ফটাঢোল

বন্ধুৰ কথাৰে – জয়ন্ত গগৈ

বন্ধু – শব্দটোৰ মাজতে লুকাই আছে হৃদয়জুৰি বৈ ৰোৱা এক অফুৰন্ত সুখ, হাঁহি আৰু আনন্দৰ লহৰ। বন্ধুত্বই বয়সৰ কোনো পৰিধি জুখি নাচায়। বন্ধুত্ব- সকলোৱে লগত গঢ়িব পাৰি। কবিৰ ভাষাৰে ক’ব পাৰি -মৌনতাতো বাঙময়, আন্ধাৰতো চিন্ময়, বন্ধুত্ব এক পৰম বিস্ময়। ঠিক একেদৰেই আকাশ চাবহে পাৰি, চুই চাব নোৱাৰি ,বন্ধুত্ব এৰিলেও , বন্ধুক পাহৰিব নোৱাৰি, হৃদয়জুৰি বৈ ৰয়। বন্ধু -এক অমূল্য উপহাৰ, যাক মূল্যৰে কিনিবও নোৱাৰি। বন্ধুৱে দিব পাৰে- উচ্ছাস-প্ৰেৰণা , বৰ্ণিল সুখ আৰু হাঁহি ।

প্ৰত্যেকজন ব্যক্তিৰে একোজন হ’লেও বন্ধু আছে আৰু বন্ধু নথকা ব্যক্তিজনেই হয়তো পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া ব্যক্তি। এই বন্ধুত্ব আছে বাবেই আমি প্ৰত্যেকেই অনাবিল সুখ, হাঁহি , আনন্দৰ এক বৰ্ণিল জীৱনৰ মাধুৰ্য্যতা উপভোগ কৰিছোঁ। আমাৰ মন-মগজুত থুপ খাই থকা কথাবোৰ, যিবোৰ কথা আমি আমাৰ মা-দেউতা বা অগ্ৰজ বা অভিভাৱক … আদিৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ, সেই কথাবোৰ বন্ধুৰ সতে প্ৰকাশ কৰিছোঁ।

তিনি আলিৰ দোকানত, ৰ্নিজন পথৰ কাৰ্লভাৰ্টৰ ওপৰত, দলঙৰ ৰেলিঙত, নৈৰ দাঁতিৰ গঁড়াত, কলেজ হোষ্টেলৰ কোঠাত, মেছত, ৰেষ্টোৰেণ্টৰ কোণত বহি কৰা অপ্ৰলগ জমনি, আড্ডাবোৰৰ কথা কোনোবাই অন্তৰৰ পৰা দলিয়াই পেলাব পাৰিবনে? সেইবোৰ কথা অন্তৰৰ কোণত থুপি থুপি অনুৰণিত হৈ ৰৈ যায়। বন্ধুৱে বন্ধুৰ কথা ন’কলে, আৰু কোনে ক’ব? বন্ধুৰ দুষ্টামি, জমনি, প্ৰেম ..ইত্যাদি ইত্যাদি কথাবোৰ বন্ধুৰ মাজেৰেই বিয়পি যায়। এই কথাৰ অৱকাশ কৰিয়ে আজিৰ লেখনি সমৃদ্ধ কৰিব বিচাৰিলোঁ এটা কাৰণতেই – মোৰ বন্ধু নয়ন নীলিমে এনেবোৰ কথাৰ আলম লৈয়ে “বন্ধু” নামৰ অসমীয়া চিনেমা এখন লৈ আহিছে আমাৰ মাজলৈ নতুন বছৰতে। বোলছবিখনৰ যোগেদি বন্ধু নয়নে কলেজীয়া জীৱনৰ কিছু মধুৰতম মধুৰময় মূহুৰ্তৰ কথাবোৰেই ৰূপায়িত কৰাৰ চেষ্টা কৰিছে। নয়ন নীলিম যে সঁচাকৈয়ে ডেমফুল – তেওঁৰ এনে এটা (ল’ৰালি দিনৰ) ঘটনাই আজি আপোনালোকৰ আগত প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ।

