ফটাঢোল

ফেচবুকীয়া প্ৰেম – জ্যোতিৰ্ময় কলিতা

হাই হেল্লোৰে শুভ উদ্বোধন হৈ ফেচবুক মেচেঞ্জাৰৰ জৰিয়তে হোৱা প্ৰেমত ময়ো পৰিছিলোঁ। প্ৰথমে ক’ত ঘৰ, কি পঢ়ি আছে, ঘৰত কোন কোন আছে এইবোৰ কথাৰেই তিনি চাৰিদিনমান গ’ল। তাইয়ো মোৰ প্ৰতিটো বাৰ্তাৰ সঁহাৰি জনাই আহিছিল। নানা কথা বতৰাৰ মাজেৰেই বন্ধুত্বৰ সম্পৰ্কটো লাহে লাহে মজবুত হৈ পৰিছিল। এদিন নিশা প্ৰায় ১২:৩০ বজাত তাই মোক ক’লে, “শুনাচোন তোমাৰ লগত কথা এটা আছে।”

কি কথা নজনাকৈয়ে মনত সৰু সৰুকৈ কেইবাটাও লাড়ু বান্ধি পেলাইছিলোঁ, যেন মই ক’ম বুলি ভাবি থকা কথাটোৱেই হ’ব! মই ঘপকৈ সঁহাৰি জনাই সুধিলোঁ, “কি কোৱাচোন?”
তাই কৈছিল – “মোৰ বয়ফ্ৰেণ্ড এজন আছিল…”

কথাটো শুনাৰ পিছতে মোৰ মূৰৰপৰা ভৰিৰ আঙুলিলৈকে সৰু সৰু শিলে বিন্ধাদি বিন্ধিবলৈ ধৰিছিল! কথা বিষম! আশাৰ চাকিগছি এই নুমাই, এই নুমাই যেন অৱস্থা। বুকু ডাঠ কৰি বাহুবলীয়ে শিৱলিংগ দঙা দি এটা প্ৰকাণ্ড শিলাখণ্ড অন্তৰতে থৈ কথাটোৰ সঁহাৰি দিছিলোঁ “তাৰপিছত” বুলি।

তাই আকৌ কৈছিল, “সি মোক দিনে নিশাই ফোন কৰি ডিষ্টাৰ্ব দিয়ে। ইফালে নতুন ফোন নম্বৰ ল’বলৈ মোৰ একো ডকুমেণ্টচ নাই। লগতে ঘৰত গম পালে পিঠিত মায়ে ডবা বজাব।”
“এতিয়া পিছে?” – মই ক’লো।
“তুমি দম এটা দি দিয়া না।” – তাই ক’লে।
তাই যিটো বস্তু দিবলৈ ক’লে জীৱনত কোনোকালে কাকোৱেই দি পোৱা নাই, বজাৰৰ আলুকেইটাৰ বাহিৰে। তথাপি ঠিক আছে বুলি কৈ তাইৰপৰা নম্বৰটো লৈ তাক খুব দম দিলোঁ।

এনেদৰে তাইৰ লগত সম্পৰ্কটো বগা কাপোৰত উজলাৰ নীলা ৰঙ লগাদি মধুৰ হৈ গৈ থাকিল। তিনিমাহমানৰ পিছত তাইক এদিন হঠাতে যোগাযোগ নম্বৰটো খুজিলোঁ, নিদিওঁ নিদিওঁ বুলি দুদিনৰ পিছত তাইৰ ফোন নম্বৰটো দিলে! সেইখিনি মুহূৰ্তত কলিজাটোৱে ৭২ বাৰৰ সলনি ১০০ বাৰ মানলৈ ধপধপ কৰিছিল। লাহে লাহে ৰোমাণ্টিক সময়বোৰ আৰম্ভ হৈছিল। আকাশত নানাৰঙী ফটকা ফুটিবলৈ লৈছিল, আশাৰ চাকিগচিত ফোন নম্বৰটোৱে মিঠাতেলৰ দৰে কাম কৰিছিল।

