ফটাঢোল

ফটাপ্ৰেম- মৌচুমী গগৈ

প্ৰেম এক স্বৰ্গীয় অনুভূতি। যাক অনুভৱ কৰিবলৈ এক পৈনত মনৰো প্ৰয়োজন৷ কিন্তু সেই সময়ত মই এই বিষয়ে একেবাৰেই অজ্ঞ আছিলোঁঁ৷

সেই সময়ত মই নৱম মানৰ ছাত্ৰী আছিলোঁঁ৷ দেউতাৰ চৰকাৰী চাকৰি সূত্ৰে আমি সৰুৰেপৰাই এঠাইৰ পৰা আন এঠাইলৈ বাগৰি ফুৰিব লগা হৈছিল৷ অংকত মোৰ অসামান্য পাৰদৰ্শিতা দেখি দেউতাই মোৰ ভবিষ্যত অন্ধকাৰ হোৱাৰ আগতেই অংকৰ টিউচন এটা ঠিক কৰি দিলে৷ ৰাতিপুৱা সাত বজাৰ পৰা আঠ বজালৈ টিউচন আছিল। ছাৰৰ ঘৰ আমাৰ ঘৰৰ পৰা আধা ঘণ্টামানৰ ব্যৱধান আছিল। অকলে যাবলৈ ভাল নালাগে বাবে ওচৰতে থকা লগৰ এজনীকো ঠিক কৰি ল’লোঁ৷ তাই আমাৰ ঘৰৰ পিছফালে থকা গলিটোত থাকে বাবে মই সদায় টিউচনলৈ ওলাই আহি গেটৰ সন্মুখত ৰৈ থাকোঁঁ৷ এনেদৰে কেইদিনমান যোৱাৰ পিছৰেপৰা এটা ল’ৰাই সদায় মোৰ সন্মুখেৰে চাইকেল লৈ পাৰ হৈ যাবলৈ ধৰিলে৷ মই আৰু লগৰজনীয়ে ইমানেই কথাত মচগুল হৈ থাকোঁ যে সেই কথাটোত গুৰুত্ব দিয়া নাছিলোঁঁ৷

এদিন ৰাতিপুৱাৰ ঘটনা৷ সেইদিনা সোমবাৰ আছিল৷ আগদিনা ৰাতি যথেষ্ট বৰষুণ দিছিল বাবে য’তে ত’তে পানী জমা হৈ আছিল। মই টিউচনলৈ ওলাই আহিয়েই গেটৰ ওচৰত এখন খুব ধুনীয়া গোলাপ ফুলৰ লেটাৰপেড পৰি থকা দেখা পালোঁ। ইফালে সিফালে চাই কাকো নেদেখি কাগজখন লাহেকৈ তুলি ল’লোঁঁ৷

আৰে, এইখন দেখোন এখন প্ৰেমপত্ৰ৷ কালৈ বা দিছে৷ তথাপিও খুলি চোৱাৰ লোভ সামৰিব নোৱাৰিলোঁঁ৷

আৰম্ভণিতে ‘Dear  M’ বুলি চিঠিখন আৰম্ভ কৰিছে আৰু শেষত ‘Only ur X’ বুলি সামৰণি মাৰিছে আৰু মাজত কোনোবা ছোৱালীক দেখি মনত উদয় হোৱা প্ৰেমৰ কথা উল্লেখ কৰিছে৷ আমি দুয়োজনীয়ে চিঠিখন ৰাস্তাতে টিউচনলৈ গৈ থাকোঁতে পঢ়িলোঁ আৰু তাৰ পিছত ফালি খালত পেলাই দিলোঁ। লাহে লাহে এনেকুৱা লেটাৰ পেড সপ্তাহত তিনি বা চাৰিখনকৈ আমি আৱিস্কাৰ কৰিবলৈ ধৰিলোঁ। প্ৰত্যেকদিনাই আমি চিঠিবোৰ পঢ়ি উঠি ফালি পেলাই দিওঁ। কিন্তু সেই চিঠিবোৰ কোনে কাক দিয়ে, সেইবিষয়ে আমি কেতিয়াও জানিবলৈ আগ্ৰহ কৰা নাছিলোঁ। তাৰোপৰি চাইকেল লৈ অহা-যোৱা কৰা ল’ৰাটোৱেও বেছিকৈ আমাৰ সন্মুখেৰে পাক মাৰিব ধৰিছিল। এইদৰেই কেইবামাহো পাৰ হৈ গ’ল৷

