ফটাঢোল

বাটৰ ঘাঁহ বন চাফা- জ্যোতিৰ্ময় কলিতা

প্ৰেম কাৰ জীৱনলৈ নাহে৷ হয়তো কিছুমান প্ৰেম অপ্ৰকাশিত হিচাপে ৰৈ যায়৷ এই ধৰক ছোৱালীজনী বা ল’ৰাজনক ভাল লাগে ক’বলৈ সাহস নহয় বা লাজ সংকোচ ভাবৰ বাবে নিজৰ বন্ধু বান্ধৱীৰ মাজতো প্ৰকাশ কৰা নহয়৷ কিজানি সিহঁতে জোকাবলৈ লয়৷ কিন্তু মই প্ৰাণীটো অলপ ভিন্ন। ৰাস্তাত ছোৱালী এজনী ভাল লাগিলেই লগৰ দুই তিনিজন মানক লগালগ ফোন কৰি জনাই বিৰাট ভাল পাওঁ৷

এনেকৈয়ে এদিন আমাৰ গাঁৱৰে ছোৱালী এজনীক হঠাৎ ভাল লাগিল৷ মই কথাটো লগৰ দুজনক নিশাৰ আড্ডাৰ সময়ত ক’লোঁ৷ দুদিনলৈ ঠিকেই আছিল৷ মই জনা নাছিলোঁ যে মোৰ মুখখনৰ দৰে সিহঁতৰ মুখ দুখনো ফটা৷ এজন দুজনকৈ গাঁৱৰ প্ৰতিজন ল’ৰাৰ কাণে কাণে কথাটো পৰিলগৈ৷ তাইৰ প্ৰতি ভাল লগাটোৱে আছিল, তাৰ বাহিৰে বেলেগ একো নাই৷ ছোৱালীজনীও মোতকৈ বয়সত ৮ বছৰ মান সৰু গতিকে ময়ো বয়সৰ পাৰ্থক্যটো বেছি হ’ব বুলি ভাবি এইবোৰৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল’লোঁ।

কিন্তু এই বুকুত খোৱা লগৰকেইটাৰ লগত খেলপথাৰত ক্ৰিকেট খেলি থকা অৱস্থাত যেতিয়া তাই বাটেৰে স্কুটীখন লৈ যায় ডাঙৰ ডাঙৰকৈ চিঞৰি জোকাবলৈ ধৰে৷ সকলোতকৈ ইণ্টাৰেষ্টিং তাইৰ ভায়েকটোও সেই সময়ত আমাৰ লগত খেলা খেলি থাকে। অলপ লাজ লাগে যদিও ভালো লাগে, কিজানি হয় যদি এনেকৈয়ে হৈ যাওক কিবা যদিও আশা নাছিল বাৰু অলপো।

যিমানে জোকোৱা কাৰবাৰটো বাঢ়ি যাবলৈ ধৰিছিল সিমানে তাইৰ প্ৰতি কিবা এটা মনত সোমাবলৈ ধৰে৷ ৰাতিপুৱা ৯ বজাত উঠা ল’ৰাজন ৭ বজাতে উঠি পদূলি মুখত তাইক চাবলৈ ৰোৱা হ’ল৷ ৮ বজাত তাই কলেজলৈ যায়, আৰু তাইৰ ঘৰটো মোৰ ঘৰৰ পৰা ১০০ মিটাৰমান দূৰ হয়, তাই চোতালত স্কুটী ষ্টাৰ্ট দিলেই বিচনাৰ পৰা শুনিবলৈ পাওঁ। যদি সেই মুহূৰ্তত শুয়ো থাকোঁ একে জাপে ব্ৰাছ ডাল মুখত লৈ বাটত মৰ্ণিং ৱাকত লাগি যাওঁ। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ২.৩০ বজাৰ পৰা বাটত খোজ কাঢ়ি আহাৰ পচোৱা কামত লাগি যাওঁ কাৰণ কলেজৰ পৰা আহি ২.৪৫ মানত আমাৰ বাট পায়।