তাই প্ৰেমত পৰিছিল নে নাই নাজানোঁ, মই কিন্তু তেতিয়া প্ৰেম নামৰ সাগৰখনৰ মাজত নিমখীয়া পানী খাই আছিলোঁ। তাইক যেন বাৰে বাৰে কৈছিলোঁ তুমিও নামি আহা প্ৰেমৰ সাগৰখনিলৈ। একেলগে সাঁতুৰিম, নহ’লে মই পানী খাই মৰিম, এনেই একাঁঠু পানীতে নামিবলৈ ভয় লাগে। ঈশ্বৰৰ নাম লৈ যি মন্দিৰলৈ নগ’লেও তাইৰ নামত এগছি চাকি জ্বলাই থৈ আহিবলৈ লৈছিলোঁ। ভালদৰে হিচাপ কৰিলে আজিও চাকিৰ বাবদত তাইৰপৰা ৫০০ টকামান পাম সুতে মূলে। আফচোচ নাই তথাপি। এদিন ভযে় ভয়ে তাইলৈ ফোন কৰিলোঁ। নম্বৰটো পোৱাৰ পাছত তাইলৈ কৰা সেইটো মোৰ প্ৰথম ফোন আছিল। তাইৰ মাতটো শুনিয়েই যেন দুটি শিলৰ মাজেৰে পানী হৈ বৈ গৈছিলোঁ তাইৰ বুকুৰ মাজলৈ। উফ্! ৫ মিনিটমানৰ ফোন কলটোত সংকেত দিছিলোঁ তাইক যে প্রেমৰ প্ৰস্তাৱ দিম মই! তাইয়ো কথাটো বুজি পাইছিল চাগৈ। সেয়ে ঈষৎ হাঁহি এটা মাৰি বাই বুলি কৈ ফোনটো থৈ দিছিল। মনে মনে ময়ো ভাবিছিলোঁ, “বাই নহয়। তোমাৰ ভনীয়েৰাৰ মই ভিনিহি।”

এদিন চেগ বুজি তাইক কবিতাৰ মাজেৰে মোৰ প্ৰেমৰ প্ৰস্তাৱ দিলো। প্ৰথম অৱস্থাত নাকচ কৰিছিল যদিও পিছলৈ প্ৰেমৰ এনাজৰীডালেৰে বান্ধ খাইছিলোঁ। তাইৰ নামত প্ৰতিদিনে এটাকৈ কবিতা লিখিছিলোঁ, কল্পনাৰ সাগৰত চুই চাইছিলোঁ গাল, কপালত আঁকিছিলো চুমা। প্ৰেম তেতিয়া তুংগত। বানপানী নহয় ছুনামিৰ দৰে বাঢ়ি গৈছিল মৰম। কপালৰপৰা গাললৈ, গালৰপৰা ওঁঠলৈ বাৰ্তা বাকচতে ছুনামিৰ অবিৰত যাত্ৰা।
মনটোৱে তাইক লগ কৰিবলৈ বলিয়াৰ দৰে হৈ পৰিল। বাৰ্তা বাকচতে প্ৰেমে ফুটি ফাটি বিস্ফোৰণ হোৱাৰ দৰে অৱস্থা। লগ পালে আৰু যে ক’ত কি হ’ব! লগ কৰাৰ কথাটো তাইক কৈছিলোঁ।

“তোমাক চাবলৈ, ওচৰৰপৰা লগ পাবলৈ বহুত মন গৈছে। তোমাৰ চকুত চকু থৈ ডুবি যাবলৈ মন গৈছে। তোমাৰ হৃদয়ত..”

