ফটাঢোল

ফেছন -উৰ্ব্বশী বি ভাগৱতী

: নেহা প্লিজ…ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, তোমাৰ দৈহিক সৌন্দৰ্য্যই আমাৰ উন্নতিৰ জখলা। গতিকে ইয়াক মেইনটেইন কৰাটো তোমাৰেই কৰ্তব্য৷

“উস একেটা কেছেটকেই কিমান বজাৱ গৰু” মুখৰ ভিতৰতে ভোৰভোৰাই উঠিল নেহাই। কি যে আৰু! ওৱান স্কুপ চকলেট আইচক্ৰীম খাবলৈ লৈছিল তাই।তাতে ফটোগ্ৰাফাৰটোৰ ইমান আপত্তি অ’৷ আঃ! কিমান দিন যে হ’ল তাইৰ প্ৰিয় চকলেট আইচক্ৰীম খাবলৈ নোপোৱা। এই ফিগাৰ মেইনটেইনৰ নামত কিমান যে ত্যাগ কৰিছে তাই। অৱশ্যে নেহাই নিজ ইচ্ছাৰে খোজ দিছিল এই মডেলিঙৰ জগতখনত।সৰুৰেপৰাই চখ আছিল তাইৰ মিছ ইণ্ডিয়া মিছ ৱৰ্ল্ড হোৱাৰ। বিজয়ী গৰাকীয়ে মূৰত হীৰা খচিত মুকুট পিন্ধি সকলোকে অভিবাদন জনোৱাৰ দৰে তাইৰো মন গৈছিল টি ভিৰ পৰ্দাত জিলিকি উঠিবলৈ। সেইবোৰ নহ’লেও কিন্তু নেহা বৰ্তমানৰ এগৰাকী নামী দামী মডেল। একো একোটা এডৰ নামত মোটা অংকৰ ধন পায় তাই৷

নেহাৰ মাক দেউতাকেও অলপো আপত্তি নকৰাকৈ নেহাৰ কেৰিয়াৰ নিৰ্বাচনক সমৰ্থন কৰিছিল। বহল মনৰ গৰাকী দুয়ো। জীয়েকৰ সপোন ফলিওৱাত সহায় কৰিছিল দুয়ো। সৰুৰেপৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল যদিও নিজৰ শিক্ষা সাং কৰিহে নেহাই ফেছনৰ পৃথিৱীখনত ভৰি থৈছিল। তেতিয়াৰপৰা আৰু তাই ঘূৰি চোৱা নাই। অতীৱ সুন্দৰী এম বি এ নেহা মডেলিং জগতৰ এক পৰিচিত নাম হৈ পৰিল। ঈশ্বৰপ্ৰদত্ত এটা সুন্দৰ শৰীৰৰ অধিকাৰী নেহা। এন এস্কেলেণ্ট বিউটি কুইন!

কিন্তু এই জগতখনলৈ আহি নেহাই যেন কিছুমান বস্তু হেৰুৱাইছে। মাকৰ হাতৰ কেক খাই ভালপোৱা নেহাই কেক এডোখৰো শান্তিৰে খাব নোৱাৰে। বিখ্যাত ব্ৰেণ্ডৰ কাপোৰৰ কোম্পানীটোৰ সৈতে মডেলিং এচাইনমেণ্ট চাইন কৰোঁতেই তাইক কৈ দিয়া হৈছিল যাতে নেহাই কোনো কাৰণতেই ৱেইট গেইন নকৰে। স্কীন টাইট ড্ৰেছবিলাক তাইৰ শৰীৰটোত পাৰফেক্ট দেখিব লাগিব। নহ’লে এচাইনমেণ্ট কেনছেল আৰু তাইক দিয়া টকাও কোম্পানীয়ে ঘূৰাই ল’ব। সেইদিন ধৰি যেন নেহাৰ খোৱা-বোৱাৰ তালিকাখনো কোম্পানীটোৱে ফিক্স কৰি দিলে। কিবা এটা খাবলৈ মন গ’লেও টেলেকা চকুৱা পৰিচালকজনৰ তীক্ষ্ণ চাৱনিটো মনত পৰি যায় তাইৰ। আজি শ্বপিং মলটোত এযোৰ নতুন ডিজাইনাৰ ড্ৰেছৰে নেহাৰ শ্বুটিং চলি আছিল। এটা ব্ৰেকত তাই আইচক্ৰীমৰ দোকানখন দেখা পাই আগবাঢ়ি গ’ল।তাইৰ প্ৰিয় বাস্কিন ৰবিনছৰ আইচক্ৰীম। আগপিছ নাভাবি তাই আজি ওৱান স্কুপ চকলেট আইচক্ৰীম লৈছিল খাবলৈ। তাতেই ফটোগ্ৰাফাৰৰ হুলস্থূল৷

