ফটাঢোল

বাণী পেহী – অসমী গগৈ

বাণী পেহীয়ে আজি আমাক ভাত খাবলৈ মাতিছে৷ আমাক মানে সুবাস আৰু মোক৷ সুবাসৰ ঘৰলৈ ন-বোৱাৰী হৈ অহা মোৰ এমাহো পুৰ হোৱা নাই৷ এই এমাহত যে মই কিমান দিন বাণী পেহীৰ নাম শুনিছো! হয়তো বাণী পেহীৰ প্ৰসংগ নোলোৱাকৈ এদিনো এসাজো বাদ পৰা নাই৷ ঘৰখনৰ সকলোৰে মুখত বাণী পেহী, বাণী পেহী বা বাণী আৰু বাণী! বাণী পেহীৰ প্ৰসংগত সকলো মুগ্ধ; আচ্ছন্ন৷ বাণী পেহীৰ নামটো মই প্ৰথম শুনিছিলো মোৰ জোৰণৰ দিনা৷ বাকচ ভৰ্তি কৰি নিয়া জোৰণৰ কাপোৰবোৰৰ মাজত চকুত পৰাকৈ জিলিকি আছিল এক চেট ৰুমাল৷ প্ৰতিযোৰ কাপোৰৰ সৈতে মিলাই মিলাই৷ সুবাসৰ বৰমাকে ৰুমাল জাপ আৰু এযোৰ চকুত লগা এম্ব্ৰইদাৰীৰ কাপোৰ মোৰ হাতত তুলি কৈছিল – “এইয়া আমাৰ বাণীয়ে নিজে কৰি তোমালৈ দি পঠাইছে৷ বাণী সম্বন্ধত তোমাৰ পেহীয়েই হব৷”

মোৰ কাপোৰ যোৰলৈ চকু গৈছিল৷ গছ একেজোপাৰ তলত একোটাকৈ চালি ধৰা ম’ৰা চৰাই৷ জোৰোণৰ মুহূৰ্তৰ থৌকি বাথৌ অৱস্থাতে আশ্চৰ্যত মোৰ দুচকু ডাঙৰ হৈ গৈছিল৷ ইমান সতেজ গছজোপা, ইমান সজীৱ ম’ৰাটো এই যেন উৰা মাৰিব৷ মুহূৰ্ততেই মোৰ নিপুণ শিল্পী বাণী পেহীক চাবলৈ মন গৈছিল৷ মই মূৰ তুলি বৰমাকলৈ চাইছিলো৷ মোৰ মন বুজিব পাৰি তেওঁ কৈছিল “বাণী অহা নাই, তাইৰ আকৌ লেঠা বহুত নহয়৷” মনতে ভাবি লৈছিলো সংসাৰী মানুহ ক’তনো আহ বুলিলেই আহিব পাৰে৷ আমাৰ মাহঁতকে দেখিছো নহয়৷ মাকৰ ঘৰলৈ যাঁও যাওঁ বুলি ঠিক কৰা দিনটো বছৰৰ মূৰতো নাহে৷ সেয়াই চিনাকি বাণী পেহী নামটোৰ সৈতে৷

