ফটাঢোল

ফটাপ্ৰেম – ৰাজু কুমাৰ নাথ

পুহ মাহৰ শেষৰ ফালে মাঘ বিহুৰ কেইদিনমান আগৰ কথা। দেউতাৰ ‘কৰ্মই ধৰ্ম’ বাণীক সাৰোগত কৰি কুঁহিয়াৰৰ থালিৰ তলত জুই দি আছোঁ। খৰি বুলিলে তাত সৰিয়হৰ পতাহি আৰু কুঁহিয়াৰৰ শুকান দাবিহে ব্যৱহাৰ কৰো। ৰাতিপুৱা ৪ বজাতে উঠি কলমতিয়াই কলমতিয়াই দেউতাক মনে মনে গালি পাৰি আছোঁ। তেনেতে পাছফালে বাহুত হেচুকি দিয়া যেন পালো। ঘুৰি চাই দেখো হেৰীয়াৰ জীয়েকে গায়ে মুৰে এৰিয়া চাদৰখন মেৰিয়াই লৈ মোৰ গাতে গা লগাই বহাৰ যো যা কৰিছে। মই বোলো সজে সজে ইয়াৰপৰা যা। দেতাই দেখিলে মোক শালৰ গৰু খুলি মোক লগাব। তাই বোলে দেহা যাম, কিন্তু তুমি মোৰ এইখিনি ৰাখাচোন। মৰমৰ টোপোলাটোত দেখো নতুন পাৰৰ সজাঁ এটাত কাঠআলুৰ টুকুৰা এগালমান। এইয়াহে মৰমত আনিছা বুলি কওঁতে তাই টপককে গালতে মৰম এটা দি দৌৰ মাৰিলে। লাহে লাহে পৃথিৱীখন পোহৰ হৈ আহিছিল। প্ৰথম প্ৰেমৰ অনুভৱৰ অনুভূতিত মনত লাড্ডু ফুটিবলৈ আৰম্ভ কৰিছিল। তাই ঘৰৰ ওচৰৰে, নাইনত পঢ়ে। মই টেনত। প্ৰায়ে পঢ়াশুনাৰ কথা পাতিবলে আহি মোৰ ওচৰত সময় কটায় তাই ভাল পায়। মোৰ পেহীৰ ল’ৰাটোৱে মোক এবাৰ কৈছিল। তাই তোক ভাল পাই অ’। দেতাৰ এচাৰিডালৰ কথা মনত পৰিলেই মোৰ প্ৰেমৰ ভূত লৰ মাৰে। কিন্তু, এটা “টপকে” মোৰ সকলো চিন্তাক একগোট কৰি দিলে। এৰা মহাদেৱেই য’ত ৰ’ব নোৱাৰিলে, মইনো কোন কুটা!

কামকৰা মানুহ দুটাক জুই দিবলৈ দি মই ঘৰলৈ আহিলো। চাহ জলপান খাই পুনৰ খলাৰ ওচৰ পাওঁ মানে ফুট আহিবৰ হৈছে আৰু। মৰমেৰে পাৰৰ সজাঁটো থালিখনত বহাই দি ভাবিছোঁ। আজিৰপৰা কিমান যে মৰমেৰে ভৰি পৰিব মোৰ জীৱন। আহ!

