ফটাঢোল

বাল্মিকী বৰুৱাৰ মহাজীৱনী : ড° সৰোজ কাকতি (চতুৰ্থ অধ্যায়)

  • তাৰপাছত আমাৰ আশ্ৰম নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিবলৈ ধৰিলে৷ দুজন শিষ্য দূৰৰ গাঁও এখনৰপৰা লৈ অহা হ’ল। প্ৰথম অৱস্থাত আমাৰ অলপ কষ্ট হৈছিল বাপু। এইবোৰ কথাক লৈ দুখ কৰিও লাভ নাই। বান্দৰ কেঁকোৰা চেকচেকনি, হাড়িয়া বৰলৰ কামোৰ, কাঁইটৰ খোঁচ, এইবোৰ অতিক্ৰম কৰিব লগা হৈছিল। অৱশ্যে দুখ কৰিও লাভ নাই, আগৰ দিনৰ ঋষিমুনিসকলেও আমাৰ দৰে কষ্ট কৰি আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। আশ্ৰমৰ কাষেৰে এখনি সৰু  নৈ বৈ গৈছিল, নিজকে তাহানিৰ সেই বশিষ্ঠ মুনি যেন লাগিছিল, যিগৰাকী তপস্বীয়ে সন্ধ্যা ললিতা কান্তা আৰু কামৰূপৰ সৌন্দৰ্যত মুগ্ধ হৈ আশ্ৰম পাতি ৰৈ গৈছিল।

আচ্ছা বাৰু ঘটিৰাম, আশ্ৰম প্ৰতিষ্ঠা কৰিলেতো নহ’ব, যদিহে তালৈ মানুহ নাযায়, তীৰ্থস্থানবিলাক তেতিয়াহে সফল হয় যেতিয়া তালৈ অগণন ভক্তৰ সোঁত বয়। আনফালে ভক্ত এনেয়ে সৃষ্টি নহয় তাক সৃষ্টি কৰিব জানিব লাগে। শিষ্যসকলক ওচৰৰ গাঁও-ভূঁইলৈ পঠিয়াই দিলোঁ, আশ্ৰম গঢ়িবলৈ সাহায্য বিচৰাৰ লগতে মোৰ মহিমাও যাতে প্ৰচাৰ কৰে। নামটো সলনি কৰি স্বামী বামনানন্দ বুলি গ্ৰহণ কৰিলোঁ। লগতে প্ৰচাৰ কৰিবলৈ দিলোঁ, স্বামী বামানানন্দ এগৰাকী সিদ্ধ মহাযোগী, বহু বছৰ হিমালয়ত সাধনা কৰাৰ পিছত এতিয়া লোক কল্যাণৰ বাবে মানুহৰ মাজলৈ আহিছে। মানুহবোৰক প্ৰত্যক্ষভাৱে আশ্ৰমলৈ নিমন্ত্ৰণ কৰিব নালাগে, কেৱল মোৰ মহিমা প্ৰচাৰ কৰিলে হ’ল। এই কৌশলে বৰ গুণ দিলে৷

ভাৰতবৰ্ষত ঈশ্বৰৰ সাধনা কৰা মানুহবোৰক বৰ ভাল পায়, অপাৰ শ্ৰদ্ধা ভক্তি কৰে, সাধাৰণ মানুহে সহায় সাহায্য আগবঢ়ায়। এটি দুটিকৈ মানুহ আহিবলৈ ধৰিলে, কোনোৱাই খালী হাতেৰে আহিলে কওঁ, পুত্ৰ সৰু কথা এটা কওঁ, মনত বিমৰিষ নানিবা, আশ্ৰমলৈ আহিলে সুদাহাতে আহিব নাপায়, অন্য নহ’লেও, ফুল বেলপাত অলপ আনিব লাগে। এই কথাই ভাল কাম দিলে, নানা বস্তু আৰু পইচা টকাও আহিবলৈ ধৰিলে। আশ্ৰমত শিৱলিংগ প্ৰতিষ্ঠা কৰিছিলোঁ, মন্দিৰ এটি ৰাইজৰ দান বৰঙনিৰে আৰম্ভ কৰিলোঁ।

মই ব্যাঘ্ৰ চৰ্মৰ ওপৰত বহি ধ্যনমগ্ন হৈ থাকোঁ, দৰ্শনাৰ্থীসকলৰ সমস্যাবোৰৰ সমাধান দিওঁ। সাধকে যদি মহিমা দেখুৱাব নোৱাৰে তেন্তে সেই সাধকৰ ডিমাণ্ড কম হয়। আনৰ অন্তৰৰ কথা যাতে জানিব পাৰোঁ তাৰবাবে প্ৰভু ভোলানাথক বহুত প্ৰাৰ্থনা কৰিলোঁ৷ পিচে তেওঁ চকু মেলিয়েই নাচালে, শেষত ভাবিলোঁ নিজে কিবা এটা ব্যৱস্থা কৰিব লাগিব। (আগলৈ )

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.