আৰু সেইজনী বাণী পেহীয়েই আজি আমাক ভাত খাবলৈ মাতিছে৷ ইমান দিনে ঘৰখনৰ মানুহবোৰৰ বাণী পেহীৰ মুগ্ধতাৰ সৈতে আজিহে চিনাকি হ’ব৷ আচলতে বাণী পেহী সুবাসৰ নিজৰ পেহীয়েক নহয়৷ দূৰ সম্পৰ্ক এগৰাকী পেহী৷ কিন্তু মানসিকভাবে সুবাসহঁতৰ নিচেই ওচৰৰ৷ বাণী পেহীৰ ডাঙৰ সংসাৰ লেঠা বহুত৷ সেয়েহে ন-ছোৱালী চাবলৈ আহিবলৈ সময়েই উলিয়াব পৰা নাই৷ বিয়াৰ দিনাও বোলে এঘণ্টামানৰ বাবেহে আহিছিল৷ গোটেই ঘৰখন বাণী পেহীৰ ওপৰতে৷ বাণী পেহী নহলে বোলে৷ ঘৰখন এখন্তেকো নচলে৷ চলিবনো কেনেকৈ? ককায়েক নবৌয়েক দুয়োজনেই চিৰ ৰুগীয়া৷ বাত বিষালী নবৌয়েক শয্যাশায়ী বুলিলেই হয়৷ সৰুজনী ভনীয়েক পলিঅ’ ৰোগী৷ ভৰি দুটাই শৰীৰটোৰ ভৰ সহিব নোৱাৰে৷ বাৰ্দ্ধক্যই কণা কলা কৰা দেউতাক৷ ককায়েকৰ পুতেক বোৱাৰীয়েক দুয়োটাই চাকৰিয়াল৷ জীয়েক জোঁৱায়েকৰো চাকৰি৷ ল’ৰা ছোৱালীৰ লেঠা আছে দুয়োটা ভতিজাকৰে৷ অৱশ্যে বাণী পেহীয়ে সকলো চম্ভালিব পাৰে৷ মুঠতে খেতি বাতি, গৰু গাই, নাতি নাতিনী, বেমাৰ আজাৰে ভৰপূৰ এখন সংসাৰ বাণী পেহীৰ৷ ইমানখন ভৰা ঘৰৰ দায়িত্ব এৰি বাণী পেহী এদিন এবেলাৰ বাবেও কলৈকো যাব নোৱাৰে৷ কোনেও কলৈকে পঠিওৱাৰ কথাও ভাবিব নোৱাৰে৷ বিহুৱে সংক্ৰান্তিয়ে মিতিৰ কুটুমে ঘৰখন ভৰি পৰে৷ চকুৰ টোপনি, দেহাৰ ভাগৰ পুৰি পুৰি বাণী পেহীয়ে বিহুৰ পিঠা পনা কৰে৷ আটায়ে দকচি খাই উদৰ পূৰায়৷ বাণী আমাৰ সোঁহাত, বাণী নহ’লে আমি নিগমে মৰিলো, বাণী মোৰ কণাৰ লাখুটি, বাণীৰ হাতৰ চাহকাপৰ সোৱাদ কাৰো লগত নিমিলে, বাণীয়ে কৰা ৰসকৰা কেইটাযে মই দূৰৰ পৰা চিনি পাম, বাণী পেহীয়ে কৰি দিয়া কেকটো দোকানৰ বোৰতকৈও সোৱাদ, বাণীৰ হাতত যাদু আছে পায়, মায়ে যে মৰা দিনলৈকে বাণীয়ে চিলোৱা ব্লাউজেই পিন্ধিলে; বাণীয়ে ৰন্ধা কুজী থেকেৰা আৰু কাৱৈ মাছৰ আঞ্জাখনৰ কথা আমাৰ সপোনে আমেৰিকালৈ গৈয়ো পাহৰা নাই৷ …

এনেকুৱা ধৰণৰ কথাৰ মাজত বাণী পেহী ওপঙি থাকে৷ মাটিত থাকিও বাণী পেহীৰ ভৰি মাটিত থাকিবলৈ নাপায় আৰু সেইজনী বাণী পেহীয়েই আজি আমাক ভাত খাবলৈ মাতিছে৷ সুবাসৰ কথা মতেই আজি মই জোৰোণত বাণী পেহীয়ে দিয়া কাপোৰযোৰ পিন্ধিছো৷ মই নিজেও ভাবিছিলো, হয় বাণী পেহীয়ে ভাল পাব৷ এনেয়েও পাতল হালধীয়া ৰঙটো মোৰ বৰ ভাল লাগে৷ সৰু গাড়ীখনত সুবাস আৰু মই৷ পাছৰ ছিটত মান ধৰিবলৈ অনা কাপোৰ-কানিৰ পেকেট আৰু মিঠাইৰ টোপোলা৷ গোটেই বাটটো সুবাসে বাণী পেহীৰ কথাকেই কৈ গ’ল৷ ময়ো বাণী পেহী নামটোৰ, মানুহজনীৰ সুগন্ধিৰে আচ্ছন্ন হৈ গৈ থাকিলো৷

সুবাসে গৈ প্ৰকাণ্ড গেটখনৰ ওচৰত গাড়ীখন ৰখাওতেই মানুহ এজনী প্ৰায় থৰক-বৰককৈ দৌৰি অহাদি আহি গেটখন খুলি দিলেহি৷ প্ৰকাণ্ড কাঠৰ গেটখন মানুহজনীয়ে কেঁকো-জেকোকৈ কোনো মতে দাঙি খুলি দিলে৷ খোলা গেটখনেৰে সুবাসে গাড়ী সুমুৱাই নি একেবাৰে দুৱাৰ মুখতে ৰখালে৷

