ফটাঢোল

বজ্রলেপ-মামণি বৰ্মন

: অ আৰু শুনচোন, ইয়াত জান ইমান ভাল লাগিছে আহি, সব বস্তু ফ্ৰেচ ফ্ৰেচ পায়। বিল আছে ওচৰে-পাজৰে কেইবাখনো কিমান যে ভাল ভাল লোকেল মাছবোৰ; লগতে গাখীৰ, দৈ, গোবৰ সাৰৰ সতেজ পাচলি মুঠতে ক’লোঁ‌ নহয় তহঁতক, যাক কয় একেবাৰে ভোগালী ঠাই।

 : কি ক’লি? অকলে খাম? হাঃ হাঃ ধেইই পাগলীহঁত কি যে কৱ নহয়, পাগল হ’লোঁ‌ নি মই? আহিবিচোন দেই যেনেতেনে তয়ে ভিনদেৱে। ও আৰু নিৰ্মালিগাঁৱৰ মাহীহঁ‌তকো মাতিছোঁ। আহি থাকিবি আকৌ সবেই, তেতিয়াহে ভাল লাগিব নহ’লে অকলে অকলে ব’ৰ হৈ নাযাম নে মই?

পৰীয়ে তাইৰ মাকৰ ফালৰ বৰদেউতাকৰ ছোৱালী মনমীৰ লগত ফোনত  কথা পাতি থকা দেখি  আনটো ৰুমত টি ভি চাই থকা প্লাৱনে টি ভিৰ চাউণ্ডটো অলপ কমাই দি পৰীৰ কথাত কাণ দিলে।

হ’ল আৰু তেন্তে, ইয়াতো? ভাবিলে সি।

জলসিঞ্চন বিভাগত কণিষ্ঠ অভিযন্তা প্লাৱন নামনি অসমৰ এই জিলা সদৰ চহৰখনলৈ বদলি হৈ অহা এমাহমানহে হৈছে। আহল-বহল চৌহদটোৰে  তাৰ কোৱাৰ্টাৰটো বেছ ধুনীয়া এটি প্ৰাকৃতিক পৰিবেশত।

নতুন ঠাইখনলৈ আহি প্লাৱনতকৈয়ো বেছি আনন্দিত হ’ল তাৰ পত্নী পৰী। হাঁহি-ধেমালি আনন্দ ফূৰ্তিৰে  লাইফ এনজয় কৰি ভালপোৱা পৰীজনী দেখিবলৈ যিমান উজ্জ্বল, ধুনীয়াজনী ঠিক তেনেকুৱাকৈ অতিথি পৰায়ণা আলহী-অতিথি, বন্ধু-বান্ধৱৰ আহ-যাহ আৰু আলহী-অতিথিক খুৱাই-বোৱাই শান্তি পায়। তাতে নতুন ঠাইখনৰ আহল-বহল কোৱাটাৰ, ধুনীয়া চৌহদটোৱে যেন মন ভৰাই তুলিলে পৰীৰ, তাতে আৰু যেতিয়া তাই গম পালে ঠাইখন খুবেই ভোগালী, তাইৰ উলাহে নধৰা হিয়া হ’ল।

উফফ! গুৱাহাটীৰ কোৱাটাৰত থাকোঁ‌তে কমখন শাস্তি হৈছিলনে? আইয়ো সম্পৰ্কীয় বাই-ভনী, দাদা-বৌ, মামা-মামী আহিলেও সেই চালানি মাছ, ব্ৰইলাৰ মুৰ্গী, সাৰ দিয়া শুকান পাচলিসোপা খুৱাই পঠিয়াই তাই কমখন মানসিক অশান্তি পাইছিলনে?

তাতে আৰু কোৱাটাৰটোও কিবাহে আছিল। এতিয়া আৰু সেই চিন্তা আঁতৰিল। শান্তি পালে তাই।

পৰীৰ এই অতিথি পৰায়ণ স্বভাৱটো বৰ বেয়া নাপালেও কেতিয়াবা প্লাৱনে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰে তাইৰ অত্যাধিক আলহীপ্ৰীতিৰ স্বভাৱত।

কেতিয়াবা এই বিষয়ে খোলাখুলিকৈয়ে পৰীক কম বুলি ভাবিও ক’ব নোৱৰা হয় সি। বহুদিন আগতে এবাৰ এনেই কৈ চাইছিল বোলে একেখিনি আলহী

এসপ্তাহ থাকিলে, কিমান আৰু মাছে-মঙহে খুৱাবা প্ৰতি সাঁ‌জত, এইবাৰ নহ’লে  দুদিনমান ডাইল-ভাত, ভাজি, ৰঙালাও তৰকাৰীৰে চলাই দিয়া।

