ফটাঢোল

বিনীতাৰ বান্ধৱী- নিলাক্ষী কাকতি

: এয়া লোৱা ৰিংকী৷ সোনকালে দাঁত ব্ৰাচ কৰি লোৱা৷ তাৰপিছত গাখীৰখিনি খাই লোৱা৷ ডাইনিঙত থৈছোঁ৷ কালিয়েই দেউতাৰাক কৈছিলোঁ কলগেট শেষ হৈছে বুলি৷ অফিচৰ পৰা আহোঁতে লৈ আনিবলৈ কৈছিলোঁ৷ নাই ক’ত মনত থাকিব!

পটাগুটিটোৰে চেপি চেপি কলগেটটোৰ পৰা অৱশিষ্টখিনি উলিয়াই উলিয়াই বিনীতাই ক’লে৷

: হেৰা – এই ৰাতিপুৱাই ৰাতিপুৱাই তোমাৰ বকনি আৰম্ভ হ’লনে? কৈছিলোঁৱেই দেখোন মোৰ কালি পুৰণা বন্ধু এজনক পাইছিলোঁ বুলি৷ কথা পাতি পাতি সি মোক আমাৰ গলিটোতে তাৰ গাড়ীৰে নমাই থৈ গ’ল৷ উভতি দোকানলৈ যাবলৈ আৰু মন নগ’ল৷ হ’ব দিয়া আজি লৈ আহিম৷ সোনকালে ভাত ৰান্ধা৷ মই আজি অফিচ সোনকালে গৈ পাব লাগিব৷

– বিনীতাৰ স্বামী প্ৰশান্তই মাত দিলে৷

: তাকেই৷ লোকৰ কথাৰ মহলা মাৰিবলৈতো বন্ধুৰ অভাৱ নায়েই৷ মইহে আছোঁ ঘৰৰ পৰা বজাৰলৈ সকলো দায়িত্ব ডিঙিত ওলোমাই ল’বলৈ৷ হ’ব নালাগে৷ টকা দি যাবা৷ ময়ে বজাৰ কৰি আনিম৷

: হ’ব আইমাতৃ৷ আপোনাৰ যিবা আজ্ঞা৷ “যত দোষ

নন্দ ঘোষ৷”

                                  ***

: হেই! কণা নেকি?

– গাড়ী এখনৰ চকা এটাই বোকাময় গাঁত এটা পাৰ হওঁতে তাৰপৰা অহা অকণমান বোকা বিনীতাৰ চুৰিদাৰৰ পিচফালে পৰিল৷ অলপ দূৰ গৈয়ে গাড়ীখন ৰৈ গ’ল৷ বিনীতাই ভাবিলে আজি তাই ড্ৰাইভাৰক ভালকৈ এজাৰণ দিব৷

: হেই৷ তই বিনী নহয় জানোঁ৷ চৰি বাবা৷ গাঁতটো দেখাই নাপালোঁ অ’৷

– গাড়ীৰ পৰা নীলা ৰঙৰ টপ আৰু জিনচ্ পৰীহিতা এগৰাকী ভদ্ৰমহিলা নামি আহিল৷ চানগ্লাছযোৰ চকুৰ পৰা নমাই তেওঁ বিনীতাৰ ফালে চাই ক’লে৷

: তুমি – তই মানে গাৰ্গী৷ অহ্‌ গাৰ্গী তই? কিমান বছৰ পিছত তোক দেখিলোঁ৷ বাপৰে তই ইমান ধুনীয়া হৈ আছ! মোক চাচোন৷ চিনি যে পালি!

– বজাৰৰ মোনা দুটা ইফাল-সিফাল কৰি বিনীতাই মাত দিলে৷

: যাঃ৷ তয়ো যে৷ তোক বাৰু কিয় চিনি নাপাম? পিছে তই নিজকে এনেকৈ কিয় ৰাখিছ? একেবাৰে বেহেনজী টাইপ৷ আচ্ছা বাদ দে সেইবোৰ৷ বোকা বেছিকৈ লাগিল নেকি? তোৰ ঘৰৰ এড্ৰেচটো ক৷ মই তোক থৈ আহোঁ৷