হাই হেল্লো কৰাৰ ১১ মাহৰ পিছত তাইক এদিন লগ কৰিলোঁ। বাইকত বহি, নৱনিৰ্মিত হাইৱেৰ ধূলিৰ মাজেৰে গৈ মাগুৰ বৰণীয়া ল’ৰাটো বগা হৈ গৈছিলোঁ। তাইক লগ পাই মোৰ মনত অপাৰ আনন্দ। ২০ টকীয়া ডেয়ৰি মিল্ক এটা, ১০ টকীয়া পাৰ্ক দুটা, আৰু ২০ টকীয়া চিপচ্ এপেকেট তুলি দিছিলোঁ তাইৰ হাতত! যিহেতু দেউতাকে মোৰ লগত দেখাৰ ভয়ত তাই ৰেষ্টুৰেণ্টত নবহোঁ বুলি কৈছিল। আধা ঘণ্টাৰ বাৰ্তালাপৰ সময়চোৱাত তাইৰ চকুযুৰিয়েই চাই আছিলোঁ মই। থিয়ৈ থিয়ৈ কথা পাতি মই তাইক লগ কৰি বুকুত তাইৰ ছবি আঁকি গুচি আহিলোঁ।
তাইক দেখাৰপৰাই মোৰ মনটো বাৰে বাৰে তাইৰ কাষলৈকে গৈ থকা হ’ল। মৰমবোৰে হৃদয়ত ঠাহ খাই পৰিছিল। কিন্তু তাইৰ সঁহাৰি আশাব্যঞ্জক নাছিল। বাৰ্তাবোৰৰ ৰিপ্লাই কেতিয়াবা ৫ মিনিট, কেতিয়াবা ১০ মিনিট, কেতিয়াবাতো ৩০ মিনিটৰ পিছতো অহা নাছিল। তাইৰ যে কিবা এটা হৈছিল মই অনুমান কৰিছিলোঁ।
এদিন সময় সুবিধা মিলাই তাইক সুধিলোঁ, “তুমি অনলাইনো থাকা, কিন্তু ৰিপ্লাইবোৰ দেৰিকৈ দিয়া। তাকো প্ৰতিটো ৰিপ্লাই মই বিচৰাৰ দৰে বা আগৰ দৰে নহয় কিয়?”
কিছুপৰ মৌনতাৰ পিছত তাই কৈছিল, “ফটোত দেখাৰ দৰে তুমি ধুনীয়া নহয়।”

আশাৰ চাকি নুমাইছিল, হৃদয়ত বন্ধা লাড়ু ভাঙিছিল। প্ৰেমৰ সাগৰৰ মাজত নাওঁ বিচাৰিছিলোঁ পাৰ পাবলৈ। হৃদয়ৰ ছুনামি ৰূপান্তৰিত হৈছিল নলাৰ পানীলৈ।
দৈহিক সৌন্দৰ্যক গুৰুত্ব দি তাই মোৰপৰা আঁতৰিব খুজিছিল!
খুব দুখ লাগিছিল। তথাপি যিহেতু সকলোৱেই নিজৰ নিজৰ জীৱন স্বকীয়তাৰে জীবলৈ বিচাৰে, গতিকে তাৰ বিৰুদ্ধে গৈ মইনো প্ৰেম বিৰোধী কিয় হৈ পৰোঁ বুলি ভাবি তাইক কৈছিলোঁ, “জীৱনটো নিজৰ, তাক কেনেকৈ উদযাপন কৰা সেয়া তোমাৰ কথা, তোমাৰ নিজৰ অধিকাৰ সেয়া। যদি মোৰপৰা আঁতৰি সুখী হোৱাৰ কথা ভাবিছা তেতিয়াহ’লে আঁতৰি যোৱা। তোমাক মই তিলমানো বাধা নিদিওঁ।”

এনেকৈ পৰিসমাপ্তি ঘটিল মোৰ ফটা কপালৰ ফটা প্ৰেমৰ।
জীৱনটো সৰু। যিহেতু দাঁতকেইটা আছেই হঁহাত কিহৰ আপত্তি?

☆★☆★☆

3 Comments

  • ঠিকেই, দৈহিক সৌন্দৰ্য প্ৰেমৰ কাৰক হ’ব নোৱাৰে।
    সুখী হোৱা। ৰস লগাকৈ লিখিলা।

    Reply
    • জ্যোতিৰ্ময় কলিতা

      ধন্যবাদ বা

      Reply
  • Anonymous

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.