি ডিচপ্লেখন দুডোখৰ হ’ল। ভিতৰত হৃদয়খন চাগে কিমান টুকুৰা হ’ল হিচাপ নাই। কেমেষ্ট্ৰি লেবত এচিদ বেচৰ ভুল ৰিয়েকচনতো চাগে ইমান জোৰে টেষ্ট টিউব ফটা নাই, যিমান জোৰত মোৰ প্ৰেম ফাটিল। মবাইলটোৰ ফালে চাই এটাই কৰুণ সুৰ মোৰ কৰ্ণকুহৰত বাজি উঠিল…….

“প্ৰেম প্ৰেম কৰি হিয়া নিঠৰুৱা হয়,
তথাপিও মৰম কিয়নো বয়???
যৌবনতে প্ৰেম হয়……..”

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.