: নাই নাই৷ তই কষ্ট কৰিব নালাগে৷ মোৰ অভ্যাস আছে৷

: অই তই কিয় ইমান ফৰ্মেল হৈছ মোৰ লগত? ব’ল তোক ঘৰত থৈ আহোঁ৷ তোৰ হাতেৰে একাপ চাহো খাম লগতে অলপ কথাও পাতিম৷ আজি বেছি দেৰি নকৰোঁ বাৰু৷ মোৰ অলপ কাম আছে এফালে৷

: বাৰু ব’ল৷ পিছে তোক মোৰ ঘৰত নিবলৈ লাজেই লাগিছে অ’৷ আছোঁ আৰু যেনেতেনে৷ এওঁ সৰু চৰকাৰী চাকৰি এটা কৰে৷ ছোৱালী এজনী আমাৰ৷ সাত বছৰ হৈছে৷ ভাৰাঘৰতে আছোঁ৷ মাটি এটুকুৰা কিনিবলৈ পৰাই নাই জাননে?

– গাড়ীত বহি বিনীতাই অনৰ্গল কথাবোৰ কৈ গ’ল৷

ঘৰ আহি পাই গাৰ্গীক বিনীতাই ড্ৰয়িংৰুমত বহিবলৈ দিলে৷ বেতৰ চকীখনতে ৰাতিপুৱা প্ৰশান্তই গা মচি গামোচাখন এৰি থৈ গ’ল৷ দৌৰাদৌৰিতে তায়ো বাহিৰত শুকাবলৈ দিবলৈ পাহৰিলে৷ তাই সেইখন হাতত লৈ বেগ দুটা পাকঘৰত নি থ’লে৷

: তই অলপ বহচোন৷ মই সাউতকৈ কাপোৰযোৰ সলাই লওঁ৷

: যা যা৷ পিছে মাত্ৰ চাহকাপ হে বনাবি দেই৷ মোৰ দেৰি হৈছে৷

অলপ পিছত দুকাপ চাহ আৰু প্লেট এখনত দুখনমান বিস্কুট আৰু কেক দুডোখৰ লৈ তাই চেণ্টাৰ টেবুলখনত থ’লে৷

: আজি জাননে তোক দিবলৈ একোৱেই নাই৷ মাহৰো শেষ যে৷ বজাৰো কৰা হোৱা নাই ভালকৈ৷ তোৰো ইফালে দৌৰাদৌৰি৷ নহ’লে ভাতকে খাই যাব পাৰিলেহেঁতেন৷

– বিনীতাই পিন্ধি থকা মেক্সীটোৰ এফালে লাগি থকা হালধিৰ দাগটো এখন হাতেৰে লুকুৱাবলৈ যত্ন কৰি ক’লে৷

: ধেই৷ তয়ো যি তি কথা কৈ থাক৷ ইয়ালৈ অহা আমাৰ এমাহহে হৈছে৷ একেখন ঠাইতে আছোঁ যেতিয়া লগ পায়ে থাকিম নহয়৷ মন গ’লেই আহিম নহয় তোৰ ইয়ালৈ৷ চাহ কিয়, ভাত খাম আকৌ৷ বাৰু তোক কথা এটা সোধোঁ? বেয়া নাপাবি৷

: ক’ আকৌ৷

: ঠিক আছে৷ তইতো পঢ়াত বহুত ভাল ছোৱালী আছিলি৷ তই একো কাম কিয় নকৰ? মানে ধৰ চাকৰি অথবা কিবা ব্যৱসায় জাতীয়?

: উম! কি ক’ম আৰু (দীঘলকৈ নিশাহ এৰি)৷ কলেজ এৰাৰ পিছতেই ঘৰৰ পৰা বিয়া দিলে৷ টকা নহ’লে আমাৰ দৰে মানুহৰ চাকৰি পোৱাৰ আশা ক’ত? ব্যৱসায় কৰিবলৈ টকা নাই আৰু জ্ঞানৰো অভাৱ৷ গতিকে বিনা পইচাত ঘৰ চম্ভালা কামটোৱেই কৰি আছোঁ আৰু৷ তোৰে ভাল দে৷ ইমান ধুনীয়াকৈ নিজকে ৰাখিছ৷ তাৰ উপৰিও নিজাকৈ কিবা কৰিছও চাগে৷ গাড়ী চলাইছ৷ ফূৰ্তি কৰিছ৷ জীৱন সফল তোৰ৷

