ফটাঢোল

বন্ধৰে’ বন্ধ – সোমেশ্বৰ বৰা

বন্ধৰে’ বন্ধ ,দেশ বন্ধ
আকৌ আহিল ভাৰত বন্ধ
ভাৰত বন্ধ, অসম বন্ধ
সৰু মানুহৰ খোৰাকী বন্ধ‌‌।।

বন্ধৰে’ বন্ধ, দেশ বন্ধ
ৰে’ল বন্ধ, বাছ বন্ধ।
দোকান পোহাৰ যদিও বন্ধ
ফ’টিকা খিৰিকী নহয় বন্ধ।
পিছ দুৱাৰেদি থাকে সম্বন্ধ।।

স্কুল বন্ধ, কলেজ বন্ধ।
অফিচ কাছাৰী সৱ বন্ধ।
দোকানৰ চুকত, তিনি আলিত
তিনপাট্টি নহয় বন্ধ।
সুযোগ বুজি ৰ’হিলাৰ ঘাটিত
গঢ়ি উঠে অধিক সম্বন্ধ।।

ৰজাৰ ন’টিচ, নেমান বন্ধ
দৰমহা কাটিম মানিলে বন্ধ।
নিলিখ একো নকবি একো
ৰজাৰ হুকুমত, মুখ বন্ধ।
চহী মাৰিলোঁ, ফাইল বন্ধ
খোকা, চেপাবোৰ নহয় বন্ধ।
কমিশ্যন কমিশ্যন চেংশ্যন চেংশ্যনৰ
বন্ধৰ সৈতে নাই সম্বন্ধ।।

ড্ৰাইদে’ ঘোষণা, মহল বন্ধ
খানাপাৰা নহয় বন্ধ।
গাড়ীৰ ডিকিত, বাইকৰ বেগত
গবাগবে পাবা পচন্দৰ সুগন্ধ।
পাণ দোকানত থাউকতে পাবা
জৰ্দা পাণ খাই নাশা গন্ধ।।

দেশ বুলিলে নেলাগে আদেশ
বন্ধত হানিৰ নাই জোখ লেখ।
দেশ ৰাখিবলৈ লাগে বন্ধ
সুযোগ বুজি মধ্য ভোগীয়ে
বন্ধত কৰে লণ্ড ভণ্ড।
সেইসোপা কেৱল উদণ্ড।
বন্ধৰ লগত সিহঁতৰ হেনো
নাথাকিবও পাৰে কোনো সম্বন্ধ।

পদপথত দোকানবোৰৰ
পঞ্চাশ টকীয়া দৈনিক সম্বন্ধ।
সকলোতে সনাপিতিকা
নোলায় মাথো দুৰ্গন্ধ।।

বাটৰ দাঁতিৰ পাৰ্কিং, ধামাধৰা খুচ
বালিৰ মহল আবণ্টনত চলে ফুচফুছ।
পদুলিয়ে পদুলিয়ে বিলাইটি দোকান দিলা
কণা হাঁহক পতান দি নিবনুৱা বধিলা।
চৰকাৰী চাকৰীবোৰ ঠিকা ভিত্তিক হ’ল
ব্যক্তিগত কাৰোবাক গটাই দিয়া হ’ল।
হায় হায় বিধিৰ বিপাক
উচ্চ জাতিৰো জনজাতি হোৱাৰ মেৰপাক।
বাংলাদেশী সাহিত্য সভাও পাতিব যেন লাগে
খোৱা কামোৰা কৰি মৰ ভাগে ভাগে।।

ধন্য ধন্য কলি কাল
দুটকীয়া চাউলেই ভাল।
হওক লাগিলে দেশত আকাল
নোযোৰো নাঙলৰ ফাল।।
লাগক চৌদিশ দোলপাল
কাৰোবাৰ দুৰ্কপাল
কাৰোবাৰ চোতালৰ এফাল
সময়ক নোদোষ, বুলি মহাকাল।।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.