ফটাঢোল

ফোন কল, ফ্ৰম আন-নোন নাম্বাৰ – কমল তালুকদাৰ

ট্ৰিং ট্ৰিং ••• ট্ৰিং ট্ৰিং•••ট্ৰিং •••

:: হেল্লো •• কোন?

:: হেল্লো, হয় •• নমস্কাৰ, মই * বেঙ্কৰ পৰা কৈছোঁ, অনুগ্ৰহ কৰি জনাবচোন মই বিজয় মহন্তৰ লগত কথা হৈ আছোঁনে?

:: হয়, ময়ে বিজয় মহন্ত! কওকচোন কিহলৈ ফোন কৰিলে৷

:: ধন্যবাদ চাৰ! আপুনি যদি ব্যস্ত আছে, মই মাত্ৰ ৫ মিনিট সময় ল’ম, •••••

:: নাই, নাই, ••• মই আজি একদম ফ্ৰী আছোঁ, মানে এওঁ ঘৰত নাইতো ••••!

:: ধন্যবাদ চাৰ, ••••• এতিয়া মূল কথালৈ আহিছোঁ, আপুনি আমাৰ বেঙ্কৰ বহুদিনৰ পুৰণি নিয়মীয়া __ বহুমূলীয়া গ্ৰাহক, ইতিমধ্যে আপোনাৰ সকলোবোৰ তথ্য পৰীক্ষা কৰা হৈছে ••• চাৰ আপুনি শুনি আছে ••

:: হয় শুনি আছোঁ; তোমাৰ মাতটো বৰ কোমল, ••• কবিতা কবিতা লাগে তোমাৰ কথাবোৰ কৈ যোৱা ••

:: হিঃ হিঃ •• ধন্যবাদ! চাৰ বেঙ্ক কৰ্তৃপক্ষই সকলোবোৰ চালি-জাৰি চাই আপোনালৈ এই কঙালী বিহুত এক বিশেষ “মালামাল offer” আগবঢ়াই আনিছে! এই offer টি গ্ৰহণ কৰিবলৈ আপোনাক নিমন্ত্ৰণ হিচাপে এই ফোনটো কৰা হৈছে, •••

:: অ’ হয় নেকি! ••• নিমন্ত্ৰণ! , মানে খানা হ’ব ••• বাৰু হেৰি দেই ••• মই আকৌ খানাত হাঁহৰ মাংসত বাদে বেলেগ একো নাখাওঁ, তোমালোকৰ মেনেজাৰক কথাটো কৈ দিবা দেই!

:: নাই নাই চাৰ, কথাটি ভুল বুজিছে! আমি মানে খানাৰ নিমন্ত্ৰণ দিবলৈ ফোন কৰা নাই, মাত্ৰ offer টিৰ বিষয়ে জনাবলৈ হে ফোন কৰিছোঁ, চাৰ আপুনি OFFER টিৰ বিষয়ে জানিবলৈ আগ্ৰহী নে?

:: অ’ •••• বাৰু কোৱাচোন কি?

:: মানে চাৰ আমাৰ বেঙ্কে চাকৰীয়ালসকলৰ বাবে এক বিশেষ পেকেজ লৈ আহিছে, যিটোত কেৱল ভাগ্যৱান কিছু সংখ্যক হে নিৰ্বাচিত হৈছে, তাৰ ভিতৰত আপুনিও এজন ভাগ্যবান গ্ৰাহক।

:: অহ! সেইটো বুজিলোঁ বাৰু, কিন্তু offer টি কি কোৱা..।

:: হয় চাৰ, মানে offer অনুযায়ী আপুনি আমাৰ বেঙ্কত মাহে ১০,০০০(দহ হাজাৰ) কৈ টকা জমা কৰি যাওক আৰু আপোনাৰ অৱসৰ গ্ৰহণৰ লগে লগে আপুনি আমাৰ বেঙ্কৰ পৰা ৫০ লাখ টকা পাব৷ এই offer মাত্ৰ সীমিত সময়ৰ বাবে কৰা হৈছে, আৰু আপুনি মুঠ জমা ধনৰ ওপৰঞ্চি পোৱা টকা ঘূৰাই দিব নালাগে৷