হাঁহিৰ খোৰাক জোগাব পৰা নয়নৰ বহু আমোদজনক কথাই আছে যাৰ বাবেই ডেমফুল বুলি কোৱাৰ সুযোগ পোৱা গৈছে। নয়ন নীলিম মোৰ ভতিজা যদিও মোৰ সৈতে তাৰ লগত বন্ধুত্বহে বেছি। ল’ৰালিৰ পৰা বৰ্তমানলৈকে তাৰ বহু কথাই সি অকপটে মোক কয় বা কৈ যায়। এলপি স্কুলৰ পৰা কলেজীয়া সময়লৈকে মই তাৰ ঘৰুৱা শিক্ষক হিচাপে সহচৰ আছিলোঁ। নয়ন হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়াৰ সময়ৰ কথা। মই পুৱাভাগতে তাক পঢ়াবলৈ গৈছিলোঁ। আমাৰ পঢ়াৰ কোঠালিটো পাকঘৰৰ কাষৰ ৰূমটোৱেই আছিল। পঢ়ি থকাৰ মাজতে নয়ন বাহিৰলৈ দুই-তিনিবাৰ মান যোৱাটো অভ্যাস আছিল। প্ৰায়ে মই নয়নক পাকঘৰৰ মাজেৰে থকা দুৱাৰ দুখন ব্যৱহাৰ কৰা দেখিবলৈ পাইছিলোঁ আৰু প্ৰতিবাৰেই মুখত কিবা এটা চোবাই অহাৰ উমান পাইছিলোঁ। বেকাৰী বিস্কুট, হৰলিকচ্ বা আমুলস্প্ৰেৰ শুকান গুৰি নতুবা আমূল মিল্ক মেইডৰ লেজুৱা ক্ৰীম … আদি খোৱাবস্তুৰ প্ৰতি নয়নৰ সাংঘাটিক লোভ আছিল। খোৱাৰ ভংগিমাবোৰ দেখিলেই মোৰ বুজিবলৈ অলপো অসুবিধা নহয় মুখ বন্ধ কৰি দাঁতৰ কোৱাৰিৰে সি চোবাই থকা বিশেষ বস্তুটো কি হ’ব পাৰে? সি পঢ়া টেবুলৰ পৰা বাহিৰলৈ উঠি গ’লেই, বাহিৰত ককাইদেউ আৰু বৌৱে গালি পৰা – গাধ, ৰ্বুবক …. আদি শব্দবোৰ বায়ুত ভাঁহি আহি মোৰ কাণত প্ৰায়ে পৰেহি।