: চা এই কথাবোৰই মই বেয়া পাওঁ৷ নিজকে ভালকৈ ৰাখিব জানিব লাগিব৷ জীৱনটো ভালদৰে উপভোগ কৰিবলৈ অলপ কষ্টও কৰিব লাগিব৷ ৰহ৷ এতিয়া তোক লগ পালোঁ যেতিয়া তোক মই এনেকৈ থাকিবলৈ নিদিওঁ৷ আজি মই যাওঁ৷ তোক ৰাতিলৈ ফোন কৰিম৷ বাই৷

                              ***

টিং টংকৈ কলিংবেলটো বজাত হাতখন মচি মচি বিনীতাই দৰ্জাখন খুলি দিলে৷

: কি আপদ! তোক দেখোন মই কালি ৰাতিয়েই কৈছিলোঁ এঘাৰ বজাত ওলাই থাকিবলা৷ তই দেখোন ৰেদি হোৱাই নাই?

: নহয় অ’৷ মানে অলপ কাপোৰ ধুবলৈ আছিল৷ ভাত-পানী খোৱাই এওঁলোকক বিদায় দি মই আকৌ কাপোৰ ধোৱাত লাগিলোঁ৷ একো নাই৷ মোৰ ওলাওঁতে বেছি সময় নালাগে৷

বিনীতাই ধামধুমকৈ চুৰিদাৰ এযোৰ পিন্ধি কপালত সৰু বিন্দি এটা ল’লে৷ তাৰপিছত তলাটো মাৰি বাৰাণ্ডাৰ টাবটোৰ তলত চাবিপাত লুকুৱাই থ’লে৷ সেইটো কথা প্ৰশান্ত আৰু ৰিংকীৰ বাহিৰে কোনেও নাজানে৷ কিজানিবা তাইৰ আজি দেৰিও হ’ব পাৰে উভতোতে৷ প্ৰশান্তক বাৰু তাই কৈছে এফালে ওলাই যাব বুলি৷ দুপাত চাবিৰ এপাত হেৰুৱা বাবে এনেদৰে থ’ব লগা হৈছে৷ আজি প্ৰশান্ত সোনকালে আহিব বুলি কৈছিল অফিচৰ পৰা৷

: ব’ল প্ৰথমে পাৰ্লাৰলৈ যাওঁ৷

: পাৰ্লাৰলৈ? কিয় তই কিবা কৰিবি নেকি? ঠিকেই দেখিছোঁচোন!

: মই নহয় তই৷ আজি তোৰ গেটআপ সলনি কৰিম৷ সদায় তই কি এনেকৈ গাঁতৰ এন্দুৰ হৈয়ে থাকিবিনে?

: নাই নাই মই একো নকৰোঁ৷ মোৰ লগত মই বেছিকৈ টকাও অনা নাই৷

: অই তই বাৰে বাৰে টকাৰ কথা কিয় কৈ থাক? মই নাই নেকি? নে তই মোক বান্ধৱী বুলি নাভাব হা?

: নহয় অ’ তেনে কথা৷ ইমান বছৰৰ মূৰত তোক লগ পাইছোঁ৷ তোৰ পৰা টকা ল’বলৈ মন যোৱা নাই৷ তাতে এওঁ শুনিলেও বেয়া পাব৷ মোৰ এনেয়ো ইমান চখ নাই বুলি তই জানই দেখোন৷

: সেইবোৰ বাদ দে৷ প্ৰথমতে পাৰ্লাৰ৷ তাৰপিছত শ্বপিং৷

: আৰু ক’ত যাৱ?

– গাৰ্গীয়ে গাড়ীখন ৰখাই তাইক নামিবলৈ কওঁতে তাই মাত দিলে৷

: হাৰে ইমান ঘূৰিলোঁ৷ ভাগৰ লগা নাই জানো? ব’ল কফি খাওঁ৷

: নাখাওঁ দে৷ ৰিংকীও চাগে স্কুলৰ পৰা আহি পালে!