তাইক চোৱাৰ নামত ইমানেই পাগল হ’লোঁ যে গধূলিও তাইৰ ঘৰৰ ফালে ফুৰিবলৈ যোৱা হ’লোঁ। সিহঁতৰ ফালে কিবা কাম ওলালেই মই হাতখন দাঙি দিওঁ ঘৰত, কিজানি গ’লে দেখাই পাওঁ। ৰাতিপুৱা তাইক চোৱাৰ বাবে প্ৰায়ে লৰালৰি হয় বাবে ৭ বজাতে উঠি পদূলিমুখৰ ঘাঁহ বন চাফ কৰাত লাগি যাওঁ। যেতিয়া পদূলিৰ পৰা জাবৰবোৰ নোহোৱা হৈছিল তাৰ পাছৰ পৰা এডাল ঘাঁহো গজিবলৈ দিয়া নাছিলোঁ। ৭ বজাতে উঠি সেইডাল উভালিবলৈও যোৱা হৈছিলোঁ। লাহে লাহে সেই কিছু মুহূৰ্তৰ বাবে দেখা পোৱাটোৱেও দুখ দিবলৈ ল’লে। সেয়ে তাই কলেজ যোৱাৰ আগেয়ে তাইৰ কলেজৰ সন্মুখত ৰৈ থকা হৈছিলোঁ। কেতিয়াবা কলেজৰ পৰা আহি পাওঁতে দেৰি হ’লে কৰ’বাত স্কুটীৰ সৈতে ওলটি থাকে বুলি বাইক লৈ ওলাই যাওঁ বিচাৰি যিহেতু তাই খুব জোৰত স্কুটী চলায়।

মই তাইক প্ৰপ’জ কৰাৰ প্লেনিং আৰম্ভ কৰি দিলোঁ৷ যিহেতু তাই মোক দেখিলে হাঁহিছিল দূৰৰ পৰাই, মাতিছিল ভাবিছিলোঁ লোহা গৰম হাতুৰী মৰাটোৱে মংগল হ’ব। তাকেই ভাবি এদিন তাইক সুযোগ বুজি প্ৰপ’জ কৰিলোঁ গুটকা ভৰাই থোৱা মুখখনেৰে৷

এইখিনিতে উনুকিয়াই থওঁ যে মই তাইৰ বায়েকৰ লগত এই বিষয়ে মানে তাইক ভালপোৱাৰ বিষয়ে কৈছিলোঁ। মোৰ টাৰ্গেট আছিল ছোৱালী পতিলে পতিব নপতিলে নাই ঘৰৰ মানুহক যদি মনাব পাৰোঁ বিয়া দিব মোৰ লগত৷ প্ৰপ’জ কৰাৰ দিনা ৰাতি মই তাইৰ বায়েকক সুধিলোঁ এই বিষয়ে তাই কিবা ঘৰত কৈছে নেকি?

বায়েকে যিটো নিউজ দিলে মোৰ কলিজা ফাটি যাওঁ যেন হ’ল৷ তাই ক’লে ভনীয়েকে হেনো স্কুটীৰ পৰা নামিয়েই মোৰ কাণ্ডটো মাকক কৈ দিলে। মই কি কৰোঁ নকৰোঁকৈ ৰাতিটো কটালোঁ৷ পিছদিনা পুৱা ৭ মান বজাত গণ্ডগোল শুনিলোঁ সিহঁতৰ ঘৰৰ ফালৰ পৰা অহা৷ বিচনাৰ পৰা লৰালৰিকৈ নামি বাটলৈ ওলাই গ’লোঁ হয় সিহঁতৰ ঘৰৰ পৰাই আহিছে গণ্ডগোল৷ ছোৱালীৰ বাপেকে এতিয়া দা লৈ মোক কাটিবলৈ আহিব৷ পৰিস্থিতিটো চকুৰ আগত ভাঁহি উঠিল৷ অলপো পলম নকৰি মই কাম থকা বুলি দেউতাৰ স্কুটীখন লৈ মই পলালোঁ৷ দুঘণ্টামানৰ পিছত লগৰ এজনক ফোন কৰি খবৰ লৈছোঁ গাঁৱত কিবা ঘটিছে নে বুলি৷ সি ঘটা নাই বুলি কোৱাত ঘৰলৈ আহিলোঁ৷