আন এদিনৰ ঘটনা৷ সেইদিনা শিৱৰাত্ৰিৰ বাবে আমাৰ টিউচন বন্ধ আছিল৷ আমাৰ ওচৰৰে আন এটা কোৰ্ৱাটাৰত থকা দাদা এজনে শিৱৰাত্ৰিৰ দিনা সদায় ৰাতিপুৱা শিৱ মন্দিৰ গৈছিল৷ পিছবেলা সময়ত মোক দেখি দাদাজনে মাতি পঠালে৷ ময়ো ওচৰলৈ যোৱাত পকেটৰ পৰা গোলাপ ফুলৰ এখন লেটাৰ পেড মোৰ হাতত দিলে৷ আমি ইতিমধ্যে সেই লেটাৰ পেডখন চিনি পোৱা হৈছিলোঁঁ৷ ময়ো দাদাক হাঁহি হাঁহি গোটেইখিনি কথা জনালোঁঁ৷ দাদাই চিঠিখন মোক পঢ়িবলৈ ক’লে৷ ময়ো আচৰিত৷ কাৰণ আমিতো সেই চিঠিবোৰ কোনে, কালৈ দিছে নাজানো৷ তেন্তে মই কিয় চিঠিখন ল’ম৷ তেতিয়া দাদাই চিঠিখন পঢ়িলেই সকলো গম পাম বুলি কোৱাত তাতেই খুলিলোঁঁ৷ সেইদিনাৰ চিঠিখন অলপ দীঘল আছিল৷ তদুপৰি ওপৰত ‘Dear Mousumi’ বুলি উল্লেখ আছিল৷ মোৰ হাতখন কঁপিবলৈ ধৰিলে৷ চিঠিখনৰ সাৰমৰ্ম আছিল যে, সদায় চাইকেল লৈ অহা-যোৱা কৰা ল’ৰাজনেই সেই প্ৰেমপত্ৰবোৰৰ গৰাকী আছিল আৰু প্ৰেম নিবেদন কৰা গৰাকী মই আছিলোঁ।আমি যে সদায় তাৰ চিঠিবোৰ পঢ়ি ফালি পেলাই দিওঁ, সেইটোও তাৰ চকুত পৰিছিল আৰু দুখ পোৱা বুলি লিখিছিল৷ যিহেতু সি নতুনকৈ চাকৰি এটাত জইন কৰিবলৈ বেলেগ ঠাইলৈ যাব লাগিব, গতিকে সি মোৰ পৰা এটা উত্তৰ বিচাৰিছে৷ যাতে সি মোৰ লগত থকা তাৰ সম্পৰ্কটো স্থায়ী কৰিব পাৰে৷ মই চিঠিখন দাদাৰ হাততে দি গুচি আহিলোঁ কাৰণ মোৰ ওচৰত কোনো উত্তৰ নাছিল৷ মোৰ মনত ল’ৰাজনৰ প্ৰতি কোনো অনুভৱ নাছিল যদিও ল’ৰাজনলৈ অলপ অনুকম্পা গঢ়ি উঠিছিল৷ তাৰ পিছত আৰু এখন লেটাৰ পেডেৰে সি তাৰ প্ৰেমৰ সঁহাৰি বিচাৰিছিল৷ ইতিমধ্যে আমাৰ টিউচনো কেইদিনমান পিছতে শেষ হৈ গৈছিল। তাৰ পিছত ল’ৰাজন নেদেখা হ’লোঁ। হয়তো কৰ্মৰ তাগিদাত গুচি গৈছিল৷ কিন্তু এদিনো এটা কথা নোকোৱাকৈ শেষ হোৱা এই সম্পৰ্কটো কিয় জানো স্মৃতিৰ জোলোঙাত থাকি গ’ল৷

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিল মৌ বা।

    Reply
  • Pranita Goswami

    এৰা, ভয়তেই হওক এনে প্ৰেম কাহিনীবোৰ কলিতে মৰহি যায়।

    Reply
  • কমলা দাস

    ভাল লাগিল পঢ়ি মৌচুমী

    Reply
  • mridula

    বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.