সেয়াই বাণী পেহী৷
: আস!
: কি হ’ল?
: খুন্দা লাগিল, কপালত৷

নকইনাৰ ওৰণি–বাৰণি চম্ভালি গাড়ীৰ পৰা নামো মানে গোট বন্ধ কৰি বাণী পেহীয়ে আহি মোৰ হাতত ধৰিলেহি৷ শিলৰ দৰে চেঁচা দুখন হাত, ঠিক যেন হাত নহয় মাথোঁন কেইডালমান মঙহবিহীন হাড়৷ হাত দুখনৰ চেঁচাৰ বিপৰীতে বাণীপেহীৰ মাতৰ উত্তাপে মোক অবাক কৰিলে৷

: আই অ’ মোৰ, আইজনীক চাবলৈ মই যাবই নোৱাৰিলো নহয়৷ আহা আহা, ভাগৰি জুগৰি আহিছা, আমি লাহে ধীৰে কথা পাতিম দেই! আহ সুবাস, আহ৷

আমাক বহুৱাই থৈ বাণীপেহী, খৰধৰকৈ গ’লগৈ৷ ভিতৰলৈ৷ বহি থকা চোফাখনতে মই মূৰটো আওজাই চকু দুটা মুদি দিলো৷

: গা বেয়া লাগিছে নেকি তোমাৰ? সুবাস ওচৰ চাপি আহিল৷

: নাই নাই এনেয়ে, ভাগৰ লাগিছে৷ সুবাসক মই কেনেকৈ বুজাম মোৰ কি বেয়া লাগিছে৷ কিয় ভাগৰ লাগিছে৷ কেনেকৈ ক’ম৷ মই যে – “মই ভবা বাণীপেহী নামৰ গোঁসানীজনী প্ৰেতিনী হৈ গ’ল বুলি – এজনী জীৱন্ত প্ৰেতিনী৷ ”

তাৰ পাছৰ সময়খিনি বাণীপেহীৰ ঘৰত যে কি যন্ত্ৰণাৰে পাৰ কৰিলো৷ বাণীপেহীৰ ককায়েক বিছনাত থকা নবৌয়েক, দেউতাক, ভতিজাক, বোৱাৰীয়েক আটাইৰে লগত মাথোঁন মই নামৰ যন্ত্ৰজনীয়ে কথা পাতিলো, ভাগে ভাগে মান ধৰিলো অকণো আন্তৰিকতা নোহোৱাকৈ৷ ভাতৰ পাতত বহিও মোৰ একেই অৱস্থা৷ প্ৰকাণ্ড টেবুলখনত বিধে বিধে সুস্বাদু খাদ্যসম্ভাৰ৷ মই নাম শুনি থকা, কাহানিও খাই নোপোৱা কেইবাবিধো ধোঁৱা বলি থকা ব্যঞ্জনে টেবুলখনত মোক খা মোক খা কৰি আছিল৷ একোটুকুৰা কলিজাৰ আকাৰত সজাই দিয়া দাইলৰ বৰ কিটা, কলিজা ক’লাকৈ ৰন্ধা হাঁহৰ শুকান ভজা, মাছৰ দৰে সজাই দিয়া আলু পিটিকা, পকা খৰিচাৰে মলমলাই থকা মাগুৰ মাছৰ আঞ্জা, ভাপত সিজোৱা মাংস আদিৰে বাণীপেহীৰ হাতৰ সেইসাজ ভাত কাৰোবাৰ বাবে স্মৰণীয় এসাজ হ’ব পাৰিলেহেঁতেন৷ সুবাসকে আদি কৰি আটায়ে টকালি পাৰি খালে৷ মোৰ হাত দুখন যেন সনা ভাতখিনিত জঠৰ হ’ল৷ বাণী পেহীয়ে উথপথপ লগালে৷

: আইজনীয়ে একো খোৱা নাই৷ ভাল হোৱা নাই নেকি? খোৱাচোন বৰ এটাকে খোৱা৷
: খোৱা, বাণী পেহীয়ে নিজৰ হৃদয়খনকে ভাজি দিছে৷ হাঃ হাঃ হাঃ! – সুবাসে ক’লে৷
: আৰু তুমি তাকে চোবাই চোবাই খাইছা!