মই মনতে ভাবিলোঁ কথাবোৰ কেতিয়াবা জটিল হৈ পৰিব গতিকে ময়ো কিবা এটা দিহা কৰিব লাগিল৷ গধূলি আড্ডা দিবলৈ যোৱাৰ পৰত ঘৰত দেউতা নথকাৰ সুযোগতে মই মাক তাইৰ কথা কৈ দিলোঁ৷ মোৰ কথা শুনি মায়ে অলপ সময় মৌনতা অৱলম্বন কৰি ক’লে,

মা: বিশ্ব ব্ৰহ্মাণ্ড খান এৰি তই গাউতহে আপি বিচৰি পালি, খালি খালি।

মই: খালি নহয় পূৰা দম হৈ আছে ভাল প’ তুমি নুবুজবি, তোৰ কাম হৈছি তাহাৰ ঘৰৰ মানহে কিবা ক’বা আইহলি তই মোৰ আগত থাকপি।

সেইবুলি মই ওলাই যাওঁ৷

এনেকৈ তাইক চোৱা পৰ্বটো চলি থাকিল৷ এদিন আকৌ হঠাৎ কি উকালে তাইক ফোন নম্বৰ খুজিম৷ এই ঘটনাটো প্ৰপ’জ কৰাৰ ঘটনাটোৰ ছয় মাহ পিছৰ৷ দিনটো ৰৈ ৰৈ যথা স্থানত তাইক ৰখাই নম্বৰটো খুজিলোঁ৷ তাই তাইৰ ফোনটো বেয়া হোৱা বুলি কৈ গুচি গ’ল৷

মনতে ভাবিলোঁ আজিওতো এইজনীয়ে গৈ ঘৰৰ মাকক ক’ব ময়ো মাক কৈ থৈ দিম যি কৰে কৰক বুলি৷ সিদিনা গধূলি বায়েকক ঘৰৰ পৰিৱেশ সোধাত ক’লে ঘৰলৈ আহি আজিও কৈ দিছে৷ ময়ো ফোনটো কাটি মাক মাতি কথাটো ক’লো,

মই: মা, তাহাৰ তাইক আহি ফোন নম্বৰটু খুজিচলু, নেদলাক এ (বৰ দুখত)

মা: হাউ তই তাইক ইতাক লগি পাহৰিবা পাৰা নাই?

মই: ভাল প’ সেনা বস্তু নেকি, তই নুবুজবি দে৷

এইবুলি ঘৰৰ পৰা ওলাই যাওঁ৷ তাৰপিছত কি হ’ল জানো মনটোত এটা আত্মসন্মানে আগুৰি ধৰিলে৷ তাই কাষেৰে গ’লেও যেন বেলেগ কোনোবা গৈছে, তেনেকৈ ভাবি গুৰুত্ব নিদিয়া হ’লোঁঁ৷ কামত লাগিলোঁ৷ লাহে লাহে সকলো পাতলিল৷ এতিয়া সেই গাঁৱৰ পৰা বেলেগ এঠাইলৈ উঠি আহিলোঁ, ইয়াত সকলো নতুন নতুন হ’ল৷ ইয়াতে বিলীন হ’লোঁ৷ সন্মুখৰে মেইন ৰাস্তাটোৰে দিনটোত হেজাৰ ছোৱালী অহা যোৱা কৰে, ভাল লাগকেই বা নালাগক ছোৱালী দেখিলেই চোতালৰ পৰা চিঞৰি গান গাই দিওঁ। ৰাস্তাৰ পৰাই গানৰ সুৰৰ অৱস্থা শুনি ছাগে হাঁহে ময়ো তাতেই শান্তি পাওঁ৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.