ফটাঢোল

বান্দৰী সুন্দৰী-গীতাৰ্থী গোস্বামী 

কাহিনী ৰামায়ণৰ পাছৰ সময়ৰ। ৰামে যুদ্ধ জয় কৰি সীতা মাতাক উদ্ধাৰ কৰি আনি ডাঙৰকৈ এটা পাৰ্টি দিলে। দেশ বিদেশৰ মানুহ, বান্দৰ সকলোকে নিমন্ত্ৰণ জনালে।

যুদ্ধলৈ যোৱা বান্দৰবোৰ সেই সময়ত গপতে গংগাটোপ হৈ আছে। “আমাৰ জহতে ৰজা ৰামচন্দ্ৰ লংকালৈ গৈ মহা প্ৰতাপী ৰাৱণক বধ কৰিব পাৰিলে। আমাৰ জহতে সাগৰ পাৰ হ’ব পাৰিলে। আমাৰ জহতে সেই হেন সুন্দৰী সীতা মাতাৰ লগত প্ৰভু ৰামচন্দ্ৰৰ পুনৰ্মিলন হ’ল।”

গপতে সিহঁতে নেজবোৰ দাঙি, বুকু ফুলাই খোজ কঢ়া হ’ল।

পাৰ্টিৰ নিমন্ত্ৰণ পোৱাৰ পাছত আৰু কোনে পায়! যুদ্ধলৈ নোযোৱা বুঢ়া, বেমাৰী, এলেহুৱা, কেলেহুৱা বান্দৰবোৰৰ লগত কথাই নপতা হ’ল। অট’মেটিক দুটা ফৈদৰ সৃষ্টি হ’ল। যুদ্ধলৈ যোৱা বান্দৰহঁতৰ পত্নীবোৰ আৰু চৰা। যুদ্ধলৈ নোযোৱা বান্দৰৰ পত্নীহঁতক সিহঁতে ওলাওঁতে এষাৰ কয়, সোমাওঁতে এষাৰ কয়। যোদ্ধাপত্নী আৰু অযোদ্ধাপত্নীৰ মনোমালিন্য বাঢ়ি গৈ থাকিল। যুদ্ধত সহায় কৰা বাবে ৰামচন্দ্ৰৰপৰা আৰু নিজৰ ৰজা সুগ্ৰীবৰপৰাও বান্দৰবোৰে বহুতো উপঢৌকন পালে। বান্দৰীহঁতে আগতে বনৰ তিতা, কেঁহা, শুকান ফলৰ বাকলি চুপিব লগা হৈছিল। যুদ্ধৰ পাছত সিহঁতে খেজুৰ, কাজু, আলমণ্ড আদি দামী দামী ফল খোৱা আৰম্ভ কৰিলে।

যোদ্ধাপত্নীসকলে কেতিয়াবা দুজনী বা তিনিজনী একেলগে গছৰ ডালত আলফুলকৈ বহি, নেজডাল তললৈ পেলাই ফল মূল খাই থাকে। সিহঁতৰ লাহ-বিলাহ আৰু আচৰণ দেখি অযোদ্ধাপত্নীবোৰে দুখো পায়, খঙো উঠে। হ’ল বুলিয়েই আৰু এনেকৈ অপমান কৰিব লাগেনে? সিহঁতে একো নামাতি সকলোখিনি ওপৰৱালাৰ হাতত অৰ্পণ কৰিলে। পাৰ্টিলৈ যাবলৈ যোদ্ধা বান্দৰসকল সপত্নীক সাজু হ’ল। মানুহৰ সমাজলৈ বান্দৰ হ’লেও সিহঁত নাঙঠ হৈতো যাব নোৱাৰে।মাইকী বান্দৰবোৰে সীতা মাতাৰ দৰে শাৰী আৰু মতা বান্দৰবোৰে প্ৰভু ৰামৰ দৰে ধুতি পিন্ধি যাবলৈ মন কৰিলে। পুৰুষসকলে এদিন চহৰলৈ গৈ ভাল ভাল শাৰী, ধুতি, চোলা আদি কিনি আনিলেগৈ। আনিলেইতো নহ’ব, পিন্ধিবও জানিব লাগিব। এইবাৰ পুৰুষ বান্দৰসকলে চহৰৰপৰা হাতে ভৰিয়ে ধৰি, যথেষ্ট টকা পইচা দি মাইকী মানুহ কিছুমানক লৈ আহিলে। শাৰী পিন্ধোৱাৰ ট্ৰেইনিং চলিল। শিকাইছেহে শিকাইছে, বান্দৰীহঁতে শাৰীৰ পাকটোকে শিকিব পৰা নাই। বহুদিন প্ৰশিক্ষণ দিও বান্দৰীহঁতক শাৰী পিন্ধাবলৈ শিকাব পৰা নগ’ল। অতিষ্ঠ হৈ মহিলাসকল ঘূৰি আহিব খুজিলে। বান্দৰহঁতেও নেৰে। অৱশেষত ঠিক হ’ল যে পাৰ্টিৰ দিনা পুৱা বান্দৰীহঁত মহিলা সকলৰ ঘৰলৈ যাব। তাৰপৰাই সাজি কাচি বাহিৰে বাহিৰে পাৰ্টিলৈ যাব। সেইমতেই পাৰ্টিৰ দিনা পুৱাৰ পৰাই সাজোন কাচোন আৰম্ভ হ’ল। লাইন পাতি পাতি এজনী এজনীকৈ বান্দৰী আহি আছে, মহিলা সকলে শাৰী পিন্ধাই আছে। শাৰী পিন্ধিয়েই ডাইৰেক্ট বান্দৰীবোৰ জঁপিয়াই গছত উঠেগৈ। ফলত কাৰোবাৰ শাৰী খুলি পৰিল, কাৰোবাৰ ফাটি ছিৰাছিৰ হ’ল। দহজনীক পিন্ধাই শেষ কৰে মানে আগৰ দহজনী পুনৰ আহি হাজিৰ হয়। মহিলাসকলৰ মাথাই কাম নকৰা হ’ল। কি কৰিব নকৰিব ভাবি থাকোঁতেই এজনীয়ে বুদ্ধি এটা পাঙিলে। ক’লে,