আমাৰ অঞ্চলটোলৈ বছৰৰ এইটো সময়ত ভূটীয়া আহে। বগা, পখৰা ঘোঁৰাত উঠি জাব্ৰাং, শুকান মেম জলকীয়া দি ধান বিচাৰেহি। কোনোবাই দিয়ে, কোনোবাই নিদিলেও আপত্তি নকৰে। গাঁৱৰ মূৰত থকা এৰা বাৰীবোৰত সিহঁতে ৰাতি থাকে। বেয়া লাগে কুকুৰকেইটালৈ। ভূটীয়া অহা দিনবোৰত সিহঁতৰ ভুকি ভুকি মাত ভাঙি যায়গৈ। সেই ধান বিচাৰি অহা ভূটীয়া এটা আমাৰ কুঁহিয়াৰৰ খলাত ঘোঁৰা লৈ ওলালহি। খলাৰ কাষতে ভেবেৰ খাই থকা গাভিনী গৰুজনীয়ে তাক দেখি ভয়তে চিৎভোলোঙা খাই পৰিল। তাক আমি ঘোঁৰাৰপৰা নামিবলৈ ক’লো। সি বুজিলেহে কিবা। শেষত মই গৰুজনী দেখুৱাই ভয় খুৱাৰ কথা আকাৰে ইংগিতে বুজোৱাত নবাব নামিল। নামিয়েই তাক গুৰ লগা হ’ল। কুঁহিয়াৰ পগাই গুৰৰ ফুট আহিবৰ সময়ত বৰ সুন্দৰ গোন্ধ ওলায়। এই গোন্ধৰ কোনো তুলনা নাই৷ এই গোন্ধত ভূটিয়া পগলা হৈ পৰিল। থালিৰ কাষলৈ আহি দে আৰু দে। আমি বুজাইছোঁ যে অলপ ধৈৰ্য্য ধৰ। নাই সি নামানে। ককাঁলৰপৰা চুৰিখন ওলিয়াই বিংবিঙাবলৈ লাগিল। তাৰ ভাষাত মানে গালিয়ে দি আছে। অসহ্য হৈ কামলাটোক বোলো কলৰ ধকুৱা এটা আন এইটো দেৱতাক এধকুৱা আগতে দি লওঁ। তাৰ গৰম কি চাবা! বেংবেঙাই এইবাৰ হাতখন সুমুৱাই দিব খোজা দেখি মই বোলো হাত পাত! (কামলা গোটেইকিটাই মোৰ উদ্দেশ্য বুজি ফৰিং চিটিকা দিলে) দীঘল লাঠি লগাই লোৱা নাৰিকলৰ কোৰোকাটোৰে যেই আধা কোৰোকা উতলা গৰম ৰহ হাতত ঢালি দিলো। ভূটীয়াই হাত আচাৰি চেঙালুটি খাই পৰি গোটেই খলাত চিঞৰি বাগৰিবলৈ ধৰিলে। চিঞৰ শুনি দেতাও আহি খলা পালেহি। মই সকলো তাতে এৰি মাৰ দৌৰ। আমাৰ ঘৰৰ পাছখনমান ঘৰ পাৰ হ’লেই সিফালে
মোৰ দেহাজানৰ ঘৰ। পাছফালৰ বাৰীয়েদি বৰমা’ বৰমা’ বুলি চিঞৰি ঘৰত সোমাব খোজোতেই দেখো, দেহাজানে সেই ঠাণ্ডাত গা ধুই কঁপি কঁপি ওলাই আহিছে। মুখত লাজকুৰীয়া হাঁহিটো। ধেই, এই দেউতাটো নথকা হ’লে এইক আজিয়েই ঘৰলৈ নিলোহেঁতেন। ইতিমধ্যে খলাত গাঁৱৰ প্ৰায় মানুহ গোট খাইছিলগৈ। সকলোৱে মোক একমুখে গালি দিছিল। অত্যুৎসাহী দুটামানে মোৰ বাবেই ভূটীয়াই গাওঁ আক্ৰমণ কৰিব, কাটি জাব্ৰাঙৰ সৈতে বিক্ৰী কৰালৈকে ৰাইজক বুজোৱাত লাগিল। ইফালে বৰতা, বৰমা, ভাইটিয়ে সুধিছে, তঁহতৰ ঘৰৰ পাছফালৰ বাৰীলৈ সকলো দৌৰিছে যে! মই একো নাজানো বোলাত হ’বলগীয়া খুলখালীটো দৌৰ মাৰিলে কথাটোৰ উমান ল’বলৈ। মইও চেনেহীৰ হাতৰ মৰমৰ চাহ একাপৰ আশাত বেটৰ চকীখনত গুণগুণাই চকুহাল মুদি দিলো। ইফালে ই শনিয়ে যিটো জোৰত গৈছিল তাতকৈ দুগুণ জোৰত দেদাউৰিয়াই আহিছে। উশাহ নুঘুৰেই তাৰ।

“মাই ঐ, ইয়াক খেদ ঐ। ভূটীয়া এটা গলম গুৰ ঢালি মাৰি পেলাই ইয়াত সোমাই আছেহি (মৰকেলেপৰ আকৌ ‘ৰ’ টো নুফুটে) খুড়াই বিচাৰি আহিছে।”

মই আকো তাৰপৰা পলালো। সকলো পৰিবেশ ঠাণ্ডা হোৱা দেখি দুদিনৰ পাছত সন্ধিয়া এপাক মাৰো বুলি গৈছিলো। নঙলাডালৰ এমূৰে ধৰি বোলে তুমি ইমান নিৰ্দয়। একেবাৰে নাহিবা আমাৰ ঘৰলৈ। মই বুজাব খুজিছিলো কি পৰিস্থিতিত কামটো কৰিবলগীয়া গ’ল। নাই তাই নুশুনেই। ধৈ! তোৰ দৰে এজনীক বুজাই নেকি! এতিয়াই এই চোট! মাটিত দুগোৰ মাৰি থৈ মোৰ প্ৰেমক তাইৰ নঙলামুখত পুতি থৈ গুচি আহিলো।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.