: মাত্ৰ একাপ কফি হে খাম৷ বেছি দেৰি নহয় দে৷ হেই ৱেটাৰ৷ দুকাপ কফি দিবা৷ লগত ফ্ৰেঞ্চ ফ্ৰাইজ৷ ৰেষ্টুৰেণ্টখনৰ ধুনীয়া চোফাখনত বহি গাৰ্গীয়ে অৰ্ডাৰ দিলে৷

: বাৰু শুন৷ তোক কথা এটা কওঁ৷ মানিছোঁ তোৰ সংসাৰত টকাৰ সমস্যা আছে৷ কিন্তু তই যদি নিজে কিবা এটা কাম হাতত লৱ তেন্তে তই নিজেও স্বাৱলম্বী হ’ব পাৰিবি লগতে গিৰীয়েৰকো সহায় কৰিব পাৰিবি৷ মোক চা৷ মই নিজে এটা কোম্পানীত কাম কৰোঁ৷ তাকো ঘৰৰ পৰা৷ ঘৰত বহি বহিয়ে মাহিলী লাখ টকা ঘটোঁ৷ বছৰত এবাৰ ফৰেইন টুৰত যাওঁ৷ মুম্বাই, বেংগালুৰুত শ্বপিং কৰোঁ৷ দামী দামী হোটেলত থাকোঁ৷ মই কাম কৰা কোম্পানীটোতেই মোৰ মানুহজনেও কাম কৰোঁ৷ মিছা কথা নকওঁ৷ আমাৰ যোৱাবছৰ এনিভাৰছেৰীত এওঁ মোক হীৰাৰ নেকলেচ দিছিল৷ তোৰ মন নাযায় নে জীৱনটোত অলপ ফূৰ্তি কৰিবলৈ? ভালদৰে থাকিবলৈ?

: ম..মনটো যায়েই৷ পিছে কি কৰিব লাগিব? ঘৰত বহি বহিয়েই ইমান টকা পাৱ তই? কেনেকৈ?

: তোক মই চব বুজাই দিম৷ মাত্ৰ আৰম্ভণিতে অকণমান টকা ইনভেষ্ট কৰিব লাগিব৷ দেখিবি ছমাহত তাৰ দুগুণ হৈছে৷ মাহিলি কিবা এটা লগতেতো পাবিয়েই৷ কোম্পানীত টকা ইনভেষ্ট কৰ৷ তাৰ পিছত কেৰোণাই দি ধন চপাই থাক৷

: নাই নাই৷ আজিকালিচোন শুনিয়েই থাকোঁ৷ এইবোৰ চব ঠগ বুলি৷ মোৰ বাৰু টকাও নাই৷

: ধেই৷ মই কি মানে তোক মিছা কথা কৈছোঁ? এইটো কোম্পানী ৰেজিষ্টাৰ্ড বুজিছ৷ তই টকা ইনভেষ্ট কৰ৷ তোৰ তলত আৰু দুজনক দি দিবি৷ কাম শেষ৷ মোকতো তই বিশ্বাস কৰ ন?

: তোক.. মানে.. বিশ্বাস কৰোঁ৷ কিন্তু মোৰ লগত টকা নাই অ’৷ মাহেকীয়া বজাৰ খোৱা দোকানতে ধাৰ লাগি আছে অলপ৷

: বাৰু ঠিক আছে৷ তোক বিয়াত ঘৰৰ পৰা বা মানুহজনৰ ঘৰৰ পৰা গহণা দিছিল নে নাই?

: গহণা? দিছিল৷ কিন্তু গহণা বিক্ৰী কৰি টকা নালাগে দেই মোক৷

: তই সদায় এনেকৈয়ে থাকিবি৷ কোনে তোক গহণা বিক্ৰী কৰিবলৈ দিছে? তই গহণাখিনি বেংকত থবি৷ বেংকে তাৰ বিনিময়ত তোক টকা দিব৷ তই সেইখিনি ইনভেষ্ট কৰিবি৷ ছমাহ পিছততো টকা ডাবল হ’বই৷ তই সেই টকাৰে গহণাখিনি উলিয়াই ল’বি৷ বাৰু ব’ল৷  কাইলৈ তই মোক গহণাখিনি দিবি৷ দুয়ো বেংকলৈ যাম৷

                               ***

: বাপৰে আজি দেখোন একদম বেলেগ দেখিছোঁ মাৰক ৰিংকী৷ হেৰা চুলিকেইডাল কাঁটোতে ভালেই দেখিছোঁ তোমাক৷ পিছে আজি ইমান দেৰি কৰিলা যে? ক’ত গৈছিলা?