: এহ্ তহঁত হ’লি বনৰ বান্দৰী। কাপোৰ কানি নিপিন্ধিলেও শুৱনি। তাতকৈ মুখতে অলপ ক্ৰিম, ফাউণ্ডেছন সানি ধুনীয়া কৰি সজাই দিওঁ আহহঁত। এজনী এজনীকৈ মুখবোৰ পাতি দেহি।

বান্দৰীবোৰৰ প্ৰস্তাৱটো বৰ পচন্দৰ হ’ল। খেক্ খেক্ কৰি আনন্দত সিহঁতে নাচিবলৈ ধৰিলে। এজনী এজনীকৈ মুখবোৰ পাতি সিহঁত ধুনীয়াকৈ বহি দিলে। পিচে নোমেৰে ভৰি থকা বান্দৰীৰ মুখত মেক আপ কৰিবলৈ গৈ মহিলাসকল বৰ বিপদত পৰিল। না ক্ৰিম সানিব পাৰে, না পাউদাৰ লগাব পাৰে। লিপষ্টিকবোৰ এক চেকেণ্ডতে চেলেকি চেলেকি খাই পেলায়। নোৱাৰিলে। মহিলাসকলে শেষত হাত দাঙি দিলে। বোলে-

: তহঁতৰ যি দাড়ি গোঁফ আছে, মুখত মেক আপো কৰিব নোৱাৰি।

বান্দৰীহঁতেও নামানে। কিবা কৰি সজাই দিবই লাগিব। মহিলাসকলৰ শেষত খং উঠি গ’ল। যি য’ত পইচা পাতি বান্দৰহঁতৰ পৰা লৈছিল, সকলো ঘূৰাই দি বান্দৰীবোৰক বিদায় দিব খুজিলে। বান্দৰীবোৰে অলপ কেৰজেৰ কৰিলে। নাই, মহিলাবোৰে নামানিলে। এইবাৰ বান্দৰীহঁতৰ খঙে চুলিৰ আগ পালেগৈ। নেত্ৰীৰ দৰে লগা বান্দৰীজনীয়ে শাৰীখন খুলি দলিয়াই দি আগবাঢ়ি আহিল। মহিলাসকললৈ চাই কৈ উঠিল,

: বৰ বাহাদুৰি তহঁতৰ। আমাৰ দৰে জঁপিয়াই ফুৰিব নালাগে, আমাৰ দৰে দাড়ি গোঁফো নাই। পিচে  সদায় এনেদৰে নাযায়। কলিৰ শেষত এনে এটা বেমাৰ আহিব যে তহঁতক বান্দৰ জাঁপ দিয়াৰ পৰা কোনেও বচাব নোৱাৰিব। বেমাৰটোৰ প্ৰতিষেধক লোৱাৰ পাছত তহঁতৰো আমাৰ দৰে দাড়ি গোঁফ গজি উঠিব। তেতিয়া আমিও চাই ল’ম তহঁতে মুখত কিমান ক্ৰিম, ফাউণ্ডেছন সান।

ভোৰভোৰাই শাৰী চাৰী খুলি দলিয়াই বান্দৰীবোৰ যেনেকৈ আছে তেনেকৈয়ে ৰামচন্দ্ৰৰ পাৰ্টিলৈ যাত্ৰা আৰম্ভ কৰিলে।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.