বচ! ক’বহে পালে, লগালগ খঙে অভিমানে মুখখন এপাচিমান কৰি থাকিল তাই গোটেই দিনটো , আনকি ৰাতিও তাক ভালদৰে মাতবোল নকৰি পিছমুৱা দি শুই থাকিল।  আৰু আলহীৰ সন্মুখত কিবাখন কৰি লাজত পৰিবলগা হোৱাৰ ভয়ত সি নিজেই তাই নকওঁ‌তেই তাইৰ পচন্দৰ বিধে-বিধে বস্তু আনি ঘৰ ভৰাই পেলাইছিল। তেতিয়াহে যেন তাইৰ আগদিনাৰপৰা গোমা হৈ থকা মুখখন পোহৰ হৈছিল।

তাইয়ে তাৰ গৃহিনী, লখিমী। তাইকনো অসন্তুষ্ট কৰে কেনেকৈ? অফিচৰপৰা দুখে-ভাগৰ আহি তাই দিয়া ভাত মুঠিয়ে খাব লাগিব, শোৱা-পাটিৰ প্ৰয়োজনখিনিৰ কথা নক’লেই যেনিবা। দৰাচলতে  প্লাৱনে পৰীৰ এই স্বভাৱটো বৰ বেয়া নাপায়।

থাকক সেইখিনি কৰিয়ে যদি তাই শান্তি পাইছে, কৰক। তাই লখিমী তাৰ ঘৰৰ , তাই শান্তিত থাকিলেহে তাৰ ঘৰখনত শান্তি বিৰাজ কৰিব।

কিন্তু কিছু বেলেগ ধৰণৰ কথাৰ বাবেহে সি বিচাৰে যে পৰীয়ে ইমানগাল আলহী মাতি নুফুৰি অকণমান হাত টানি চলক।

প্লাৱনে বিচাৰিছে পৰী আৰু তাৰ মাজলৈ তৃতীয়জনৰ আগমন ঘটাৰ আগতেই নিজৰ চহৰখনত নিজাববীয়াকৈ অকণমান মাটি কিনিব।

ঘৰটো বাৰু পিছে পৰেও হ’ব। চাকৰিৰ পাঁ‌চ বছৰ হৈছেহে, আৰু বহু বছৰ চাকৰি আছে তাৰ। লগতে নতুনকৈ বিয়া পতাৰ পিছত কিনা গাড়ীখনৰো ই এম আই দিব লাগে মাহে মাহে ।

হওঁতে মাক দেউতাক আৰু অবিবাহিত ভায়েক  এজনেৰে আর্থিকভাৱে স্বচ্ছল তাৰ পৰিয়ালটোত পইচা পাতি বিশেষ পঠিয়াব নালাগে। গতিকে তাৰ নিজৰ টকা সি নিজৰ বাবেই খৰছ কৰিব পাৰে।

সেয়ে কম বয়সতে আহল-বহল এটুকুৰা মাটি কিনি থ’লে  পিছলৈ অসুবিধা নহ’ব বুলি ভাবি সি মাটি বিচৰাৰ লগতে অকণ অকণ কৈ  পইচাও সাঁচি গৈছে। আজিকালি মাটি পোৱা টান। পালেও দাম আকাশলঙ্ঘী। সামান্য চৰকাৰী চাকৰিটোৰে  তৎকালে কিনা সম্ভৱ নহয়।

কিন্তু আজি পৰীয়ে ফোনত কোৱা কথাখিনিয়ে তাক ভবাই তুলিলে। হৈছে আৰু  ইয়াতো আলহী-অতিথিৰ সোঁত ববলৈ লাগিলে তাৰ আৰু মাটি কিনাৰ সপোন মাটি হ’বলৈ বেছি দিন নালাগিব। তাতে আৰু পৰীৰ ফালৰ আলহীৰ কথা জানে সি, এবাৰ আহিলে বিশ দিনতো যোৱাৰ নাম নলয়।

কথাবোৰ ভাবিহে আছিল। পৰীয়ে ফোন কৰাৰ  দুদিন পিছতে ডিব্ৰুগড়ৰৰ ফালৰ বায়েক ভিনিহিয়েক আৰু মাহীয়েক ল’ৰা-ছোৱালী সৈতে মুঠ   ছয়জন আহি হাজিৰ।