অজানিতে মোৰ মুখৰ কথাত সুবাসৰ হাঁহি বন্ধ হ’ল৷ অবাক চাৱনিৰে আটায়ে মোলৈ চালে৷ ভাতৰ পাতৰ মলমলীয়া পৰিবেশটো গোমা হৈ পৰিল৷ মই নিজেও কম অবাক হোৱা নাই কথাষাৰত৷ পৰিবেশ উদ্ধাৰ কৰিবলৈ আহিল বাণী পেহী৷

: কি যে কয় এইটোৱে! মোৰ হৃদয় দেখোন মোৰ ওচৰতে আছে৷ দিব লাগিলে আন কাৰোবাক দিবলৈ থৈয়েই দিছো দেখোন৷ এই, খোৱা খোৱা! ন’হলে দেখোন মোৰ এনেয়ে ৰন্ধা হ’ব৷

আকৌ আগৰ পৰিবেশ ঘূৰি আহিল৷ মইহে একো চোবাব নোৱাৰিলো৷ খোৱাৰ নামত চকু কাণ মুদি দুগৰাহমান গিলিলোহে৷ চোবাব কেনেকৈ বাণীপেহী নামৰ প্ৰেতিনীজনীৰ তেজ-মঙহৰ আঞ্জা, ক’লা পৰা কলিজাবোৰ কোনোবাই চোবাব পাৰিলেও মই নোৱাৰিম৷ যেনে তেনে ভাতৰ পৰ্ব্ব সামৰণি পৰিল৷ আটায়ে ভাগে ভাগে নিজৰ কোঠাত সোমালগৈ- ভাত ঘূমটি মাৰিবলৈ৷ বাণীপেহীয়ে মোক তেওঁৰ কোঠাত জিৰণি ল’বলৈ কৈ কাঁহী-বাটি সামৰাত লাগিলেগৈ৷ বিছনাখনত পৰি মই চকু দুটা মুদি দিলো৷ বাণী পেহী নামৰ চালেৰে আৱৰা হাড় কেইডালমান মোৰ চকুৰ আগত অহা যোৱা কৰি থাকিল৷ হঠাৎ হাড়কেইডাল মঙহেৰে পূৰঠ তেজগোৰা এজনী ষোড়শী হৈ পৰিল৷ হাঁহি থকা মুখখনে মোক যেন কাণে কাণে ক’বলৈ ধৰিলে “মোৰো আছে সপোন ৰঙীন সপোন৷ “

: আইজনী !
কোনে মাতিলে মোক? মই চক খাই উঠিলো৷
: আইজনীৰ টোপনি আহিছিল?
: নাই নাই পেহী৷ আহক৷ বহক ইয়াতে৷
মই কাপোৰবোৰ চপাই উঠি বহিলো৷
: তোমাক এটা কথা সুধিবলৈ আছিল৷ ৰ’বা৷
এইবুলি পেহীয়ে বিছনাৰ তলৰ পৰা প্ৰাণপণে টানি ডাঙৰ ক’লা প্ৰায় মামৰে খাই শেষ কৰা এটা ট্ৰ্যাংক উলিয়াই আনিলে৷ ঢাকনিখন খুলি পেহীয়ে মোক মাতিলে৷

: চোৱাচোন আইজনী ইমানখিনি বস্তুৰে এজনী ছোৱালীৰ মান ধৰিবলৈ জুৰিবগৈনে? মোৰ আকৌ একো আইডিয়া নাই নহয়৷ তুমিও ইমানেই আনিছিলনে? গোটাই থৈছো৷ সময়ত নহ’লে বৰ অসুবিধা হ’ব নহয়৷ তেতিয়ানো কোনে চাব? নহয় জানো?

অলপ দেৰি মই থৰ লাগি আছিলো৷ বাণীপেহীৰ কথাখিনি বুজি পাই আতংক নে আশ্চৰ্য্যত মোৰ দুচকু বহল হৈ গ’ল৷ ট্ৰাংকটোত থাকে থাকে সজাই থোৱা আছিল বাণীপেহীয়ে নিপুণ হাতেৰে কৰা ৰুমাল, গামোচা, গাৰুকভাৰ, চাদৰ, চেলেং আদি৷ মই দৌৰি ওলাই আহিলো কোঠাৰ পৰা৷ বাণীপেহী নামৰ প্ৰেতিনীজনীয়ে মোক পাছফালৰ পৰা খেদি আহিল৷

★★★★

 

3 Comments

  • হেমন্ত কাকতি

    কৃষ্ণ! কি কি যে চোবালে অ’ ৷ অলপ ভিন্ন স্বাদ, মজা লাগিল ৷

    Reply
  • Rita khanikar

    উফ্, কল্পনা কৰি বুকুৰ কৰবাত খোচ মাৰি ধৰা যেন অনুভৱ হ ল।

    Reply
  • Manash saikia

    সঁচাই৷ভৰা ঘৰ একোখনত এনেককৈয়ে সকলোৰে অলক্ষিতে ৰৈ যায় একোটা সপোন৷একোজনী বাণী পেহী৷সুন্দৰ৷

    Reply

Leave a Reply

Your email address will not be published.