: মানে আজি মোৰ লগৰ বান্ধৱী গাৰ্গীৰ লগত অলপ বজাৰৰ ফালে ওলাই গৈছিলোঁ৷ তায়েই জোৰকৈ লৈ গৈ চুলিকেইডাল কটোৱালে৷ লগতে এযোৰ কাপোৰো গিফট্‌ দিলে৷

– গাৰ্গীয়ে কোৱা বিজনেছটোৰ কথা ক’বলৈ লৈয়ো তাই কিবা এটা কথা ভাবি নক’লে৷ থাকক৷ ৰাতি শুওঁতে ক’ব৷

: বাঃ৷ ভালেই দিয়া৷ আমাৰ কপালতহে এনে বন্ধু নাই৷ পিছে চাবা আকৌ৷ চাইচিতি বন্ধুত্ব কৰিবা৷ দিনকাল বেয়া৷

: হ’ব৷ মই জানো নহয়৷ তাই মোৰ কলেজৰ দিনৰে বান্ধৱী৷ বাৰু হ’ব৷ মই মুখ-হাত ধুই ভাতত লাগোঁ৷ বৰ ভাগৰ লাগিছে আজি৷

ডাইনিং টেবুলত ভাত কেইসাঁজ সজাই বিনীতাই টিভিটো লগাই দিলে৷ ৰাতি চাৰে ন বজাৰ বাতৰিটো ভাত খাই খাই শুনাটো তাইৰ অভ্যাস হৈ পৰিছে৷ যিহেতু সাত বজাত তাই ৰিংকীক পঢ়াই থাকে৷

: হেৰা চোৱাচোন চোৱা৷ কি যে দিনকাল আহিল৷

– প্ৰশান্তই ৰিংকীক ভাতকেইটা দাইলেৰে সানি দি থকা বিনীতাক ক’লে৷ তাই টিভিটোৰ ফালে মুখ কৰিলে৷ তাত সাংবাদিক এজনে উচ্চস্বৰত কৈ আছিল –

“এয়া চাওক৷ মহানগৰীত প্ৰৱঞ্চক দম্পতী৷ এওঁলোকে সহজ-সৰল পুৰুষ মহিলাক ঠগি লাখ লাখ টকা লুটি আছিল৷ দিছপুৰ থানা সহিতে বহুকেইখন থানাত এওঁলোকৰ নামত গোচৰ পঞ্জীয়ন হৈ আছিল৷ আজি সন্ধিয়া তেনে এক গোচৰৰ ভিত্তিত স্থানীয় আৰক্ষীয়ে এই দম্পতীহালক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল৷ এওঁলোক ক্ৰমে সমীৰ দাস আৰু গাৰ্গী মুদৈ দাস৷ এওঁলোকে…….৷”

হাৰে এয়া দেখোন তাইৰ বান্ধৱী গাৰ্গী! মানে……!

পিছৰখিনি বিনীতাৰ শুনিবলৈ মন নগ’ল৷ তাই কৈ উঠিল – “জানানে কঁচু ঢেকীয়াই ভাল৷ ফ্ৰেঞ্চ ফ্ৰাইজ খালে কেল’ৰী বাঢ়ে৷”

☆ ★ ☆ ★ ☆

7 Comments

  • ডলী

    বহুত ভাল লাগিল নীলা। বাস্তব ছবি দাঙি ধৰিলা গল্পৰ জৰিয়তে।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
  • বন্দিতা জৈন

    তাকেই,,,কচু-ঢেকীয়াই ভাল। ভাল লাগিল পঢ়ি 😍

    Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • Anonymous

    পটা গুটীৰে চেপি চেপি কলগেট উলিউৱা ফৰ্মূলা শিকিলোঁ।

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    মজা লাগিল নীলাক্ষী৷ দেৰি হলেও পঢ়িলোঁ৷

    Reply

Leave a Reply

Your email address will not be published.