চাৰ আপোনাৰ offer টি পচন্দ হৈছে ••••

চাৰ আপোনাৰ মতামত জনাব •••

হেল্লো ••• চাৰ আপুনি শুনি আছেনে? •••• হেল্লো •••

:: অহ! •••• অহ, •••• শুনিছোঁ, বহুত টকা পাম চোন! কিন্তু মই বেলেগ কথা এটা হে চিন্তা কৰিছোঁ •••

:: কওকচোন চাৰ, কি কথা?

:: মানে মই যদি বিশ হাজাৰ কৈ জমা কৰোঁ তেতিয়া টকাটো কিমান আগতীয়াকৈ পাম •••

:: চাৰ, তেতিয়াও ১ কৌটি টকা পাব কিন্তু অৱসৰৰ পিছত৷

:: কি! ১ কৌটি! ••• ভাল ভাল, তেনেহ’লে এটা কাম কৰা, মোক সোনকালে ১ কৌটিটো দি দিয়া আৰু মাহে মাহে বিশ হাজাৰকৈ কাটি থাকা একেবাৰে অৱসৰলৈকে, মই একো নামাতো •••

:: নাই চাৰ তেনেকুৱা নহ’ব, মানে এইটো সুবিধা নাই, আপুনি আগতে জমা কৰি যাব লাগিব পিছতহে পাব৷

:: কিয়! আমাৰ গগৈ হোটেলতটো তেনেকুৱা নকৰে, মাংস বাটি আগতে খাই লওঁ পিছত আকৌ ভাতৰ সৈতে মাংসৰ জোল এক্সট্ৰা দি যায়, দাম একেটাই৷ আৰু নিদিবই বা কিয় আমি পুৰণি গ্ৰাহক হয় সেইখন হোটেলৰ৷

:: চাৰ সেইটো হোটেলৰ কথা, আমি মানে চাৰ বেঙ্কৰ কথা পাতি আছিলোঁ

:: নাই নাই একেই কথা, মই গ্ৰাহক হয়. হোটেলেই হওক বা বেঙ্কেই হওক, কাৰণ তুমিয়েইটো অলপ আগতে কৈছা মই তোমালোকৰ বহু দিনৰ পুৰণি বহুমূলীয়া গ্ৰাহক, গতিকে গ্ৰাহকৰ মান ৰাখিব লাগিব৷

:: নাই চাৰ, আমাৰ এইটো অপচন নাই!

:: এইটো কেনেকুৱা কথা, গগৈয়ে কিন্তু কেতিয়াও তেনেকৈ নকয়। খুজিলে দুই পিছ বেছিকৈ দি যায়, দামো কম,  সেইকাৰণে আমি বেলেগ হোটেললৈ নাযাওঁৱেই৷ পুৰণি গ্ৰাহকক ধৰি ৰাখিব লাগিব, এইটো ব্যৱসায়ৰ কিটিপ বুজিছা, তোমালোকেওটো আমাক দুই চাৰি লাখ মান বেছিকৈ দিব পাৰা, তেতিয়াহে আমি থাকিম পুৰণি গ্ৰাহক হিচাপে৷

বাৰু মোক বেছিকৈ নালাগে, এক কৌটিৰ এবাটি দিলেই হ’ব, হেল্লো  শুনি আছানে

:: চাৰ মই হোটেলৰ পৰা নহয় বেঙ্কৰ পৰা কৈ আছিলোঁ, চাৰ ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় দিয়া বাবে

:: অ’, অ’, হেল্লো, হেল্লোও, এ-এবাটি নহ’লেও আধা বাটি হ , হেল্লো, হেল্লোওওওও

টুইট্ – টুইট্ – টুইট্ – টুইট্

ধেৎ! কাটি য়ে দিলে, ছেহ! এইহেন কাঙ্গালী বিহুৰ দিনটোত ৫০ লাখ এবাটি আহি আছিল তাকো গ’ল

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.