পৰীয়ে দৌৰি দোৰি গৈ গেটৰ মুখৰপৰা আদৰি অনিলেগৈ।

: ঐ মাহী, বা, তহঁতক দেখি যে কিমান ভাল লাগিছে অ’ কি ক’ম। আহ আহ ভিতৰলৈ আহ।

: ওৱাও পৰী তোৰ কোৱাৰ্টাৰটো ইমান ধুনীয়া। ভাল লাগিছে দে।

শলাগিলে বায়েকে।

ইতিমধ্যেই আলহী আহিব বুলি গম পাই অফিচত থকা প্লাৱনক বজাৰৰ লিষ্ট দিছেই পৰীয়ে। মনৰ ফূৰ্তিত পৰীয়ে মাছে-মাংসই, সকলো ৰান্ধিলে। ভিনহীয়েকে যদি সৰিয়হ দিয়া মাছ ভাল পায়, মাহীয়েকে আকৌ পাতত দিয়া মাছৰ ভক্ত। মনমীয়ে আৰু বাচ্চাকেইটাই চিকেন টপালি পাৰি খালে।

এইকেইদিন মাছ-মাংসৰ বজাৰ কৰাই নহয়, প্লাৱনৰ আৰু এটা ডিউটি বাঢ়িল। অফিচৰপৰা আহিয়েই সি চাহ কাপ খাই ৰেডী হ’ব লাগে, গাড়ীখন চলাই আলহীক চহৰখনৰ আলি গলিবোৰ ঘূৰাই ফুৰাব লাগে। নতুন ঠাইখনৰ প্ৰতিটো চুক কোণ এইকেদিনতে তাৰ মুখস্থ হৈ গৈছে, আলহীৰ সৈতে ঘূৰি ফুৰি। ভাগৰে হেঁচা মাৰি ধৰে তাক। কিন্তু মুখ ফুটাই একো ক’ব নোৱৰা হয়। ইফালে দহ দিনমানেই হ’ল আলহী যোৱাৰো নাম নলয়। বজাৰ কৰি কৰি তেনেই আধ্যা পৰিছে সি। ইফালে ই এম আই, এল আই চি-ৰ কিস্তি দিয়াৰো মাহ এইটো তাৰ। কি যে বিপাঙত পৰিল সি।

পিছদিনা আকৌ তাক পৰীয়ে ফোন কৰিলে,

: বোলো হেৰা আজি বাইদেউহঁ‌তে মুৰ্গী মাংস নাখায় হেনো যেনেতেনে অফিচৰপৰা আহোঁ‌তে চক বজাৰৰপৰা খাহি মাংসকে আনিবাচোন।

“হব বাৰু” বুলি কৈ ফো টো থৈ দিলে সি।

সন্ধিয়া অফিচৰপৰা ঘূৰি অহাৰ পৰত তাৰ হাত খালী দেখি পৰী আচৰিত হ’ল।

: আৰে কি হ’ল? খালী হাতে আহিলা যে? খাহি মাংস ক’ত?

মনটো মৰা তাৰ।

সি মূৰটো খজুৱাই খজুৱাই ক’লে,

: বৰ বিপদ হ’ল জানা? গাঁ‌ৱৰ যে আমাৰ ভাগীৰ নিধিৰাম খুড়া ঢুকাল হেনো জানা? তুমি গাঁ‌ৱৰ ঘৰলৈ যোৱা নাই যে, তুমি নাজানিবা। বৰ বেয়া লাগিছে। বৰ মৰম কৰিছিল সৰুতে মোক। কাজ-কৰ্মই যাব নোৱাৰিলেও এতিয়া  হবিষ ভাত খাই তেৰ দিনৰ  নিয়মটো কৰিবই লাগিব দিয়াচোন।

পৰীক অলপ চিন্তা কৰা যেন লাগিল,

: হয়তো, দূৰ সম্পৰ্কীয় হ’লেও একে তেজৰ তোমাৰ, গতিকে নিয়মখিনি নকৰিলে দোষে চুব।

বচ! সেইদিনাৰপৰা বইল ডাইল আৰু আলু পিটিকা চলিল। দুদিন তেনেদৰে চলাৰ পিছতেই আলহীয়ে নিজেই ক’লে,

: তহঁতৰতো নিৰামিষ চলিছে, মৃত্যু চুৱা, আমি নহ’লে যাওঁৱেই দে পৰী।

চকু পানী মচি মচি পুনৰ তাইৰ ঘৰত  কেতিয়াবা পদধূলা দিবলৈ কৈ পৰীয়ে আলহীক বিদায় দিলে।স্বস্তিৰ নিশ্বাস এৰিলে প্লাৱনে। কিন্তু পৰীৰ আগত নেদেখুৱালে সি তাৰ মনৰ অনাবিল  উল্লাসখিনি।