সেইদিনাখনো নয়ন পঢ়াৰ টেবুলৰ পৰা উঠি বাহিৰলৈ গৈছিল আৰু অলপ সময়ৰ পিছতেই পিছফালৰ বাথৰূমৰ আগফালে থকা বেচিনৰ আগত নয়নে -ঊৱক থু …., ঊৱক থু … থু ..কৰি বমি কৰিবলৈ লৈছিল আৰু বৌৱে খুউব অট্টাহাস্য কৰি হাঁহি হাঁহি গালি পাৰিবলৈ ধৰিছে :” হাঁ..হাঁ..হাঁ ..পাইছ ম’জা । পালি নহয় আজি! বিস্কুট চুৰ কৰি খোৱাৰ মজা! হাঁ…হাঁ…হাঁ …। ঐ জয়ন্ত, আজি ইয়াক এসেকা দিলোঁ চা..হি আহচোন।” বাহিৰলৈ গৈ তাৰ বমি কৰি থকা দৃশ্যটো দেখিয়েই মোৰ মুখলৈ হাঁহি এটা আহি গ’ল। নয়নে পাৰে মানে মুখত আঙুলিয়াই আঙুলিয়াই পেটত পৰা অখাদ্যখিনি উলিওৱাৰ চেষ্টা কৰিছে। মুখ, চকু, নাক তিনিওফালে পানী বাহিৰ হ’ব ধৰিছে। দেহৰ তেজবোৰে কষ্টত শৰীৰটো ৰঙচুৱা পৰি গৈছে। ওচৰলৈ গৈ পিঠিৰ ফালে অলপ চপৰিয়াই মোহাৰি দিলোঁ। অলপ আৰাম পোৱাত সুধিলোঁ, “কি খালি নো”? “এই মাজনীয়েহে জানে বিস্কুটৰ টেমাত কি থৈ দিছিল”? বৌৱে আকৌ হাঁহি হাঁহি ক’বলৈ ধৰিলে, “তোক এদিন নহয় এদিন বিস্কুট চুৰ কৰি খোৱাৰ মচলা উলিয়াইহে এৰিম বুলি পাঙি আছিলোঁ, আজি মচলা উলিৱালোঁ। জান’, ইয়াৰ পৰা বেকাৰী বিস্কুট আনি থ’বই নোৱাৰি! আলহী সুধিবলৈ নাথাকেগৈয়ে। সেয়ে আজি বিহুলৈ বুলি আনি থোৱা সাঁজ-পানীৰ পিঠা টেমাটোকে বিস্কুটৰ টেমাৰ ঠাইত ৰাখিছিলোঁ। জানো নহয় বুৰ্বকটোৱে মোৰ ভয়ত হাত পিছলৈ নি হে বিস্কুটৰ টেমাৰ মুখনি খোলে আৰু টপককৈ মুখত ভৰায়।” অৰ্থাৎ নয়নে আজি বেকাৰী বিস্কুট বুলি সাঁজ-পানীৰ পিঠা দুটাহে মুখত ভৰাই চোবালে! সাঁজৰ পিঠা (fermenter) চাউলৰ কেঁচা পিঠাগুৰিৰ লগত বিভিন্ন বনৌষধি গছ- লতিকা যেনে– -পাটীসূতা, কপৌঢেকীয়া, বনজালুক, ৰূপহীথেকেৰাৰপাত, মাহুদী, পাতজালুক, খৰখৰিপাত, বোৱাপাতপাণ, তেজমুৰীৰ পাত, মানিকিমধুৰীৰপাত, দালচেনীপাত, আদাৰপাত, হালধিৰপাত, নেমুটেঙাৰপাত, গাখীৰতীপাত, ধপলাপাত, পিপলপাত, বিয়নী হাকোঁতা, শৎমূল …আদিৰ গুৰি মিহলাই তৈয়াৰ কৰা হয়। ই দেখাত সাধাৰণ ঘিলা পিঠাৰ আকৃতিৰ কিন্তু ঘিলা পিঠাতকৈ ই বেছি ডাঠ আৰু বহল। পানী দি গলাই লোৱা পিঠাগুৰিৰ লগত বন দৰৱৰ গুৰিবোৰ মিলাই গোল গোলকৈ পিঠা বনাই সেইবোৰ তলত বিহলঙনীৰ পাত দি তাৰ ওপৰত ঘিলা আকৃতিৰ পিঠাবোৰ চালনি এখনত শুকাবৰ বাবে মেলি দিয়া হয়। এই পিঠাবোৰ ৰ’দত বা জুই চাঙত শুকোৱা হয়। পিঠাৰ সোৱাদ তিতাও নহয়, টেঙাও নহয়, কেঁহেটাও নহয়, মিঠাটো নহয়েই। কিবা এটা উৎকট অকটা সোৱাদ। অনুমান কৰি ক’ব পৰা যায় – বিহলঙণী অলপ মুখত লৈ চোবালে যিটো অকটা জ্বলা-পোৰা সোৱাদ লাগে, ঠিক তেনেধৰণৰেই হ’ব বুলি ক’ব পাৰি।

সাঁজ-পানীৰ পিঠাৰ সোৱাদ নয়ন নীলিমক কেতিয়াবা লগ পালে বন্ধু সকলেই সুধি চাবচোন। ডেমফুল নয়ন নীলিমে নিশ্চয়কৈ আপোনালোকক ক’ব।

☆ ★ ☆ ★ ☆

5 Comments

  • কাবেৰী মহন্ত

    ৰাজাৰ এইটো কাহিনী লগপালে সুধিব লাগিব৷
    বঢ়িয়া লাগিল দেই

    Reply
  • Anonymous

    সাঁজৰ পিঠাটো তেনেই চকুলৈ আহি গ’ল

    Reply
  • মানসী বৰা

    কাহিনীটো পঢ়ি ভাল পালো। ৰস পোৱাৰ লগতে নজনা কিছু তথ্যও জানিব পাৰিলো।

    Reply
  • মজ্জা 👌লাগিল পঢ়ি।

    Reply
  • এদিন পানী বুলি মই ঘৰৰ কামকৰা মানুহলৈ বুলি আনি থোৱা সাজপানী খাই পেলাইছিলো।

    মনত পৰি গ’ল কাহিনীটো।

    Reply

Leave a Reply

Your email address will not be published.