ফটাঢোল

বিলৈ – কল্যাণ দেউৰী

৯ অক্টোবৰ৷ বিজয় দশমীৰ পিছদিনা ৰাতিপুৱা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে প্ৰাতঃভ্ৰমণলৈ ওলাই গৈছিলোঁ৷ এনেতে দেখিলোঁ কোনোবা এজনে নদীৰ পাৰত থিয় হৈ ফেঁকুৰি আছে৷ মানুহজনে দুখতে নদীত জাঁপ দিয়াৰ আগতে দুটামান চেল্ফি উঠি লওঁ বুলি আগুৱাই গ’লোঁ৷ ৭ ফুটমান ওখ, হটঙা, ক’লা, জেওৰাৰ খুটি যেন হাত ভৰি, হনু ওলোৱা, চকু দুটা গাঁতত সোমোৱা, প্ৰকাণ্ড মোচ, দীঘল চুলিৰে লেতেৰা ফটাচিতা কন পেণ্ট পৰিহিত ব্যক্তিজনে ওচৰত মোক দেখি চক খাই উঠিল৷

: হেৰি এই ৰাতিপুৱাই ইয়াত কান্দি আছে কিয়? আপোনাৰ নাম কি?

:মোৰ নাম মহিষাসুৰ৷ বহুত দুখ বোপাই৷ কান্দি মনটো পাতল কৰিছোঁ৷

: মহিষাসুৰ মানে দেৱী মাৰ লগত যে দেখোঁ সেইটো?

: ও

: তাত দেখোন ৮ পেকেৰে সুন্দৰ চেহেৰাৰ দেখিছিলোঁ৷ এৰাতিৰ ভিতৰতে এনে হ’লনে?

: বোপাই ও সেই চেহেৰা হাজাৰ হাজাৰ বছৰ পূৰ্বৰ৷ এতিয়া বয়সো হৈছে৷ তাতে ৰাজপাট নাই৷ খাবলৈ নাপাওঁঁ৷ দাখন দেখাই লুটি খোৱা দিনো নাই৷ বিভিন্ন বেমাৰৰ হেঁচাত এই ৰূপ৷ সেয়েহে পূজাত আগৰ ইমেজটো বনাই ৰাখিবলৈ কিবা এসোপা লগাই লওঁ৷ নহ’লে এই কেটেঙা চেহেৰাটো দেখিলে মানুহে গুৰুত্বই নিদিব যে৷

: কালিলৈকে দেখি থকা ধুনীয়া সাজ পোচাকবোৰ কি হ’ল?

মোৰ প্ৰশ্ন শুনি মহিষাসুৰে হুকহুকাই কান্দি মাটিত বহি দিলে৷ ময়ো ওচৰত বহি ল’লোঁ৷

: কিনো কম দুখৰ কথা৷ নৱমীৰ ৰাতি ৪টা মান বজাত কেইটামান পাষণ্ড মদাহীয়ে হাতত বান্ধিবলৈ মাৰ আঁচলৰ বাবে হেতা ওপৰা লগালে৷ মদৰ নিচাত মাৰ শাৰীখন ফালি চিৰি নিলেই লগতে মোৰ ধুতিখনো বাদ নপৰিল৷ পুৰণি মানুহ যে কন পেণ্ট পিন্ধা অভ্যাস নাছিল৷ লাজে অপমানে মাৰ আগত কুচি মুচি চকুপানী মচি বহি থাকিলোঁ৷ এইফালে মাৰ চকুতো চকুপানী৷ ৰাতিপুৱা ৬টা মান বজাত এটা পাগলে ডাষ্টবিনৰ পৰা খোৱা বস্তু বুটুলি খাই খাই পূজা মণ্ডপলৈ সোমাই আহিল৷ মোক দেখি খেক খেকাই হাঁহিবলৈ ধৰিলে৷ সেই পাগলটোৱে নিজৰ ফটাচিতা মোনাখনৰ পৰা এই কন পেণ্টটো ওলাই মোক পিন্ধাই দিলে আৰু পেণ্ডেলৰ কাপোৰ ফালি আনি মাৰ গাত দিলে৷

: অ হে মহি কাই কোনজন সুষ্ঠ মগজুৰ কোনজন অসুস্থ মগজুৰ কোৱাই মুস্কিল৷

মহিষাসুৰে এটা দীঘল হুমুনিয়াহ এৰিলে৷

: কিন্তু মহি কাই আপুনি মাৰ লগত নগ’লে কিয়?

: মায়ে মানা কৰিলে৷ ক’লে- “বোপা মহি মই ভবাই নাছিলোঁ তোমাৰ বংশ বৃদ্ধি হৈ এনেদৰে সমাজৰ সকলো ফালে ছানি ধৰিব৷ তুমি মোৰ লগত যাব নালাগে, জ্ঞাতি কুটুমৰ লগত ইয়াতে থাকা৷ তোমাৰ মংগল হওক৷” সেই দুখতে পাৰত থিয় হৈ কান্দি আছিলোঁ৷

: এতিয়া আপুনি কোনফালে যাব? ক’ত থাকিব?

: বোপাই মোৰ কথা চিন্তা নকৰিবা৷ এতিয়া মোৰ নিচিনা অসুৰৰ সকলো ফালেই সংঘটিত সমাদৰ৷ এতিয়া তোমাৰ পৰা বিদায় ল’লোঁ৷

লগালগ মহিষাসুৰ ধোঁৱাৰ নিচিনা হৈ বায়ুত মিলি গ’ল৷ কোনোদিনে নেদেখা দৃশ্য দেখি ভুত পিশাচৰ হাতত পৰিলোঁ বুলি অন্তৰ কঁপি উঠিল৷ ভয়ত আতুৰ হৈ খকমককৈ সাৰ পাই উঠি বহিলোঁ৷ ধুৰ ইমান সময় সপোন দেখি মিছাতে কাপোৰ কানি নষ্ট কৰিলোঁ৷

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published.