সন্ধিয়ালৈ তাৰ ফোনত অচিনাকি নম্বৰৰপৰা ফোন আহিল। সি বাথৰুমত থকাত পৰীয়েই ৰিচিভ কৰিলে।

: হেল্ল’ হয় মই পৰী প্লাৱনৰ মিছেছ।

: বোৱাৰী মই প্লাৱনৰ গাঁ‌ৱৰেই দেই চিনি নাপাবা। তোমাক সি গাঁ‌ৱলৈ অনাই নাই যে কেতিয়াও, মই প্লাৱনৰ সম্বন্ধীয় নিধিৰাম খুড়া। বোলো তাৰ মাতটো কিমান দিন যে শুনা নাই। সেয়ে বাপেকৰপৰা ফোন নম্বৰটো ল’লোঁ। মাজনী অ’ তাক দিয়াচোন ফোনটো কথা পাতোঁ‌ অলপ।

তভক লাগিল পৰী। ইতিমধ্যেই  তাই ফোনত কথা পাতি থাকোঁ‌তেই প্লাৱনে আহি ৰৈছিলহি তাইৰ কাষত। পৰীয়ে ৰাগ খং আশ্চৰ্য মিহলি চাৱনিৰে  তালৈ চাই পঠিয়ালে, সি এবাৰ তাইলৈ চাওঁ নাচাওঁ‌কৈ চাই ফোন ধৰিলে।

কথা পাতি হোৱাৰ পিছত ফোনটো থ’লে সি। পৰীয়ে  কন্দনামুৱা হৈ মাত লগালে,

: অঃ তেন্তে কথা এয়াহে?  ইমান মিছা মাতিব পৰা তুমি, নাহিবা মোৰ কাষলৈ নাহিবা খবৰদাৰ!

সি দুহাতে সাৱটি ধৰিলে তাইক। চকুত দোষী দোষী  মৰম মিহলি ভাব এটা।

: নাহিবা যোৱা। মোৰ মানুহ আহিলে বেয়া পোৱা তুমি, হুহ! নাহিবা দূৰত থাকা।

সি চপাই আনিলে তাইক।

:অ’ সোণ অলপ বুজিব চেষ্টা কৰাচোন। কোনে ক’লে মই আলহী বেয়া পাওঁ বুলি। আলহী বেয়া নাপাও নহয়।

: তেন্তে এয়া কি?

ক্ৰোধান্বিত হৈ পৰীয়ে তালৈ চালে।

 : আলহী বেয়া নাপাওঁ‌ সোণ, বজ্রলেপহে বেয়া পাওঁ, ইমান দিন হ’ল তোমাৰ ফালৰ এলেকৰ পেলেক বজ্রলেপসোপা দেখোন যোৱাৰ নামেই নলয়। তুমি নিজেই বুজিবলৈ চেষ্টা কৰাচোন, মাহৰ শেষ। মাছ-মাংস বজাৰ কৰি কৰি মোৰ পকেট চেপেটা হ’ল। তাতে আৰু গাড়ীৰ ই এম আই, এল আই চি-ৰ কিস্তি। কি কৰিম মই কোৱা, মোৰ যে আৰু অইন উপায় নাছিল।

ইতিমধ্যেই কান্দি কান্দি চকু উখহি উঠিছে তাইৰ। সি লাহেকৈ উঠি গ’ল। কিবা পেকেট এটা আনি তাইৰ চকুৰ আগত মেলি ধৰিলে। লগে লগে মুখখন পোহৰ হৈ উঠিল তাইৰ।

: ওৱাও! ইমান ধুনীয়া য়েল্লো চুৰিডাৰযোৰ!

মিচিকিয়াই হাঁহিলে সি।

: লোৱা তোমালৈ আনি থৈছিলোঁ।

কাপোৰযোৰে সৈতে এইবাৰ তাক সাৱটি ধৰিলে তাই। কুঁ‌চি-মুছি তাৰ বুকুলৈ সোমাই গ’ল আৰু মিচিকিয়াই হাঁহি আব্দাৰ মিশ্ৰিত থোকাথুকি মাতেৰে ক’লে,

: আৰু তোমাৰ ফালৰ কোনোবা এলেকৰ পেলেক বজ্রলেপ আহিলে মোৰ ফালৰ ৰমলা আইতা ঢুকোৱা বুলি নিৰামিষ খাম দিয়া।

এইবাৰ হোহোৱাই সশব্দে হাঁহি উঠিল দুয়োটাই একেলগে।

☆ ★ ☆ ★ ☆

One comment

  • বন্দিতা জৈন

    😃বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.