ফটাঢোল

ফটাপ্ৰেম – মানস শইকীয়া

সোণালী জয়ন্তী গৰকো গৰকো অৱস্থাত মিছা নকওঁ দেই৷ সঁচা বুলি মানি ল’ব আকৌ৷

স্কুলীয়া দিনৰ কথা৷আমাৰ ক্লাচৰে এজনী ছোৱালীক লাহে লাহে ভাল পাবলৈ ধৰিলো৷একপক্ষীয় দেই৷ সৰুৰে পৰাই লাজকুৰীয়া,মাতবোল নকৰো,বিশেষকৈ ছোৱালীক৷ ক্লাচ ফাইভৰ পৰা আমি দুটা সলনা সলনিকৈ প্ৰথম স্থানত থাকো৷ কোনোবা নগ’লে আগৰ দিনটোৰ পাঠ বিশেষকৈ অংকবোৰ পাতি লওঁ৷ আমি দুইটাই কথা পাতো তৃতীয় পুৰুষত৷ মানে এনেকুৱা-“অংকৰ বহীখন দিব লাগে”৷ কেতিয়াবা তাই বহীখন দি কয়-“এইখিনি ছাৰে ইম্পৰটেণ্ট বুলি কৈছে৷ লিখি ল’ব লাগে”৷ স্কুললৈ অহাযোৱা একেলগে কৰো ,মানে তাই আগত মই এখোজ পিছত৷ আমাৰ আচৰণবোৰ দেখি লগৰ দুই একে জোকায়৷ ভয়ো কৰে দুয়োটাৰে গোঙোৰা খং অকণ আছিল৷

এনেদৰে গৈ আছিল দিনবোৰ৷ তাইৰো মোৰ প্ৰতি মৰম অকণ জাগিছিল৷ তেতিয়া,আমি ক্লাচ নাইনত৷ বছেৰেকীয়া পৰীক্ষাৰ আগে আগে এদিন তাই স্কুললৈ অহা নাছিল৷ মই বোলো এই সুবিধা ল’ব লাগিব। কালিলৈতো অংকৰ বহীখন বিচাৰিবই৷ গতিকে,ৰাতিয়েই চিঠি এখন লিখি বহীখনৰ মাজত ভৰাই থ’লো৷ পিছদিনা তাই আহিল৷ তাই ষষ্ঠ পিৰিয়ডলৈকে বহী খোজা নাই,মনটো উচপিচাই আছে৷ সপ্তম পিৰিয়ডৰ ছাৰ নাহিল৷ এপাকত তাই একেধৰণেই কলে-“বিজ্ঞানৰ বহীখন দিব লাগে”৷ খপজপকৈ বহীখন দিলো৷নিজৰ ভাগ্যক ধিক্কাৰ দিলো৷ বোলো আজি অংক নুখুজি বিজ্ঞানৰ খনহে খুজিব লাগেনে৷ বাহিৰলৈ ওলাই গৈ বাৰান্দাতে বহি থাকিলো৷ ছুটিৰ ঘণ্টা পৰাত ৰুমত সোমাওতে দেখিলো বহীখন মোৰ কিতাপৰ ওপৰত থৈ তাই কেতিয়াবাই গ’লগৈ৷ আহোতে তাইক ক’তো লগ নেপালো৷

সন্ধ্যা পঢ়িবলৈ লৈ বিজ্ঞানৰ বহীখন মেলোতেই গোটেই সৰগ খন মূৰত ভাগি পৰা যেন হ’ল৷ বহীখনৰ মাজৰ পেজ এটাত তাই লিখা শব্দকেইটা-

“আমি কালিলৈ যামগৈ৷ দেউতা যোৰহাটলৈ ট্ৰেন্সফাৰ হৈছে৷”

দুদিন ধৰি জ্বৰত ভুগি,তৃতীয় দিনা স্কুললৈ যাওতে,লগৰ ডলিয়ে হাঁহি কলে- ইলা গ’লে কি হল মই আছো নহয়,মোৰ পৰা চাই লবি দে৷ এনেকৈয়ে ফুলকুমলীয়া বয়সতে মোৰ এই প্ৰেম ফটাপ্ৰেম হ’ল৷

ৰব,পিকচাৰ অভি বাকী হে৷ এবছৰমান আগতে এওঁ সম্পৰ্কীয় এঘৰত বিয়া খাবলৈ যাওঁতে পিছফালৰ পৰা এগৰাকী মানুহে মাত লগালে-“আপুনি মানস শইকীয়া নহয়নে?” মই হয় বোলাত ক’লে -“মোক চিনি পোৱা নাই ন,মই ইলা কটকী৷ তোমাৰ লগত নাইনলৈকে একেলগে পঢ়িছিলো৷”

মই মানুহ গৰাকীলৈ চালো৷ভাৱিলো-ইমান বছৰৰ পাছতো মনত আছে৷ তাৰমানে মোৰ প্ৰেম ফটাপ্ৰেম নাছিল৷ পিছে মোৰ এই ভ্ৰম ভাগিবলৈ বেছিপৰ নালাগিল৷ তেওঁ আকৌ কলে-

“মই আমাৰ এখেতক কৈয়েই থাকো,কেনেকৈ তোমাক ফচাই অংকবোৰ কৰি লৈছিলো৷ তুমি অংকত চোকা আছিলা পাই৷”

তেওঁ আৰু বহু কথাই ক’লে৷মই হয় নহয় কৈ যেনেতেনে ওলাই আহিলো৷

মোৰ সেই প্ৰেম ফটাপ্ৰেমেই আছিল!

☆★☆★☆

Leave a Reply

Your email address will not be published.