আমনি লাগিছে আৰু নেহাৰ। এৰি দিব যেন এই জগতখন। কিন্তু তাই যে বান্ধ খাই পৰিছে। কিমান দিনৰপৰা যে তাইৰ মাংস ভাত খাবলৈ মন গৈ আছে।উমমম…কেতিয়া খাইছিল বাৰু তাই মাংস! মনত পেলাবলৈ চেষ্টা কৰে নেহাই। নোৱাৰে তাই মন গ’লেও খাব নোৱাৰে। ভজা মাছ, ৰহৰ দাইল, মচমচীয়া আলু ফ্ৰাই…আঃ! লোভৰ পানীৰে জিভা চপচপীয়া কৰি সিজোৱা ওটচ এগাল গিলি থয় তাই।

আজি নেহাৰ আউটডৰ শ্বুটিং আছে। গোটেই টীমটো যাব মুম্বাইৰপৰা দূৰৰ এখন গাঁৱলৈ। ৰাতিপুৱাই ওলাইছে তাঁহাত। নেহাই ব্ৰেকফাষ্টৰ নামত ফলৰ ৰস এগিলাচ আৰু পিনাট বাটাৰ লগোৱা ব্ৰেদ দুখন। পিনাট বাটাৰ তাই খুব বেয়া পায়। নাকটো কোঁচাই যেনে তেনে খালে তাই।

ইমান ধুনীয়া গাঁওখনৰ পৰিবেশ। গাড়ীৰপৰা নামিয়েই মনটো ভাল লাগি গ’ল নেহাৰ। মনতে ভাবিলে তাই শ্বুটিঙৰ শেষত ফুৰিব গাঁওখন।

দুপৰীয়া একমান বজাত শ্বুটিঙ ব্ৰেক হ’ল। সকলোৱে লাঞ্চ কৰিবলৈ বহিলে। পৰিচালনকজনে নেহাক ক’লে খাই ল’বলৈ। আকৌ সেই একেই চ্যুপ আৰু চালাদ। নাই, নোৱাৰি আৰু। ভোক নাই বুলি আঁতৰি আহিল তাই। অকন অকনকৈ আগুৱাই গৈ তাই গাঁৱৰ মাজ পালেগৈ। উশাহটো টানি ল’লে তাই, মাংস বনোৱাৰ সুগন্ধ…তাই ৰৈ থকা ঠাইৰ কাষৰ মানুহঘৰৰপৰাই আহিছে লোভৰ পানী উলিয়াবপৰা মাংসৰ গোন্ধটো৷

ভোক এটা উজাই আহিল তাইৰ। তেনেতে মানুহ ঘৰৰপৰা তাইৰ মাকৰ বয়সৰ মানুহ এগৰাকী ওলাই আহিল। নেহাৰ মাকলৈ মনত পৰি গ’ল। কি জানো ভাবি তাই ঘপহকৈ মানুহ গৰাকীক সেৱা এটি জনাই নিজৰ পৰিচয় দিলে। মানুহগৰাকীৰো তাইলৈ হয়তো মৰম লাগি গ’ল। আথেবেথে ভিতৰলৈ মাতি নিলে তাইক। ঘৰটোৰ ভিতৰফালে এখন ডাঙৰ চোতাল।তাতে ঢাৰি পাৰি ল’ৰা-ছোৱালী তিনিটামানে ভাত খাবলৈ বহিছে। মানুহগৰাকীয়ে নেহাকো নি ল’ৰা-ছোৱালীকেইটাৰ লগত বহুৱালে। সুন্দৰকৈ মেট পাৰি ধুনীয়া এখন কাঁহীত তাইলৈ ছাগলী মাংসৰ সৈতে ভাত আগবঢ়াই দিলে। নেহাই যেন অমৃত দেখিছে আজি চকুৰ আগত। গোগ্ৰাসে তাই ভাতখিনি খাবলৈ লাগিল।

: নেহা…

কাৰোবাৰ বজ্ৰহুংকাৰত ৰৈ গ’ল নেহাৰ মুখলৈ নিয়া ভাতগৰাহৰ সৈতে হাতখন। সন্মুখত পৰিচালক। তাইক বিচাৰি বিচাৰি ইয়াতো পালেহি। ইপিনে নেহায়ো আজি পাত্তা দিয়া নাই। লাগিলে পইচাকে ঘূৰাই দিব কিন্তু মাংস ভাত এৰাত নাই আজি তাই।

“চাল্লা বুঢ়া কিমান চেপিবি আৰু! যি কৰ কৰিবি যা” নেহাৰ মনোভাৱ।

: অকলে অকলে খাইছা যে নেহা! ময়ো যে আজি কিমান দিন হ’ল এনেকৈ ভাত এসাঁজ নোখোৱা….

হঠাৎ নেহাই দানৱ দানৱ লগা পৰিচালকজনৰ মুখত যেন নিজৰ দেউতাকক দেখা পালে৷ ইতিমধ্যে নেহাৰ কাষতে বহি লৈছিলগৈয়েই মানুহ
 ☆ ★ ☆ ★ ☆

One comment

  • হেমন্ত কাকতি

    হাঃ হাঃ মজা লাগিল দেই৷ খোৱাই মেইন!

    Reply

Leave a Reply

Your email address will not be published.